Shuru
Apke Nagar Ki App…
উমৰাংছ’স্থিত খান্দং বান্ধৰ ৭খন গেট পুনৰ খুলি দিয়া হৈছে। অতিৰিক্ত পানী মোকলাই দিয়াৰ বাবেই বান্ধটোৰ গেটসমূহ খোলা হয়। বান্ধৰ গেটসমূহ খুলি দিয়াৰ ফলত কপিলী নৈৰ পানী যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে নামনিৰ ৰাইজক সতৰ্ক কৰি দিছে।
Shyam Jadhav
উমৰাংছ’স্থিত খান্দং বান্ধৰ ৭খন গেট পুনৰ খুলি দিয়া হৈছে। অতিৰিক্ত পানী মোকলাই দিয়াৰ বাবেই বান্ধটোৰ গেটসমূহ খোলা হয়। বান্ধৰ গেটসমূহ খুলি দিয়াৰ ফলত কপিলী নৈৰ পানী যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে নামনিৰ ৰাইজক সতৰ্ক কৰি দিছে।
More news from অসম and nearby areas
- তিনিচুকীয়া-মাকুম সংযোগী বাইপাছ পথত আজি চাৰিখন গাঁওৰ ৰাইজে কৃত্ৰিম বানপানীৰ সমস্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৰগুৰি বাইপাছ চাৰিআলিত পথ অৱৰোধ কৰি বৰগুৰি, বালুপাৰা, হেঙালগুৰি, আৰু জৰিগুৰি গাঁওৰ লোকসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা এই সমস্যাৰ সমাধানৰ দাবী জনায়। উল্লেখ্য যে, পূৰ্বতে এই স্থানত থকা দলং ভাঙি বাইপাছ পথ নিৰ্মাণ কৰাৰ সময়ত তাত কলভাৰ্ট নিৰ্মাণ কৰা নহ'ল, যাৰ ফলত ৰাইজে এই কৃত্ৰিম বানপানীৰ সমস্যাত ভুগিব লগা হৈছে। স্থানীয় লোকসকলে এই সমস্যা সমাধানৰ বাবে বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো কোনো সুফল নোপোৱাত আজি পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয়। ইয়াৰ পূৰ্বেও একেই সমস্যা লৈ ৰাইজে তিনিচুকীয়া-মাকুম সংযোগী বাইপাছ পথ অৱৰোধ কৰি প্ৰতিবাদ জনাইছিল। বৰ্তমানৰ প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।1
- অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে এক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে, য'ত বহু সংখ্যক ব্যক্তিক সন্মানিত কৰা হয়। এই অনুষ্ঠানত নিউজ লাইভৰ সাংবাদিক প্ৰাঞ্জল গগৈকো বঁটা প্ৰদান কৰা হয়। তেওঁৰ লগতে সমাজৰ হকে কাম কৰি অহা আন বহু ব্যক্তিকো এই বিশেষ বঁটাৰে বিভূষিত কৰা হয়।1
- জনসাধাৰণৰ সুবিধা আৰু উন্নত যাতায়াত ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে চলি থকা ধোদৰ আলিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আৰু গুণগত মানৰ বুজ ল'বলৈ সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। বিধায়কে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে যে এই নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আৰু মানদণ্ড অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ হ'ব লাগিব।1
- নেপালৰ ৰৌতাঘাটত প্ৰায় ১৫ ফুট দীঘল এটা প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ৰজা ফেঁটী উদ্ধাৰ কৰা হৈছে।1
- অলপ পলম হোৱাৰ বাবে এজন পৰীক্ষাৰ্থীক NEET পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। এই ঘটনাৰ ফলত মৰ্মাহত হৈ সেই দুৰ্ভগীয়া পিতৃ পৰীক্ষা কেন্দ্ৰৰ সন্মুখতে ঢলি পৰে।1
- সাৰুপথাৰৰ শেহতীয়া এক খবৰ অনুসৰি, এগৰাকী লোকে এক ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। লোকজনে জনোৱা মতে, আন এজনক কাটি থকাৰ সময়তে তেওঁ সেই স্থানলৈ বচাবলৈ গৈছিল। কিন্তু বচাবলৈ যোৱাৰ ফলস্বৰূপে, তেওঁক দা লৈ খেদা হয়।1
- সৰুপথাৰ সমজিলাৰ সৰু ছেৱাগুৰীত এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হৈছে। সৰু ছেৱাগুৰীৰ নিৱাসী প্ৰবীন মালাৰৰ পত্নী উৰ্মিলা মালাৰ (৪৫) ক তেওঁৰ সম্বন্ধীয় বৰজনাক ৰবেট তাঁতীয়ে চোকা অস্ত্ৰেৰে হানি-খুচি হত্যা কৰে।1
- গোলাঘাট জিলাৰ সৰুপথাৰৰ ছেৱাগুৰি অঞ্চলত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। এক চাঞ্চল্যকৰ খবৰ অনুসৰি, এই ঘটনাত শাহুৱেকে নিজৰ বোৱাৰীয়েকক কাটি হত্যা কৰিছে। এই ঘটনাই সমগ্ৰ সৰুপথাৰ অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।1
- সৰুপথাৰত এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে, য'ত বৰজনাকে নিজৰ বোৱাৰীয়েক উৰ্মিলা মালাৰক দাৰে ঘপিয়াই হত্যা কৰিছে। এই ভয়ংকৰ ঘটনাটো সৰুপথাৰ সমজিলাৰ ছেৱাগুৰীৰ ঔটেঙাতলত সংঘটিত হৈছে। এই মূহুৰ্তলৈকে হত্যাকাণ্ডটোৰ কাৰণ জানিব পৰা হোৱা নাই।1