Shuru
Apke Nagar Ki App…
টীয়ক বিধানসভা সমষ্টিত যুৱনেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে প্ৰাৰ্থীত্ব লাভ কৰাতো নিশ্চিত হৈছে ! ❄️টীয়ক বিধানসভা সমষ্টি এইবাৰ বিজেপিৰ হাতলৈ ❄️বিজেপি নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈ টীয়ক সমষ্টিৰ প্ৰাৰ্থী হোৱাতো একপ্ৰকাৰ নিশ্চিত ❄️ঈশ্বৰ প্ৰসন্ন বৰদলৈ "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম" কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
টীয়ক বিধানসভা সমষ্টিত যুৱনেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে প্ৰাৰ্থীত্ব লাভ কৰাতো নিশ্চিত হৈছে ! ❄️টীয়ক বিধানসভা সমষ্টি এইবাৰ বিজেপিৰ হাতলৈ ❄️বিজেপি নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈ টীয়ক সমষ্টিৰ প্ৰাৰ্থী হোৱাতো একপ্ৰকাৰ নিশ্চিত ❄️ঈশ্বৰ প্ৰসন্ন বৰদলৈ "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম" কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি
More news from অসম and nearby areas
- সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। 4
- চৰাইদেউৰ বিভিন্ন প্ৰান্তৰ লগতে মথুৰাপুৰ চাহ বাগিচাৰ পূজা মণ্ডপত শ্ৰী শ্ৰী মা মঙ্গলা আৰু চড়ক পূজা আয়োজন কৰা হয় । মাইবেলাস্থিত নদী ঘাটত মা কালীৰ আৰাধনাৰে মথুৰাপুৰলৈ পদযাত্ৰা কৰি ঐতিহাসিক চড়ক পূজা আৰম্ভ হয় । শিৱৰ ভক্ত সকলে ঢাকৰ তালে তালে জুইৰ অঙঠাৰ ওপৰত নৃত্য, চোকা দাৰ ওপৰত নৃত্য আদি নানা পৌৰাণিক কৌশল প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক সচকিত কৰি তোলে। পূজা স্থলিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।1
- মাজুলীৰ ভকতিদুৱাৰত বিহু অনুষ্ঠান কৰিব জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে, সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ উদ্যোগত আয়োজন কৰা ব'হাগী উৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে।1
- জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ বিহু । এই বিহুৰ বতৰত আপোন শিল্পীজনক পাহৰে কেনেকৈ ? সাত বিহু প্ৰথম গৰু বিহুৰ দিনটোত যেন কিবা এটা হেৰুৱাৰ অনুভৱ অসমবাসীৰ । মৰাণৰ কোশল নগৰত ৰাইজে নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি এটি প্ৰাৰ্থনাৰে ঈশ্বৰ পুত্ৰলৈ শ্ৰদ্ধা নিবেদিলে বহুজনে । ৰাইজৰ আশা প্ৰাণৰ শিল্পীজনে যাতে চিৰশান্তি লাভ কৰে ।1
- হেঁপাহৰ ব'হাগক আদৰাৰ প্ৰস্তুতি। চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলেও আজিৰ পৰা আৰম্ভ কৰিছে অনুষ্ঠান। বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাইজৰ আশীষ শিৰত লৈ আগবাঢ়িছে মঞ্চৰ বাবে।1
- Happy rongali bihu ❤️🩹1
- Post by Imdad hussain1
- গৰু বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে আজি তেজপুৰ বিশ্ববিদ্যালয়ত ১২ ফুট দৈৰ্ঘ্যৰ এডাল বৃহৎ অজগৰ সাপ উদ্ধাৰ কৰা হয়। বিশ্ববিদ্যালয়ৰ 'মাছ কমিউনিকেচন' বিভাগৰ কাষত প্ৰায় ৪০-৪৫ কেজি ওজনৰ অজগৰটো প্ৰত্যক্ষ কৰি চিকিউৰিটি ছুপাৰভাইজাৰ অৱনী কেওঁটে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক খবৰ দিয়ে। ইয়াৰ পাছতে সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু তেওঁৰ দলৰ উপ-সভাপতি মুহচিনুৰ ৰহমানে অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এইটোৱেই চলিত বৰ্ষত উদ্ধাৰ হোৱা সৰ্ববৃহৎ অজগৰ। পাছত সাপডাল বন বিভাগৰ সহযোগত ভোমোৰাগুৰী বনাঞ্চলত মুকলি কৰি দিয়া হয়।1