logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গোৰেশ্বৰ সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ ---- গোৰেশ্বৰ সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ ---- ভিক্টৰ কুমাৰ দাস হব গোৰেশ্বৰ সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক -- দিলীপ শইকীয়া : তামুলপুৰ, ২ এপ্ৰিল: তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বিজেপি তথা এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ কাউলীত অনুষ্ঠিত জনাকীৰ্ণ সভাখনত ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এনডিএ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । লগতে তেওঁ কয় ভিক্টৰ কুমাৰ দাসেই হব নৱ গঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক । ভাষণত তেওঁ গণতন্ত্ৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি সকলো লোককে এশ শতাংশ ভোটধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনায়। বিশেষকৈ কৰ্মসূত্ৰে সমষ্টিৰ বাহিৰত থকা লোকসকলক ৯ এপ্ৰিলৰ পূৰ্বেই নিজ গৃহলৈ উভতি আহি ভোটদান কৰিবলৈ তেওঁ বিশেষ অনুৰোধ জনায়। তেওঁ আকৌ কয় এই অঞ্চলত উন্নয়নৰ কাম আৰু কৰিবলগীয়া আছে । উন্নয়নৰ এই কাম সমূহ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে । এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক প্ৰশংসা কৰি তেওঁ কয় ভিক্টৰ কুমাৰ দাসে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সমষ্টিটোৰ ৰাইজৰ বাবে দিনক ৰাতি কৰি ৰাতিক দিন কৰি কাম কৰিব । বিগত বহু বছৰ ধৰি ভিক্টৰ কুমাৰ দাসে অসমী আই আৰু ভাৰতী আইৰ নামত সমৰ্পিত কৰি ৰাখিছে । বিজেপি নেতা ৰাম বাস্তলাই আঁত ধৰা সভাখনত বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাস আৰু এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসেও ভাষণ ৰাখে । সভাত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ৰাজেশ বড়ো , অগপ নেতা ভবেন ৰাজবংশী , বিপিএফ নেতা উত্তম দাসৰ লগতে বিজেপি , অগপ আৰু বিপিএফ দলৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে । ইপিনে সভাৰ মাজতে আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ শীৰ্ষক গীতটোত আটায়ে নাচি বাগি স্ফূৰ্তি কৰে । সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় গোৰেশ্বৰ বিধান সভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস বিপুল ভোটৰ ব্যৱধানত জয়ী হোৱাৰ লগতে বিটিচিৰ ১৫ খন আসনৰ ভিতৰত আটাইকেইখনতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰাটো নিশ্চিত । ###

3 hrs ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•

More news from অসম and nearby areas
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ ভকুৱামাৰীত এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা। 📌সমষ্টিটোৰ এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ বিলাল আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ দলৰ সভাপতি বদৰুদ্দিন আজমলৰ। 📌সংবাদমাধ্যমৰ আগত সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বদৰুদ্দিন আজমলৰ।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ ভকুৱামাৰীত এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা।
📌সমষ্টিটোৰ এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ বিলাল আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ দলৰ সভাপতি বদৰুদ্দিন আজমলৰ। 
📌সংবাদমাধ্যমৰ আগত সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বদৰুদ্দিন আজমলৰ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    10 hrs ago
  • ৰাজনৈতিক সভাত ধৰ্মীয় বিভাজন ঘটাবলৈ আপ্ৰাণ চেষ্টা কৰা নেতাৰ নামাজ পঢ়িবলৈ ব্যৱহাৰ কৰা টুপী খুলি পৰিল ৰাজনীতি প্ৰচাৰ চলি থকা সময়তে ।
    1
    ৰাজনৈতিক সভাত ধৰ্মীয় বিভাজন ঘটাবলৈ আপ্ৰাণ চেষ্টা কৰা নেতাৰ নামাজ পঢ়িবলৈ ব্যৱহাৰ কৰা টুপী খুলি পৰিল ৰাজনীতি প্ৰচাৰ চলি থকা সময়তে ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    6 hrs ago
  • আব্দুল খালেকক এ আই ইউ ডি এফত যোগদান কৰিবলৈ আহ্বান হাফিজ ৰফিকুল ইছলামৰ। আজি ২২ নং মন্দিয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত অৱস্থিত প্ৰাক্তন বিধায়ক তথা এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ ঘৰত বিশাল জনসভা অনুষ্ঠিত হয়। সভাত শ শ মহিলা ভোটাৰে উপস্থিত থাকে। সাংবাদিকৰ আগত ডঃ হাফিজ ৰফিকুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক এ আই ইউ ডি এফ দলত যোগদান কৰিবলৈ আহ্বান জনায়। লগতে অহা ৩ তাৰিখত জনীয়াত সাংসদ তথা এ আই এম আই এমৰ সভাপতি আছাউদ্দিন ওৱেছি এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলি জানিবলৈ দিয়ে।
    1
    আব্দুল খালেকক এ আই ইউ ডি এফত যোগদান কৰিবলৈ আহ্বান হাফিজ ৰফিকুল ইছলামৰ।
আজি ২২ নং মন্দিয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত অৱস্থিত প্ৰাক্তন বিধায়ক তথা এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ ঘৰত বিশাল জনসভা অনুষ্ঠিত হয়। সভাত শ শ মহিলা ভোটাৰে উপস্থিত থাকে। সাংবাদিকৰ আগত ডঃ হাফিজ ৰফিকুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক এ আই ইউ ডি এফ দলত যোগদান কৰিবলৈ আহ্বান জনায়। লগতে অহা ৩ তাৰিখত জনীয়াত সাংসদ তথা এ আই এম আই এমৰ সভাপতি আছাউদ্দিন ওৱেছি এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলি জানিবলৈ দিয়ে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    15 hrs ago
  • সোণতলীৰ সৰু আৰিকাটিত অঘটন! অঞ্চলজুৰি কৌতুহল। লোকচক্ষুৰ সন্মুখতেই খালত ডুব মাৰি নিৰুদ্দেশ এজন লোক। ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত, ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।
    1
    সোণতলীৰ সৰু আৰিকাটিত অঘটন! অঞ্চলজুৰি কৌতুহল।
লোকচক্ষুৰ সন্মুখতেই খালত ডুব মাৰি নিৰুদ্দেশ এজন লোক।
ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত, ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    2 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    6 hrs ago
  • ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চপাই চাহ বাগিছাত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিজেপিৰ বাধা উফৰাই কংগ্ৰেছ দলে অনুষ্ঠিত কৰিলে সভা ৷
    1
    ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চপাই চাহ বাগিছাত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিজেপিৰ বাধা উফৰাই কংগ্ৰেছ দলে অনুষ্ঠিত কৰিলে সভা ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    6 hrs ago
  • তামুলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীৰ সংবাদমেল ---- মই কৌটি টকা দিলেও বিক্ৰী যোৱা মানুহ নহয় : তামুলপুৰ , ২ এপ্ৰিল : ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে আজি এখন সংবাদ মেল সম্বোধন কৰে । উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে ইউপিপিএল দলত যোগদান কৰা বুলি সামাজিক মাধ্যমত চর্চা হৈ আছিল । এই সম্পৰ্কত কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে স্পষ্টীকৰণ দিবলৈ এই সংবাদ মেল সম্বোধন কৰা বুলি উল্লেখ কৰি তেওঁ কয় মই কেতিয়াও ইউপিপিএল দলত যোগদান কৰা নাই ৷ এইয়া ইউপিপিএল দলৰ ভুৱা প্ৰচাৰ ৷ সংবাদ মেলখনত তেওঁ আকৌ কয় মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছো ৷ মই কোটি টকা দিলেও কোনো দলত যোগদান নকৰো। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় মই আগন্তুক নিৰ্বাচনত ৭০ হাজাৰৰ অধিক ভোট লাভ কৰি জয়যুক্ত হ’ম ৷ তামুলপুৰ সমষ্টিত মোৰ প্ৰতিদ্বন্দী বিজেপিৰ বিশ্বজিত দৈমাৰী আৰু ইউপিপিএলৰ প্ৰমোদ বড়ো দুয়োজনেই ৩০/৩৫ হেজাৰ ভোটতেই সীমাবদ্ধ থাকিব ৷ সংবাদ মেলত ৰাফেল দৈমাৰীয়ে দৃঢ়তাৰে কয় মই জয়ী হ’ম ৷ গৌৰৱ গগৈ হব অসমৰ মুখ্যমন্ত্ৰী ৷ মই জয়ী হলেই মন্ত্ৰীত্ব পোৱাটো খাটাং । ###
    1
    তামুলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীৰ সংবাদমেল ---- মই কৌটি টকা দিলেও বিক্ৰী যোৱা মানুহ নহয় : 
তামুলপুৰ , ২ এপ্ৰিল : 
৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে আজি এখন সংবাদ মেল সম্বোধন কৰে । উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে ইউপিপিএল দলত যোগদান কৰা বুলি সামাজিক মাধ্যমত চর্চা হৈ আছিল । এই সম্পৰ্কত কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে স্পষ্টীকৰণ দিবলৈ এই সংবাদ মেল সম্বোধন কৰা বুলি উল্লেখ কৰি তেওঁ কয় মই কেতিয়াও ইউপিপিএল দলত যোগদান কৰা নাই ৷ এইয়া ইউপিপিএল দলৰ ভুৱা প্ৰচাৰ ৷ সংবাদ মেলখনত তেওঁ আকৌ কয় মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছো ৷ মই কোটি টকা দিলেও কোনো দলত যোগদান নকৰো। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় 
মই আগন্তুক নিৰ্বাচনত ৭০ হাজাৰৰ অধিক ভোট লাভ কৰি জয়যুক্ত হ’ম ৷ তামুলপুৰ সমষ্টিত মোৰ প্ৰতিদ্বন্দী বিজেপিৰ বিশ্বজিত দৈমাৰী আৰু ইউপিপিএলৰ প্ৰমোদ বড়ো দুয়োজনেই ৩০/৩৫ হেজাৰ ভোটতেই সীমাবদ্ধ থাকিব ৷ সংবাদ মেলত ৰাফেল দৈমাৰীয়ে দৃঢ়তাৰে কয় মই জয়ী হ’ম ৷ গৌৰৱ গগৈ হব অসমৰ মুখ্যমন্ত্ৰী ৷ মই জয়ী হলেই মন্ত্ৰীত্ব পোৱাটো খাটাং । ###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    4 hrs ago
  • 📌মানাহত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নিৰ্বাচনী হুংকাৰ। 📌'ত্ৰিপুল ইঞ্জিন' চৰকাৰৰ জৰিয়তে উন্নয়নৰ প্ৰতিশ্ৰুতি। 📌গৌৰৱ গগৈ নিৰ্বাচনৰ পিছতে ইংলেণ্ডলৈ যাব লাগিব৷
    1
    📌মানাহত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নিৰ্বাচনী হুংকাৰ।
📌'ত্ৰিপুল ইঞ্জিন' চৰকাৰৰ জৰিয়তে উন্নয়নৰ প্ৰতিশ্ৰুতি।
📌গৌৰৱ গগৈ নিৰ্বাচনৰ পিছতে ইংলেণ্ডলৈ যাব লাগিব৷
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    10 hrs ago
  • পাকাবেতবাৰী সমষ্টিত জনসমুদ্ৰ । এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছি আজি বৰপেটা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । পাকাবেতবাৰীৰ নিৰ্বাচনী সভাত অংশ ল'লে হাজাৰ হাজাৰ ৰাইজৰ ।
    1
    পাকাবেতবাৰী সমষ্টিত জনসমুদ্ৰ ।
এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছি আজি বৰপেটা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । পাকাবেতবাৰীৰ নিৰ্বাচনী সভাত অংশ ল'লে হাজাৰ হাজাৰ ৰাইজৰ ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.