Shuru
Apke Nagar Ki App…
চৰাইদেউ জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি কাৰ্যালয়ত কৃষকসকলৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰা হৈছে। এই অনুষ্ঠানত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু কৃষি বিভাগৰ জিলা কৃষি বিষয়া ৰিজবি হাজৰিকাকে ধৰি আন বিষয়াসকল উপস্থিত থাকে। তেওঁলোকে কৃষকসকলক আধুনিক কৃষি পদ্ধতি আৰু উন্নত বীজ ব্যৱহাৰৰ গুৰুত্ব সম্পৰ্কে বিশদভাৱে অৱগত কৰে। অনুষ্ঠানটোত চৰাইদেউ জিলা কৃষাণ মৰ্চাৰ সভাপতি জয়ন্ত বৰুৱা, সাধাৰণ সম্পাদক কৃষ্ণ নেৱাৰ, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, সোণাৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি কমলজ্যোতি হাজৰিকা, বৰহাটৰ বিশিষ্ট সমাজকৰ্মী মিল্টন গগৈ, ভজো গাঁৱৰ গাওঁ প্ৰধান প্ৰদীপ তাতী আৰু বহু সংখ্যক কৃষক উপস্থিত আছিল।
Charaideo news
চৰাইদেউ জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি কাৰ্যালয়ত কৃষকসকলৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰা হৈছে। এই অনুষ্ঠানত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু কৃষি বিভাগৰ জিলা কৃষি বিষয়া ৰিজবি হাজৰিকাকে ধৰি আন বিষয়াসকল উপস্থিত থাকে। তেওঁলোকে কৃষকসকলক আধুনিক কৃষি পদ্ধতি আৰু উন্নত বীজ ব্যৱহাৰৰ গুৰুত্ব সম্পৰ্কে বিশদভাৱে অৱগত কৰে। অনুষ্ঠানটোত চৰাইদেউ জিলা কৃষাণ মৰ্চাৰ সভাপতি জয়ন্ত বৰুৱা, সাধাৰণ সম্পাদক কৃষ্ণ নেৱাৰ, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, সোণাৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি কমলজ্যোতি হাজৰিকা, বৰহাটৰ বিশিষ্ট সমাজকৰ্মী মিল্টন গগৈ, ভজো গাঁৱৰ গাওঁ প্ৰধান প্ৰদীপ তাতী আৰু বহু সংখ্যক কৃষক উপস্থিত আছিল।
More news from অসম and nearby areas
- সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ বৰ্তমান একচন মুডত আছে। চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীসকল সততে উপস্থিত নথকাৰ অভিযোগ লাভ কৰাৰ পাছতে তেওঁ আজি সোণাৰিৰ মীন বিভাগৰ জিলা কাৰ্যালয় আৰু ৰেচম বিভাগৰ কাৰ্যালয়ত এক তাত্ক্ষণিক পৰিদৰ্শন চলায়। বিধায়কগৰাকীয়ে ঘোষণা কৰিছে যে কাৰ্যালয়ত অনুপস্থিত থকা কৰ্মচাৰীসকলৰ বিৰুদ্ধে তেওঁ বিভাগীয় মন্ত্ৰীক অভিযোগ দাখিল কৰিব।1
- বিগত কেইবাদিন ধৰি ধাৰাবাহিকভাৱে চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই থকা চাৰিজন গভাইত চোৰক বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ আজি সোণাৰি আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। আটক কৰা চোৰকেইটা হ'ল ক্ৰমে আব্দুল ৰহিম (৩৯), ভজো টিয়ক বঙালিগাওঁৰ আৰিফ আলী (২৬), টিয়ক ৰজাবাৰীৰ চুলেমান আহমেদ (২৬) আৰু জৱকা চাহ বাগিচাৰ মুন্না মহালি (২৫)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি নগৰখনৰ পাৰ্বতিপুৰ অঞ্চলত হাবিৰ মাজত লুকুৱাই ৰখা দুবস্তা কাঁহ পিতলৰ বাচন, শৰাই আৰু আন বহু কেইপদ মূল্যৱান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা দেওবাৰে উক্ত পাৰ্বতিপুৰ অঞ্চলৰে বাসিন্দা শিৱ প্ৰসাদ ফুকনৰ ঘৰত চোৰৰ এটা দলে চুৰি কাৰ্য সংঘটিত কৰি এই মূল্যৱান সামগ্ৰীসমূহৰ লগতে নগদ ৭০ হাজাৰ টকা আৰু ভালেকেইপদ সোণৰ অলংকাৰ চুৰি কৰি নিছিল। সোণাৰি আৰক্ষীয়ে এজাহাৰকাৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৩৩১(৪), ৩০৫ আৰু ২২২৩ ধাৰাৰ অধীনত ৪৩/২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে আৰু চোৰকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও, সোণাৰি আৰক্ষীয়ে চুৰি কাৰ্যত সহযোগ কৰা আন কেইবাটাও চোৰক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে।1
- চৰাইদেউ জিলাত অনিয়ন্ত্ৰিত ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই বৃহত্তৰ চৰাইদেউ জিলা বেচৰকাৰী বাছ আৰু মিনি বাছ মালিক সন্থা আৰু উজনি অসম সন্মিলিত বাছ মালিক সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। এই স্মাৰক পত্ৰখন সোণাৰিত চৰাইদেউ জিলা আয়ুক্তক দিয়া হয়।3
- অহা ২২ জুনৰ পৰা আৰম্ভ হ'বলগীয়া মহাঅম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি বিশিষ্ট জ্যোতিষী ড০ নয়নজ্যোতি শৰ্মাই এক আহ্বান জনাইছে।1
- এজাক মুষলধাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত লিডু মহাবিদ্যালয় সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। ইয়াৰ উপৰিও কাষৰ গাঁৱৰ অঞ্চলসমূহো পানীৰ তলত। মহাবিদ্যালয়খনত স্বাভাৱিক পাঠদান ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হোৱাত আজি পুৱাই বহু দূৰ-দূৰণিৰ পৰা অহা অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে চৌহদত জমা হোৱা পানীৰ বাবে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰি আধা বাটৰ পৰাই উভতি যাবলগীয়া হয়। ইয়াৰ লগতে জৰুৰীকালীন সেৱাসমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে অঞ্চলটোত উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ ফলতেই সামান্য বৰষুণতে এনে জলাবদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবছৰে বাৰিষাকালত একেই সমস্যাই লিডুবাসীক জুৰুলা কৰি আহিছে যদিও আজিলৈকে কোনো স্থায়ী বা সুদূৰপ্ৰসাৰী সমাধান গ্ৰহণ কৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ তুলিছে যে অঞ্চলটোৰ পঞ্চায়েত প্ৰতিনিধি তথা বিধায়ক ভাস্কৰ শৰ্মাই এই গুৰুত্বপূৰ্ণ সমস্যাক অগ্ৰাধিকাৰ নিদিয়াৰ ফলতেই লিডুবাসীয়ে বছৰে বছৰে একেই দুৰ্ভোগ ভোগ কৰি আহিছে।4
- বাণিজ্যিক চহৰ তিনিচুকীয়াৰ যানযঁট নিয়ন্ত্ৰণৰ বাবে জিলা পৰিবহণ বিভাগ আৰু তিনিচুকীয়া পৌৰসভাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যানযঁটৰ সমস্যা সৃষ্টি কৰাত বিশেষ ভূমিকা লোৱা ই-ৰিক্সাৰ বিৰুদ্ধে বৰ্তমান অভিযান চলোৱা হৈছে। এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে জিলা পৰিবহণ বিভাগ আৰু পৌৰসভাই সজাগতা সৃষ্টিৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল।1
- সোণাৰী আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে দুজনক আটক কৰিছে। সোণাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৰণ মহন সিংহ চেতিয়াৰ নেতৃত্বত কানুবাৰী বালিজান গ্ৰাণ্টত চলা এই অভিযানত AS-06BC-9276 নম্বৰৰ এখন বাহনত সৰবৰাহ কৰি থকা ১৬ কেজি ২৪৭ গ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ হয়। এই সৰবৰাহৰ সৈতে জড়িত ৰাঙলীৰ বুদ্ধ বৰুৱা আৰু প্ৰবিত্ৰ তামুলী নামৰ দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ লগতে গাঞ্জাসহ বাহনখনো জব্দ কৰে। এই সফল অভিযানৰ বাবে সোণাৰী আৰক্ষীৰ এই সাফল্য বিশেষভাৱে উল্লেখযোগ্য।2
- শৈক্ষিক নগৰী হিচাপে খ্যাত যোৰহাট চহৰত পুনৰ এক লজ্জাজনক তথা ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে, য'ত এখন বিলাসী হোটেলত দীৰ্ঘদিন ধৰি চলি থকা নাৰী দেহৰ বৃহৎ ব্যৱসায় আৰক্ষীয়ে উৎখাত কৰিছে। আৰক্ষীৰ এই সফলতাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, যোৰহাটৰ এখন বিখ্যাত হোটেলত এই অনৈতিক কাৰ্য চলি আছিল। এক গোপন সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীৰ এটা দলে যোৱা মাজনিশা হোটেলখনত এক আকস্মিক অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে হোটেলখনৰ বিভিন্ন কোঠাৰ পৰা অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাতে ১৫ গৰাকী যুৱক-যুৱতীক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, অভিযানকাৰী দলটোৱে কোঠাসমূহৰ পৰা বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে। স্থানীয় সূত্ৰই সদৰী কৰা অনুসৰি, পেগু উপাধিৰ এগৰাকী মহিলাৰ নেতৃত্বত এই বিলাসী হোটেলখনত সুপৰিকল্পিতভাৱে দীৰ্ঘদিনৰ পৰা নাৰী দেহৰ এই ৰমৰমীয়া ব্যৱসায়টো পৰিচালিত হৈ আছিল। আৰক্ষীয়ে বৰ্তমান আটক কৰা আটাইকেইগৰাকী যুৱক-যুৱতীক অধিকোধিক সোধা-পোছা অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ সৈতে হোটেল কৰ্তৃপক্ষ অথবা অন্য কোনো প্ৰভাৱশালী চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত এক গভীৰ তদন্ত আৰম্ভ কৰিছে।4