তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ: বিশ্বজিৎ দৈমাৰী আৰু হাগ্ৰামা মহিলাৰীক প্ৰমোদ বড়োৰ তীব্ৰ সমালোচনা। তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ: বিশ্বজিৎ দৈমাৰী আৰু হাগ্ৰামা মহিলাৰীক প্ৰমোদ বড়োৰ তীব্ৰ সমালোচনা সোমবাৰে নিশা ৰাজ্যসভাৰ সাংসদ তথা ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ নিজ বাসগৃহ সৌৰাগুৰীত এক বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয় য’ত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি প্ৰায় তিনি শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে। যোগদান সমাৰোহৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োৱে আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিআৰৰ সৰ্বস্তৰৰ ৰাইজ হিলদল ভাঙি ইউপিপিএলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু ইয়েই প্ৰমাণ কৰে যে সকলো জাতি-জনগোষ্ঠীৰ লোক বৰ্তমান তেওঁলোকৰ দলৰ লগত আছে। বিটিআৰৰ ১৫ খন আসনৰ আটাইকেইখনতে ইউপিপিএলে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি বড়োৱে দাবী কৰে যে তেওঁলোকে ১০ৰ পৰা ১২ খন আসনত নিশ্চিতভাৱে জয়লাভ কৰিব। আনহাতে, তামুলপুৰৰ এনডিএ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি বড়োৱে কয় যে দীৰ্ঘদিন ধৰি বিধায়ক, সাংসদ আৰু বিধানসভাৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদত থকাৰ পাছতো দৈমাৰীয়ে তামুলপুৰৰ ৰাইজৰ বাবে একোৱেই নকৰিলে আৰু উন্নয়নৰ নামত কেৱল আলহী খাবলৈহে সমষ্টিটোলৈ আহিছিল। আজিৰ নতুন তামুলপুৰ কেৱল ইউপিপিএলৰ দিনতহে গঢ় লৈ উঠিছে বুলি তেওঁ দাবী কৰে। ইপিনে, হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী যাদুৰ দাবীক তাচ্ছিল্য কৰি বড়োৱে কয় যে যাদু থাকিলেহে বিপিএফৰ ১৫ খন আসন লাভ কৰা সম্ভৱ, কাৰণ ইউপিপিএলে দিনে-নিশাই গাঁৱে-ভূঞে কাম কৰি ৰাইজৰ আস্থা অৰ্জন কৰিছে। কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ পত্নীৰ বিৰুদ্ধে লৰেন্স ইছলাৰীৰ প্ৰাৰ্থীত্ব আৰু দতমাৰ ৰাজু নাৰ্জাৰীৰ দৰে শিক্ষিত প্ৰাৰ্থীৰ উদাহৰণ দি তেওঁ কয় যে ইউপিপিএলৰ প্ৰাৰ্থীসকল একোজন সংগ্ৰামী আৰু শিক্ষিত ব্যক্তি হোৱাৰ বিপৰীতে বিপিএফৰ কোনো ভেটি নাই, যাৰ ফলত ইউপিপিএলে সৰ্বোচ্চ ভোটত বিজয় সাব্যস্ত কৰাটো নিশ্চিত।###

- ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মৃণাল বিশ্বাসৰ ভোটাৰ ৰাইজক অনুৰোধ- পূৰ্বে ছপোৱা বেলট পেপাৰৰ প্ৰতিলিপত থকা ক্ৰমিক নম্বৰ ১০ আছিল যদিও আজি চূড়ান্ত বেলট পেপাৰত তেওঁৰ প্ৰতীক চিহ্ন নাৰিকলৰ বাগিচাই যদিও ক্ৰমিক নম্বৰ ১১ হিচাপে চূড়ান্ত হৈছে । পূৰ্বে ৰাইজক জনোৱা ক্ৰমিক নম্বৰৰ সলনি মৃণাল বিশ্বাসৰ চূড়ান্ত ক্ৰমিক নম্বৰ ১১ হব বুলি উল্লেখ প্ৰাৰ্থী গৰাকীৰ।1
- notun silver Kali Mandir1
- ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজান বৈশ্যক বিদায় সম্বৰ্ধনা ।সুদীৰ্ঘ কাল সফল শিক্ষকতাৰ অন্তত আজি ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ পৰা কৰ্মজীৱনৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা গ্ৰহণ কৰে প্ৰধান শিক্ষক অজান বৈশ্যই । বিদায় অনুষ্ঠানক লৈ বিদ্যালয়ত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। অভিভাৱক অভিভাৱিকা ,কণ কণ শিশু ছাত্ৰ ছাত্ৰী সকলে শোকাকুল পৰিৱেশত বিদায় জনায় শ্ৰদ্ধাৰ শিক্ষাগুৰু গৰাকীক । অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগতে বেচৰকাৰী সংস্থা পৰমাৰ্থৰ ফালৰ পৰাও সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত পৰমাৰ্থৰ সভাপতি ভাস্কৰ কলিতা, সম্পাদক বিশ্বজিৎ কাকতীৰ লগতে বিষয়ববীয়া প্ৰবীৰ কলিতাই অ্ংশগ্ৰহণ কৰি ফুলাম গামোচা, সম্বৰ্দ্ধনা পত্ৰ আদিৰে সম্ভাষণ জনায়।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কৃতি শিক্ষক গৰাকীৰ কৰ্মজীৱনৰ ভিত্তিত যুগুত কৰা স্মৰণিকা এখনৰো আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়।1
- 📌বাক্সাৰ দক্ষিণ শিমলাত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল। 📌ইউপিপিএল-বিপিএফক কঠোৰ সমালোচনা। 📌নৱ শৰণীয়াক সমৰ্থনৰ আহ্বান।1
- Post by Shakil Ahmed- ABC News Digital1
- Post by Moe Salim1
- ⚡️ “জুবিন গাৰ্গক ভোটৰ বাবে ব্যৱহাৰ!” – মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া 🚨 “এইটো দুখৰ কথা” – জুবিনক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 💥 নিৰ্বাচনৰ মাজতে জুবিন গাৰ্গক লৈ ৰাজনৈতিক তাণ্ডৱ1
- তামুলপুৰ সমষ্টিৰ UPPL প্ৰাৰ্থী প্ৰমোদ বড়োৰ মন্তব্যৰ পাছতে আজি NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ বিজেপিৰ জেষ্ঠ্য নেতাই বাকযুদ্ধত উভতি ধৰিছে প্ৰমোদ বড়োক। কালি নিশা প্ৰমোদ বড়োৰ বাসগৃহত অনুষ্ঠিত এক যোগদান সভাত প্ৰমোদ বড়োই বিশ্বজিৎ দৈমাৰীক কটাক্ষ কৰি, বিগত দিনত তামুলপুৰত কোনো উন্নয়ন নকৰাৰ কথা উল্লেখ কৰি তামুলপুৰত কোনো অৱদান নথকাৰ বক্তব্যৰ পিছতে আজি বিজেপিৰ জেষ্ঠ নেতা সোমনাথ বসুমতাৰীয়ে- প্ৰমোদ বড়ো হে বাহিৰৰ মানুহ বুলি কৈ তেওঁ ৰাজনৈতিক লালহা আৰু ক্ষমতাৰ বাবে নিৰ্বাচন খেলাৰ বাবেহে তামুলপুৰত আছে বুলি উল্লেখ কৰি তেওঁ ৰঙিয়াৰ বাসিন্দা বুলি উল্লেখ কৰে। লগতে ২০০১ চনত বিশ্বজিৎ দৈমাৰী তামুলপুৰৰ পৰা বিধায়ক হৈ প্ৰথম উন্নয়নৰ নক্সা স্থাপন কৰা ব্যক্তিজনেই বিশ্বজিৎ দৈমাৰী বুলি উল্লেখ কৰি বিশ্বজিৎ দৈমাৰী তামুলপুৰ জিলাৰ স্থানীয় বাসিন্দা বুলি কয়। তামুলপুৰত বিজেপিৰ উত্থান দেখি UPPL শংকিত হৈছে যাৰ বাবে এইধৰণ বক্তব্য প্ৰদান কৰি আছে। তামুলপুৰত NDA প্ৰাৰ্থী এক লাখৰো অধিক ভোট পাই জয়ী হবলৈ গৈ আছে বুলিও।মন্ত্যৱ।1