logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তিনিচুকীয়া জিলাৰ ডিগৈত হিন্দুস্তান অইল এক্সপ্ল'ৰেচন কোম্পানী লিমিটেড (HOEC)-এ এক বিশেষ আপাতকালীন অনুশীলনৰ আয়োজন কৰে। ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সৃষ্টি হ'ব পৰা সম্ভাৱ্য বিপদৰ পৰা সাৱধানতা অৱলম্বন আৰু এনে পৰিস্থিতিত কিদৰে পৰিত্ৰাণ পাব পাৰি, তাৰ ওপৰত ভিত্তি কৰিয়েই এই প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

1 day ago
user_জেৰিণা আৰ হাজৰিকা
জেৰিণা আৰ হাজৰিকা
Doom Dooma, Tinsukia•
1 day ago

তিনিচুকীয়া জিলাৰ ডিগৈত হিন্দুস্তান অইল এক্সপ্ল'ৰেচন কোম্পানী লিমিটেড (HOEC)-এ এক বিশেষ আপাতকালীন অনুশীলনৰ আয়োজন কৰে। ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সৃষ্টি হ'ব পৰা সম্ভাৱ্য বিপদৰ পৰা সাৱধানতা অৱলম্বন আৰু এনে পৰিস্থিতিত কিদৰে পৰিত্ৰাণ পাব পাৰি, তাৰ ওপৰত ভিত্তি কৰিয়েই এই প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

More news from অসম and nearby areas
  • ডুমডুমাৰ জি. এন. বি. ৰোডত অৱস্থিত এটা পৰিয়ালৰ ঘৰত এডাল সাপ সোমোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ আতংকৰ। পৰিয়ালটোৱে সাপডাল প্ৰত্যক্ষ কৰি ই বিষাক্ত ‘কমন ক্ৰেইট’ সাপৰ দৰে দেখা পোৱাত ভয় খাইছিল যদিও পিছত স্থানীয় এগৰাকী যুৱকে ইয়াক ‘কমন উল্ফ স্নেক’ বুলি চিনাক্ত কৰে। এই প্ৰজাতিটো সম্পূৰ্ণ বিষহীন হোৱাত পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস পেলায়। উদ্ধাৰকাৰী যুৱকজনে জানিবলৈ দিয়া অনুসৰি, সাপডালে ঘৰৰ ভিতৰতে আঠটা কণী পাৰিছিল। কণীকেইটা উপযুক্ত উষ্ণতাত ৰখাৰ প্ৰায় ৯০ দিনৰ পিছত তাৰ পৰা আঠোটা পোৱালিৰ জন্ম হয়। বৰ্তমান আঠোটা পোৱালি সুকলমে আছে আৰু বন বিভাগৰ সহযোগত অতি শীঘ্ৰেই এই পোৱালিকেইটাক প্ৰকৃতিৰ বুকুত পুনৰ এৰি দিয়া হ'ব।
    3
    ডুমডুমাৰ জি. এন. বি. ৰোডত অৱস্থিত এটা পৰিয়ালৰ ঘৰত এডাল সাপ সোমোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ আতংকৰ। পৰিয়ালটোৱে সাপডাল প্ৰত্যক্ষ কৰি ই বিষাক্ত ‘কমন ক্ৰেইট’ সাপৰ দৰে দেখা পোৱাত ভয় খাইছিল যদিও পিছত স্থানীয় এগৰাকী যুৱকে ইয়াক ‘কমন উল্ফ স্নেক’ বুলি চিনাক্ত কৰে। এই প্ৰজাতিটো সম্পূৰ্ণ বিষহীন হোৱাত পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস পেলায়।

উদ্ধাৰকাৰী যুৱকজনে জানিবলৈ দিয়া অনুসৰি, সাপডালে ঘৰৰ ভিতৰতে আঠটা কণী পাৰিছিল। কণীকেইটা উপযুক্ত উষ্ণতাত ৰখাৰ প্ৰায় ৯০ দিনৰ পিছত তাৰ পৰা আঠোটা পোৱালিৰ জন্ম হয়। বৰ্তমান আঠোটা পোৱালি সুকলমে আছে আৰু বন বিভাগৰ সহযোগত অতি শীঘ্ৰেই এই পোৱালিকেইটাক প্ৰকৃতিৰ বুকুত পুনৰ এৰি দিয়া হ'ব।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    8 hrs ago
  • নামৰূপৰ এপিএল ৰেঙণি ভৱনত আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হয়। এই অনুষ্ঠানত নামৰূপৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
    1
    নামৰূপৰ এপিএল ৰেঙণি ভৱনত আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হয়। এই অনুষ্ঠানত নামৰূপৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • ডিব্ৰুগড় জিলাৰ টিংখাঙত 'অন্বেষণ ২০২৬' নামৰ এক শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত 'Growth from Grassroots'-এ এই কৰ্মশালাখনৰ আয়োজন কৰিছে। যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই শৈক্ষিক কৰ্মশালাখন অহা ১৬ জুলাইলৈকে অনুষ্ঠিত হ’ব।
    1
    ডিব্ৰুগড় জিলাৰ টিংখাঙত 'অন্বেষণ ২০২৬' নামৰ এক শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত 'Growth from Grassroots'-এ এই কৰ্মশালাখনৰ আয়োজন কৰিছে। যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই শৈক্ষিক কৰ্মশালাখন অহা ১৬ জুলাইলৈকে অনুষ্ঠিত হ’ব।
    user_TINGKHONG NEWS TODAY
    TINGKHONG NEWS TODAY
    Media and information sciences faculty Tingkhong, Dibrugarh•
    6 hrs ago
  • ডিব্ৰুগড় চহৰৰ নিচেই কাষতে থকা টিংখং ভঙাআলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নদীৰ গৰা দিনে-নিশাই নিৰন্তৰভাৱে খহি থকাৰ ফলত অঞ্চলটোত এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। এই খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগে বৰ্তমান অঞ্চলটোত প্ৰতিৰোধমূলক চেষ্টা অব্যাহত ৰাখিছে।
    4
    ডিব্ৰুগড় চহৰৰ নিচেই কাষতে থকা টিংখং ভঙাআলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নদীৰ গৰা দিনে-নিশাই নিৰন্তৰভাৱে খহি থকাৰ ফলত অঞ্চলটোত এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগে বৰ্তমান অঞ্চলটোত প্ৰতিৰোধমূলক চেষ্টা অব্যাহত ৰাখিছে।
    user_DIBRUGARH NEWS 24×7
    DIBRUGARH NEWS 24×7
    Local News Reporter ডিব্ৰুগড় পূব, ডিব্ৰুগড়, অসম•
    10 hrs ago
  • চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি চাহবাগিছাৰ টেংকি পুখুৰীত বাস কৰা ‘জিমি’ নামৰ কাছজনী এতিয়া অঞ্চলটোৰ শিশুসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰায় এক কুইণ্টল ওজনৰ এই কাছজনীয়ে শিশুসকলৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। শিশুসকলে মাতিলেই পুখুৰীৰ পাৰলৈ ঢপলিয়াই অহা জিমিৰ বাবে তেওঁলোকে বিস্কুট, বেঙেনা, বিলাহী আৰু মুড়িৰ দৰে খাদ্য লৈ আহে। কেৱল খাদ্য খুৱাই নহয়, শিশুসকলে মৰমৰ জিমিৰ গা ধোৱাই দিও বিভিন্ন ধৰণে মৰম যাচে। পুখুৰীটোত আন কাছ থাকিলেও জিমি কিন্তু শিশুসকলৰ সংগ ল’বলৈহে বেছি আগ্ৰহী। জিমিৰ এই বিশেষ আচৰণ আৰু শিশুসকলৰ সৈতে তাৰ বন্ধুত্বই এতিয়া বহু লোকক আকৰ্ষণ কৰিছে। এই বিৰল দৃশ্য চাবলৈ টেংকি পুখুৰীৰ পাৰত বহু লোকৰ ভিৰ পৰিলক্ষিত হৈছে। এই পৰিস্থিতিত স্থানীয় ৰাইজে চাহবাগিছা কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষক টেংকি পুখুৰীটো চাফ-চিকুণ কৰি ৰখাৰ লগতে ইয়াৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
    1
    চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি চাহবাগিছাৰ টেংকি পুখুৰীত বাস কৰা ‘জিমি’ নামৰ কাছজনী এতিয়া অঞ্চলটোৰ শিশুসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰায় এক কুইণ্টল ওজনৰ এই কাছজনীয়ে শিশুসকলৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। শিশুসকলে মাতিলেই পুখুৰীৰ পাৰলৈ ঢপলিয়াই অহা জিমিৰ বাবে তেওঁলোকে বিস্কুট, বেঙেনা, বিলাহী আৰু মুড়িৰ দৰে খাদ্য লৈ আহে। কেৱল খাদ্য খুৱাই নহয়, শিশুসকলে মৰমৰ জিমিৰ গা ধোৱাই দিও বিভিন্ন ধৰণে মৰম যাচে। পুখুৰীটোত আন কাছ থাকিলেও জিমি কিন্তু শিশুসকলৰ সংগ ল’বলৈহে বেছি আগ্ৰহী।

জিমিৰ এই বিশেষ আচৰণ আৰু শিশুসকলৰ সৈতে তাৰ বন্ধুত্বই এতিয়া বহু লোকক আকৰ্ষণ কৰিছে। এই বিৰল দৃশ্য চাবলৈ টেংকি পুখুৰীৰ পাৰত বহু লোকৰ ভিৰ পৰিলক্ষিত হৈছে। এই পৰিস্থিতিত স্থানীয় ৰাইজে চাহবাগিছা কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষক টেংকি পুখুৰীটো চাফ-চিকুণ কৰি ৰখাৰ লগতে ইয়াৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    7 hrs ago
  • নাহৰকটীয়া নগৰৰ পথসমূহৰ ধূলি-বালি আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নাহৰকটীয়া পৌৰসভাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ উদ্যোগত চহৰখনৰ মূল পথসমূহত 'ৱাটাৰ শ্প্ৰিংকুলাৰ এণ্টি ডাষ্ট গান' (Water Sprinkler Anti Dust Gun) ব্যৱহাৰ কৰি পানী ছটিওৱা হয়। পৌৰসভাৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।
    2
    নাহৰকটীয়া নগৰৰ পথসমূহৰ ধূলি-বালি আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নাহৰকটীয়া পৌৰসভাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ উদ্যোগত চহৰখনৰ মূল পথসমূহত 'ৱাটাৰ শ্প্ৰিংকুলাৰ এণ্টি ডাষ্ট গান' (Water Sprinkler Anti Dust Gun) ব্যৱহাৰ কৰি পানী ছটিওৱা হয়। পৌৰসভাৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    14 hrs ago
  • তিনিচুকীয়া জিলাৰ মাকুম থানাৰ অন্তৰ্গত পি চাং ধাবাৰ সমীপত শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তিনিচুকীয়াৰ দিশৰ পৰা আহি থকা অৱস্থাত AS23AP0887 নম্বৰৰ এখন মাৰুতি চুজুকি ডিজাৱাৰ আৰু AS23AJ7328 নম্বৰৰ এখন বাইকৰ মাজত এই দুৰ্ঘটনাটো ঘটে। জানিব পৰা মতে, একে দিশে আহি থকা বাইকখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই মাৰুতি চুজুকি ডিজাৱাৰখনৰ পিছফালত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত বাইক চালকজন গুৰুতৰভাৱে আহত হয়।
    1
    তিনিচুকীয়া জিলাৰ মাকুম থানাৰ অন্তৰ্গত পি চাং ধাবাৰ সমীপত শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তিনিচুকীয়াৰ দিশৰ পৰা আহি থকা অৱস্থাত AS23AP0887 নম্বৰৰ এখন মাৰুতি চুজুকি ডিজাৱাৰ আৰু AS23AJ7328 নম্বৰৰ এখন বাইকৰ মাজত এই দুৰ্ঘটনাটো ঘটে।

জানিব পৰা মতে, একে দিশে আহি থকা বাইকখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই মাৰুতি চুজুকি ডিজাৱাৰখনৰ পিছফালত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত বাইক চালকজন গুৰুতৰভাৱে আহত হয়।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.