logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ মহানুভৱতা* *মানৱতাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে আগবাঢ়িল মৰিগাঁও জিলা তিৱা ছাত্ৰ সন্থা*- *সমাজসেৱাৰ মহান উদ্দেশ্য লৈ সংগঠনটোৱে গ্ৰাম্য উন্নয়ন সংস্থাৰ অধীনত পৰিচালিত মৰিগাঁও জিলা শিশু সুৰক্ষা গৃহত আশ্ৰয় লৈ থকা শিশুসকলৰ বাবে এক সহৃদয় পদক্ষেপ গ্ৰহণ কৰে।* *এই কাৰ্যসূচীৰ জৰিয়তে শিশুসকলক প্ৰদান কৰা হয় পুষ্টিকৰ আহাৰ, শিক্ষাৰ সামগ্ৰী হিচাপে বহী-কলম, লগতে মনোৰঞ্জনৰ বাবে খেলৰ সামগ্ৰী। ইয়াৰ উপৰি, এখন বিশেষ সভা আয়োজন কৰি শিশুসকলৰ সৈতে এক স্নেহময় সময় কটোৱাৰ লগতে এখন অন্নদান কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।* *অনুষ্ঠানত শিশু সুৰক্ষা গৃহৰ অধ্যক্ষ ফিৰুজ চৌধুৰী, সদৌ তিৱা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলাৰ সাধাৰণ সম্পাদক মুংছা জ্যোতি কমল আমচি, সহকাৰী সাধাৰণ সম্পাদক মুংছা সৌৰভ দেউৰজা, মুখ্য সাংগঠনিক সম্পাদক মুংছা শিৰোমণি ফৰঙাই, খেল সম্পাদক মুংছা বিকাশ পাটৰ আৰু সহকাৰী খেল সম্পাদক মুংছা বিকোদৰ পাটৰ আৰু অন্যান্য আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।* *তেওঁলোকে এই উদ্যোগৰ জৰিয়তে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে—য’ত সহানুভূতি, দায়িত্ববোধ আৰু মানৱতাৰ মূল্যবোধ স্পষ্টভাৱে প্ৰতিফলিত হয়। এই ধৰণৰ উদ্যোগে সমাজত এক সুন্দৰ পৰিবেশ গঢ়ি তোলাত সহায় কৰাৰ লগতে আগন্তুক প্ৰজন্মকো অনুপ্ৰাণিত কৰিব বুলি আশাবাদী।*

2 hrs ago
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
2 hrs ago

সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ মহানুভৱতা* *মানৱতাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে আগবাঢ়িল মৰিগাঁও জিলা তিৱা ছাত্ৰ সন্থা*- *সমাজসেৱাৰ মহান উদ্দেশ্য লৈ সংগঠনটোৱে গ্ৰাম্য উন্নয়ন সংস্থাৰ অধীনত পৰিচালিত মৰিগাঁও জিলা শিশু সুৰক্ষা গৃহত আশ্ৰয় লৈ থকা শিশুসকলৰ বাবে এক সহৃদয় পদক্ষেপ গ্ৰহণ কৰে।* *এই কাৰ্যসূচীৰ জৰিয়তে শিশুসকলক প্ৰদান কৰা হয় পুষ্টিকৰ আহাৰ, শিক্ষাৰ সামগ্ৰী হিচাপে বহী-কলম, লগতে মনোৰঞ্জনৰ বাবে খেলৰ সামগ্ৰী। ইয়াৰ উপৰি, এখন বিশেষ সভা আয়োজন কৰি শিশুসকলৰ সৈতে এক স্নেহময় সময় কটোৱাৰ লগতে এখন অন্নদান কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।* *অনুষ্ঠানত শিশু সুৰক্ষা গৃহৰ অধ্যক্ষ ফিৰুজ চৌধুৰী, সদৌ তিৱা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলাৰ সাধাৰণ সম্পাদক মুংছা জ্যোতি কমল আমচি, সহকাৰী সাধাৰণ সম্পাদক মুংছা সৌৰভ দেউৰজা, মুখ্য সাংগঠনিক সম্পাদক মুংছা শিৰোমণি ফৰঙাই, খেল সম্পাদক মুংছা বিকাশ পাটৰ আৰু সহকাৰী খেল সম্পাদক মুংছা বিকোদৰ পাটৰ আৰু অন্যান্য আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।* *তেওঁলোকে এই উদ্যোগৰ জৰিয়তে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে—য’ত সহানুভূতি, দায়িত্ববোধ আৰু মানৱতাৰ মূল্যবোধ স্পষ্টভাৱে প্ৰতিফলিত হয়। এই ধৰণৰ উদ্যোগে সমাজত এক সুন্দৰ পৰিবেশ গঢ়ি তোলাত সহায় কৰাৰ লগতে আগন্তুক প্ৰজন্মকো অনুপ্ৰাণিত কৰিব বুলি আশাবাদী।*

More news from অসম and nearby areas
  • Post by Sujan Das
    1
    Post by Sujan Das
    user_Sujan Das
    Sujan Das
    নগাঁও, নগাঁও, অসম•
    11 hrs ago
  • বাবুল আলীৰ বাসগৃহত ৰকিবুল হুছেইন আৰু চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ উপস্থিতিত গেৰুৱা দল এৰি কংগ্ৰেছত যোগদান কৰে বাবুল আলীয়ে।নিৰ্বাচনৰ পূৰ্বে চামগুৰিত বিজেপিৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। বিজেপিৰ প্ৰভাৱশালী নেতা বাবুল আলীয়ে আজি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কেৱল বাবুল আলীয়েই নহয়, তেওঁৰ সৈতে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মীয়ে আজি কংগ্ৰেছৰ হাত ধৰে।
    1
    বাবুল আলীৰ বাসগৃহত ৰকিবুল হুছেইন আৰু চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ উপস্থিতিত গেৰুৱা দল এৰি কংগ্ৰেছত যোগদান কৰে বাবুল আলীয়ে।নিৰ্বাচনৰ পূৰ্বে চামগুৰিত বিজেপিৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। বিজেপিৰ প্ৰভাৱশালী নেতা বাবুল আলীয়ে আজি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কেৱল বাবুল আলীয়েই নহয়, তেওঁৰ সৈতে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মীয়ে আজি কংগ্ৰেছৰ হাত ধৰে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • চামগুৰিৰ AIUDF ৰ প্ৰাৰ্থী আব্দুল আজিজক তীব্ৰ ভাষাৰে কটাক্ষ পুৰণি AIUDF ন কংগ্ৰেছী মফিজুল ইছলামে
    1
    চামগুৰিৰ AIUDF ৰ প্ৰাৰ্থী আব্দুল আজিজক তীব্ৰ ভাষাৰে কটাক্ষ পুৰণি AIUDF ন কংগ্ৰেছী মফিজুল ইছলামে
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    7 hrs ago
  • ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চপাই চাহ বাগিছাত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিজেপিৰ বাধা উফৰাই কংগ্ৰেছ দলে অনুষ্ঠিত কৰিলে সভা ৷
    1
    ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চপাই চাহ বাগিছাত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিজেপিৰ বাধা উফৰাই কংগ্ৰেছ দলে অনুষ্ঠিত কৰিলে সভা ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    2 hrs ago
  • ৰঙিয়াত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পিছতে বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বিজেপি দলৰ তৃতীয় বাৰৰ বাবে ৰঙিয়া সমষ্টিত প্ৰক্ষেপিত প্ৰাৰ্থী ভবেশ কলিতাৰ সমৰ্থনত উলিওৱা ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
    1
    ৰঙিয়াত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পিছতে বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বিজেপি দলৰ তৃতীয় বাৰৰ বাবে ৰঙিয়া সমষ্টিত প্ৰক্ষেপিত প্ৰাৰ্থী ভবেশ কলিতাৰ সমৰ্থনত উলিওৱা ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    23 hrs ago
  • তামুলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীৰ সংবাদমেল ---- মই কৌটি টকা দিলেও বিক্ৰী যোৱা মানুহ নহয় : তামুলপুৰ , ২ এপ্ৰিল : ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে আজি এখন সংবাদ মেল সম্বোধন কৰে । উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে ইউপিপিএল দলত যোগদান কৰা বুলি সামাজিক মাধ্যমত চর্চা হৈ আছিল । এই সম্পৰ্কত কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে স্পষ্টীকৰণ দিবলৈ এই সংবাদ মেল সম্বোধন কৰা বুলি উল্লেখ কৰি তেওঁ কয় মই কেতিয়াও ইউপিপিএল দলত যোগদান কৰা নাই ৷ এইয়া ইউপিপিএল দলৰ ভুৱা প্ৰচাৰ ৷ সংবাদ মেলখনত তেওঁ আকৌ কয় মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছো ৷ মই কোটি টকা দিলেও কোনো দলত যোগদান নকৰো। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় মই আগন্তুক নিৰ্বাচনত ৭০ হাজাৰৰ অধিক ভোট লাভ কৰি জয়যুক্ত হ’ম ৷ তামুলপুৰ সমষ্টিত মোৰ প্ৰতিদ্বন্দী বিজেপিৰ বিশ্বজিত দৈমাৰী আৰু ইউপিপিএলৰ প্ৰমোদ বড়ো দুয়োজনেই ৩০/৩৫ হেজাৰ ভোটতেই সীমাবদ্ধ থাকিব ৷ সংবাদ মেলত ৰাফেল দৈমাৰীয়ে দৃঢ়তাৰে কয় মই জয়ী হ’ম ৷ গৌৰৱ গগৈ হব অসমৰ মুখ্যমন্ত্ৰী ৷ মই জয়ী হলেই মন্ত্ৰীত্ব পোৱাটো খাটাং । ###
    1
    তামুলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীৰ সংবাদমেল ---- মই কৌটি টকা দিলেও বিক্ৰী যোৱা মানুহ নহয় : 
তামুলপুৰ , ২ এপ্ৰিল : 
৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে আজি এখন সংবাদ মেল সম্বোধন কৰে । উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে ইউপিপিএল দলত যোগদান কৰা বুলি সামাজিক মাধ্যমত চর্চা হৈ আছিল । এই সম্পৰ্কত কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে স্পষ্টীকৰণ দিবলৈ এই সংবাদ মেল সম্বোধন কৰা বুলি উল্লেখ কৰি তেওঁ কয় মই কেতিয়াও ইউপিপিএল দলত যোগদান কৰা নাই ৷ এইয়া ইউপিপিএল দলৰ ভুৱা প্ৰচাৰ ৷ সংবাদ মেলখনত তেওঁ আকৌ কয় মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছো ৷ মই কোটি টকা দিলেও কোনো দলত যোগদান নকৰো। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় 
মই আগন্তুক নিৰ্বাচনত ৭০ হাজাৰৰ অধিক ভোট লাভ কৰি জয়যুক্ত হ’ম ৷ তামুলপুৰ সমষ্টিত মোৰ প্ৰতিদ্বন্দী বিজেপিৰ বিশ্বজিত দৈমাৰী আৰু ইউপিপিএলৰ প্ৰমোদ বড়ো দুয়োজনেই ৩০/৩৫ হেজাৰ ভোটতেই সীমাবদ্ধ থাকিব ৷ সংবাদ মেলত ৰাফেল দৈমাৰীয়ে দৃঢ়তাৰে কয় মই জয়ী হ’ম ৷ গৌৰৱ গগৈ হব অসমৰ মুখ্যমন্ত্ৰী ৷ মই জয়ী হলেই মন্ত্ৰীত্ব পোৱাটো খাটাং । ###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    32 min ago
  • Post by Sujan Das
    3
    Post by Sujan Das
    user_Sujan Das
    Sujan Das
    নগাঁও, নগাঁও, অসম•
    12 hrs ago
  • উত্তৰ পেটবঢ়াত ১৯৩৫ চনৰ ১০ জানুৱাৰীত জন্মগ্ৰহণ কৰা বিশিষ্ট শিক্ষক, শিক্ষাবিদ, লেখক, অভিনেতা, সমাজ সংগঠক মনিৰাম বৰাই যোৱা ২২ মাৰ্চ, ২০২৬ তিৰিখে ৯২ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে। আজি তেখেতৰ বাসগৃহত শ্ৰাদ্ধ কৰ্মৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মণিৰাম বৰাৰ পুত্ৰ লক্ষ্যজ্যোতি বৰাই আঁত ধৰা স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে ভকচং কলেজৰ বিষয় শিক্ষক ৰেবকান্ত হাজৰিকাই। এই স্মৃতিচাৰণ সভাতে প্ৰয়াত শিক্ষাবিদ মণিৰাম বৰাৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ "মণিবীক্ষণ" উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট অভিনেতা, সমাজকৰ্মী, অসম চৰকাৰৰ প্ৰাক্তন মীন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে।
    1
    উত্তৰ পেটবঢ়াত ১৯৩৫ চনৰ ১০ জানুৱাৰীত জন্মগ্ৰহণ কৰা বিশিষ্ট শিক্ষক, শিক্ষাবিদ, লেখক, অভিনেতা, সমাজ সংগঠক মনিৰাম বৰাই যোৱা ২২ মাৰ্চ, ২০২৬ তিৰিখে ৯২ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে। আজি তেখেতৰ বাসগৃহত শ্ৰাদ্ধ কৰ্মৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মণিৰাম বৰাৰ পুত্ৰ লক্ষ্যজ্যোতি বৰাই আঁত ধৰা স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে ভকচং কলেজৰ বিষয় শিক্ষক ৰেবকান্ত হাজৰিকাই। এই স্মৃতিচাৰণ সভাতে প্ৰয়াত শিক্ষাবিদ মণিৰাম বৰাৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ "মণিবীক্ষণ" উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট অভিনেতা, সমাজকৰ্মী, অসম চৰকাৰৰ প্ৰাক্তন মীন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • তামুলপুৰত বিপিএফত যোগদান অৰ্ধশতাধিকৰ তামুলপুৰ , ১ এপ্ৰিল : সমাগত অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন আন সমষ্টিৰ লগতে ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে । ইয়াৰ মাজতে আজি তামুলপুৰত অৰ্ধ শতাধিক লোকে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । যোগদান কৰা আটাইকেইজন ব্যক্তিকে দলীয় প্ৰতীক সম্বলিত গামোচাৰে দললৈ আদৰণি জনায় । গয়বাৰী ব্লক বিপিএফৰ সাধাৰণ সম্পাদক দেৰহাছাৰ বড়োৱে আঁত ধৰা যোগদান অনুষ্ঠানত গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে যোগদান কৰা আটাইকেইজন বিশিষ্ট ব্যক্তিক বিপিএফ দললৈ উষ্ম আদৰণি জনাই কয় আজিৰে পৰা আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাম । সকলোৱে মিলি তামুলপুৰ সমষ্টিৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিম । আগন্তুক নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক পদুম ফুলৰ ছবিত ভোট দি বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈও তেওঁ সকলোকে আহ্বান জনায় । অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন এমচিএলএ মদন মোহন মোছাহাৰী , তামুলপুৰ জিলা বিপিএফৰ জ্যেষ্ঠ নেতা গোপীনাথ ব্ৰহ্মকে ধৰি কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে । ইপিনে অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে তামুলপুৰ বিধানসভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । #
    1
    তামুলপুৰত বিপিএফত যোগদান অৰ্ধশতাধিকৰ 
তামুলপুৰ , ১ এপ্ৰিল : 
সমাগত অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন আন সমষ্টিৰ লগতে ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে । ইয়াৰ মাজতে আজি তামুলপুৰত অৰ্ধ শতাধিক লোকে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । যোগদান কৰা আটাইকেইজন ব্যক্তিকে দলীয় প্ৰতীক সম্বলিত গামোচাৰে দললৈ আদৰণি জনায় । গয়বাৰী ব্লক বিপিএফৰ সাধাৰণ সম্পাদক দেৰহাছাৰ বড়োৱে আঁত ধৰা যোগদান অনুষ্ঠানত গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে যোগদান কৰা আটাইকেইজন বিশিষ্ট ব্যক্তিক বিপিএফ দললৈ উষ্ম আদৰণি জনাই কয় আজিৰে পৰা আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাম । সকলোৱে মিলি তামুলপুৰ সমষ্টিৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিম । আগন্তুক নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক পদুম ফুলৰ ছবিত ভোট দি বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈও তেওঁ সকলোকে আহ্বান জনায় । অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন এমচিএলএ মদন মোহন মোছাহাৰী , তামুলপুৰ জিলা বিপিএফৰ জ্যেষ্ঠ নেতা গোপীনাথ ব্ৰহ্মকে ধৰি কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে । ইপিনে অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে তামুলপুৰ বিধানসভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । #
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.