Shuru
Apke Nagar Ki App…
তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন। যোৱা নিশা ২ নং বগৰীখুটি গাঁওৰ কেইবাজনো কৃষক ৰাইজৰ সপোনৰ খেতি পথাৰ হাতীয়ে খাই তহিলং কৰি সৃষ্টি কৰে তাণ্ডৱৰ। কেইবাগৰাকী কৃষকৰ কচু,জিকাৰ লগতে তামোল নাৰিকল,কলৰ বাগান খাই তহিলং কৰাৰ উপৰিও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিভাগীয় লোকক নিৰ্দেশ প্ৰদানৰ লগতে টৰ্চ লাইটৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে EM লক্ষী ভজন দাসে।
NAlive24
তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন। যোৱা নিশা ২ নং বগৰীখুটি গাঁওৰ কেইবাজনো কৃষক ৰাইজৰ সপোনৰ খেতি পথাৰ হাতীয়ে খাই তহিলং কৰি সৃষ্টি কৰে তাণ্ডৱৰ। কেইবাগৰাকী কৃষকৰ কচু,জিকাৰ লগতে তামোল নাৰিকল,কলৰ বাগান খাই তহিলং কৰাৰ উপৰিও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিভাগীয় লোকক নিৰ্দেশ প্ৰদানৰ লগতে টৰ্চ লাইটৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে EM লক্ষী ভজন দাসে।
More news from অসম and nearby areas
- বৰপেটাৰ ছেইণ্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা বৰপেটাৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটা চহৰৰ দঙৰকুছিস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি বিদ্যালয়খনৰ চেয়াৰমেন ভেইৰু কুমাৰ শৰ্মাই শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰা সত্বেও সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তত দৈনিক সংঘটিত হোৱা পথ দূৰ্ঘটনা ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সজাগতা সভাখন অনুষ্ঠিত হয়। উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, অভিভাৱকসকলক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সজাগতা সভাত ছাত্ৰ-ছাত্ৰীসকলক পথ অতিক্ৰম কৰোতে লবলগীয়া সাৱধানতা, হেলমেট, চিটবেল্ট পৰিধান কৰাৰ লগতে তীব্ৰগতিত বাহন নচলাবলৈ ভাষন প্ৰসংগত আহ্বান জনায় জিলা পৰিবহন বিষয়া বাপন কলিতাই। তেওঁ লগতে পথ দূৰ্ঘটনাৰ কাৰক আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে লবলগীয়া পদক্ষেপ সন্দৰ্ভত উপস্থিত ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলক বিস্তাৰিতভাৱে বুজাই দিয়ে। সভাত ইনফৰ্চমেন্ট ইন্সপেক্টৰ বিশ্বেশ্বৰ ৰয়, বিদ্যালয়খনৰ অধ্যক্ষ বিপিন পি এছ'ৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিষয়বস্তৰ ওপৰত গঠণমুলক ভাষন প্ৰদান কৰে। -- বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ সৰকাৰৰ ৰিপৰ্ট/১ আগষ্ট।1
- কুলশী জল বিদ্যু্ৎ প্ৰকল্পৰ বিৰোধীতাৰে মন্তব্য মহিলা নেত্ৰীৰ1
- জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”। 📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা। জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।1
- ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য1
- ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা (Self Enumeration) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয়। ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা (Self Enumeration) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই সংবাদমেলত বঙাইগাঁও জিলাৰ আয়ুক্ত লক্ষীনন্দন চহৰীয়াই স্ব-গণনা ব্যৱস্থাৰ উদ্দেশ্য, ইয়াৰ প্ৰয়োজনীয়তা আৰু এই প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে বাখ্যা কৰে। জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে, ২০২৭ বৰ্ষৰ লোকপিয়লৰ অধীনত এই স্ব-গণনা ব্যৱস্থাৰ জৰিয়তে নাগৰিকসকলে অনলাইনযোগে নিজৰ পৰিয়ালৰ তথ্য নিজেই সঠিকভাৱে জমা দিব পাৰিব। তেওঁ লগতে উল্লেখ কৰে যে এই নতুন ব্যৱস্থাৰ ফলত লোকপিয়ল প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক স্বচ্ছ, দ্ৰুত আৰু তথ্যসমৃদ্ধ হ'ব। সংবাদমেলযোগে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো নাগৰিককে এই স্ব-গণনা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ সঠিক আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয়। ইয়াৰ সমান্তৰালভাৱে, এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত ৰাইজৰ মাজত জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সংবাদ মাধ্যমকো ব্যাপক প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হয়।1
- বকোৰ ২৪ নং দক্ষিণ বকো গাওঁ পঞ্চায়তত অৰুণোদয় ৩.০ ফেজৰ আঁচনি ৰূপায়ণৰ সজাগতা সভা সম্পন্ন1
- বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে বানত ক্ষতিগ্ৰস্ত কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ বাবে কৃষকসকলক উৎসাহিত কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী সুশান্ত বৰগোঁহায়ে কৃষিভূমিত উপস্থিত হৈ প্ৰতীকীভাৱে কঠিয়া সিঁচে। এই কাৰ্যসূচীৰ জৰিয়তে বানৰ পিছত কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীদ্বয়ে কৃষকসকলৰ সৈতে মতবিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু চৰকাৰৰ পৰা প্ৰদান কৰা সহায়-সাহায্য, বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী সময়মতে যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁলোকে কয় যে কৃষকসকল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়েহে বানৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকসকলক উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক কৃষিকাৰ্য আৰম্ভ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ৰাজ্য চৰকাৰে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও তেওঁলোকে উল্লেখ কৰে।1
- Service to humanity is the greatest religion of all. Hussain Mansuri shows us that true kindness doesn't need labels or slogans. Feeding the hungry is a pure act of love. What does humanity mean to you? #HumanityFirst #SocialService #Kindness #Inspiration Service to humanity is the greatest religion of all. Hussain Mansuri shows us that true kindness doesn't need labels or slogans. Feeding the hungry is a pure act of love. What does humanity mean to you? #HumanityFirst #SocialService #Kindness #Inspiration1