ৰাজ্যৰ চৰকাৰখনে সৰ্বতে উন্নয়ন হোৱাৰ দাবী কৰি থকাৰ সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী মুংকাম গাঁৱত উন্নয়নৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। এই গাঁওখনত টিৰাপ নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ দাবী উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, খিলঞ্জীয়া বসতি প্ৰদান এই মুংকাম গাঁওখনত শিক্ষা, স্বাস্থ্য, যাতায়াত আৰু পানী যোগান আঁচনিকে ধৰি সকলো ক্ষেত্ৰতে চৰকাৰী উন্নয়ন আঁচনিয়ে আজিও স্পৰ্শ কৰা নাই। স্বাধীনতাৰ আগৰে পৰা ইয়াত বসবাস কৰি অহা টাংছা জনগোষ্ঠীৰ লোকসকলে যাতায়াতৰ ক্ষেত্ৰত সীমাহীন দুৰ্ভোগ ভূগি আহিছে। গাঁওবাসীয়ে এখন দলঙৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন জনাই আহিছিল যদিও কোনো সুফল পোৱা নাই বুলি সদৌ অসম টাংছা ছাত্ৰ সন্থাৰ অভিযোগ। গাঁওবাসীয়ে টিৰাপ নৈৰ ওপৰত নিজে বাঁহৰ দলং নিৰ্মাণ কৰি অহাযোৱা কৰি আহিছে যদিও বৰ্ষাকালত নৈৰ প্ৰবল সোঁতে এই দলং উটুৱাই নিয়ে। তেনে সময়ত ছাত্ৰ-ছাত্ৰী আৰু গঞা ৰাইজে নাওঁৰে বিপদসংকুল যাত্ৰা কৰিবলৈ বাধ্য হয়। এনে দুৰ্বল বাঁহৰ দলঙেৰে যাত্ৰা কৰোঁতে বহু সময়ত অঘটন সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে টাংছা ছাত্ৰ সন্থাৰ নেতৃত্বই। সংগঠনটোৱে সীমান্তৱৰ্তী এই গাঁওখনৰ সামগ্ৰিক উন্নয়নৰ লগতে টিৰাপ নৈৰ ওপৰত অনতি পলমে এখন স্থায়ী দলং নিৰ্মাণৰ দাবী জনাইছে।

- ৰাজ্যৰ চৰকাৰখনে সৰ্বতে উন্নয়ন হোৱাৰ দাবী কৰি থকাৰ সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী মুংকাম গাঁৱত উন্নয়নৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। এই গাঁওখনত টিৰাপ নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ দাবী উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, খিলঞ্জীয়া বসতি প্ৰদান এই মুংকাম গাঁওখনত শিক্ষা, স্বাস্থ্য, যাতায়াত আৰু পানী যোগান আঁচনিকে ধৰি সকলো ক্ষেত্ৰতে চৰকাৰী উন্নয়ন আঁচনিয়ে আজিও স্পৰ্শ কৰা নাই। স্বাধীনতাৰ আগৰে পৰা ইয়াত বসবাস কৰি অহা টাংছা জনগোষ্ঠীৰ লোকসকলে যাতায়াতৰ ক্ষেত্ৰত সীমাহীন দুৰ্ভোগ ভূগি আহিছে। গাঁওবাসীয়ে এখন দলঙৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন জনাই আহিছিল যদিও কোনো সুফল পোৱা নাই বুলি সদৌ অসম টাংছা ছাত্ৰ সন্থাৰ অভিযোগ। গাঁওবাসীয়ে টিৰাপ নৈৰ ওপৰত নিজে বাঁহৰ দলং নিৰ্মাণ কৰি অহাযোৱা কৰি আহিছে যদিও বৰ্ষাকালত নৈৰ প্ৰবল সোঁতে এই দলং উটুৱাই নিয়ে। তেনে সময়ত ছাত্ৰ-ছাত্ৰী আৰু গঞা ৰাইজে নাওঁৰে বিপদসংকুল যাত্ৰা কৰিবলৈ বাধ্য হয়। এনে দুৰ্বল বাঁহৰ দলঙেৰে যাত্ৰা কৰোঁতে বহু সময়ত অঘটন সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে টাংছা ছাত্ৰ সন্থাৰ নেতৃত্বই। সংগঠনটোৱে সীমান্তৱৰ্তী এই গাঁওখনৰ সামগ্ৰিক উন্নয়নৰ লগতে টিৰাপ নৈৰ ওপৰত অনতি পলমে এখন স্থায়ী দলং নিৰ্মাণৰ দাবী জনাইছে।1
- তিনিচুকীয়া জিলাৰ জাগুনত এক অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ এগৰাকী ব্যৱসায়ীক আটক কৰা হৈছে। জাগুনৰ ৯ মাইল পাৰ্বতীপুৰৰ পৰা কিৰণ বৰা নামৰ ড্ৰাগছ ব্যৱসায়ীজনক বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ, নগদ ৩২,০০০ টকা, এখন বিলাসী বাহন (নম্বৰ AS23 AP 1671) আৰু এখন পালছাৰ বাইক (নম্বৰ AS23 AE 4483)সহ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত জাগুন আৰক্ষীয়ে আজি কিৰণ বৰা নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰত অতৰ্কিতে অভিযান চলাইছিল। আৰক্ষীয়ে বৰ্তমান ধৃত ড্ৰাগছ ব্যৱসায়ী কিৰণ বৰাক ড্ৰাগছ ব্যৱসায় সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে। এই অভিযানত জাগুন আৰু লেখাপানী আৰক্ষীয়ে অংশগ্ৰহণ কৰিছিল।1
- টিনচুকীয়া জিলাৰ মাকুমৰ ২ নং ৱাৰ্ড ২৪ ঘণ্টা ধৰি অন্ধকাৰত আছে, যাৰ ফলত স্থানীয় ৰাইজৰ মাজত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, বাৰে বাৰে অভিযোগ দাখিল কৰাৰ পিছতো বিদ্যুৎ যোগানৰ সমস্যা সমাধান হোৱা নাই। দীৰ্ঘদিন ধৰি বিদ্যুৎ নথকাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। পৰিস্থিতিৰ প্ৰতিবাদ জনাই ক্ষোভিত ৰাইজে নিশাই বিদ্যুৎ কাৰ্যালয়ত উপস্থিত হৈ শীঘ্ৰে বিদ্যুৎ যোগান স্বাভাৱিক কৰাৰ দাবী জনাইছে।1
- তিনিচুকীয়াত মটৰচাইকেল চোৰৰ উৎপাত ক্ৰমাৎ বৃদ্ধি পাইছে, য'ত চোৰসমূহে নিৰ্ভয়ে চিচিটিভি কেমেৰাকো ভ্ৰূক্ষেপ নকৰাকৈ চোৰকাৰ্য সংঘটিত কৰি আহিছে। এনে এক পৰিৱেশৰ মাজতে হিজুগুৰি আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে। নিউ তিনিচুকীয়া জংচনৰ পৰা চুৰি হোৱা এখন ৰয়েল এনফিল্ড বুলেট (নম্বৰ AS23 AP0551) ডিমাপুৰত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, যোৱা ৮ জুনত ৰে’লৱে কেম্পাছৰ ভিতৰৰ পৰা এগৰাকী কৰ্মচাৰীৰ এই বুলেটখন চুৰি হৈছিল। ইয়াৰ পাছতে হিজুগুৰি আৰক্ষীৰ এটা দলে স্থানীয় আৰক্ষীৰ সহযোগত ডিমাপুৰত তালাচী চলাই হেৰুৱা মটৰচাইকেলখন উদ্ধাৰ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, এই মটৰচাইকেল চুৰিকাণ্ডৰ সৈতে জড়িত কোনো এজনকো আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই।1
- সপোন বুকুত বান্ধি পৰীক্ষা দিবলৈ গুৱাহাটীলৈ যোৱা সোণাৰিৰ মেধাৱী ছাত্ৰী পৰিস্মিতা হাজৰিকা আৰু ঘৰলৈ সশৰীৰে ঘূৰি নাহিল। শুকুৰবাৰে সহপাঠীৰ সৈতে স্কুটীৰে পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাত তেওঁৰ গাৰ ওপৰত এজোপা গছ উভালি পৰাত এগৰাকী প্ৰতিভাৱান ছাত্ৰী চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰে। কালি নিশা গুৱাহাটীত মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি পুৱা তেওঁৰ নশ্বৰ দেহ সোণাৰিৰ নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিকূল বতৰৰ মাজতো শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ অগণন লোকে ভিৰ কৰে। এই মেধাৱী ছাত্ৰীগৰাকীৰ এনে অকাল প্ৰস্থানক কোনেও সহজভাৱে মানি ল'ব পৰা নাই, যাৰ ফলত সমগ্ৰ সোণাৰি এতিয়া শোকস্তব্ধ।1
- ডিব্ৰুগড় জিলাৰ বকুল মাজ গাঁও আৰু কাঠ গাঁৱৰ উদ্যোগী দম্পতী ৰাজু দত্ত আৰু পল্লবী দত্তই এড়ি মুগা পালন কৰি নিজকে স্বাৱলম্বী কৰি তুলিছে। তেওঁলোকে এই উদ্যোগৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ পথ বাছি লৈছে। যিসকল ব্যক্তিয়ে এড়ি মুগা ক্ৰয় কৰিব বিচাৰে, তেওঁলোকে +919864982475 মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।1
- মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত শুকানগুৰি চাহ বাগিছাত বিধায়ক সঞ্জয় কিষাণে এটা পথৰ আধাৰশিলা স্থাপন কৰিছে। এই আধাৰশিলা ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ বিভাগৰ কেবিনেট মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্ব্বানন্দ সোণোৱালৰ হৈ স্থাপন কৰা হয়। অসম চৰকাৰৰ SOPD-G-2024-25 বর্ষ আচঁনিৰ অধীনত আৰু মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহবাগিচা পকীপথ নিৰ্মাণ যোজনাৰ অধীনত এই পথটো নিৰ্মাণ কৰা হ'ব। ১২৮০ মিটাৰ দৈৰ্ঘ্যৰ এই পথটো শুকানগুৰি চাহ বাগিছাৰ দিপক ভূমিজৰ ঘৰৰ পৰা আদৰ্শ অঙ্গনবাৰী কেন্দ্ৰলৈ সংযোগ কৰিব। TG/MAKUM/12 নং পেকেজত পথটোৰ বাবে মুঠ ৮৯,৬০,৩১০ টকাৰ পুঁজি আৱন্টিত হৈছে, আৰু ই তিনিচুকীয়া, ডুমডুমা, মাকুম আৰু শদিয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত নিৰ্মাণ হ'ব।1
- অৰুণাচল প্ৰদেশৰ চেপাত এক অত্যন্ত বেদনাদায়ক আৰু মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হৈছে। এক তীব্ৰবেগী বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ দ খাৰমলিত বাগৰি পৰাৰ ফলত বাহনখনত থকা আটাইকেইজন যাত্ৰীৰে কৰুণ মৃত্যু ঘটে। এই ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুওৱা মুঠ ৫ জন যুৱক। নিহত আটাইকেইজন যুৱকেই অসমৰ লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ অন্তৰ্গত ভৰুলা গাঁৱৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। এই খবৰে সমগ্ৰ অঞ্চলটোতে তীব্ৰ শোকৰ ছাঁ পেলাইছে। স্থানীয় প্ৰশাসনে ইতিমধ্যে নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ লগতে পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।4