logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিধায়ক জাকিৰ হুছেইনে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা ৰঙীয়া নদীৰ পাম গাঁৱৰ মহম্মদ খান নামৰ এজন ৰোগীৰ স্বাস্থ্যৰ বুজ লৈছে।

2 hrs ago
user_Arshad Ali
Arshad Ali
Court reporter বৰপেটা, বৰপেটা, অসম•
2 hrs ago
25610020-7d70-46d2-a8fa-4e825c760cfc

বিধায়ক জাকিৰ হুছেইনে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা ৰঙীয়া নদীৰ পাম গাঁৱৰ মহম্মদ খান নামৰ এজন ৰোগীৰ স্বাস্থ্যৰ বুজ লৈছে।

More news from অসম and nearby areas
  • হাউলীত ৰাভা দিৱস উপলক্ষে এক বিশেষ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছিল। এই সন্ধিয়াত কণ্ঠশিল্পী তৰলী শৰ্মাৰ সুমধুৰ কণ্ঠত অমৰ ৰাভা সংগীত পৰিৱেশন কৰা হয়। অনুষ্ঠানত 'কাষতে কলচি লৈ' শীৰ্ষক ৰাভা গীতটোৱে বিশেষভাৱে শ্ৰোতাক মুগ্ধ কৰে।
    1
    হাউলীত ৰাভা দিৱস উপলক্ষে এক বিশেষ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছিল। এই সন্ধিয়াত কণ্ঠশিল্পী তৰলী শৰ্মাৰ সুমধুৰ কণ্ঠত অমৰ ৰাভা সংগীত পৰিৱেশন কৰা হয়। অনুষ্ঠানত 'কাষতে কলচি লৈ' শীৰ্ষক ৰাভা গীতটোৱে বিশেষভাৱে শ্ৰোতাক মুগ্ধ কৰে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    2 hrs ago
  • অসম সাহিত্য সভাৰ 'চৰ-চাপৰি ভাষা-সাহিত্য সংস্কৃতি বিকাশ উপ সমিতি'ৰ উদ্যোগত লৱাৰ আসাম একাডেমীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।
    1
    অসম সাহিত্য সভাৰ 'চৰ-চাপৰি ভাষা-সাহিত্য সংস্কৃতি বিকাশ উপ সমিতি'ৰ উদ্যোগত লৱাৰ আসাম একাডেমীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    4 hrs ago
  • কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা আইপিএল জুৱাৰ সৈতে জড়িত থকা আব্দুল লতিফ নামৰ এজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act যোগে এটা গোচৰ ৰুজু কৰিছে। এই গ্ৰেপ্তাৰৰ পিছত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
    1
    কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা আইপিএল জুৱাৰ সৈতে জড়িত থকা আব্দুল লতিফ নামৰ এজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act যোগে এটা গোচৰ ৰুজু কৰিছে। এই গ্ৰেপ্তাৰৰ পিছত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    1 hr ago
  • কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    1
    কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।

এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    17 hrs ago
  • 'লোৱাৰ অসম ৰেলৱে লেবাৰ ইউনিয়ন'ক 'সদৌ অসম ৰেলৱে লেবাৰ ইউনিয়ন' হিচাপে উন্নীতকৰণ কৰা হৈছে। এই সন্দৰ্ভত বঙাইগাঁৱত অৱস্থিত ইউনিয়নৰ মুখ্য কাৰ্যালয়ত এখন বিশেষ সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেল সম্বোধন কৰি ইউনিয়নৰ আইন উপদেষ্টা ৰঞ্জনা ৰাণী দত্তই জনায় যে, এই লেবাৰ ইউনিয়নৰ কাম-কাজ এতিয়াৰে পৰা সমগ্ৰ অসমজুৰি সম্প্ৰসাৰণ কৰা হ'ব। লগতে তেওঁ ৰেল শ্ৰমিকসকলৰ প্ৰতিটো সমস্যা আৰু অভাৱ-অভিযোগক এই সংগঠনে অধিক গুৰুত্বসহকাৰে তুলি ধৰিব বুলিও আশ্বাস প্ৰদান কৰে। বৰ্তমান ২০০০ৰো অধিক শ্ৰমিক এই সংগঠনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। অনাগত দিনত সময়ৰ লগে লগে এই সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও আইন উপদেষ্টা দত্তই জানিবলৈ দিয়ে।
    1
    'লোৱাৰ অসম ৰেলৱে লেবাৰ ইউনিয়ন'ক 'সদৌ অসম ৰেলৱে লেবাৰ ইউনিয়ন' হিচাপে উন্নীতকৰণ কৰা হৈছে। এই সন্দৰ্ভত বঙাইগাঁৱত অৱস্থিত ইউনিয়নৰ মুখ্য কাৰ্যালয়ত এখন বিশেষ সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেল সম্বোধন কৰি ইউনিয়নৰ আইন উপদেষ্টা ৰঞ্জনা ৰাণী দত্তই জনায় যে, এই লেবাৰ ইউনিয়নৰ কাম-কাজ এতিয়াৰে পৰা সমগ্ৰ অসমজুৰি সম্প্ৰসাৰণ কৰা হ'ব। লগতে তেওঁ ৰেল শ্ৰমিকসকলৰ প্ৰতিটো সমস্যা আৰু অভাৱ-অভিযোগক এই সংগঠনে অধিক গুৰুত্বসহকাৰে তুলি ধৰিব বুলিও আশ্বাস প্ৰদান কৰে।

বৰ্তমান ২০০০ৰো অধিক শ্ৰমিক এই সংগঠনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। অনাগত দিনত সময়ৰ লগে লগে এই সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও আইন উপদেষ্টা দত্তই জানিবলৈ দিয়ে।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    17 min ago
  • দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো অঞ্চলতো যোগ দিৱস পালন কৰা হয়।
    1
    দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো অঞ্চলতো যোগ দিৱস পালন কৰা হয়।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    3 hrs ago
  • মেডিকেলত মুছলমান সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীয়ে ৪০০ খন আসন লাভ কৰাক লৈ এক বিশেষ মন্তব্য পোৱা গৈছে। এই সন্দৰ্ভত উল্লেখ কৰা হৈছে যে হিন্দু সম্প্ৰদায়ৰ লোকৰ আধা সময় আন্দোলন কৰোঁতেই ব্যয় হয়। লগতে, বদৰুদ্দিন আজমলে যদি সংখ্যালঘুসকলৰ বাবে বছৰি ১০০ জনক চিকিৎসক হিচাপে গঢ়ি তুলিব পাৰে, তেন্তে আনসকলে কিয় সেই একেই কাম কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে। এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে যে বদৰুদ্দিন আজমলৰ শিক্ষানুষ্ঠানৰ ল’ৰা-ছোৱালীয়ে কোনো ধৰণৰ কটাত আসন লাভ কৰা নাই, বৰঞ্চ তেওঁলোকে সম্পূৰ্ণ প্ৰতিযোগিতা কৰিহে চিকিৎসকৰ আসন লাভ কৰিছে।
    1
    মেডিকেলত মুছলমান সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীয়ে ৪০০ খন আসন লাভ কৰাক লৈ এক বিশেষ মন্তব্য পোৱা গৈছে। এই সন্দৰ্ভত উল্লেখ কৰা হৈছে যে হিন্দু সম্প্ৰদায়ৰ লোকৰ আধা সময় আন্দোলন কৰোঁতেই ব্যয় হয়। লগতে, বদৰুদ্দিন আজমলে যদি সংখ্যালঘুসকলৰ বাবে বছৰি ১০০ জনক চিকিৎসক হিচাপে গঢ়ি তুলিব পাৰে, তেন্তে আনসকলে কিয় সেই একেই কাম কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে।

এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে যে বদৰুদ্দিন আজমলৰ শিক্ষানুষ্ঠানৰ ল’ৰা-ছোৱালীয়ে কোনো ধৰণৰ কটাত আসন লাভ কৰা নাই, বৰঞ্চ তেওঁলোকে সম্পূৰ্ণ প্ৰতিযোগিতা কৰিহে চিকিৎসকৰ আসন লাভ কৰিছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    10 hrs ago
  • বঙাইগাঁও জিলাৰ ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা পোকালাগী নৈৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙৰ বাবে প্ৰতিদিনে শ শ পথচাৰীৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত তেওঁলোকে যমৰ যাতনা ভূগি আহিছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে প্ৰতি বছৰে কোনো জনপ্ৰতিনিধিৰ সহায় নোলোৱাকৈ তেওঁলোকে প্ৰায় ১ লাখৰ পৰা ১ লাখ ২০ হাজাৰ টকা খৰচ কৰি এই দলংখন নিৰ্মাণ কৰি আহিছে। নিৰ্বাচনৰ সময়ত প্ৰতিজন প্ৰতিনিধিয়ে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত গাওঁখনৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। বাৰিষাৰ সময়ত নৈখনৰ কোবাল সোঁতে দলংখন উটুৱাই নিয়ে, যাৰ ফলত দুয়োপাৰৰ ৰাইজৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়-মহাবিদ্যালয়লৈ যাব নোৱাৰে। এই দলংখনে ৯০১নং শৌলমাৰী প্ৰাথমিক বিদ্যালয়, বাৰোঘড়ী শৌলমাৰী এম ই স্কুল, দক্ষিণ নাম্বাৰপাৰা হাই স্কুল, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি মহাবিদ্যালয়, চি কে মহাবিদ্যালয়কে আদি কৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে। দলংখনৰ এটা পাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এখন সাপ্তাহিক বজাৰ থকা স্বত্বেও, ইয়াৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পূৰ্বতে দূৰ-দূৰণিৰ পৰা অহা ব্যৱসায়ীসকলে এতিয়া আৰু আহিব নোৱাৰে বুলি স্থানীয় ৰাইজে জনাইছে। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অঞ্চলবাসীয়ে নৱনিৰ্বাচিত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম আৰু অভিলেখ সংখ্যক ভোটত সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনৰ সু-দৃষ্টি কামনা কৰিছে, কিয়নো বৰ্তমান জনপ্ৰতিনিধি আৰু প্ৰশাসন দুয়ো নিমাত হৈ থকা দেখা গৈছে।
    1
    বঙাইগাঁও জিলাৰ ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা পোকালাগী নৈৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙৰ বাবে প্ৰতিদিনে শ শ পথচাৰীৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত তেওঁলোকে যমৰ যাতনা ভূগি আহিছে।

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে প্ৰতি বছৰে কোনো জনপ্ৰতিনিধিৰ সহায় নোলোৱাকৈ তেওঁলোকে প্ৰায় ১ লাখৰ পৰা ১ লাখ ২০ হাজাৰ টকা খৰচ কৰি এই দলংখন নিৰ্মাণ কৰি আহিছে। নিৰ্বাচনৰ সময়ত প্ৰতিজন প্ৰতিনিধিয়ে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত গাওঁখনৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। বাৰিষাৰ সময়ত নৈখনৰ কোবাল সোঁতে দলংখন উটুৱাই নিয়ে, যাৰ ফলত দুয়োপাৰৰ ৰাইজৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়-মহাবিদ্যালয়লৈ যাব নোৱাৰে। এই দলংখনে ৯০১নং শৌলমাৰী প্ৰাথমিক বিদ্যালয়, বাৰোঘড়ী শৌলমাৰী এম ই স্কুল, দক্ষিণ নাম্বাৰপাৰা হাই স্কুল, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি মহাবিদ্যালয়, চি কে মহাবিদ্যালয়কে আদি কৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে।

দলংখনৰ এটা পাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এখন সাপ্তাহিক বজাৰ থকা স্বত্বেও, ইয়াৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পূৰ্বতে দূৰ-দূৰণিৰ পৰা অহা ব্যৱসায়ীসকলে এতিয়া আৰু আহিব নোৱাৰে বুলি স্থানীয় ৰাইজে জনাইছে। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অঞ্চলবাসীয়ে নৱনিৰ্বাচিত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম আৰু অভিলেখ সংখ্যক ভোটত সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনৰ সু-দৃষ্টি কামনা কৰিছে, কিয়নো বৰ্তমান জনপ্ৰতিনিধি আৰু প্ৰশাসন দুয়ো নিমাত হৈ থকা দেখা গৈছে।
    user_Reporter Yeasin Ali.
    Reporter Yeasin Ali.
    Local News Reporter শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.