আজি সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এই বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত আছিল। প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও অঞ্চলটোৰ ভালেসংখ্যক সাধাৰণ ৰাইজেও এই যোগ কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে, য'ত সকলোৱে একেলগে বহি নিৰ্দেশনা অনুসৰি বিভিন্ন যোগাসন আৰু প্ৰাণায়াম কৰে। অনুষ্ঠানত যো Kge মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰখাত কেনেদৰে সহায় কৰে, সেই সন্দৰ্ভত আলোকপাত কৰা হয়। সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু উৎসাহৰ মাজেৰে বঙাইগাঁৱত আয়োজিত এইবেলিৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী সাৰ্থকভাৱে সম্পন্ন হয়।
আজি সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এই বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত আছিল। প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও অঞ্চলটোৰ ভালেসংখ্যক সাধাৰণ ৰাইজেও এই যোগ কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে, য'ত সকলোৱে একেলগে বহি নিৰ্দেশনা অনুসৰি বিভিন্ন যোগাসন আৰু প্ৰাণায়াম কৰে। অনুষ্ঠানত যো Kge মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰখাত কেনেদৰে সহায় কৰে, সেই সন্দৰ্ভত আলোকপাত কৰা হয়। সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু উৎসাহৰ মাজেৰে বঙাইগাঁৱত আয়োজিত এইবেলিৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী সাৰ্থকভাৱে সম্পন্ন হয়।
- আজি সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এই বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত আছিল। প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও অঞ্চলটোৰ ভালেসংখ্যক সাধাৰণ ৰাইজেও এই যোগ কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে, য'ত সকলোৱে একেলগে বহি নিৰ্দেশনা অনুসৰি বিভিন্ন যোগাসন আৰু প্ৰাণায়াম কৰে। অনুষ্ঠানত যো Kge মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰখাত কেনেদৰে সহায় কৰে, সেই সন্দৰ্ভত আলোকপাত কৰা হয়। সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু উৎসাহৰ মাজেৰে বঙাইগাঁৱত আয়োজিত এইবেলিৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী সাৰ্থকভাৱে সম্পন্ন হয়।1
- আজি পৱিত্ৰ ৰাভা দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি কলা-সংস্কৃতিৰ মহীৰূহ, বৰেণ্য অসমীয়া, গণশিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাৰে সোঁৱৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে গীতে-মাতে বৰেণ্য অসমীয়াগৰাকীক স্মৰণ কৰে। বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠনে কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে তেখেতৰ অমৰ সৃষ্টিসমূহৰ চৰ্চাৰে শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবতো অনুষ্টুপীয়াভাৱে ৰাভা দিৱস উদযাপন কৰা হয়। প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল আৰু সাংবাদিকসকলে একত্ৰিত হৈ শ্ৰদ্ধাৰ শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংবাদিকসকলে কলাগুৰুৰ কালজয়ী গীতৰ সুৰেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। এই অনুষ্ঠানত সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমীয়া জাতীয় জীৱন, সমাজ আৰু সংস্কৃতিলৈ আগবঢ়াই যোৱা অনবদ্য অৱদানৰ কথা শ্ৰদ্ধাৰে সুঁৱৰে।1
- আজি চিৰাং জিলাৰ মাদলীপাৰা এল,পি,স্কুলত এক সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হৈছিল। এই কাৰ্যসূচী দিনটোৰ বাবে অঞ্চলটোত এক উল্লেখযোগ্য অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।1
- কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1
- অসম সাহিত্য সভাৰ 'চৰ-চাপৰি ভাষা-সাহিত্য সংস্কৃতি বিকাশ উপ সমিতি'ৰ উদ্যোগত লৱাৰ আসাম একাডেমীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।1
- মন্দিয়া অঞ্চলত সংঘটিত মাৰিফা তামান্না নামৰ এগৰাকীৰ হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে আৰু দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।1
- সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এক বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে।1
- বঙাইগাঁও জিলাৰ ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা পোকালাগী নৈৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙৰ বাবে প্ৰতিদিনে শ শ পথচাৰীৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত তেওঁলোকে যমৰ যাতনা ভূগি আহিছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে প্ৰতি বছৰে কোনো জনপ্ৰতিনিধিৰ সহায় নোলোৱাকৈ তেওঁলোকে প্ৰায় ১ লাখৰ পৰা ১ লাখ ২০ হাজাৰ টকা খৰচ কৰি এই দলংখন নিৰ্মাণ কৰি আহিছে। নিৰ্বাচনৰ সময়ত প্ৰতিজন প্ৰতিনিধিয়ে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত গাওঁখনৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। বাৰিষাৰ সময়ত নৈখনৰ কোবাল সোঁতে দলংখন উটুৱাই নিয়ে, যাৰ ফলত দুয়োপাৰৰ ৰাইজৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়-মহাবিদ্যালয়লৈ যাব নোৱাৰে। এই দলংখনে ৯০১নং শৌলমাৰী প্ৰাথমিক বিদ্যালয়, বাৰোঘড়ী শৌলমাৰী এম ই স্কুল, দক্ষিণ নাম্বাৰপাৰা হাই স্কুল, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি মহাবিদ্যালয়, চি কে মহাবিদ্যালয়কে আদি কৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে। দলংখনৰ এটা পাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এখন সাপ্তাহিক বজাৰ থকা স্বত্বেও, ইয়াৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পূৰ্বতে দূৰ-দূৰণিৰ পৰা অহা ব্যৱসায়ীসকলে এতিয়া আৰু আহিব নোৱাৰে বুলি স্থানীয় ৰাইজে জনাইছে। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অঞ্চলবাসীয়ে নৱনিৰ্বাচিত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম আৰু অভিলেখ সংখ্যক ভোটত সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনৰ সু-দৃষ্টি কামনা কৰিছে, কিয়নো বৰ্তমান জনপ্ৰতিনিধি আৰু প্ৰশাসন দুয়ো নিমাত হৈ থকা দেখা গৈছে।1