Shuru
Apke Nagar Ki App…
লখিমপুৰৰ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা ৰ উপস্থিতিত গাঁওৰক্ষী বাহিনীৰ সজাগতা সভা লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীত গাঁওৰক্ষী বাহিনীৰ মাহেকীয়া সভা সম্পন্ন। লখিমপুৰৰ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা ৰ উপস্থিতিত অংশগ্ৰহণ শতাধিক গাঁওৰক্ষী বাহিনীৰ লোক।
Lalukor Batori
লখিমপুৰৰ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা ৰ উপস্থিতিত গাঁওৰক্ষী বাহিনীৰ সজাগতা সভা লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীত গাঁওৰক্ষী বাহিনীৰ মাহেকীয়া সভা সম্পন্ন। লখিমপুৰৰ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা ৰ উপস্থিতিত অংশগ্ৰহণ শতাধিক গাঁওৰক্ষী বাহিনীৰ লোক।
More news from অসম and nearby areas
- আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।2
- চৰাইদেউৰ বিভিন্ন প্ৰান্তৰ লগতে মথুৰাপুৰ চাহ বাগিচাৰ পূজা মণ্ডপত শ্ৰী শ্ৰী মা মঙ্গলা আৰু চড়ক পূজা আয়োজন কৰা হয় । মাইবেলাস্থিত নদী ঘাটত মা কালীৰ আৰাধনাৰে মথুৰাপুৰলৈ পদযাত্ৰা কৰি ঐতিহাসিক চড়ক পূজা আৰম্ভ হয় । শিৱৰ ভক্ত সকলে ঢাকৰ তালে তালে জুইৰ অঙঠাৰ ওপৰত নৃত্য, চোকা দাৰ ওপৰত নৃত্য আদি নানা পৌৰাণিক কৌশল প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক সচকিত কৰি তোলে। পূজা স্থলিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।1
- আজি পহিলা ব’হাগ । পহিলা ব’হাগৰ দিনটোত তিনিচুকীয়াত আছুৱে প্ৰতি বছৰে আয়োজন কৰি আহিছে কেন্দ্ৰীয় মুকলি বিহু ৷ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত অতি উলহমালহেৰে উদযাপন কৰিছে মুকলি বিহু। জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহক একত্ৰিত কৰি খেলপথাৰত প্ৰদৰ্শন কৰিছে নিজা নিজা সাংস্কৃতিক অনুষ্ঠান ৷ আজি লোকে লোকাৰণ্য হৈছে তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰ। উক্ত মুকলি বিহু আৰু মুখপত্ৰ গতি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷1
- Post by Tezpur Barta1
- খাটোৱালৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা আটক কৰে জামাল উদ্দীন নামৰ ডকাইটিক। দীৰ্ঘদিননৰ পৰা আৰক্ষীৰ চকুত ফাঁকি দি পলায় ফুৰিছিল ডকাইত জামাল উদ্দীনে। জামাল উদ্দীনৰ বিৰুদ্ধে কেইবাটাও আৰক্ষী থানাত ডকাইতিৰ গোচৰ ৰুজু হৈ আছিল। গড়াজান আৰক্ষীয়ে ধৃত ডকাইত জামাল উদ্দীনক সম্প্ৰতি বেবেজীয়া আৰক্ষীক গতাই দিয়ে।1
- Post by DeV 24 News1
- টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ নামতি আঞ্চলিক সমিতিৰ উদ্যোগত অহা ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৬ সংখ্যক নামতি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নামতি ধেপৰ গাঁৱৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ষেত্ৰত আয়োজন কৰিবলগীয়া এই বিহু উৎসৱৰ সফল সমাপ্তিৰ বাবে উদ্যোক্তা সমিতিয়ে ইতিমধ্যে যাৱতীয় কাৰ্যপন্থা হাতত লৈছে। এই সমগ্ৰ কাৰ্যসূচীৰ সবিশেষ ৰাইজৰ আগত ডাঙি ধৰাৰ উদ্দেশ্যে আজি টাইপা নামতি আঞ্চলিক সমিতিয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অঞ্চলৰ ৰাইজৰ সক্ৰিয় সহযোগিতা আৰু উপস্থিতি কামনা কৰি সংবাদমেলৰ জৰিয়তে এই বিহু উৎসৱক এক উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনোৱা হয়।1
- মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৱিত্ৰ বুখাৰী পাঠ কৰে অল আচাম তালীমি তৰক্কী বৰ্ডৰ পৰীক্ষা সচীব মৌলানা আহমেদ হুছেইন কাছিমীয়ে আজি পৱিত্ৰ বুখাৰী পাঠৰ জৰিয়তে পাঠদান কাৰ্যসূচী আৰম্ভ কৰে মাদ্ৰাছা খনে উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতিকৈ ভাল খবৰৰ লগতে এক সুনালী সুযোগ । আপুনি আপোনাৰ কন্যা সন্তানটি স্কুলীয়া শিক্ষাৰ লগতে দ্বীনি শিক্ষা দিব বিচাৰে নেকি ? তেনেহলে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই । ৰূপহী হাটৰ কাৱৈমাৰী স্থিত সুখ্যাতি অৰ্জন কৰা এক অগ্ৰণী শিক্ষানুষ্ঠান খনৰ নাম হৈছে দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাত ২০০৯ চনত স্হাপিত হোৱা অনুষ্ঠান খনৰ পৰা প্ৰতি বছৰেই শিক্ষাৰ্থী সকলে সুখ্যাতিৰে আলিমা ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হয়। উক্ত মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে অতি কম দিনৰ ভিতৰতে স্পষ্টতাৰে ইংৰাজী, উৰ্দু , আৰবী, অসমীয়া আদি বিভিন্ন ভাষাত বক্তৃতাৰ লগতে বাৰ্তালাপ কৰিব পাৰে । লক্ষ্যণীয় যে উক্ত মাদ্ৰাছাখনত ২০২৬/২৭ বৰ্ষৰ নামভৰ্তি অতি শীঘ্ৰেই সমাপ্ত হ'ব বুলি মাদ্ৰাছা কতৃপক্ষই জানিব দিয়ে গতিকে পলম নকৰি এতিয়াই যোগাযোগ কৰক মাদ্ৰাছা কতৃপক্ষৰ সৈতে কিয়নো আসনৰ সংখ্যা সীমিত। মাদ্ৰাছাখনত শিক্ষাৰ্থী সকলৰ বাবে সম্পূৰ্ণ নিৰাপত্তাত থকা খোৱাৰ সু-ব্যৱস্থা উপলব্ধ আছে বুলি জানিব পৰা গৈছে। উক্ত মাদ্ৰাছা খনত শিক্ষাৰ্থীৰ হাৰ অধিক হোৱাৰ বাবে নতুনকৈ এখন বিল্ডিংৰ কাম চলি থকা পৰিলক্ষিত হৈছে গতিকে উক্ত বিল্ডিংৰ কাম সম্পূৰ্ণ কৰিবলৈ ধৰ্মপ্ৰাণ ৰাইজলৈ আৰ্থিক সহায়ৰ আহ্বান জনায় মাদ্ৰাছা কতৃপক্ষই নামভৰ্তিৰ বাবে সবিশেষ জানিবলৈ 6397644743 নম্বৰত যোগাযোগ কৰিব পাৰে ।1
- দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাতৰ পাঠদানৰ শুভাৰম্ভ #viral india1