Shuru
Apke Nagar Ki App…
কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা আইপিএল জুৱাৰ সৈতে জড়িত থকা আব্দুল লতিফ নামৰ এজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act যোগে এটা গোচৰ ৰুজু কৰিছে। এই গ্ৰেপ্তাৰৰ পিছত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
NeTV - North East TV
কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা আইপিএল জুৱাৰ সৈতে জড়িত থকা আব্দুল লতিফ নামৰ এজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act যোগে এটা গোচৰ ৰুজু কৰিছে। এই গ্ৰেপ্তাৰৰ পিছত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
More news from অসম and nearby areas
- কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা আইপিএল জুৱাৰ সৈতে জড়িত থকা আব্দুল লতিফ নামৰ এজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act যোগে এটা গোচৰ ৰুজু কৰিছে। এই গ্ৰেপ্তাৰৰ পিছত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।1
- কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1
- হাউলীত ৰাভা দিৱস উপলক্ষে এক বিশেষ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছিল। এই সন্ধিয়াত কণ্ঠশিল্পী তৰলী শৰ্মাৰ সুমধুৰ কণ্ঠত অমৰ ৰাভা সংগীত পৰিৱেশন কৰা হয়। অনুষ্ঠানত 'কাষতে কলচি লৈ' শীৰ্ষক ৰাভা গীতটোৱে বিশেষভাৱে শ্ৰোতাক মুগ্ধ কৰে।1
- অসম সাহিত্য সভাৰ 'চৰ-চাপৰি ভাষা-সাহিত্য সংস্কৃতি বিকাশ উপ সমিতি'ৰ উদ্যোগত লৱাৰ আসাম একাডেমীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।1
- 'লোৱাৰ অসম ৰেলৱে লেবাৰ ইউনিয়ন'ক 'সদৌ অসম ৰেলৱে লেবাৰ ইউনিয়ন' হিচাপে উন্নীতকৰণ কৰা হৈছে। এই সন্দৰ্ভত বঙাইগাঁৱত অৱস্থিত ইউনিয়নৰ মুখ্য কাৰ্যালয়ত এখন বিশেষ সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেল সম্বোধন কৰি ইউনিয়নৰ আইন উপদেষ্টা ৰঞ্জনা ৰাণী দত্তই জনায় যে, এই লেবাৰ ইউনিয়নৰ কাম-কাজ এতিয়াৰে পৰা সমগ্ৰ অসমজুৰি সম্প্ৰসাৰণ কৰা হ'ব। লগতে তেওঁ ৰেল শ্ৰমিকসকলৰ প্ৰতিটো সমস্যা আৰু অভাৱ-অভিযোগক এই সংগঠনে অধিক গুৰুত্বসহকাৰে তুলি ধৰিব বুলিও আশ্বাস প্ৰদান কৰে। বৰ্তমান ২০০০ৰো অধিক শ্ৰমিক এই সংগঠনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। অনাগত দিনত সময়ৰ লগে লগে এই সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও আইন উপদেষ্টা দত্তই জানিবলৈ দিয়ে।1
- আজি সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এই বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত আছিল। প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও অঞ্চলটোৰ ভালেসংখ্যক সাধাৰণ ৰাইজেও এই যোগ কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে, য'ত সকলোৱে একেলগে বহি নিৰ্দেশনা অনুসৰি বিভিন্ন যোগাসন আৰু প্ৰাণায়াম কৰে। অনুষ্ঠানত যো Kge মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰখাত কেনেদৰে সহায় কৰে, সেই সন্দৰ্ভত আলোকপাত কৰা হয়। সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু উৎসাহৰ মাজেৰে বঙাইগাঁৱত আয়োজিত এইবেলিৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী সাৰ্থকভাৱে সম্পন্ন হয়।1
- বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং ৰছুলপুৰ গাঁৱৰ নৈপৰীয়া ৰাইজে বিশুদ্ধ খোৱাপানীৰ অভাৱত বেকী নৈৰ ঘোলা পানী সেৱন কৰি প্ৰাণ বচাবলগীয়া হৈছে। গাঁওখনত পানী যোগানৰ এটা আঁচনি আছে যদিও ৰাইজে এটুপি পানীও পোৱা নাই। পানীৰ পাইপসমূহ সংযোগ কৰাৰ পিছতেই বেকী নদীৰ খহনীয়াই উটুৱাই লৈ যোৱাৰ ফলত গাঁওবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে। ফলস্বৰূপে, তেওঁলোকে নদীৰ এই লেতেৰা পানীৰে ৰন্ধা-বঢ়া, খোৱা-লোৱা, গা ধোৱা আদি সকলো দৈনন্দিন কাম কাজ সম্পন্ন কৰিবলৈ বাধ্য হৈছে। এই লেতেৰা পানী সেৱন কৰি ১ নং ৰছুলপুৰ গাঁৱৰ নৈপৰীয়া ৰাইজ বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে। ভুক্তভোগী ৰাইজে অভিযোগ কৰিছে যে চৰকাৰৰ জল জীৱন আঁচনি ফুটুকাৰ ফেনত পৰিণত হৈছে। সেয়েহে, তেওঁলোকে চৰকাৰক শীঘ্ৰে খোৱাপানীৰ সু-ব্যৱস্থা কৰিবলৈ দাবী জনাইছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে।1
- বঙাইগাঁও জিলাৰ ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা পোকালাগী নৈৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙৰ বাবে প্ৰতিদিনে শ শ পথচাৰীৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত তেওঁলোকে যমৰ যাতনা ভূগি আহিছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে প্ৰতি বছৰে কোনো জনপ্ৰতিনিধিৰ সহায় নোলোৱাকৈ তেওঁলোকে প্ৰায় ১ লাখৰ পৰা ১ লাখ ২০ হাজাৰ টকা খৰচ কৰি এই দলংখন নিৰ্মাণ কৰি আহিছে। নিৰ্বাচনৰ সময়ত প্ৰতিজন প্ৰতিনিধিয়ে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত গাওঁখনৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। বাৰিষাৰ সময়ত নৈখনৰ কোবাল সোঁতে দলংখন উটুৱাই নিয়ে, যাৰ ফলত দুয়োপাৰৰ ৰাইজৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়-মহাবিদ্যালয়লৈ যাব নোৱাৰে। এই দলংখনে ৯০১নং শৌলমাৰী প্ৰাথমিক বিদ্যালয়, বাৰোঘড়ী শৌলমাৰী এম ই স্কুল, দক্ষিণ নাম্বাৰপাৰা হাই স্কুল, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি মহাবিদ্যালয়, চি কে মহাবিদ্যালয়কে আদি কৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে। দলংখনৰ এটা পাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এখন সাপ্তাহিক বজাৰ থকা স্বত্বেও, ইয়াৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পূৰ্বতে দূৰ-দূৰণিৰ পৰা অহা ব্যৱসায়ীসকলে এতিয়া আৰু আহিব নোৱাৰে বুলি স্থানীয় ৰাইজে জনাইছে। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অঞ্চলবাসীয়ে নৱনিৰ্বাচিত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম আৰু অভিলেখ সংখ্যক ভোটত সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনৰ সু-দৃষ্টি কামনা কৰিছে, কিয়নো বৰ্তমান জনপ্ৰতিনিধি আৰু প্ৰশাসন দুয়ো নিমাত হৈ থকা দেখা গৈছে।1