ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ: গামোচাক অপমান কৰা ভিক্টৰ দাসক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়নী। ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ: গামোচাক অপমান কৰা ভিক্টৰ দাসক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়নী। তামুলপুৰ, ৩ এপ্ৰিল: তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী গৰম প্ৰবল হৈ পৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ইউপিপিএল দলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে সমষ্টিটোৰ গাঁৱে-ভূঞে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কালচেনীকে ধৰি বিভিন্ন প্ৰান্তত আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, য’ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত থাকি দিনজোৰা প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে অত্যন্ত আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনী সভা-সমিতিসমূহত তেওঁ ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে তেওঁ সমষ্টিবাসী ৰাইজৰ লগতে সাংসদ জয়ন্ত বসুমতাৰীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দাবী কৰে যে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তত দলীয় কৰ্মীসকলে নিৰন্তৰ প্ৰচাৰ চলাই আছে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত তেওঁ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত এক নম্বৰ স্থানত আছে। আনহাতে, এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ প্ৰসংগত কঠোৰ সমালোচনা কৰি বড়োৱে কয় যে ভিক্টৰ দাস তেওঁৰ বাবে কোনো কাৰণতে প্ৰত্যাহ্বান হ’ব নোৱাৰে, কাৰণ কিছুদিন পূৰ্বে ভিক্টৰ দাসে ডিঙিত পিন্ধোৱা গামোচাখনক ‘চিপজৰী’ বুলি আখ্যা দি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বস্ত্ৰখনক চৰম অপমান কৰিছিল। অসমীয়াৰ আবেগক আঘাত দিও বৰ্তমানলৈকে ভিক্টৰ দাসে ৰাজহুৱাকৈ ক্ষমা নোখোজাৰ বাবে গোৰেশ্বৰৰ সচেতন ৰাইজে অহা ৯ এপ্ৰিলৰ ভোটদানৰ জৰিয়তে তেওঁক উচিত শিক্ষা দিব বুলি বড়োৱে একপ্ৰকাৰ সকীয়নী প্ৰদান কৰে। পবিত্ৰ কুমাৰ বড়োৱে লগতে দৃঢ়তাৰে কয় যে তেওঁ এই নিৰ্বাচনত প্ৰায় ৮০ হাজাৰ ভোট লাভ কৰি এক বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত।###

- গোৰেশ্বৰ সমষ্টিত বিপুল ভোটত জয়ী হব ভিক্টৰ দাস বুলি দাবী BPF ৰ জ্যেষ্ঠ নেতা তথা কাৰ্যবাহী সদস্য গণেশ কছাৰী।1
- কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ মন্তব্যক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ1
- 📌মানাহত অখিল গগৈৰ নিৰ্বাচনী হুংকাৰ। 📌কুশল দুৱৰীক সমৰ্থন কৰা ১৪ টাকৈ জাতীয় সংগঠন গণ শত্ৰু সংগঠনহে। 📌আজি ৪১ নং মানাহ সমষ্টিটোৰ চুকে-কোণে সভা আৰু ৰোড শ্ব'ৰ জৰিয়তে অখিল গগৈয়ে ৰাইজৰ কাষ চাপি অঞ্জন তালুকদাৰক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায়।1
- 📌উচ্ছেদৰ বিৰুদ্ধে ভোটেই উত্তৰ!” – ৯ এপ্ৰিলৰ আহ্বান Asaduddin Owaisiৰ 📌তলা-ছাবিত ভোট দিয়ক” – জনতাক শক্তিশালী বাৰ্তা ওৱেছিৰ 📌 ৯ এপ্ৰিলত উচ্ছেদৰ বিৰুদ্ধে গণপ্ৰতিক্ৰিয়া! ওৱেছিৰ ডাঙৰ1
- ছয়গাঁৱত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। উল্লেখযোগ্য যে ছয়গাঁও বিজেপি প্ৰাৰ্থীৰ হৈ তেওঁ ছয়গাঁৱত বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।1
- কলতলি প্রাথমিক বিদ্যালয় স্থাপিতঃ ১৯৭৭ ইং স্কুল কোড নং- ১৮০৬০৩০২৯০১ গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া শিক্ষাখণ্ড: ছয়গাঁও জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭3
- বৰপেটাৰ ৰাখাল থান খেলপথাৰত এই উপলক্ষে আয়োজিত সভাখনত বিজেপিৰ জ্যেষ্ঠ নেতা জনে কয় যে অসমৰ গৌৰৱময় ইতিহাস আছে। অসমৰ সমৃদ্ধ পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিছে। লাচিত বৰফুকনৰ পৰাক্ৰম ভাৰতৰ শক্তিৰ প্ৰতীক । সেই অসমত এনডিএৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে বিকাশৰ ঢল নমাইছে। ড০ ভূপেন হাজৰিকাৰ দৰে সত্বা ভাৰতৰ গৌৰৱ । গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ। সেই এনডিএ চৰকাৰে দহ বছৰতে অসমত উন্নয়ন বহু ওপৰলৈ লৈ গৈছে। ইয়াৰ বিপৰীতে কংগ্ৰছৰ চৰকাৰে অসমৰ ইতিহাসক অপমানিত কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন দূৰত থৈ দিছিল কংগ্ৰেছে। আজি অসমৰ যোগাযোগ ব্যৱস্থাত অভাৱনীয় পৰিৱৰ্তন আহিছে। এনডিএ চৰকাৰে অনুপ্ৰৱেশকাৰী বিতাড়ণৰ ক্ষিপ্ৰ ব্যৱস্থা লৈছে । ইয়াৰ বিপৰীতে এআইইউডিএফে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি আহিছে। কংগ্ৰেছে ইয়াত সহযোগ কৰি আহিছে। অসমৰ জনগাঠনি সলনি কৰাৰ এই ষড়যন্ত্ৰক বিজেপি চৰকাৰে ব্যৰ্থ কৰি যাব বুলিও যোগী আদিত্যনাথে কয়। কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলে ৰামৰ অস্তিত্বকে নস্যাৎ কৰিব বিচাৰিছিল। উত্তৰ প্ৰদেশত আজি দংগা নাই। পথত কোনেও নামাজ নপঢ়ে। শব্দ নাহে বিশেষ পক্ষৰ। আইন ভংগকাৰীৰ সম্পত্তি জব্দ কৰি দুখীয়া , দলিতক ভগাই দিয়া হয়। পুনৰ অসমৰ নিৰ্বাচনৰ সন্দৰ্ভত তেও কয় যে কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী যুজৰ খেলপথাৰ এৰি পলায়ন কৰিছে। সভাখনত প্ৰাৰ্থী দীপক কুমাৰ দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেও ৰাইজক আহ্বান জনায়। সভাত বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দও উপস্থিত থাকে। অসমৰ ভূমিত লাভ জৈহাদ, ভূমি জেহাদ নচলিব। কংগ্ৰেছ , এআইইউডিএফৰ ষড়যন্ত্ৰক ষড়যন্ত্ৰক ওফৰাব লাগিব। উত্তৰ প্ৰদেশত যোৱা দহ বছৰত এটাও ডংগা নাই। কাৰ্ফিউ নাই। চাহ শ্ৰমিকৰ বাবে পেকেজৰ ব্যৱস্থা কেবল বিজেপিয়য়েহে কৰিব পাৰে । কংগ্ৰেছ অথবা এআইইউডিএফে নোৱাৰে বুলি তেও কয় । অসমৰ জনগাঠনি সলনি হবলৈ দিয়া নহব বুলিও সকীয়াই দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।1
- ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ: গামোচাক অপমান কৰা ভিক্টৰ দাসক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়নী। তামুলপুৰ, ৩ এপ্ৰিল: তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী গৰম প্ৰবল হৈ পৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ইউপিপিএল দলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে সমষ্টিটোৰ গাঁৱে-ভূঞে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কালচেনীকে ধৰি বিভিন্ন প্ৰান্তত আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, য’ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত থাকি দিনজোৰা প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে অত্যন্ত আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনী সভা-সমিতিসমূহত তেওঁ ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে তেওঁ সমষ্টিবাসী ৰাইজৰ লগতে সাংসদ জয়ন্ত বসুমতাৰীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দাবী কৰে যে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তত দলীয় কৰ্মীসকলে নিৰন্তৰ প্ৰচাৰ চলাই আছে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত তেওঁ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত এক নম্বৰ স্থানত আছে। আনহাতে, এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ প্ৰসংগত কঠোৰ সমালোচনা কৰি বড়োৱে কয় যে ভিক্টৰ দাস তেওঁৰ বাবে কোনো কাৰণতে প্ৰত্যাহ্বান হ’ব নোৱাৰে, কাৰণ কিছুদিন পূৰ্বে ভিক্টৰ দাসে ডিঙিত পিন্ধোৱা গামোচাখনক ‘চিপজৰী’ বুলি আখ্যা দি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বস্ত্ৰখনক চৰম অপমান কৰিছিল। অসমীয়াৰ আবেগক আঘাত দিও বৰ্তমানলৈকে ভিক্টৰ দাসে ৰাজহুৱাকৈ ক্ষমা নোখোজাৰ বাবে গোৰেশ্বৰৰ সচেতন ৰাইজে অহা ৯ এপ্ৰিলৰ ভোটদানৰ জৰিয়তে তেওঁক উচিত শিক্ষা দিব বুলি বড়োৱে একপ্ৰকাৰ সকীয়নী প্ৰদান কৰে। পবিত্ৰ কুমাৰ বড়োৱে লগতে দৃঢ়তাৰে কয় যে তেওঁ এই নিৰ্বাচনত প্ৰায় ৮০ হাজাৰ ভোট লাভ কৰি এক বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত।###1