APSC Combined Competitive (Prelim) Examination, 2025 জিলাখনত সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত জাভেদ আৰমান, অতিৰিক্ত জিলা আয়ুক্ত ড° মন্দিৰা বৰুৱা আৰু অতিৰিক্ত জিলা আয়ুক্ত খুচী ক'নেৰীয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত APSC-ৰ নিৰ্দেশনা অনুসৰি আৰক্ষী, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ (APDCL), পৌৰসভা, ডাক বিভাগ, অগ্নিনিৰ্বাপক বাহিনী আৰু শিক্ষা বিভাগকে ধৰি সকলো সংশ্লিষ্ট বিভাগৰ ওপৰত ন্যস্ত দায়িত্বসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। পৰীক্ষা কেন্দ্ৰসমূহৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা, অতি গোপনীয় পৰীক্ষা সামগ্ৰীসমূহৰ সুৰক্ষিত সংৰক্ষণ আৰু পৰিবহণ, লগতে পৰীক্ষা কেন্দ্ৰসমূহৰ উপযুক্ত প্ৰস্তুতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আলোচনা চলোৱা হয়। পৰীক্ষাটো সম্পূৰ্ণ নিখুঁতভাৱে অনুষ্ঠিত কৰিবলৈ ২৬ জুনত পৰীক্ষকসকল (Invigilator) ৰ বাবে এক প্ৰাৰম্ভিক প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে, আৰু প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়তো জিলা প্ৰশাসনে এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। তিনিচুকীয়া জিলা প্ৰশাসন পৰীক্ষাৰ্থীসকলৰ সৰ্বোচ্চ সুবিধা নিশ্চিত কৰিবলৈ আৰু সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিকাভাবে সম্পন্ন কৰিবলৈ সম্পূৰ্ণৰূপে সষ্টম আৰু দায়বদ্ধ।
APSC Combined Competitive (Prelim) Examination, 2025 জিলাখনত সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত জাভেদ আৰমান, অতিৰিক্ত জিলা আয়ুক্ত ড° মন্দিৰা বৰুৱা আৰু অতিৰিক্ত জিলা আয়ুক্ত খুচী ক'নেৰীয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
এই বৈঠকত APSC-ৰ নিৰ্দেশনা অনুসৰি আৰক্ষী, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ (APDCL), পৌৰসভা, ডাক বিভাগ, অগ্নিনিৰ্বাপক বাহিনী আৰু শিক্ষা বিভাগকে ধৰি সকলো সংশ্লিষ্ট বিভাগৰ ওপৰত ন্যস্ত দায়িত্বসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। পৰীক্ষা কেন্দ্ৰসমূহৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা, অতি গোপনীয় পৰীক্ষা সামগ্ৰীসমূহৰ সুৰক্ষিত সংৰক্ষণ আৰু পৰিবহণ, লগতে পৰীক্ষা কেন্দ্ৰসমূহৰ উপযুক্ত প্ৰস্তুতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব
আৰোপ কৰি আলোচনা চলোৱা হয়। পৰীক্ষাটো সম্পূৰ্ণ নিখুঁতভাৱে অনুষ্ঠিত কৰিবলৈ ২৬ জুনত পৰীক্ষকসকল (Invigilator) ৰ বাবে এক প্ৰাৰম্ভিক প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে, আৰু প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়তো জিলা প্ৰশাসনে এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। তিনিচুকীয়া জিলা প্ৰশাসন পৰীক্ষাৰ্থীসকলৰ সৰ্বোচ্চ সুবিধা নিশ্চিত কৰিবলৈ আৰু সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিকাভাবে সম্পন্ন কৰিবলৈ সম্পূৰ্ণৰূপে সষ্টম আৰু দায়বদ্ধ।
- আজি তিনিচুকীয়া জিলা পৰিবহন বিভাগৰ উদ্যোগত “পথ সুৰক্ষা, জীৱন ৰক্ষা!” এই মূল বাৰ্তাৰে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয় আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত এক বিশেষ পথ সুৰক্ষা সজাগতা অভিযান চলোৱা হয়। এই অভিযানৰ মুখ্য উদ্দেশ্য আছিল চালক আৰু আৰোহীসকলৰ মাজত হেলমেট পৰিধান কৰা তথা ছীটবেল্ট ব্যৱহাৰ কৰাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। পৰিবহন বিভাগৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সজাগতা কাৰ্যসূচীত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চৈতন্য বৰা দেৱৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।1
- নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে সকলোকে অহা ২৩/৬/২০২৬ তাৰিখে এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। এই সভাখন দুপৰীয়া ১২:৩০ বজাত নাওহলীয়াৰ আশীৰ্বাদ বিবাহ ভৱনত অনুষ্ঠিত হ'ব। এই বিশেষ বাৰ্তা Sankor Jyoti Baruah ৰ মনৰ কথা হিচাপে উপস্থাপন কৰা হৈছে। নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচৰা সকলোকে এই বাৰ্তাটো মনোযোগেৰে শুনিবলৈ আৰু আনৰ মাজত শ্বেয়াৰ কৰিবলৈ বিশেষভাৱে অনুৰোধ জনোৱা হৈছে। অধিক তথ্যৰ বাবে ৮৪৭১৮৯২৫৪৫ আৰু ৯৬৭৮৮৬৪৮৫৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।1
- ডিগবৈৰ যোগেন পাটোৱাৰীয়ে শাৰীৰিক প্ৰতিবন্ধকতাবোৰ নেওচি বিশ্ব মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰতিযোগিতাত তিনিটা সোণৰ পদককে ধৰি মুঠ চাৰিটা পদক জয়েৰে জাপানত অনুষ্ঠিত হ'বলগীয়া বিশ্ব পাঞ্জা প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। অৱশ্যে, বৰ্তমান আৰ্থিক সহায়ৰ অভাৱে যোগেন পাটোৱাৰীক ক্ষোভিত কৰি তুলিছে। এই সন্দৰ্ভত, টাই আহোম যুৱ পৰিষদে চৰকাৰৰ ক্ৰীড়া বিভাগক শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে যাতে তেওঁৰ বিশ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ সুনিশ্চিত হয়।1
- মাৰ্ঘেৰিটাত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) জ্যেষ্ঠ নেতা তথা অসম বিধানসভালৈ একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা বিধায়ক ভাস্কৰ শৰ্মাক আজি উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মাৰ্ঘেৰীটাৰ 'অটল বিহাৰী বাজপেয়ী ভৱন'ত অনুষ্ঠিত এক বিশাল ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত দলীয় সমৰ্থক, বিভিন্ন দল-সংগঠন আৰু সমষ্টিবাসীয়ে বিধায়কগৰাকীক বিপুল উছাহেৰে অভিনন্দন আৰু শুভেচ্ছা জনায়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডুলিয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে দলৰ বহুসংখ্যক জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত আছিল। বিধায়ক ভাস্কৰ শৰ্মাই সমষ্টিটোৰ উন্নয়ন, জনকল্যাণমূলক কাম-কাজ আৰু ৰাইজৰ স্বাৰ্থত আগবঢ়োৱা অৱদানৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেওঁক পুনৰ জয়যুক্ত কৰাৰ বাবে সমষ্টিবাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে আগন্তুক দিনবোৰতো নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে জনসেৱা অব্যাহত ৰখাৰ কথা উল্লেখ কৰে। তেওঁ দৃঢ়তাৰে কয় যে সমষ্টি তথা ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে তেওঁ নিজকে উৎসৰ্গিতভাৱে নিয়োজিত কৰিব।1
- জনসাধাৰণৰ সুবিধা আৰু উন্নত যাতায়াত ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে চলি থকা ধোদৰ আলিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আৰু গুণগত মানৰ বুজ ল'বলৈ সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। বিধায়কে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে যে এই নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আৰু মানদণ্ড অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ হ'ব লাগিব।1
- মৰাণৰ জনসাধাৰণৰ বাবে এক সুখবৰ আহিছে যি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব। মৰাণত এটা ৫০০ আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ব।1
- ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰদ্ধেয় হৰদীপ সিং পুৰী দুলীয়াজানত উপস্থিত হয়। তেওঁ দুলীয়াজানত অৱস্থিত অইলৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন আন ঠাইতো ভ্ৰমণ কৰে। এই ভ্ৰমণকালত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰদ্ধেয় হৰদীপ সিং পুৰীৰ সৈতে সাক্ষাৎকাৰ কৰে।1
- দুৰ্ঘটনাত পতিত হৈ ষ্টেট বেংক অফ ইণ্ডিয়া (SBI) ৰ দুজন বিষয়াৰ প্ৰাণহানি হৈছে। মাজ নিশা ধেমাজি জিলাৰ হাঁহচৰা অঞ্চলত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়, য'ত এখন গ্ৰেণ্ড ভিট্ৰা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ পথৰ পৰা পানীৰ ভিতৰত সোমাই পৰে। এই কৰুণ দুৰ্ঘটনাত SBIৰ ধেমাজি মূল শাখাৰ কেচিয়াৰ হিৰক জ্যোতি মিলি আৰু একাউটেন্ট ৰাতুল কোঁৱৰৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত নিহত বিষয়া দুগৰাকীৰ পৰিয়ালৰ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।1