মৰিগাঁৱত ব্যক্তিগত সুৰক্ষা সেৱাৰ কাৰ্যালয় মুকলি* *বেদান্ত চিকিউৰিটি চলিউচনত সংস্থাপিত হ'ব পাৰিব শতাধিক নিবনুৱা যুৱক যুৱতী*- মৰিগাঁৱৰ বুকুত আজি এক আশাৰ পোহৰ জ্বলাই আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল “বেদান্ত চিকিউৰিটি চলিউচন” নামৰ ব্যক্তিগত সুৰক্ষা সেৱাৰ কাৰ্যালয়।* *মৰিগাঁও স্কুল খেলপথাৰৰ সমীপত অৱস্থিত এই নতুন প্ৰতিষ্ঠানটো এক মাংগলিক পৰিৱেশত ফিটা কাটি উদ্বোধন কৰে অসম চৰকাৰৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ জ্যেষ্ঠ সচিব দিলীপ কুমাৰ বৰাই।* *উদ্বোধনী অনুষ্ঠান উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি বৰাই আশাবাদ ব্যক্ত কৰে যে এই প্ৰতিষ্ঠানটোৱে অঞ্চলটোৰ শতাধিক নিবনুৱা যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ দুৱাৰ মুকলি কৰিব। তেওঁ কয় যে ,এনে প্ৰতিষ্ঠানে সমাজত অৰ্থ-সামাজিক বিকাশৰ গতি অধিক গৌৰাম্বিত কৰিব।* *অনুষ্ঠানটোত উপস্থিত থাকে মৰিগাঁও জিলাৰ উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, উপ আৰক্ষী অধীক্ষক প্ৰীতম শইকীয়া, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি অজিত শৰ্মা, প্ৰতিষ্ঠানটোৰ মুখ্য উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনীৰাম বৰা আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি।* *প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক বেদান্ত বিকাশ বৰাই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে, সুৰক্ষা সেৱাৰ ক্ষেত্ৰত নতুন মানদণ্ড স্থাপন কৰাৰ লগতে স্থানীয় যুৱ সমাজক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ। অনুষ্ঠানটো সুকলমে আঁতধৰে বিদিশা বৰাই।* *এই নৱ প্ৰতিষ্ঠানটোয়ে মৰিগাঁৱৰ যুৱক যুৱতীক আত্মসংস্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব*

- Post by Mustafa SalimAhmed1
- বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত বটদ্ৰৱাত সতী ৰাধিকা মহোৎসৱ উৎযাপন।1
- নগাঁও জিলাৰ অন্যতম শিক্ষানুষ্ঠান ফালাহ গ্ৰুপ অফ ইনষ্টিটিউট চমুকৈ FGI শিক্ষানুষ্ঠানৰ ছাত্ৰী ,আজাদ নগৰৰ নিবাসী জাকীৰ হুছেইন ভূঞাৰ জেষ্ঠ কন্যা ওৱাসিমা আকতাৰা ভূঞাই বিজ্ঞান শাখাত ৮২.৮% শতাংশ নম্বৰ অৰ্জন কৰি সুখ্যাতিৰে সফলতা লাভ কৰাত পৰিয়ালবৰ্গ তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ অতি পৰিতাপৰ বিষয় এই যে পৰীক্ষাৰ প্ৰাকক্ষণত প্রায় ছমাহ কাল চিকিৎসাজনীত কাৰণত পঢ়াশুনা কৰিব পৰা নাছিল যদিও যিখিনি সফলতা আৰ্জিলে তাক লৈয়ে পৰিয়াল বৰ্গ সুখী বুলি জানিব দিয়ে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত আজি উদ্যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ উল্লেখ্য যে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো বেলশিৰি চাহ বাগিছাত উদ্যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ আজিৰ উক্ত শ্ৰমিক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে শ্ৰমিক নেতা জছপাল টপ্ন ৷1
- বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য1
- মঠঘৰীয়া দুৰ্ঘটনাৰ পাছতে ছামিমে তে....জ লগা পোচাকযোৰ দলিয়াইছিল নলালৈ । তাৰ পাছতে অন্য গাড়ী মাতি পলাই গৈছিল ছামিম গুৱাহাটীৰ পৰা।1
- Post by Mahesh kumar das1
- বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত বটদ্ৰৱাত সতী ৰাধিকা মহোৎসৱ উৎযাপন। সতী ৰাধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী,অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসৰ । সঞ্জীৱ দাসে কয় যে কৈৱৰ্ত কুলৰ মহীয়সী আই সতী ৰাধিকাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে দাসে আইগৰাকীৰ নামত শীঘ্ৰে এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী জনাইছে চৰকাৰক।একেটা দাবী গৱেষক জুৰী শইকীয়াও উত্থাপন কৰে। গামোচা উত্তোলন, সদৌ অসম ভিত্তিত সতী ৰাধিকা সন্দৰ্ভত থিতাতে লিখা ৰচনা, চিত্রাংকন প্রতিযোগিতা, খোল প্রসঙ্গ, নাম প্রসঙ্গ আৰু শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই সভাপতিত্ব কৰা মুখ্য কাৰ্যসূচী ধর্মালোচনী সভা অনুষ্ঠিত হয়৷ সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰচাৰক জগত বণিয়া৷ বিশিষ্ট অতিথিহিচাপে উপস্থিত থাকে গৱেষক জুৰী শইকীয়া৷ ইফালে সন্ধিয়া নগাঁৱৰ পাঞ্চজন্য শিল্পী সমাজে গুৰুজনাৰ বিৰচিত অংকীয়া নাট ‘পাৰিজাত হৰণ’ পৰিবেশন কৰিব৷1
- নগাঁৱৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠা কালৰে পৰা গণিত আৰু পৰিসংখ্যা বিষয়ত পাঠদান কৰি অহা শিক্ষা প্ৰতিষ্ঠান খনিৰ অন্যতম শিক্ষক দেৱজিৎ দাস। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ধাৰাবাহিক সাফল্যৰ আঁৰৰ অন্যতম এগৰাকী শিক্ষক দেৱজিৎ দাসৰ বাসগৃহত উপস্থিত হৈ এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হৈছিলো। আহক আমি আলোচনাৰ মাজলৈ যাওঁ।1