তামুলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীৰ সংবাদমেল ---- মই কৌটি টকা দিলেও বিক্ৰী যোৱা মানুহ নহয় : তামুলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীৰ সংবাদমেল ---- মই কৌটি টকা দিলেও বিক্ৰী যোৱা মানুহ নহয় : তামুলপুৰ , ২ এপ্ৰিল : ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে আজি এখন সংবাদ মেল সম্বোধন কৰে । উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে ইউপিপিএল দলত যোগদান কৰা বুলি সামাজিক মাধ্যমত চর্চা হৈ আছিল । এই সম্পৰ্কত কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে স্পষ্টীকৰণ দিবলৈ এই সংবাদ মেল সম্বোধন কৰা বুলি উল্লেখ কৰি তেওঁ কয় মই কেতিয়াও ইউপিপিএল দলত যোগদান কৰা নাই ৷ এইয়া ইউপিপিএল দলৰ ভুৱা প্ৰচাৰ ৷ সংবাদ মেলখনত তেওঁ আকৌ কয় মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছো ৷ মই কোটি টকা দিলেও কোনো দলত যোগদান নকৰো। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় মই আগন্তুক নিৰ্বাচনত ৭০ হাজাৰৰ অধিক ভোট লাভ কৰি জয়যুক্ত হ’ম ৷ তামুলপুৰ সমষ্টিত মোৰ প্ৰতিদ্বন্দী বিজেপিৰ বিশ্বজিত দৈমাৰী আৰু ইউপিপিএলৰ প্ৰমোদ বড়ো দুয়োজনেই ৩০/৩৫ হেজাৰ ভোটতেই সীমাবদ্ধ থাকিব ৷ সংবাদ মেলত ৰাফেল দৈমাৰীয়ে দৃঢ়তাৰে কয় মই জয়ী হ’ম ৷ গৌৰৱ গগৈ হব অসমৰ মুখ্যমন্ত্ৰী ৷ মই জয়ী হলেই মন্ত্ৰীত্ব পোৱাটো খাটাং । ###
তামুলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীৰ সংবাদমেল ---- মই কৌটি টকা দিলেও বিক্ৰী যোৱা মানুহ নহয় : তামুলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীৰ সংবাদমেল ---- মই কৌটি টকা দিলেও বিক্ৰী যোৱা মানুহ নহয় : তামুলপুৰ , ২ এপ্ৰিল : ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে আজি এখন সংবাদ মেল সম্বোধন কৰে । উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে ইউপিপিএল দলত যোগদান কৰা বুলি সামাজিক মাধ্যমত চর্চা হৈ আছিল । এই সম্পৰ্কত কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে স্পষ্টীকৰণ দিবলৈ এই সংবাদ মেল সম্বোধন কৰা বুলি উল্লেখ কৰি তেওঁ কয় মই কেতিয়াও ইউপিপিএল দলত যোগদান কৰা নাই ৷ এইয়া ইউপিপিএল দলৰ ভুৱা প্ৰচাৰ ৷ সংবাদ মেলখনত তেওঁ আকৌ কয় মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছো ৷ মই কোটি টকা দিলেও কোনো দলত যোগদান নকৰো। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় মই আগন্তুক নিৰ্বাচনত ৭০ হাজাৰৰ অধিক ভোট লাভ কৰি জয়যুক্ত হ’ম ৷ তামুলপুৰ সমষ্টিত মোৰ প্ৰতিদ্বন্দী বিজেপিৰ বিশ্বজিত দৈমাৰী আৰু ইউপিপিএলৰ প্ৰমোদ বড়ো দুয়োজনেই ৩০/৩৫ হেজাৰ ভোটতেই সীমাবদ্ধ থাকিব ৷ সংবাদ মেলত ৰাফেল দৈমাৰীয়ে দৃঢ়তাৰে কয় মই জয়ী হ’ম ৷ গৌৰৱ গগৈ হব অসমৰ মুখ্যমন্ত্ৰী ৷ মই জয়ী হলেই মন্ত্ৰীত্ব পোৱাটো খাটাং । ###
- গোৰেশ্বৰ সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ ---- ভিক্টৰ কুমাৰ দাস হব গোৰেশ্বৰ সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক -- দিলীপ শইকীয়া : তামুলপুৰ, ২ এপ্ৰিল: তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বিজেপি তথা এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ কাউলীত অনুষ্ঠিত জনাকীৰ্ণ সভাখনত ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এনডিএ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । লগতে তেওঁ কয় ভিক্টৰ কুমাৰ দাসেই হব নৱ গঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক । ভাষণত তেওঁ গণতন্ত্ৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি সকলো লোককে এশ শতাংশ ভোটধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনায়। বিশেষকৈ কৰ্মসূত্ৰে সমষ্টিৰ বাহিৰত থকা লোকসকলক ৯ এপ্ৰিলৰ পূৰ্বেই নিজ গৃহলৈ উভতি আহি ভোটদান কৰিবলৈ তেওঁ বিশেষ অনুৰোধ জনায়। তেওঁ আকৌ কয় এই অঞ্চলত উন্নয়নৰ কাম আৰু কৰিবলগীয়া আছে । উন্নয়নৰ এই কাম সমূহ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে । এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক প্ৰশংসা কৰি তেওঁ কয় ভিক্টৰ কুমাৰ দাসে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সমষ্টিটোৰ ৰাইজৰ বাবে দিনক ৰাতি কৰি ৰাতিক দিন কৰি কাম কৰিব । বিগত বহু বছৰ ধৰি ভিক্টৰ কুমাৰ দাসে অসমী আই আৰু ভাৰতী আইৰ নামত সমৰ্পিত কৰি ৰাখিছে । বিজেপি নেতা ৰাম বাস্তলাই আঁত ধৰা সভাখনত বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাস আৰু এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসেও ভাষণ ৰাখে । সভাত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ৰাজেশ বড়ো , অগপ নেতা ভবেন ৰাজবংশী , বিপিএফ নেতা উত্তম দাসৰ লগতে বিজেপি , অগপ আৰু বিপিএফ দলৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে । ইপিনে সভাৰ মাজতে আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ শীৰ্ষক গীতটোত আটায়ে নাচি বাগি স্ফূৰ্তি কৰে । সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় গোৰেশ্বৰ বিধান সভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস বিপুল ভোটৰ ব্যৱধানত জয়ী হোৱাৰ লগতে বিটিচিৰ ১৫ খন আসনৰ ভিতৰত আটাইকেইখনতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰাটো নিশ্চিত । ###1
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ মৈৰাঝাৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা। 📌সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গায়াৰীৰ। 📌সংবাদমাধ্যমৰ আগত সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য পাৰিষদ দিগন্ত গয়াৰীৰ।1
- hemanta ek gufa Na Kari dile1
- আগন্তুক বিধানসভা নিৰ্বাচনত আবেগ নহয় বিবেকৰ জড়িয়তে ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ । অসমৰ ২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান । শেহতীয়াকৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা আছাদুদ্দিন ওৱেইছিৰ মন্তব্যকলৈ বিৰোধিতা মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনৰ ।1
- পলাশবাৰীত সমষ্টিত বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ নৈ বিশাল ৰেলিত অংশগ্ৰহন কৰিব মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে ৰামপুৰৰ পৰা মিৰ্জা অভিমুখে হ'ব এই ৰেলি।1
- ২৫ নং পাকাবেতবাৰী সমষ্টিৰ গুইলেজাত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে নিৰ্বাচনী প্ৰচাৰ চলায়। পাকাবেতবাৰী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে গুইলেজাত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি ভোট ভিক্ষা কৰিবলৈ কেইবাটাও কামৰ গেৰান্টি দিয়ে। তেওঁ কয়, মই আধাৰশিলাৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই ৰাইজক কামৰ গেৰান্টি দিছোঁ। গুইলেজাত বেকী নদীৰ ওপৰত দলং নিৰ্মাণ কৰাই হ'ব মোৰ প্ৰথম কাম। মিনাক্ষী ৰহমানৰ জয় মানে ৰাইজৰ জয় বুলি কয় প্ৰাৰ্থী গৰাকীয়ে। সভাত স্থানীয় ৰাইজে পুষ্প বৃষ্টিৰে আদৰণী মিনাক্ষী ৰহমানক। তেওঁ গুইলেজা, খৰিচালা, লাচাংগা আদিত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। গুইলেজাত কেইবাগৰাকী পঞ্চায় প্ৰতিনিধিৰ লগতে শ শ কংগ্ৰেছ সমৰ্থকে যোগদান কৰে এ আই ইউ ডি এফত। সম্প্ৰতি কোনে মাৰিব শেষ হাঁহি সেয়া এতিয়াই স্পষ্ট নহয় যদিও কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনাই আগুৱাই গৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমান।1
- সোণতলীৰ সৰু আৰিকাটিত অঘটন! অঞ্চলজুৰি কৌতুহল। লোকচক্ষুৰ সন্মুখতেই খালত ডুব মাৰি নিৰুদ্দেশ এজন লোক। ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত, ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।1
- মুখ্যমন্ত্ৰীক তামুলপুৰ ইউপিপিএলৰ চোকা প্ৰত্যুত্তৰ: উপ-নিৰ্বাচনৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। তামুলপুৰ, ২ এপ্ৰিল: তামুলপুৰত ইউপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়ো জয়ী হ’লে পুনৰ উপ-নিৰ্বাচন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি দীপাংকৰ ৰাভাই মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি কয় যে এজন দায়িত্বশীল মুখ্যমন্ত্ৰীৰ মুখত এনেধৰণৰ ভিত্তিহীন কথা কেতিয়াও শোভা নাপায়। তেওঁ স্পষ্ট কৰি দিয়ে যে ইউপিপিএল দল তথা প্ৰমোদ বড়োৱে নিজা নীতি-আদৰ্শৰ ভিত্তিতহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তেওঁলোকৰ দলৰ নিজস্ব পৰিচয় আছে য’ত ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ জাপি দিয়াটো গ্ৰহণযোগ্য নহয়, গতিকে মুখ্যমন্ত্ৰীৰ এনে অযুক্তিকৰ কথাত ৰাইজে কেতিয়াও পতিয়ান নাযায়। জিলা সভাপতিগৰাকীৰ মতে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ এনডিএৰ প্ৰাৰ্থী গৰাকীৰ পৰাজয়ৰ ভয়তহে এনেদৰে চালে-বেৰে কোবোৱা কথা কৈছে আৰু সাংসদ পদটো কাৰ হাতলৈ যাব সেইটো সম্পূৰ্ণৰূপে ইউপিপিএল দলৰ ব্যক্তিগত সিদ্ধান্ত, য’ত আনৰ হস্তক্ষেপৰ কোনো প্ৰয়োজন নাই। তেওঁ ওলোটাই বিজেপি কৰ্মীসকলক আগন্তুক ৯ এপ্ৰিলত তামুলপুৰৰ উন্নয়নৰ স্বাৰ্থত ইউপিপিএল দলকহে ভোট দিবলৈ আহ্বান জনায় আৰু দাবী কৰে যে তামুলপুৰত প্ৰমোদ বড়ো বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত। ইয়াৰ উপৰি বিটিচি অঞ্চলত ইউপিপিএলৰ স্থিতি অত্যন্ত শক্তিশালী বুলি উল্লেখ কৰি তেওঁ কয় যে আগন্তুক নিৰ্বাচনত দলটোৱে অতি কমেও ১০ ৰ পৰা ১১ খন আসনত জয়লাভ কৰিব। সভাপতিগৰাকীয়ে পুনৰ কয় যে প্ৰমোদ বড়ো আৰু দ্বীপেন বড়োৰ লগতে দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ ফলাফল আশাব্যঞ্জক হ’ব, কাৰণ ৰাইজে বিগত সময়ছোৱাত তামুলপুৰত হোৱা উন্নয়ন প্ৰত্যক্ষ কৰিছে আৰু ইউপিপিএল চৰকাৰৰ দিনত হোৱা কাম-কাজত সন্তুষ্ট হৈ ৰাইজে ইউপিপিএলক পূৰ্ণ সমৰ্থন আগবঢ়াবলৈ সাজু হৈছে।###1