@ গ্ৰাম্য বিকাশ মঞ্চৰ ২৭ সংখ্যক সাধাৰণ সভা সম্পন্ন। ১৯৯৯ চনৰ পৰা নিৰন্তৰভাৱে গাঁৱৰ দুখীয়া ৰাইজৰ হৈ কাম কৰি অহা গ্ৰাম্য বিকাশ মঞ্চই অনাগত দিনত ৰাজ্যৰ প্ৰতিখন জিলাতে একোটা কাৰ্যালয় স্থাপন কৰি এখন শান্তিপূৰ্ণ সমাজ নিৰ্মাণৰ কামত অগ্ৰসৰ হ'ব। আজি বৰমুৰিকোনাস্থিত তপোবন চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত ২০২৫-২৬ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰায় পঞ্চাশ হাজাৰ দুখীয়া পৰিয়ালৰ বাবে ৰূপায়ণ কৰা ভালেকেইটা প্ৰকল্প ৰূপায়ণৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি এই কাৰ্যসূচী অধিক তৰান্বিত কৰাৰ পোষকতা কৰা হয়। গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষন ডেকাৰ সভাপতিত্বত আৰু সম্পাদক দিবাকৰ ডেকাই উদ্যেশ্য বাখ্যা কৰা সাধাৰণ সভাত অসমৰ গ্ৰামাঞ্চলৰ বঞ্চিত, দৰিদ্ৰ আৰু দুৰ্বল জনগোষ্ঠীৰ জীৱন-জীৱিকা উন্নয়ন, শিশু সুৰক্ষা, শিক্ষা, স্বাস্থ্য, কৃষি, মহিলা সবলীকৰণ আৰু দুৰ্যোগ প্ৰস্তুতিৰ ক্ষেত্ৰত ৰূপায়ণ কৰা ভালেকেইটা প্ৰকল্পৰ ফলাফলৰ ওপৰত সাধাৰণ সভাত উত্থাপন কৰা হয়। প্ৰায় ডেৰ শতাধিক সাধাৰণ সভাত সংস্থাটোৱে গ্ৰাম্য সমাজক অধিক আত্মনিৰ্ভৰশীল, সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ জীৱনৰ সুযোগ প্ৰদান কৰাক মূল লক্ষ্য হিচাপে লৈ কাম কৰি যোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে গ্ৰাম্য বিকাশ মঞ্চই ৰাজ্যখনৰ নলবাৰী, বৰপেটা, বাক্সা, তামুলপুৰ, কামৰূপ (গ্ৰাম্য), বজালী, ওদালগুৰি, শিৱসাগৰ, চৰাইদেউ, বিশ্বনাথ, মৰিগাঁও আদি অসমৰ বিভিন্ন জিলাত বিস্তৃতভাৱে প্ৰকল্প ৰূপায়ণ কৰি থকা বিষয়টোৰ ওপৰত গঠনমূলক পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰি ৰূপায়ণ হৈ থকা কৃষি আৰু জীৱিকা উন্নয়নত বিশেষ গুৰুত্ব দি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ আয় বৃদ্ধি আৰু জীৱিকা অধিক স্থায়ী কৰাৰ বাবে বিভিন্ন কৃষিবিষয়ক পদক্ষেপ সমূহ ৰাজ্যৰ অন্য অঞ্চললৈ প্ৰসাৰিত কৰাৰ বাবে সাধাৰণ সভাই পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে “প্ৰতিখন গাঁৱতে শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সমতাভিত্তিক আৰু শোষণমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি অহা গ্ৰাম্য বিকাশ মঞ্চই সুদীৰ্ঘ বছৰে কৰি অহা প্ৰাকৃতিক কৃষি, উদ্যান শস্য, পশুপালন, মীন পালন, কৃষি-প্ৰযুক্তিৰ প্ৰশিক্ষণ আৰু বজাৰ সংযোগৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত বাক্সা জিলাত চলি থকা প্ৰাকৃতিক কৃষিৰ প্ৰসাৰ, কৃষকৰ প্ৰশিক্ষণ, মাটিৰ স্বাস্থ্য সংৰক্ষণ, জৈৱিক আৰু পৰিৱেশ অনুকূল কৃষি পদ্ধতিৰ প্ৰচাৰৰ লগতে কৃষিজাত সামগ্ৰীৰ বজাৰ সংযোগ শক্তিশালী কৰাৰ পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰি পশুপালন, হাঁহ-কুকুৰা, গাহৰি আৰু ছাগলী পালন আদি জীৱিকামুখী কাৰ্যসূচীৰ জৰিয়তে প্ৰান্তীয় কৃষকসকলক উদগনি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়ায়। তদুপৰি উদ্যান শস্যৰ ক্ষেত্ৰতো কল, অমিতা, মধুৰিআম, অসমীয়া নেমু আৰু আম আদি উৎপাদনৰ জৰিয়তে কৃষকসকলক বিকল্প আৰু স্থায়ী আয়ৰ সন্ধান দিয়াৰ ব্যৱস্থা অধিক ফলপ্ৰসূ কৰাত গুৰুত্ব দিবলৈ সাধাৰণ সভাই আহ্বান জনায়। ইয়াৰ উপৰি পানী সংৰক্ষণ আৰু জলসিঞ্চনৰ নতুন মডেলৰড়জৰিয়তে কৃষিৰ বাবে স্থায়ী পানীৰ ব্যৱস্থা, প্ৰাকৃতিক জলধাৰা আৰু জলাশয় পুনৰুদ্ধাৰ, পৰম্পৰাগত পানী ব্যৱস্থাপনা সমিতিৰ সৈতে কাম, জলসিঞ্চন ব্যৱস্থা উন্নত কৰা আৰু সৌৰশক্তিচালিত পানী পাম্পৰ ব্যৱহাৰৰ জৰিয়তে কৃষকসকলৰ জলনির্ভৰতা হ্ৰাস কৰাৰ প্ৰচেষ্টা, মহিলা আৰু তাঁতশিল্পীৰ সবলীকৰণ, শিশু শিক্ষা, পুষ্টি আৰু সুৰক্ষা, বিদ্যালয়ৰ পৰা আঁতৰি থকা শিশুক পুনৰ শিক্ষাৰ সৈতে সংযোগ কৰা, শিক্ষণৰ ঘাটি পূৰণৰ বাবে ব্ৰিজ কোৰ্চ, শিক্ষণ কেন্দ্ৰ, গ্ৰন্থাগাৰ, শিক্ষক প্ৰশিক্ষণ আৰু বিদ্যালয় পৰিচালনা সমিতি শক্তিশালী কৰাৰ পৰামৰ্শ আগবঢ়ায়। সাধাৰণ সভাত আগন্তুক বিত্তীয় বৰ্ষৰ বাবে পৃথ্বিভূষন ডেকাক সভাপতি, প্ৰাঞ্জল চক্ৰৱৰ্তীক উপ সভাপতি, দিবাকৰ ডেকাক সাধাৰণ সম্পাদক, হেমেন ডেকাক কোষাধ্যক্ষ আৰু অন্য আঠজন সদস্যক সাধাৰণ সভাই নিৰ্বাচিত কৰি এঘাৰ জনীয়া কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। উল্লেখ্য যে বান বিধ্বস্ত শিৱসাগৰ জিলাত বৰ্তমানলৈ ন হাজাৰ দুৰ্গত পৰিয়ালক সাহায্য দিয়াৰ বিষয়টো পৰ্যালোচনা কৰা হয়। সভাত আজীৱন সভ্য ডঃ সুশান্ত কুমাৰ কাশ্যপ, অধিবক্তা দিপুল তালুকদাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ কলিতাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে পৰামৰ্শ আগবঢ়ায়। ১৯৯৯ চনৰ পৰা নিৰন্তৰভাৱে গাঁৱৰ দুখীয়া ৰাইজৰ হৈ কাম কৰি অহা গ্ৰাম্য বিকাশ মঞ্চই অনাগত দিনত ৰাজ্যৰ প্ৰতিখন জিলাতে একোটা কাৰ্যালয় স্থাপন কৰি এখন শান্তিপূৰ্ণ সমাজ নিৰ্মাণৰ কামত অগ্ৰসৰ হ'ব। আজি বৰমুৰিকোনাস্থিত তপোবন চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত ২০২৫-২৬ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰায় পঞ্চাশ হাজাৰ দুখীয়া পৰিয়ালৰ বাবে ৰূপায়ণ কৰা ভালেকেইটা প্ৰকল্প ৰূপায়ণৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি এই কাৰ্যসূচী অধিক তৰান্বিত কৰাৰ পোষকতা কৰা হয়। গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষন ডেকাৰ সভাপতিত্বত আৰু সম্পাদক দিবাকৰ ডেকাই উদ্যেশ্য বাখ্যা কৰা সাধাৰণ সভাত অসমৰ গ্ৰামাঞ্চলৰ বঞ্চিত, দৰিদ্ৰ আৰু দুৰ্বল জনগোষ্ঠীৰ জীৱন-জীৱিকা উন্নয়ন, শিশু সুৰক্ষা, শিক্ষা, স্বাস্থ্য, কৃষি, মহিলা সবলীকৰণ আৰু দুৰ্যোগ প্ৰস্তুতিৰ ক্ষেত্ৰত ৰূপায়ণ কৰা ভালেকেইটা প্ৰকল্পৰ ফলাফলৰ ওপৰত সাধাৰণ সভাত উত্থাপন কৰা হয়। প্ৰায় ডেৰ শতাধিক সাধাৰণ সভাত সংস্থাটোৱে গ্ৰাম্য সমাজক অধিক আত্মনিৰ্ভৰশীল, সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ জীৱনৰ সুযোগ প্ৰদান কৰাক মূল লক্ষ্য হিচাপে লৈ কাম কৰি যোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে গ্ৰাম্য বিকাশ মঞ্চই ৰাজ্যখনৰ নলবাৰী, বৰপেটা, বাক্সা, তামুলপুৰ, কামৰূপ (গ্ৰাম্য), বজালী, ওদালগুৰি, শিৱসাগৰ, চৰাইদেউ, বিশ্বনাথ, মৰিগাঁও আদি অসমৰ বিভিন্ন জিলাত বিস্তৃতভাৱে প্ৰকল্প ৰূপায়ণ কৰি থকা বিষয়টোৰ ওপৰত গঠনমূলক পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰি ৰূপায়ণ হৈ থকা কৃষি আৰু জীৱিকা উন্নয়নত বিশেষ গুৰুত্ব দি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ আয় বৃদ্ধি আৰু জীৱিকা অধিক স্থায়ী কৰাৰ বাবে বিভিন্ন কৃষিবিষয়ক পদক্ষেপ সমূহ ৰাজ্যৰ অন্য অঞ্চললৈ প্ৰসাৰিত কৰাৰ বাবে সাধাৰণ সভাই পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে “প্ৰতিখন গাঁৱতে শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সমতাভিত্তিক আৰু শোষণমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি অহা গ্ৰাম্য বিকাশ মঞ্চই সুদীৰ্ঘ বছৰে কৰি অহা প্ৰাকৃতিক কৃষি, উদ্যান শস্য, পশুপালন, মীন পালন, কৃষি-প্ৰযুক্তিৰ প্ৰশিক্ষণ আৰু বজাৰ সংযোগৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত বাক্সা জিলাত চলি থকা প্ৰাকৃতিক কৃষিৰ প্ৰসাৰ, কৃষকৰ প্ৰশিক্ষণ, মাটিৰ স্বাস্থ্য সংৰক্ষণ, জৈৱিক আৰু পৰিৱেশ অনুকূল কৃষি পদ্ধতিৰ প্ৰচাৰৰ লগতে কৃষিজাত সামগ্ৰীৰ বজাৰ সংযোগ শক্তিশালী কৰাৰ পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰি পশুপালন, হাঁহ-কুকুৰা, গাহৰি আৰু ছাগলী পালন আদি জীৱিকামুখী কাৰ্যসূচীৰ জৰিয়তে প্ৰান্তীয় কৃষকসকলক উদগনি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়ায়। তদুপৰি উদ্যান শস্যৰ ক্ষেত্ৰতো কল, অমিতা, মধুৰিআম, অসমীয়া নেমু আৰু আম আদি উৎপাদনৰ জৰিয়তে কৃষকসকলক বিকল্প আৰু স্থায়ী আয়ৰ সন্ধান দিয়াৰ ব্যৱস্থা অধিক ফলপ্ৰসূ কৰাত গুৰুত্ব দিবলৈ সাধাৰণ সভাই আহ্বান জনায়। ইয়াৰ উপৰি পানী সংৰক্ষণ আৰু জলসিঞ্চনৰ নতুন মডেলৰড়জৰিয়তে কৃষিৰ বাবে স্থায়ী পানীৰ ব্যৱস্থা, প্ৰাকৃতিক জলধাৰা আৰু জলাশয় পুনৰুদ্ধাৰ, পৰম্পৰাগত পানী ব্যৱস্থাপনা সমিতিৰ সৈতে কাম, জলসিঞ্চন ব্যৱস্থা উন্নত কৰা আৰু সৌৰশক্তিচালিত পানী পাম্পৰ ব্যৱহাৰৰ জৰিয়তে কৃষকসকলৰ জলনির্ভৰতা হ্ৰাস কৰাৰ প্ৰচেষ্টা, মহিলা আৰু তাঁতশিল্পীৰ সবলীকৰণ, শিশু শিক্ষা, পুষ্টি আৰু সুৰক্ষা, বিদ্যালয়ৰ পৰা আঁতৰি থকা শিশুক পুনৰ শিক্ষাৰ সৈতে সংযোগ কৰা, শিক্ষণৰ ঘাটি পূৰণৰ বাবে ব্ৰিজ কোৰ্চ, শিক্ষণ কেন্দ্ৰ, গ্ৰন্থাগাৰ, শিক্ষক প্ৰশিক্ষণ আৰু বিদ্যালয় পৰিচালনা সমিতি শক্তিশালী কৰাৰ পৰামৰ্শ আগবঢ়ায়। সাধাৰণ সভাত আগন্তুক বিত্তীয় বৰ্ষৰ বাবে পৃথ্বিভূষন ডেকাক সভাপতি, প্ৰাঞ্জল চক্ৰৱৰ্তীক উপ সভাপতি, দিবাকৰ ডেকাক সাধাৰণ সম্পাদক, হেমেন ডেকাক কোষাধ্যক্ষ আৰু অন্য আঠজন সদস্যক সাধাৰণ সভাই নিৰ্বাচিত কৰি এঘাৰ জনীয়া কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। উল্লেখ্য যে বান বিধ্বস্ত শিৱসাগৰ জিলাত বৰ্তমানলৈ ন হাজাৰ দুৰ্গত পৰিয়ালক সাহায্য দিয়াৰ বিষয়টো পৰ্যালোচনা কৰা হয়। সভাত আজীৱন সভ্য ডঃ সুশান্ত কুমাৰ কাশ্যপ, অধিবক্তা দিপুল তালুকদাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ কলিতাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে পৰামৰ্শ আগবঢ়ায়।

- মথুৰাপুৰ পূজা ফিল্ডত উলহ-মালহেৰে শ্ৰী শ্ৰী গণেশ পূজা উদযাপন* * ভক্তপ্ৰাণৰ লানি নিচিঙা আগমণে পূজাৰ থলিত ভক্তপ্ৰাণ লোকে লোকাৰণ্য। গণেশ পূজাত আশীষ লবলৈ হাজাৰ হাজাৰ গণেশ ভক্তৰ সমাগম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ পূজা মণ্ডপত মথুৰাপুৰ তিনিআলি গণেশ পূজা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। ভগৱান গণেশ বাধাৰ ৰক্ষক আৰু জ্ঞান বুদ্ধি মত্তৰ ঈশ্বৰ বুলি গণ্য কৰি হিন্দু সকলে এই উৎসৱ পালন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এই বছৰো মথুৰাপুৰত তিনিদিনীয়াকৈ উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। প্ৰথমদিনা দেওবাৰে প্ৰতিমা স্থাপন আৰু ভজন কীৰ্তন অনুষ্ঠিত কৰা হয়। সোমবাৰে পুৱাৰে পৰা পূজা আৰম্ভ কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে যজ্ঞ আৰু আৰতি অনুষ্ঠিত হয়। আৰু মঙ্গলবাৰে কৰা হ'ব প্ৰতিমা বিসৰ্জন। সোমবাৰে পুৱাৰে পৰা দেখা পোৱা গ'ল হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে গণেশ দেৱতাৰ চৰণত ধুপ চাকি , নৈবদ্য আগবঢ়াঈ পৰিয়াল তথা সমাজৰ মংগল কামনা কৰে।1
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে অসমবাসীক ১৭ ছেপ্তেম্বৰত এগছি আশীৰ্বাদৰ বন্তি জ্বলাবলৈ আহ্বান বিজেপিৰ ৰাজ্যিক সভাপতিৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ হকে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে অহা ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে নৰেন্দ্ৰ মোদীৰ ওপজা দিন উদ্যাপন কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে। মাহজোৰা 'সেৱা সংকল্প অভিযান'ৰ এক অংশস্বৰূপে অহা ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত অসমবাসী ৰাইজক নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান,প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে এগছি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া এ৷1
- স্বাস্থ্য বিভাগৰ অৱহেলাৰ বিৰুদ্ধে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও জাতীয় সংগ্ৰামী সেনাৰ | শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। ১৯৮৪ চনতে স্থাপিত চিকিৎসালয়খনত উপযুক্ত সেৱা নোপোৱাৰ অভিযোগ তুলি সংগঠনটোৱে খালী পদ পূৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি, নিয়মীয়া আল্ট্ৰাচাউণ্ডৰ সুবিধা, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰা তথা দুৰ্নীতিৰ তদন্তৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক ১৬ দফীয়া স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। অহা ১০ দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে কাৰ্যালয় তলাবন্ধ আৰু পথ অৱৰোধৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা সম্পাদক ৰিদিপ ডেকাই সকীয়নি প্ৰদান কৰে।3
- Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City. Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.1
- তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ষ্ট্ৰেচাৰৰ অভাৱ । ৰোগীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰাৰ অভিযোগ । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগী সেৱাৰ ক্ষেত্ৰত পুনৰ পোহৰলৈ আহিছে এক গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাৰ ফলত ৰোগীক লৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ অহা এগৰাকী ৰোগীক ভিতৰলৈ নিয়াৰ বাবে ষ্ট্ৰেচাৰৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ষ্ট্ৰেচাৰ উপলব্ধ নোহোৱাত ৰোগীগৰাকীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। ফলত অসুস্থ ৰোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী সেৱা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক ষ্ট্ৰেচাৰ উপলব্ধ কৰাৰ লগতে এনে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। প্ৰশ্ন হৈছে—এখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰী সময়ত ৰোগীক নিয়াৰ বাবে পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাটো কিমানদূৰ গ্ৰহণযোগ্য? তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ষ্ট্ৰেচাৰৰ অভাৱ । ৰোগীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰাৰ অভিযোগ । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগী সেৱাৰ ক্ষেত্ৰত পুনৰ পোহৰলৈ আহিছে এক গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাৰ ফলত ৰোগীক লৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ অহা এগৰাকী ৰোগীক ভিতৰলৈ নিয়াৰ বাবে ষ্ট্ৰেচাৰৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ষ্ট্ৰেচাৰ উপলব্ধ নোহোৱাত ৰোগীগৰাকীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। ফলত অসুস্থ ৰোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী সেৱা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক ষ্ট্ৰেচাৰ উপলব্ধ কৰাৰ লগতে এনে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। প্ৰশ্ন হৈছে—এখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰী সময়ত ৰোগীক নিয়াৰ বাবে পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাটো কিমানদূৰ গ্ৰহণযোগ্য?1
- বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। ২৫ বছৰীয়া গৌৰৱময় পৰিক্ৰমা সম্পূৰ্ণ কৰি এই বিশেষ উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী। ভক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ পৰিৱেশেৰে মুখৰিত হৈ পৰিল তিনিচুকীয়া জিলাৰ বাৰ্মা কেম্প। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত এইবাৰ বিশেষ উলহ-মালহেৰে অনুষ্ঠিত হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী উদযাপন। দীৰ্ঘ ২৫ বছৰে চলি অহা এই গণেশ পূজাই অঞ্চলটোৰ ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে। এইবাৰ ছিলভাৰ জুবিলী উপলক্ষে পূজা-অৰ্চনা, ধৰ্মীয় অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো। গণেশ দেৱতাৰ পূজা-অৰ্চনাত অংশগ্ৰহণ কৰি ভক্তসকলে সমাজৰ শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰে। অনুষ্ঠানত স্থানীয় ৰাইজ, ভক্ত আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক কৰি তোলে অধিক আকৰ্ষণীয়। পূজাৰ পৰিৱেশত দেখা যায় ভক্তি, আনন্দ আৰু উৎসাহৰ এক অপূৰ্ব সমাহাৰ। আয়োজকসকলে কয় যে, বিগত ২৫ বছৰ ধৰি চলি অহা এই পূজাই ধৰ্মীয় পৰম্পৰা অটুট ৰখাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ছিলভাৰ জুবিলীৰ এই বিশেষ আয়োজনৰ জৰিয়তে পুৰণি স্মৃতি সুঁৱৰি নতুন প্ৰজন্মকো এই পৰম্পৰাৰ সৈতে জড়িত কৰাৰ এক প্ৰয়াস কৰা হয়।1
- *ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটন আৰু আধ্যাত্মিকস্থলী ৰূপে গঢ়ি তোলাৰ আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ যোৰহাট ভ্ৰমণৰ আজি তৃতীয় দিনাৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াপানী আউনীআটী বিশ্ববিদ্যালয়ৰ পৰা পোনে পোনে আহি ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ চাকি, বন্তি , শৰাই নৈবেদ্য আগবঢ়াই নেদেখাজনৰ পৰা আশীষ গ্ৰহণ কৰে। উল্লেখ যে, ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক গামোচা, সঁফুৰা চেলেং আদিৰে আদৰণি জনোৱাৰ লগতে পৰিচালনা সমিতিৰ তৰফৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটনৰ থলী হিচাপে গঢ়ি তুলিবলৈ আৰু স্ত্ৰীট লাইট লগোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বৰনামঘৰক পৰ্য্যটনস্থলীৰ লগতে আধ্যাত্মিকস্থলী হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি জানিবলৈ দিয়ে।4
- তিনিচুকীয়াৰ চহৰৰ চাইদিং বজাৰত উদ্ধাৰ হৈছে আন এটা মৃতদেহ তিনিচুকীয়াত আজি পুনৰ উদ্ধাৰ হৈছে আন এটা মৃতদেহ৷ তিনিচুকীয়াৰ AT Road ৰ পৰা Low College ৰ প্ৰৱেশ পথত চাইদিংত উদ্ধাৰ হয় মৃতদেহটো৷ মৃতদেহটো পৰিয়ালৰ লোকে নিউ ডেভেলপমেণ্টৰ অশোক মাহাতু চিনাক্ত কৰিছে৷ লোকজনৰ শৰীৰত চোকা অস্ত্ৰই আঘাত কৰা চিন স্পষ্ট হৈ পৰাক লৈ এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷ ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী, ফৰেনছিকৰ দ’ল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ ইফালে, মংগলবাৰেও হিজুগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছিল আন এটা মৃতদেহ৷ তিনিচুকীয়াত সঘনাই সংঘটিত হোৱা এনেধৰণৰ ঘটনাই সাধাৰণ জনতাৰ মাজত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷1