Shuru
Apke Nagar Ki App…
চৰাইদেউ জিলাৰ ৰতনপুৰ চাহ বাগিচাৰ ফেক্টৰীটো মঙলবাৰে স্থানীয় প্ৰশাসনৰ উপস্থিতিত কানাড়া বেংক কৰ্তৃপক্ষই ছীল কৰি দিয়ে। বাগিচা কৰ্তৃপক্ষই কানাড়া বেংকৰ পৰা লোৱা কেইবা লক্ষাধিক টকাৰ ঋণ পৰিশোধ নকৰাৰ বাবে এই পদক্ষেপ লোৱা হয়। উল্লেখ্য যে, ফেক্টৰীটো ২০২৫ চনৰ নৱেম্বৰ মাহৰপৰা বন্ধ হৈ আছিল। ফেক্টৰীত কৰ্মৰত শ্ৰমিকসকলক পাৰিশ্ৰমিক নিদিয়াকৈ বাগিচাখনৰ স্বত্বাধিকাৰী ডেনিছ কুকুৰাচোৱা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছিল, যাৰ ফলত বহু শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াল আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। দীৰ্ঘদিন ধৰি ঋণ পৰিশোধ নোহোৱাত বেংক কৰ্তৃপক্ষই আইনী প্ৰক্ৰিয়া অনুসৰি ব্যৱস্থা গ্ৰহণ কৰে। মঙলবাৰে স্থানীয় প্ৰশাসনৰ বিষয়া, বেংকৰ প্ৰতিনিধি আৰু নিৰাপত্তাৰক্ষীৰ উপস্থিতিত ফেক্টৰীটোৰ মূল প্ৰৱেশদ্বাৰত ছীল লগাই সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়।
Charaideo News & Entertainment
চৰাইদেউ জিলাৰ ৰতনপুৰ চাহ বাগিচাৰ ফেক্টৰীটো মঙলবাৰে স্থানীয় প্ৰশাসনৰ উপস্থিতিত কানাড়া বেংক কৰ্তৃপক্ষই ছীল কৰি দিয়ে। বাগিচা কৰ্তৃপক্ষই কানাড়া বেংকৰ পৰা লোৱা কেইবা লক্ষাধিক টকাৰ ঋণ পৰিশোধ নকৰাৰ বাবে এই পদক্ষেপ লোৱা হয়। উল্লেখ্য যে, ফেক্টৰীটো ২০২৫ চনৰ নৱেম্বৰ মাহৰপৰা বন্ধ হৈ আছিল। ফেক্টৰীত কৰ্মৰত শ্ৰমিকসকলক পাৰিশ্ৰমিক নিদিয়াকৈ বাগিচাখনৰ স্বত্বাধিকাৰী ডেনিছ কুকুৰাচোৱা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছিল, যাৰ ফলত বহু শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াল আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। দীৰ্ঘদিন ধৰি ঋণ পৰিশোধ নোহোৱাত বেংক কৰ্তৃপক্ষই আইনী প্ৰক্ৰিয়া অনুসৰি ব্যৱস্থা গ্ৰহণ কৰে। মঙলবাৰে স্থানীয় প্ৰশাসনৰ বিষয়া, বেংকৰ প্ৰতিনিধি আৰু নিৰাপত্তাৰক্ষীৰ উপস্থিতিত ফেক্টৰীটোৰ মূল প্ৰৱেশদ্বাৰত ছীল লগাই সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়।
More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ ৰতনপুৰ চাহ বাগিচাৰ ফেক্টৰীটো মঙলবাৰে স্থানীয় প্ৰশাসনৰ উপস্থিতিত কানাড়া বেংক কৰ্তৃপক্ষই ছীল কৰি দিয়ে। বাগিচা কৰ্তৃপক্ষই কানাড়া বেংকৰ পৰা লোৱা কেইবা লক্ষাধিক টকাৰ ঋণ পৰিশোধ নকৰাৰ বাবে এই পদক্ষেপ লোৱা হয়। উল্লেখ্য যে, ফেক্টৰীটো ২০২৫ চনৰ নৱেম্বৰ মাহৰপৰা বন্ধ হৈ আছিল। ফেক্টৰীত কৰ্মৰত শ্ৰমিকসকলক পাৰিশ্ৰমিক নিদিয়াকৈ বাগিচাখনৰ স্বত্বাধিকাৰী ডেনিছ কুকুৰাচোৱা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছিল, যাৰ ফলত বহু শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াল আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। দীৰ্ঘদিন ধৰি ঋণ পৰিশোধ নোহোৱাত বেংক কৰ্তৃপক্ষই আইনী প্ৰক্ৰিয়া অনুসৰি ব্যৱস্থা গ্ৰহণ কৰে। মঙলবাৰে স্থানীয় প্ৰশাসনৰ বিষয়া, বেংকৰ প্ৰতিনিধি আৰু নিৰাপত্তাৰক্ষীৰ উপস্থিতিত ফেক্টৰীটোৰ মূল প্ৰৱেশদ্বাৰত ছীল লগাই সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়।1
- শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমাৰ, লগতে দুয়োখন জিলাৰ জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় ব্যস্ততাপূৰ্ণ চেপন চূণপোৰা পথত ঠিকাদাৰৰ দায়িত্বহীনতা আৰু গাফিলতিৰ ফলত দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথটোৰ চাইভ বাম নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে পথ নিৰ্মাণৰ সমান্তৰালভাৱে পথৰ কাষৰ চাইড বামবোৰ দকৈ খান্দি দীৰ্ঘদিন ধৰি পেলাই থৈছে। ইয়াৰ ফলত বৰষুণৰ পানী জমা হৈ চাইড বামত সোমাই দৈনিক দুৰ্ঘটনা সংঘটিত হৈছে। ঠিকাদাৰৰ এই গাফিলতিৰ বাবে স্থানীয় ৰাইজৰ লগতে আটাছু সৰৱ হৈ পৰিছে। তেওঁলোকে প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে আৰু আটাছুৱে অতি শীঘ্ৰেই চেপন চূণপোৰা পথৰ কাম সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে।1
- চিত্ৰ শিল্পী মাৰ্শ্বেল বৰুৱাৰ আত্মগোপনক কেন্দ্ৰ কৰি শিৱসাগৰৰ বিধায়ক তথা ‘ৰাইজৰ দল’ৰ সভাপতি অখিল গগৈয়ে চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছে। সংবাদ মাধ্যমৰ আগত এক বিস্ফোৰক মন্তব্য কৰি বিধায়ক গগৈয়ে স্পষ্ট কৰিছে যে মাৰ্শ্বেল বৰুৱা বৰ্তমান পলাই আছে। ইয়াৰোপৰি, তেওঁ চৰকাৰ আৰু প্ৰশাসনক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই হুংকাৰ দিছে যে যদিহে আৰক্ষীয়ে মাৰ্শ্বেল বৰুৱাক গ্ৰেপ্তাৰ কৰে, তেন্তে তেওঁ প্ৰতিবাদস্বৰূপে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত উপস্থিত হ’বগৈ। বিধায়কগৰাকীৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।1
- দুলীয়াজান আৰু নাহৰকটীয়া সংযোগী উৰণীয়া সেতুখনৰ সন্দৰ্ভত এক তথ্য পোৱা গৈছে। এই তথ্যই প্ৰথম অৱস্থাত নিৰ্মিত উৰণীয়া সেতুখন আৰু বৰ্তমান কাৰ্যক্ষম হৈ থকা উৰণীয়া সেতুখনৰ মুকলিৰ সময়ৰ বিষয়ে আলোচনা কৰিছে।1
- অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ বঁটা প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত মটক স্বায়ত্ব শাসিত পৰিষদৰ CME ডেভিদ চেতিয়াক সন্মানিত কৰা হয়। তেওঁৰ লগতে সমাজৰ হকে কাম কৰা আন বহুতো ব্যক্তিকো বঁটা প্ৰদান কৰা হয়।1
- তিনিচুকীয়া জিলাৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিচিত জাগুন বজাৰৰ ৰাজপথ, বিশেষকৈ ব্যস্ত ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া চৰণীয়া পথাৰৰ দৰে পৰিৱেশ বিৰাজ কৰিছে। পথৰ ওপৰত গৰুৰ জাকৰ অবাধ বিচৰণৰ ফলত মানুহ খোজ কাঢ়িবলৈও ভয় কৰিবলগীয়া হৈছে আৰু এই বাঢ়ি অহা গৰুৰ সন্ত্ৰাসত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, একাংশ দায়িত্বহীন পশুধনৰ মালিকে নিজৰ গৰুসমূহ এনেদৰে বজাৰৰ মাজত এৰি দিয়ে। এই গৰুৰ জাকে বজাৰৰ শাক-পাচলিৰ দোকানসমূহ লণ্ডভণ্ড কৰাৰ লগতে দিন-ৰাতি সমানেই ৰাজপথতে খোপনি পুতি বহি থাকে। ইয়াৰ ফলত অঞ্চলটোত সঘনাই সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।1
- ৰাজ্যত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP) ৰূপায়ণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অচলাৱস্থা সন্দৰ্ভত আজি শিক্ষামন্ত্ৰীৰ সৈতে সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত 'আছু'ৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ছাত্ৰ সন্থাই অভিযোগ কৰিছে যে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু শিক্ষক অবিহনে এই পাঠ্যক্ৰম আৰম্ভ কৰাৰ ফলত লাখ লাখ শিক্ষাৰ্থীয়ে চৰম বিভ্ৰাটৰ সন্মুখীন হ'বলগীয়া হৈছে। আলোচনাত 'আছু'ৱে কলেজসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু খালী হৈ থকা অধ্যাপকৰ পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে এই সমস্যাসমূহ গুৰুত্বসহকাৰে লৈ অতি সোনকালে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ প্ৰতি সঁহাৰি জনাই ছাত্ৰ সন্থাই স্পষ্ট কৰি দিয়ে যে যদি চৰকাৰে জৰুৰী পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে ছাত্ৰ সমাজে এক তীব্ৰ আন্দোলন গঢ়ি তুলিব।1
- ছিকিমত হোৱা ভূমিস্খলনৰ ফলত ৰাংপো - ৰোৰাথাং পথৰ ৫নং মাইল ৰেছি, ৰোৰাথাংত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ভূমিস্খলনৰ বাবে পথটো অৱৰুদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।1