logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমাৰ, লগতে দুয়োখন জিলাৰ জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় ব্যস্ততাপূৰ্ণ চেপন চূণপোৰা পথত ঠিকাদাৰৰ দায়িত্বহীনতা আৰু গাফিলতিৰ ফলত দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথটোৰ চাইভ বাম নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে পথ নিৰ্মাণৰ সমান্তৰালভাৱে পথৰ কাষৰ চাইড বামবোৰ দকৈ খান্দি দীৰ্ঘদিন ধৰি পেলাই থৈছে। ইয়াৰ ফলত বৰষুণৰ পানী জমা হৈ চাইড বামত সোমাই দৈনিক দুৰ্ঘটনা সংঘটিত হৈছে। ঠিকাদাৰৰ এই গাফিলতিৰ বাবে স্থানীয় ৰাইজৰ লগতে আটাছু সৰৱ হৈ পৰিছে। তেওঁলোকে প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে আৰু আটাছুৱে অতি শীঘ্ৰেই চেপন চূণপোৰা পথৰ কাম সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে।

3 hrs ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
3 hrs ago

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমাৰ, লগতে দুয়োখন জিলাৰ জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় ব্যস্ততাপূৰ্ণ চেপন চূণপোৰা পথত ঠিকাদাৰৰ দায়িত্বহীনতা আৰু গাফিলতিৰ ফলত দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথটোৰ চাইভ বাম নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে পথ নিৰ্মাণৰ সমান্তৰালভাৱে পথৰ কাষৰ চাইড বামবোৰ দকৈ খান্দি দীৰ্ঘদিন ধৰি পেলাই থৈছে। ইয়াৰ ফলত বৰষুণৰ পানী জমা হৈ চাইড বামত সোমাই দৈনিক দুৰ্ঘটনা সংঘটিত হৈছে। ঠিকাদাৰৰ এই গাফিলতিৰ বাবে স্থানীয় ৰাইজৰ লগতে আটাছু সৰৱ হৈ পৰিছে। তেওঁলোকে প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে আৰু আটাছুৱে অতি শীঘ্ৰেই চেপন চূণপোৰা পথৰ কাম সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে।

More news from অসম and nearby areas
  • দুলীয়াজানৰ নাওহলীয়া অঞ্চলৰ 'নাওহলীয়া ডি-এডিচন কাম ৰিহেবিলিটেচন চেণ্টাৰ'ত সংঘটিত ১৮ বছৰীয়া অমন সোণাৰৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আজি দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। যোৱা ১৯ জুনত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ পাঁচ দিন উকলি যোৱাৰ পিছতো মূল অভিযুক্ত তথা নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী সন্তোষ লিম্বুক আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰাত এই প্ৰতিবাদ আৰম্ভ হৈছিল। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা নাৰী পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি 'অমন সোণাৰৰ হত্যাক গ্ৰেপ্তাৰ কৰক', 'হত্যাকাৰীক ফাঁচী দিয়ক', আৰু 'আমাক ন্যায় লাগিবই' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পিছত, জিলা দণ্ডাধীশৰ উপস্থিতিত প্ৰতিবাদস্থলীত এক আলোচনা অনুষ্ঠিত হোৱাৰ পিছতেই প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে।
    1
    দুলীয়াজানৰ নাওহলীয়া অঞ্চলৰ 'নাওহলীয়া ডি-এডিচন কাম ৰিহেবিলিটেচন চেণ্টাৰ'ত সংঘটিত ১৮ বছৰীয়া অমন সোণাৰৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আজি দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। যোৱা ১৯ জুনত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ পাঁচ দিন উকলি যোৱাৰ পিছতো মূল অভিযুক্ত তথা নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী সন্তোষ লিম্বুক আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰাত এই প্ৰতিবাদ আৰম্ভ হৈছিল।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা নাৰী পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি 'অমন সোণাৰৰ হত্যাক গ্ৰেপ্তাৰ কৰক', 'হত্যাকাৰীক ফাঁচী দিয়ক', আৰু 'আমাক ন্যায় লাগিবই' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

পিছত, জিলা দণ্ডাধীশৰ উপস্থিতিত প্ৰতিবাদস্থলীত এক আলোচনা অনুষ্ঠিত হোৱাৰ পিছতেই প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    1 hr ago
  • অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে এক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে, য'ত বহু সংখ্যক ব্যক্তিক সন্মানিত কৰা হয়। এই অনুষ্ঠানত নিউজ লাইভৰ সাংবাদিক প্ৰাঞ্জল গগৈকো বঁটা প্ৰদান কৰা হয়। তেওঁৰ লগতে সমাজৰ হকে কাম কৰি অহা আন বহু ব্যক্তিকো এই বিশেষ বঁটাৰে বিভূষিত কৰা হয়।
    1
    অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে এক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে, য'ত বহু সংখ্যক ব্যক্তিক সন্মানিত কৰা হয়। এই অনুষ্ঠানত নিউজ লাইভৰ সাংবাদিক প্ৰাঞ্জল গগৈকো বঁটা প্ৰদান কৰা হয়। তেওঁৰ লগতে সমাজৰ হকে কাম কৰি অহা আন বহু ব্যক্তিকো এই বিশেষ বঁটাৰে বিভূষিত কৰা হয়।
    user_Pranjal Gogoi
    Pranjal Gogoi
    Dibrugarh East, Assam•
    8 hrs ago
  • তিনিচুকীয়া-মাকুম সংযোগী বাইপাছ পথত আজি চাৰিখন গাঁওৰ ৰাইজে কৃত্ৰিম বানপানীৰ সমস্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৰগুৰি বাইপাছ চাৰিআলিত পথ অৱৰোধ কৰি বৰগুৰি, বালুপাৰা, হেঙালগুৰি, আৰু জৰিগুৰি গাঁওৰ লোকসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা এই সমস্যাৰ সমাধানৰ দাবী জনায়। উল্লেখ্য যে, পূৰ্বতে এই স্থানত থকা দলং ভাঙি বাইপাছ পথ নিৰ্মাণ কৰাৰ সময়ত তাত কলভাৰ্ট নিৰ্মাণ কৰা নহ'ল, যাৰ ফলত ৰাইজে এই কৃত্ৰিম বানপানীৰ সমস্যাত ভুগিব লগা হৈছে। স্থানীয় লোকসকলে এই সমস্যা সমাধানৰ বাবে বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো কোনো সুফল নোপোৱাত আজি পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয়। ইয়াৰ পূৰ্বেও একেই সমস্যা লৈ ৰাইজে তিনিচুকীয়া-মাকুম সংযোগী বাইপাছ পথ অৱৰোধ কৰি প্ৰতিবাদ জনাইছিল। বৰ্তমানৰ প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
    1
    তিনিচুকীয়া-মাকুম সংযোগী বাইপাছ পথত আজি চাৰিখন গাঁওৰ ৰাইজে কৃত্ৰিম বানপানীৰ সমস্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৰগুৰি বাইপাছ চাৰিআলিত পথ অৱৰোধ কৰি বৰগুৰি, বালুপাৰা, হেঙালগুৰি, আৰু জৰিগুৰি গাঁওৰ লোকসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা এই সমস্যাৰ সমাধানৰ দাবী জনায়।

উল্লেখ্য যে, পূৰ্বতে এই স্থানত থকা দলং ভাঙি বাইপাছ পথ নিৰ্মাণ কৰাৰ সময়ত তাত কলভাৰ্ট নিৰ্মাণ কৰা নহ'ল, যাৰ ফলত ৰাইজে এই কৃত্ৰিম বানপানীৰ সমস্যাত ভুগিব লগা হৈছে। স্থানীয় লোকসকলে এই সমস্যা সমাধানৰ বাবে বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো কোনো সুফল নোপোৱাত আজি পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয়। ইয়াৰ পূৰ্বেও একেই সমস্যা লৈ ৰাইজে তিনিচুকীয়া-মাকুম সংযোগী বাইপাছ পথ অৱৰোধ কৰি প্ৰতিবাদ জনাইছিল।

বৰ্তমানৰ প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    3 hrs ago
  • লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা সমাজহিতৈষী শ্ৰদ্ধাৰ টুনিৰাম শৰ্মা ছাৰৰ বিয়োগত সমগ্ৰ লালুকবাসী গভীৰভাৱে মৰ্মাহত হৈছে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হৈছে।
    1
    লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা সমাজহিতৈষী শ্ৰদ্ধাৰ টুনিৰাম শৰ্মা ছাৰৰ বিয়োগত সমগ্ৰ লালুকবাসী গভীৰভাৱে মৰ্মাহত হৈছে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হৈছে।
    user_Lalukor Batori
    Lalukor Batori
    Teacher ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    2 hrs ago
  • বিহপুৰীয়াৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কুমুদ শৰ্মা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মূল তোৰণ আৰু নৱনিৰ্মিত বিজ্ঞানাগাৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানত বিধায়ক ভূপেন বৰাই অংশগ্ৰহণ কৰি দুয়োটা আন্তঃগাঁথনি আনুষ্ঠানিকভাৱে মুকলি কৰে। ১৯৮৫ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ প্ৰমেন কুমাৰ ভূঞাই তেখেতৰ প্ৰয়াত পিতৃ ভূৱন চন্দ্ৰ ভূঞা আৰু মাতৃ হিৰাপ্ৰভা ভূঞাৰ সোঁৱৰণত নিজৰ ব্যক্তিগত ধন ভাঙি বিদ্যালয়খনৰ মুখ্য তোৰণ নিৰ্মাণ কৰিছিল। বিধায়ক বৰাই এই তোৰণখনৰ শুভ উন্মোচন কৰে। তোৰণখন উন্মোচন কৰাৰ পিছতে বিধায়ক ভূপেন বৰাই বিদ্যালয়খনৰ নৱনিৰ্মিত বিজ্ঞানাগাৰটোৰ ফিটা কাটি শুভ উদ্বোধন কৰে। ইয়াৰ পিছত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি তেওঁ তোৰণ নিৰ্মাণ কৰি দিয়া ভূঞা পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বিধায়কে লগতে ছাত্ৰ-ছাত্ৰীসকলক এই বিদ্যালয়ত এটা সপোন লৈ সুন্দৰকৈ অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ে।
    4
    বিহপুৰীয়াৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কুমুদ শৰ্মা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মূল তোৰণ আৰু নৱনিৰ্মিত বিজ্ঞানাগাৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানত বিধায়ক ভূপেন বৰাই অংশগ্ৰহণ কৰি দুয়োটা আন্তঃগাঁথনি আনুষ্ঠানিকভাৱে মুকলি কৰে।

১৯৮৫ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ প্ৰমেন কুমাৰ ভূঞাই তেখেতৰ প্ৰয়াত পিতৃ ভূৱন চন্দ্ৰ ভূঞা আৰু মাতৃ হিৰাপ্ৰভা ভূঞাৰ সোঁৱৰণত নিজৰ ব্যক্তিগত ধন ভাঙি বিদ্যালয়খনৰ মুখ্য তোৰণ নিৰ্মাণ কৰিছিল। বিধায়ক বৰাই এই তোৰণখনৰ শুভ উন্মোচন কৰে।

তোৰণখন উন্মোচন কৰাৰ পিছতে বিধায়ক ভূপেন বৰাই বিদ্যালয়খনৰ নৱনিৰ্মিত বিজ্ঞানাগাৰটোৰ ফিটা কাটি শুভ উদ্বোধন কৰে। ইয়াৰ পিছত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি তেওঁ তোৰণ নিৰ্মাণ কৰি দিয়া ভূঞা পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বিধায়কে লগতে ছাত্ৰ-ছাত্ৰীসকলক এই বিদ্যালয়ত এটা সপোন লৈ সুন্দৰকৈ অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ে।
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    2 hrs ago
  • দুলীয়াজান আৰু নাহৰকটীয়া সংযোগী একমাত্ৰ প্ৰথমখন উৰণীয়া সেঁতুক লৈ দুলীয়াজানৰ স্থানীয় ৰাইজে গভীৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰিছে। অঞ্চলটোৰ ৰাইজে এই উৰণীয়া সেঁতুখনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।
    1
    দুলীয়াজান আৰু নাহৰকটীয়া সংযোগী একমাত্ৰ প্ৰথমখন উৰণীয়া সেঁতুক লৈ দুলীয়াজানৰ স্থানীয় ৰাইজে গভীৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰিছে। অঞ্চলটোৰ ৰাইজে এই উৰণীয়া সেঁতুখনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    8 hrs ago
  • উমৰাংছ’স্থিত খান্দং বান্ধৰ ৭খন গেট পুনৰ খুলি দিয়া হৈছে। অতিৰিক্ত পানী মোকলাই দিয়াৰ বাবেই বান্ধটোৰ গেটসমূহ খোলা হয়। বান্ধৰ গেটসমূহ খুলি দিয়াৰ ফলত কপিলী নৈৰ পানী যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে নামনিৰ ৰাইজক সতৰ্ক কৰি দিছে।
    1
    উমৰাংছ’স্থিত খান্দং বান্ধৰ ৭খন গেট পুনৰ খুলি দিয়া হৈছে। অতিৰিক্ত পানী মোকলাই দিয়াৰ বাবেই বান্ধটোৰ গেটসমূহ খোলা হয়।

বান্ধৰ গেটসমূহ খুলি দিয়াৰ ফলত কপিলী নৈৰ পানী যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে নামনিৰ ৰাইজক সতৰ্ক কৰি দিছে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    9 hrs ago
  • অসমৰ বাবে এক গৌৰৱময় খবৰ কঢ়িয়াই জনঞ্জয় জ্যোতি হাজৰিকা নামৰ উদীয়মান সাঁতোৰবিদে ১০০ মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত ব্ৰঞ্জ পদক লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰিছে। তেওঁ এই কৃতিত্ব মাত্ৰ ৫৪.৫২ ছেকেণ্ড সময়ত অৰ্জন কৰে। জনঞ্জয় জ্যোতি হাজৰিকাৰ এই অসাধাৰণ সাফল্যত সমগ্ৰ অসমে গৌৰৱবোধ কৰিছে। তেওঁৰ এই কৃতিত্বক স্বীকৃতি জনাই গোলাঘাট সাঁতোৰ সন্থাই এক সৌজন্যমূলক সাক্ষাৎ কৰি তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।
    1
    অসমৰ বাবে এক গৌৰৱময় খবৰ কঢ়িয়াই জনঞ্জয় জ্যোতি হাজৰিকা নামৰ উদীয়মান সাঁতোৰবিদে ১০০ মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত ব্ৰঞ্জ পদক লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰিছে। তেওঁ এই কৃতিত্ব মাত্ৰ ৫৪.৫২ ছেকেণ্ড সময়ত অৰ্জন কৰে।

জনঞ্জয় জ্যোতি হাজৰিকাৰ এই অসাধাৰণ সাফল্যত সমগ্ৰ অসমে গৌৰৱবোধ কৰিছে। তেওঁৰ এই কৃতিত্বক স্বীকৃতি জনাই গোলাঘাট সাঁতোৰ সন্থাই এক সৌজন্যমূলক সাক্ষাৎ কৰি তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter Golaghat, Assam•
    55 min ago
  • মেঘালয়ত ধাৰাবাহিকভাৱে হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত শ্বিলং-ডাউকি পথত এক বৃহৎ ভূমিস্খলন হৈছে। পথৰ এক গুৰুত্বপূৰ্ণ অংশ সম্পূৰ্ণৰূপে খহি গহ্বৰত উটি গৈছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বাসিন্দা আৰু কৰ্তৃপক্ষই সকলো পৰ্যটক আৰু যাত্ৰীক বৰ্তমান ডাউকিৰ দিশে যাত্ৰা নকৰিবলৈ আহ্বান জনাইছে। বৰ্তমান সক্ৰিয় মৌচুমী বতৰৰ বাবে পথটো অত্যন্ত বিপদজনক হৈ আছে। সেয়ে, সকলোকে সুৰক্ষিত থাকিবলৈ আৰু নিজৰ ভ্ৰমণৰ পৰিকল্পনা সেই অনুসৰি সলনি কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    1
    মেঘালয়ত ধাৰাবাহিকভাৱে হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত শ্বিলং-ডাউকি পথত এক বৃহৎ ভূমিস্খলন হৈছে। পথৰ এক গুৰুত্বপূৰ্ণ অংশ সম্পূৰ্ণৰূপে খহি গহ্বৰত উটি গৈছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বাসিন্দা আৰু কৰ্তৃপক্ষই সকলো পৰ্যটক আৰু যাত্ৰীক বৰ্তমান ডাউকিৰ দিশে যাত্ৰা নকৰিবলৈ আহ্বান জনাইছে। বৰ্তমান সক্ৰিয় মৌচুমী বতৰৰ বাবে পথটো অত্যন্ত বিপদজনক হৈ আছে। সেয়ে, সকলোকে সুৰক্ষিত থাকিবলৈ আৰু নিজৰ ভ্ৰমণৰ পৰিকল্পনা সেই অনুসৰি সলনি কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.