Shuru
Apke Nagar Ki App…
ৰাজ্যত একাংশ চৰকাৰী কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ নীতি-নিৰ্দেশনাক গুৰুত্ব নিদি অৱজ্ঞা কৰি আহিছে। এই সন্দৰ্ভত এক তথ্য অনুসৰি, কলাই গাঁও সমিপৰ ভকতপাৰাত থকা হস্ততাত প্ৰশিক্ষণ কেন্দ্ৰত বিষয়া আৰু কৰ্মচাৰীসকল সময়মতে নিজৰ কাৰ্যালয়ত উপস্থিত নহয়।
যদুমনি নাথ
ৰাজ্যত একাংশ চৰকাৰী কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ নীতি-নিৰ্দেশনাক গুৰুত্ব নিদি অৱজ্ঞা কৰি আহিছে। এই সন্দৰ্ভত এক তথ্য অনুসৰি, কলাই গাঁও সমিপৰ ভকতপাৰাত থকা হস্ততাত প্ৰশিক্ষণ কেন্দ্ৰত বিষয়া আৰু কৰ্মচাৰীসকল সময়মতে নিজৰ কাৰ্যালয়ত উপস্থিত নহয়।
More news from অসম and nearby areas
- গুৱাহাটীৰ জালুকবাৰী এলেকাত ৰে'লৱেৰ ভূমি বেদখল কৰি থকা লোকসকলৰ ঘৰত বুলড'জাৰ চলিল। এই অভিযানত বেদখলকাৰীসকলৰ বাসস্থান উচ্ছেদ কৰা হয়। এই সন্দৰ্ভত অসমৰ কেইবাজনো নেতাই নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আনহাতে, স্থানীয় মহিলাসকলে মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকক থাকিবলৈ ঠাই যোগান ধৰিবলৈ কাতৰ আহ্বান জনাইছে।1
- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।1
- আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।1
- বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁই আৰু লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা অৰ্চনা শৰ্মাই জিলা ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ন'ডেল বিষয়া ডাঃ জয়া প্ৰভা বড়ো, জ্যোতিষ বৰ্মন তথা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত সজাগতা সমদলটোৰ শুভাৰম্ভ কৰে। সমদলত জিএনএম প্ৰশিক্ষণ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে ধঁপাত বিৰোধী বিভিন্ন শ্লোগান আৰু বাৰ্তাসম্বলিত ফলক লৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। ৰেলীৰ অন্তত পবিতৰা হাটত অনুষ্ঠিত সভাত বিভিন্ন সংগঠনৰ সদস্য, অংগনৱাড়ী কৰ্মী, স্থানীয় বাসিন্দা, ছাত্ৰ-ছাত্ৰী আৰু বহু সংখ্যক সাধাৰণ লোক উপস্থিত থাকে। সভাত বক্তব্য ৰাখি ডাঃ জয়া প্ৰভা বড়োৱে ধঁপাত সেৱনৰ ফলত স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে এক বিস্তৃত অডিঅ'-ভিজুৱেল উপস্থাপন কৰে। তেওঁ উল্লেখ কৰে যে ধঁপাত সেৱন বিশ্বজুৰি অসংক্ৰামক ৰোগৰ অন্যতম মুখ্য কাৰণ আৰু ধঁপাতজনিত বিভিন্ন ৰোগত প্ৰতি বছৰে প্ৰায় ৮০ লাখ লোকৰ মৃত্যু হয়। তেওঁ লগতে কয় যে অসমত প্ৰায় ৪৮.২ শতাংশ প্ৰাপ্তবয়স্ক লোকে কোনো নহয় কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে, যি এক গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা। ডাঃ বড়োৱে উপস্থিত সকলোকে ধঁপাতজাতীয় সামগ্ৰী পৰিহাৰ কৰাৰ আহ্বান জনোৱাৰ লগতে পৰিয়াল আৰু সমাজত ধঁপাত বিৰোধী সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ অংশৰূপে লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি পৰিৱেশন কৰে। অনুষ্ঠানৰ সামৰণিত উপস্থিত সকলোৱে ধঁপাত বিৰোধী শপত গ্ৰহণ কৰে। ধঁপাতমুক্ত জীৱন যাপন আৰু এখন সুস্থ, সচেতন তথা ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ সংকল্পৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে।1
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ উদ্যোগত মুছলপুৰত কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত সমিতিয়ে কৃতি ছাত্ৰ-ছাত্ৰীসকলক সন্মান জনায়।1
- তামুলপুৰত গৰাখহনীয়া ৰোধৰ প্ৰতি লক্ষ্য ৰাখি বৰনদীৰ পাৰত পাঁচ সহস্ৰাধিক গছপুলি ৰোপণ কৰা হৈছে। ৩১ মে'ত হস্তিনাপুৰ বাথৌ মন্দিৰৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য'ত হস্তিনাপুৰ ডোঙৰগাঁৱ গুৱাবাৰীৰ ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই গছপুলি ৰোপণ কাৰ্যসূচীত তামুলপুৰ বন বিভাগে সহায়-সহযোগিতা আগবঢ়ায়। তদুপৰি, স্থানীয় ছয়পত্ৰি এন জি অ'য়েও ইয়াত সহযোগিতা কৰে। আজি বন বিষয়া সকলে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হস্তিনাপুৰ বাথৌ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জিতেন বড়ো আৰু সম্পাদক সঞ্জীৱ দৈমাৰীয়ে এই তথ্য জনাইছে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ভোটপাৰা ষ্টেডিয়ামত সদৌ অসম ভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।1