logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অভিনেতা অক্ষয় কুমাৰে দিল্লীত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে আজি বিশ্বজুৰি যোগ দিৱস উলহ-মালহেৰে উদযাপন কৰা হৈছে।

7 hrs ago
user_Pranjal Gogoi
Pranjal Gogoi
Dibrugarh East, Assam•
7 hrs ago
9f4837da-ff79-4b4d-b96d-439f3cc403c4

অভিনেতা অক্ষয় কুমাৰে দিল্লীত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে আজি বিশ্বজুৰি যোগ দিৱস উলহ-মালহেৰে উদযাপন কৰা হৈছে।

More news from অসম and nearby areas
  • দুলীয়াজানত প্ৰথমখন উৰনীয়া সেতু আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। এই শুভ মুহূৰ্তত বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰ গগৈ আৰু প্ৰশান্ত ফুকনে নিজৰ মন্তব্য আগবঢ়াই।
    1
    দুলীয়াজানত প্ৰথমখন উৰনীয়া সেতু আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। এই শুভ মুহূৰ্তত বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰ গগৈ আৰু প্ৰশান্ত ফুকনে নিজৰ মন্তব্য আগবঢ়াই।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • আজি সোণাৰি মহাবিদ্যালয় ষ্টেডিয়ামত ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। যোগক আমাৰ প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ এক অমূল্য উপহাৰ হিচাপে বৰ্ণনা কৰা হৈছে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত সহায় কৰে। লগতে, নিয়মিত যোগাভ্যাসে সুস্থ, সবল আৰু সজীৱ জীৱন গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰা হৈছে। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয় আছিল “Yoga for Healthy Ageing”, যিয়ে সুস্থ আৰু সক্ৰিয় বাৰ্ধক্যৰ বাবে যোগাভ্যাসৰ প্ৰয়োজনীয়তা অধিক প্ৰাসংগিক কৰি তুলিছে। এই অনুষ্ঠানত চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, ৰাজ্য সভাৰ সাংসদ যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ আৰু এ পি জি চি এলৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিতকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। তেওঁলোকৰ উপৰিও চৰ্চাকাৰী বিষয়া, বহু সংখ্যক যোগ প্ৰশিক্ষক আৰু সাধাৰণ ৰাইজেও এই যোগাভ্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
    1
    আজি সোণাৰি মহাবিদ্যালয় ষ্টেডিয়ামত ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। যোগক আমাৰ প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ এক অমূল্য উপহাৰ হিচাপে বৰ্ণনা কৰা হৈছে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত সহায় কৰে। লগতে, নিয়মিত যোগাভ্যাসে সুস্থ, সবল আৰু সজীৱ জীৱন গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰা হৈছে। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয় আছিল “Yoga for Healthy Ageing”, যিয়ে সুস্থ আৰু সক্ৰিয় বাৰ্ধক্যৰ বাবে যোগাভ্যাসৰ প্ৰয়োজনীয়তা অধিক প্ৰাসংগিক কৰি তুলিছে।

এই অনুষ্ঠানত চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, ৰাজ্য সভাৰ সাংসদ যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ আৰু এ পি জি চি এলৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিতকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। তেওঁলোকৰ উপৰিও চৰ্চাকাৰী বিষয়া, বহু সংখ্যক যোগ প্ৰশিক্ষক আৰু সাধাৰণ ৰাইজেও এই যোগাভ্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
  • গোগামুখত কেন্দ্ৰীয়ভাৱে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে। এই পবিত্ৰ উপলক্ষে, ঐনিঃতমৰ সম্ৰাগ্ৰী আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক তৰাৱতী মিলি বড়িক “বিষ্ণুৰাভা স্মাৰক বঁটা” প্ৰদান কৰি সন্মানিত কৰা হয়।
    1
    গোগামুখত কেন্দ্ৰীয়ভাৱে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে। এই পবিত্ৰ উপলক্ষে, ঐনিঃতমৰ সম্ৰাগ্ৰী আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক তৰাৱতী মিলি বড়িক “বিষ্ণুৰাভা স্মাৰক বঁটা” প্ৰদান কৰি সন্মানিত কৰা হয়।
    user_DHEMAJI TODAY
    DHEMAJI TODAY
    Local News Reporter ধেমাজি, ধেমাজি, অসম•
    3 hrs ago
  • Domay kawoi fish🐠 farming and fry"l kharidne se comment karo Domay kawoi fish 🐠 farming and fry"l kharidne se comment karo please
    2
    Domay kawoi fish🐠 farming and fry"l
kharidne se comment karo
Domay kawoi fish 🐠 farming and fry"l
kharidne se comment karo please
    user_Surjo Raj
    Surjo Raj
    ধেমাজি, ধেমাজি, অসম•
    22 hrs ago
  • বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে তিনিচুকীয়াত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে ৰাইডাৰ্চ অফ ইষ্ট্ৰান হিমালয়ান গ্ৰুপৰ নেতৃত্বত অসম আৰু অৰুণাচলৰ প্ৰায় ২৪ টাকৈ ৰাইডাৰ্চ গ্ৰুপৰ সহযোগত তিনিচুকীয়া চহৰত এক বিশাল সজাগতামূলক বাইক ৰেলী বাহিৰ কৰা হয়। তিনিচুকীয়াৰ বৰগুৰি বাইপাছৰ পৰা আৰম্ভ কৰা এই ৰেলীৰ ফ্ৰেগ অফ কৰে জ্যেষ্ঠ আৰক্ষী অধিক্ষক মায়ংক কুমাৰে। দিনটোৰ কাৰ্যসূচী হিচাপে তিনিচুকীয়াৰ বৰদলৈন নগৰত থকা আইদেউ সন্দিকৈ বৃদ্ধাশ্ৰমত বিশেষ সাহাৰ্য্য প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, এগৰাকী কণমানি অনাথ কিশোৰকো সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰা হয়।
    4
    বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে তিনিচুকীয়াত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে ৰাইডাৰ্চ অফ ইষ্ট্ৰান হিমালয়ান গ্ৰুপৰ নেতৃত্বত অসম আৰু অৰুণাচলৰ প্ৰায় ২৪ টাকৈ ৰাইডাৰ্চ গ্ৰুপৰ সহযোগত তিনিচুকীয়া চহৰত এক বিশাল সজাগতামূলক বাইক ৰেলী বাহিৰ কৰা হয়। তিনিচুকীয়াৰ বৰগুৰি বাইপাছৰ পৰা আৰম্ভ কৰা এই ৰেলীৰ ফ্ৰেগ অফ কৰে জ্যেষ্ঠ আৰক্ষী অধিক্ষক মায়ংক কুমাৰে।

দিনটোৰ কাৰ্যসূচী হিচাপে তিনিচুকীয়াৰ বৰদলৈন নগৰত থকা আইদেউ সন্দিকৈ বৃদ্ধাশ্ৰমত বিশেষ সাহাৰ্য্য প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, এগৰাকী কণমানি অনাথ কিশোৰকো সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰা হয়।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    3 hrs ago
  • আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে অসমৰ তিনিচুকীয়া জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত উদযাপন কৰা হৈছে। এই বছৰ এইটো ১২ সংখ্যক যোগ দিৱস হিচাপে পালন কৰা হৈছে। দৈনন্দিন জীৱনত শৰীৰ, স্বাস্থ্য আৰু মন সুস্থ-সৱল কৰি ৰাখিবলৈ যোগাসন অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা হৈছে। তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ লগতে বৰগুৰিস্থিত যুৱ সংঘৰ বাকৰিত HEALTH AND WELLNESS CENTER-এ প্ৰতি বছৰৰ দৰে এই বছৰো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰিছে। HEALTH AND WELLNESS CENTER-এ আয়োজন কৰা এই যোগ দিৱসত তিনিচুকীয়াৰ ভিন্ন প্ৰান্তৰ মহিলা আৰু কণ কণ শিশুসকলে অংশগ্ৰহণ কৰিছে।
    1
    আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে অসমৰ তিনিচুকীয়া জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত উদযাপন কৰা হৈছে। এই বছৰ এইটো ১২ সংখ্যক যোগ দিৱস হিচাপে পালন কৰা হৈছে। দৈনন্দিন জীৱনত শৰীৰ, স্বাস্থ্য আৰু মন সুস্থ-সৱল কৰি ৰাখিবলৈ যোগাসন অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা হৈছে।

তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ লগতে বৰগুৰিস্থিত যুৱ সংঘৰ বাকৰিত HEALTH AND WELLNESS CENTER-এ প্ৰতি বছৰৰ দৰে এই বছৰো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰিছে। HEALTH AND WELLNESS CENTER-এ আয়োজন কৰা এই যোগ দিৱসত তিনিচুকীয়াৰ ভিন্ন প্ৰান্তৰ মহিলা আৰু কণ কণ শিশুসকলে অংশগ্ৰহণ কৰিছে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    8 hrs ago
  • চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি সোণাৰীত ভাৰোত্তোলন কাৰ্যালয়ৰ অৱশিষ্ট অংশৰ আধাৰশিলা স্থাপন কৰা হয়। বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অধীনত ৭ লক্ষ টকা ব্যয় সাপেক্ষে এই কাৰ্যালয় নিৰ্মাণ কৰা হ’ব। সোণাৰি সমষ্টিৰ বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰে এই আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ক্ৰীড়াক যুৱ সমাজক শৃংখলাবদ্ধ, সুস্থ আৰু আত্মবিশ্বাসী কৰি তোলাৰ এক শক্তিশালী মাধ্যম হিচাপে অভিহিত কৰে। তেওঁ লগতে কয় যে ভাৰোত্তোলনৰ দৰে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ জৰিয়তে জিলাখনৰ প্ৰতিভাৱান খেলুৱৈসকলে অধিক সুবিধা লাভ কৰাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পাব। বিধায়কে চৰাইদেউ জিলাৰ ক্ৰীড়া আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো উন্নয়নমূলক পদক্ষেপ অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ মুখ্য প্ৰশিক্ষক অনুপ কোঁৱৰ, সাধাৰণ সম্পাদক কেশৱ গগৈ, চৰাইদেউ জিলাৰ ক্ৰীড়া বিষয়া ধৰিত্ৰী গগৈ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, সোণাৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া সমীৰণ নেওগ, সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিপুল দে প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইফালে, চৰাইদেউ জিলা ভাৰোত্তোলন সংঘৰ উদ্যোগত সোণাৰি বাণিজ্য মহাবিদ্যালয়ত এক বিশেষ সম্বৰ্ধনা সভাও অনুষ্ঠিত হয়। এই সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে। সোণাৰি সমষ্টিৰ বিধায়ক হিচাপে দ্বিতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ উপলক্ষে সংঘৰ তৰফৰ পৰা তেওঁক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ শেষত বিধায়কে চৰাইদেউ জিলা ভাৰোত্তোলন সংঘৰ বিষয়ববীয়া, খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু উপস্থিত সকলো শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে যুৱ সমাজক সুস্থ আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সংঘটোৰ অৱদানৰ শলাগ লয় আৰু ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নত সদায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
    1
    চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি সোণাৰীত ভাৰোত্তোলন কাৰ্যালয়ৰ অৱশিষ্ট অংশৰ আধাৰশিলা স্থাপন কৰা হয়। বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অধীনত ৭ লক্ষ টকা ব্যয় সাপেক্ষে এই কাৰ্যালয় নিৰ্মাণ কৰা হ’ব। সোণাৰি সমষ্টিৰ বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰে এই আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ক্ৰীড়াক যুৱ সমাজক শৃংখলাবদ্ধ, সুস্থ আৰু আত্মবিশ্বাসী কৰি তোলাৰ এক শক্তিশালী মাধ্যম হিচাপে অভিহিত কৰে। তেওঁ লগতে কয় যে ভাৰোত্তোলনৰ দৰে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ জৰিয়তে জিলাখনৰ প্ৰতিভাৱান খেলুৱৈসকলে অধিক সুবিধা লাভ কৰাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পাব। বিধায়কে চৰাইদেউ জিলাৰ ক্ৰীড়া আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো উন্নয়নমূলক পদক্ষেপ অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে।

আধাৰশিলা স্থাপন অনুষ্ঠানত চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ মুখ্য প্ৰশিক্ষক অনুপ কোঁৱৰ, সাধাৰণ সম্পাদক কেশৱ গগৈ, চৰাইদেউ জিলাৰ ক্ৰীড়া বিষয়া ধৰিত্ৰী গগৈ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, সোণাৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া সমীৰণ নেওগ, সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিপুল দে প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

ইফালে, চৰাইদেউ জিলা ভাৰোত্তোলন সংঘৰ উদ্যোগত সোণাৰি বাণিজ্য মহাবিদ্যালয়ত এক বিশেষ সম্বৰ্ধনা সভাও অনুষ্ঠিত হয়। এই সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে। সোণাৰি সমষ্টিৰ বিধায়ক হিচাপে দ্বিতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ উপলক্ষে সংঘৰ তৰফৰ পৰা তেওঁক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানৰ শেষত বিধায়কে চৰাইদেউ জিলা ভাৰোত্তোলন সংঘৰ বিষয়ববীয়া, খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু উপস্থিত সকলো শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে যুৱ সমাজক সুস্থ আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সংঘটোৰ অৱদানৰ শলাগ লয় আৰু ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নত সদায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    2 hrs ago
  • আজি দুলীয়াজানৰ মাধপপুৰত নাহৰকটীয়া-দুলীয়াজান সংযোগী উৰণীয়া সেতুখন মুকলি কৰা হয়। ৰাজ্যসভাৰ সাংসদ তেৰচ গোৱালাৰ উপস্থিতিত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই উৰণীয়া সেতুখন উদ্বোধন কৰে। উদ্বোধন অনুষ্ঠানত সাংসদ তেৰচ গোৱালায়ে মন্তব্য আগবঢ়ায়।
    1
    আজি দুলীয়াজানৰ মাধপপুৰত নাহৰকটীয়া-দুলীয়াজান সংযোগী উৰণীয়া সেতুখন মুকলি কৰা হয়। ৰাজ্যসভাৰ সাংসদ তেৰচ গোৱালাৰ উপস্থিতিত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই উৰণীয়া সেতুখন উদ্বোধন কৰে। উদ্বোধন অনুষ্ঠানত সাংসদ তেৰচ গোৱালায়ে মন্তব্য আগবঢ়ায়।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.