Shuru
Apke Nagar Ki App…
ৰঙিয়াত কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীৰ সংবাদ মেল ৰঙিয়া ৰাজীৱ ভবণত নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে আজি বিৰোধী ঐক্য মঞ্চই অনুষ্ঠিত কৰা সংবাদ মেল সম্বোধন প্ৰাণজিৎ চৌধুৰীৰ। সংবাদ মেলত বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ নেতা মজিবুদ্দিন আহমেদেও মন্তব্য আগবঢ়াই।
BHASKAR KALITA
ৰঙিয়াত কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীৰ সংবাদ মেল ৰঙিয়া ৰাজীৱ ভবণত নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে আজি বিৰোধী ঐক্য মঞ্চই অনুষ্ঠিত কৰা সংবাদ মেল সম্বোধন প্ৰাণজিৎ চৌধুৰীৰ। সংবাদ মেলত বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ নেতা মজিবুদ্দিন আহমেদেও মন্তব্য আগবঢ়াই।
More news from অসম and nearby areas
- ৰঙিয়া ৰাজীৱ ভবণত নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে আজি বিৰোধী ঐক্য মঞ্চই অনুষ্ঠিত কৰা সংবাদ মেল সম্বোধন প্ৰাণজিৎ চৌধুৰীৰ। সংবাদ মেলত বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ নেতা মজিবুদ্দিন আহমেদেও মন্তব্য আগবঢ়াই।1
- বিজেপিৰ আনুষ্ঠানিক প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পূৰ্বেই তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ হাজাৰ হাজাৰ সমৰ্থক লগত লৈ পদ যাত্ৰা।1
- 📌 “প্ৰদ্যুৎ বৰদলৈ বিজেপিত! মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া— ৰাজনীতিত ডাঙৰ পৰিবৰ্তন?” 📌 “বিজেপিত যোগদানৰ পাছত প্ৰদ্যুৎ বৰদলৈক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য!” #PradyutBordoloi #HimantaBiswaSarma #AssamPolitics #BJPAssam #BreakingNews #AssamNews #NewsUpdate #Election2026 #TrendingNow #ViralNews1
- 📌বজালীৰ পাটাছাৰকুছি থানাৰ সমীপত ভয়ানক পথ দুৰ্ঘটনা || 📌অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত তিনি যুৱক || 📌সংকটজনক অৱস্থাত শ্বহীদ মদন-ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি তিনিওজনক || 📌AS14U0970 নম্বৰৰ এখন মটৰ চাইকেলৰে আহি টিহুৰ পৰা আহি আছিল তিনিওজন ||1
- ৪২ নং বাক্সা(এচটি) সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত ৰাকেশ ব্ৰহ্মৰ প্ৰথম প্ৰতিক্ৰিয়া। . . . . . . . #AssemblyElection2026 #UPPL #RakeshBrahma #ABCNewsAssam1
- ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহ নিৰ্মানত দুৰ্নীতিৰ অভিযোগ প্ৰাক্তন ছাত্ৰৰ ৰাজ্যৰ শিক্ষাখণ্ডৰ অভিলাসী আঁচনিৰ অন্তৰ্গত আদৰ্শ বিদ্যালয়ৰ মুঠ ৬৭ খন বিদ্যালয়ৰ নিৰ্বাচনৰ ঢাক ঢোল বজোৱাৰ বাবে যোৱা ২ ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰে। তাৰ ভিতৰত দক্ষিণ কামৰূপৰ অন্যতম শিক্ষানুষ্ঠান ছয়গাঁও উচ্চতৰ মাধামিক বিদ্যালয়ও আছিল ৷ সেই অনুসৰি ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন নিৰ্মানত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি আঁচনিৰ একে পৰিমাণৰ ধনেৰে অন্য স্থানত দুমহলীয়া বিল্ডিং নিৰ্মাণ কৰিছে যদিও ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম আৰ্হিৰ ঘৰ নিৰ্মান কিহৰ বাবে বুলি সংবাদমেলত মন্তব্য কৰে প্ৰাক্তন ছাত্ৰ গৰাকীয়ে । ইয়াৰ উপৰিও নিৰ্মান কাৰ্যত দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে । আনহাতে বিদ্যালয় পৰিচালনা সমিতিৰ ওপৰত উঠা দুৰ্নীতিৰ অভিযোগৰ পিছতে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা আৰু পৰিচালনা সমিতি জড়িত নহয় বুলি মঙলবাৰে সংবাদ মেল যোগে ব্যক্ত কৰিছিল। আজি পুনৰ বিদ্যালয়ৰ অধ্যক্ষা তথা পৰিচালনা সমিতিৰ বিৰুদ্ধে অভিযোগ তোলে অসম জাতীয় সেনাৰ সভাপতি তথা বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ নয়ন মণি শালৈয়ে। আজি ছয়গাঁও সাহিত্য সভা ভৱনত অনুষ্ঠিত এক সংবাদ মেলত জাতীয় সেনাৰ সভাপতি নয়ন মণি শালৈয়ে কয় গৃহ নিৰ্মানত দুৰ্নীতি হোৱা বুলি অধ্যক্ষা গৰাকীয়ে সংবাদ মাধ্যম যোগে অভিযোগ কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়। যদি দুৰ্নীতি সংঘটিত হোৱা বুলি অধ্যক্ষা গৰাকীয়ে জানিছিল তেওঁ কিয় ৰাজহুৱা সভা পাতি আগতে বিষয়টো ৰাজহুৱা নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে। আনহাতে 'গণপতি কনষ্ট্ৰাকচন' নামৰ ঠিকাদাৰ সংস্থাটোৱে দুমহলীয়া বিল্ডিং নিৰ্মান নকৰি অসম আৰ্হিৰ গৃহ নিৰ্মান কৰি ৭ কোটি টকাৰ ৫ কোটি টকায়ে আত্মসাৎ কৰা বুলি অভিযোগ কৰে। বিদ্যালয়ৰ নৱনিৰ্মিত গৃহৰ প্ৰাক কলন ৰাজহুৱা নকৰি বিদ্যালয় কৰ্তৃপক্ষও দুৰ্নীতি কাৰ্যত জড়িত থকাৰ সন্দেহ কৰে জাতীয় সেনাই।1
- বৰপেটা নিৰ্বাচনী জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ ভিতৰত আজি প্ৰথমখন মনোনয়ন দাখিল কৰা হয়। নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে ফাৰুক খানে নিৰ্বাচনী জিলাখনত প্ৰথমজন প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন দাখিল কৰে । বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অকলে উপস্থিত হৈ মনোনয়ন দাখিল কৰা ফাৰুক খানে ইয়াৰ পূৰ্বেও একাধিক নিৰ্বাচনত অংশগ্ৰহণ কৰিছে । দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন সামাজিক কাৰ্যত জড়িত হৈ আহিছে আৰু বিশেষকৈ “ডি” ভোটাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ইফালে, বিধায়ক হিচাপে নিৰ্বাচিত হ’লে বিধায়ক পুঁজিৰ ধনৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগ দূৰ কৰাৰ আশ্বাস দিয়ে ফাৰুক খানে।1
- তামুলপুৰত UPPL-ৰ সংবাদমেল, প্ৰমোদ বড়োৰ প্ৰাৰ্থীত্বক লৈ উৎসাহৰ ঢল তামুলপুৰ, তামুলপুৰ জিলা UPPL কাৰ্যালয়ত আজি UPPL দলে এখন সংবাদমেল আয়োজন কৰে। এই সংবাদমেলত তামুলপুৰ সমষ্টিৰ বাবে UPPL-ৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা প্ৰমোদ বড়োক উষ্ম আদৰণি জনোৱা হয়। সংবাদমেলত দলীয় নেতাসকলে কয় যে, তামুলপুৰ সমষ্টিত প্ৰমোদ বড়ো প্ৰাৰ্থী হোৱাৰ লগে লগে ভোটাৰৰ মাজত এক উৎসাহৰ ঢল দেখা গৈছে। তেওঁলোকৰ মতে, প্ৰমোদ বড়োৰ নেতৃত্বত সমগ্ৰ তামুলপুৰ জিলাত শিক্ষা, যাতায়ত আৰু স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ উল্লেখযোগ্য উন্নয়ন সাধিত হৈছে। ইয়াৰ উপৰি, UPPL দলে ইতিমধ্যে ঘোষণা কৰা প্ৰাৰ্থীসকলকো অভিনন্দন জনায়। দলীয় সূত্ৰে জানিবলৈ দিয়া মতে, সংবাদমেলত শীঘ্ৰেই দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব। ইপিনে, বিধায়ক জলেন দৈমাৰী য়ে কয় যে, বিগত পাঁচটা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত BTR অঞ্চলত হোৱা উন্নয়ন স্পষ্টভাৱে দৃশ্যমান হৈছে। তেওঁ লগতে কয় যে, দলটোৱে কেৱল BTR অঞ্চলতেই নহয়, সমগ্ৰ অসমৰ সামগ্ৰিক উন্নয়ন কামনা কৰে।1