Shuru
Apke Nagar Ki App…
সোণাৰিৰ চৰাইদেউ সমন্বয় বিহু দল সাজু মঞ্চত বিহু প্ৰদৰ্শনৰ বাবে হেঁপাহৰ ব'হাগক আদৰাৰ প্ৰস্তুতি। চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলেও আজিৰ পৰা আৰম্ভ কৰিছে অনুষ্ঠান। বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাইজৰ আশীষ শিৰত লৈ আগবাঢ়িছে মঞ্চৰ বাবে।
Charaideo News & Entertainment
সোণাৰিৰ চৰাইদেউ সমন্বয় বিহু দল সাজু মঞ্চত বিহু প্ৰদৰ্শনৰ বাবে হেঁপাহৰ ব'হাগক আদৰাৰ প্ৰস্তুতি। চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলেও আজিৰ পৰা আৰম্ভ কৰিছে অনুষ্ঠান। বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাইজৰ আশীষ শিৰত লৈ আগবাঢ়িছে মঞ্চৰ বাবে।
More news from অসম and nearby areas
- হেঁপাহৰ ব'হাগক আদৰাৰ প্ৰস্তুতি। চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলেও আজিৰ পৰা আৰম্ভ কৰিছে অনুষ্ঠান। বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাইজৰ আশীষ শিৰত লৈ আগবাঢ়িছে মঞ্চৰ বাবে।1
- জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ বিহু । এই বিহুৰ বতৰত আপোন শিল্পীজনক পাহৰে কেনেকৈ ? সাত বিহু প্ৰথম গৰু বিহুৰ দিনটোত যেন কিবা এটা হেৰুৱাৰ অনুভৱ অসমবাসীৰ । মৰাণৰ কোশল নগৰত ৰাইজে নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি এটি প্ৰাৰ্থনাৰে ঈশ্বৰ পুত্ৰলৈ শ্ৰদ্ধা নিবেদিলে বহুজনে । ৰাইজৰ আশা প্ৰাণৰ শিল্পীজনে যাতে চিৰশান্তি লাভ কৰে ।1
- Happy rongali bihu ❤️🩹1
- আধুনিকতাৰ ধামখুমীয়াত ক্ৰমে হেৰাই যাব ধৰিছে বিহুৰ লগত জৰিত বহু সমল । যান্ত্ৰিকতাৰ মাজত লুপ্ত হৈছে কড়ি খেলো । বহাগৰ উৰুকাৰ দিনা সামৰা হয় এই খেল । চৰাইদেউ জিলাৰ কেইবাখনো গাঁৱত আয়োজন কৰা হয় এই কড়ি খেল1
- সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। 4
- *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷2
- আজি গৰু বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো পালন কৰিছে গৰু বিহু ৷ তিনিচুকীয়া মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও একত্ৰিত হৈ উদযাপন কৰিছে গৰুবিহু। জ্যোতিনগৰৰ টিংৰাই নৈত একত্ৰিত হৈ পুৱাই গৰুক গা ধুৱাই পালন কৰে গৰু বিহু ।1
- Post by Charaideo news1