logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাটৰ একমাত্ৰ ৰক্ষাকৱচস্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে, যি পৰিস্থিতিয়ে নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। এই সংকটময় পৰিস্থিতিৰ বুজ ল’বলৈ ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বনাথ পাণপুৰ মথাউৰিৰ তেৱাৰিপাল তিনিআলিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যে, ১৯৯১ চনৰে পৰা চতিয়াৰ দক্ষিণ অঞ্চলত বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়াৰ কবলত পৰি আহিছে। বৰ্তমান সময়ত বিশেষকৈ কলাকাটি গাঁৱত গৰাখহনীয়াই এক ভয়াবহ ৰূপ লৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ পানপুৰ মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ ২০ মিটাৰ দূৰত্ব বাকী আছে। পৰিদৰ্শনকালত বিধায়ক পদ্ম হাজৰিকাই কয় যে বৰ্তমান অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৬০ কোটি টকা আৱণ্টন দিছে আৰু এই প্ৰতিৰোধৰ কাম তীব্ৰ গতিত চলি আছে। তেওঁ দৃঢ়তাৰে কয় যে যি কোনো প্ৰকাৰে বিশ্বনাথ পানপুৰ মথাউৰি ৰক্ষা কৰিবই লাগিব। ২০১২ চনৰ বানপানীত এই অঞ্চলত যি বৃহৎ ক্ষতি হৈছিল, তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে।

2 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
2 hrs ago

বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাটৰ একমাত্ৰ ৰক্ষাকৱচস্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে, যি পৰিস্থিতিয়ে নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। এই সংকটময় পৰিস্থিতিৰ বুজ ল’বলৈ ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বনাথ পাণপুৰ

মথাউৰিৰ তেৱাৰিপাল তিনিআলিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যে, ১৯৯১ চনৰে পৰা চতিয়াৰ দক্ষিণ অঞ্চলত বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়াৰ কবলত পৰি আহিছে। বৰ্তমান সময়ত বিশেষকৈ কলাকাটি গাঁৱত গৰাখহনীয়াই এক ভয়াবহ ৰূপ লৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ পানপুৰ

মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ ২০ মিটাৰ দূৰত্ব বাকী আছে। পৰিদৰ্শনকালত বিধায়ক পদ্ম হাজৰিকাই কয় যে বৰ্তমান অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৬০ কোটি টকা আৱণ্টন দিছে আৰু এই প্ৰতিৰোধৰ কাম তীব্ৰ গতিত চলি আছে। তেওঁ দৃঢ়তাৰে

কয় যে যি কোনো প্ৰকাৰে বিশ্বনাথ পানপুৰ মথাউৰি ৰক্ষা কৰিবই লাগিব। ২০১২ চনৰ বানপানীত এই অঞ্চলত যি বৃহৎ ক্ষতি হৈছিল, তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে।

More news from অসম and nearby areas
  • বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাটৰ একমাত্ৰ ৰক্ষাকৱচস্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে, যি পৰিস্থিতিয়ে নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। এই সংকটময় পৰিস্থিতিৰ বুজ ল’বলৈ ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বনাথ পাণপুৰ মথাউৰিৰ তেৱাৰিপাল তিনিআলিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যে, ১৯৯১ চনৰে পৰা চতিয়াৰ দক্ষিণ অঞ্চলত বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়াৰ কবলত পৰি আহিছে। বৰ্তমান সময়ত বিশেষকৈ কলাকাটি গাঁৱত গৰাখহনীয়াই এক ভয়াবহ ৰূপ লৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ পানপুৰ মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ ২০ মিটাৰ দূৰত্ব বাকী আছে। পৰিদৰ্শনকালত বিধায়ক পদ্ম হাজৰিকাই কয় যে বৰ্তমান অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৬০ কোটি টকা আৱণ্টন দিছে আৰু এই প্ৰতিৰোধৰ কাম তীব্ৰ গতিত চলি আছে। তেওঁ দৃঢ়তাৰে কয় যে যি কোনো প্ৰকাৰে বিশ্বনাথ পানপুৰ মথাউৰি ৰক্ষা কৰিবই লাগিব। ২০১২ চনৰ বানপানীত এই অঞ্চলত যি বৃহৎ ক্ষতি হৈছিল, তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে।
    4
    বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাটৰ একমাত্ৰ ৰক্ষাকৱচস্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে, যি পৰিস্থিতিয়ে নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। এই সংকটময় পৰিস্থিতিৰ বুজ ল’বলৈ ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বনাথ পাণপুৰ মথাউৰিৰ তেৱাৰিপাল তিনিআলিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে।

উল্লেখ্য যে, ১৯৯১ চনৰে পৰা চতিয়াৰ দক্ষিণ অঞ্চলত বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়াৰ কবলত পৰি আহিছে। বৰ্তমান সময়ত বিশেষকৈ কলাকাটি গাঁৱত গৰাখহনীয়াই এক ভয়াবহ ৰূপ লৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ পানপুৰ মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ ২০ মিটাৰ দূৰত্ব বাকী আছে।

পৰিদৰ্শনকালত বিধায়ক পদ্ম হাজৰিকাই কয় যে বৰ্তমান অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৬০ কোটি টকা আৱণ্টন দিছে আৰু এই প্ৰতিৰোধৰ কাম তীব্ৰ গতিত চলি আছে। তেওঁ দৃঢ়তাৰে কয় যে যি কোনো প্ৰকাৰে বিশ্বনাথ পানপুৰ মথাউৰি ৰক্ষা কৰিবই লাগিব। ২০১২ চনৰ বানপানীত এই অঞ্চলত যি বৃহৎ ক্ষতি হৈছিল, তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    2 hrs ago
  • Post by Saifuddin Poniyni
    2
    Post by Saifuddin Poniyni
    user_Saifuddin Poniyni
    Saifuddin Poniyni
    Tezpur, Sonitpur•
    19 hrs ago
  • অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে আজি ঢেকীয়াজুলিত দেখা দিয়া যানজঁটৰ বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰিছে।
    1
    অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে আজি ঢেকীয়াজুলিত দেখা দিয়া যানজঁটৰ বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰিছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    7 hrs ago
  • বিতৰ্কিত কংগ্ৰেছী নেতা নূৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই লোৱা বুলি মন্তব্য কৰিছে।
    1
    বিতৰ্কিত কংগ্ৰেছী নেতা নূৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই লোৱা বুলি মন্তব্য কৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    1 hr ago
  • উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিগাঁও জিলাত কংগ্ৰেছ দলে এক ডাঙৰ খহনীয়াৰ সন্মুখীন হৈছে। লাহৰীঘাট সমষ্টিৰ অধীনৰ তিনিজন জিলা পৰিষদ সদস্যই দলত্যাগ কৰিছে। ভূৰাগাঁও, লাহৰীঘাট আৰু মৈৰাবাৰী জিলা পৰিষদৰ সদস্য ক্ৰমে মুবাশ্বৰ আহমেদ, আবু জাহিৰ আৰু পৰিমা বেগমে মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতিলৈ তেওঁলোকৰ দলত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এই তিনিজন জিলা পৰিষদ সদস্যই অতি সোনকালে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰাৰ সম্ভাৱনা আছে।
    1
    উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিগাঁও জিলাত কংগ্ৰেছ দলে এক ডাঙৰ খহনীয়াৰ সন্মুখীন হৈছে। লাহৰীঘাট সমষ্টিৰ অধীনৰ তিনিজন জিলা পৰিষদ সদস্যই দলত্যাগ কৰিছে। ভূৰাগাঁও, লাহৰীঘাট আৰু মৈৰাবাৰী জিলা পৰিষদৰ সদস্য ক্ৰমে মুবাশ্বৰ আহমেদ, আবু জাহিৰ আৰু পৰিমা বেগমে মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতিলৈ তেওঁলোকৰ দলত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এই তিনিজন জিলা পৰিষদ সদস্যই অতি সোনকালে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰাৰ সম্ভাৱনা আছে।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    19 hrs ago
  • চৰকাৰৰ ধাৰাবাহিক ব্যৰ্থতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিয়ে মৰিগাঁও চহৰত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নেতৃত্বৰ লগতে অৰ্ধশতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। তেওঁলোকে অভিযোগ কৰে যে চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে বাৰে বাৰে NEET আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে, যাৰ ফলত পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মূখীন হৈছে। লগতে, নিযুক্তি প্ৰক্ৰিয়াত অস্বাভাৱিক পলম হোৱাৰ বাবে ৰাজ্য আৰু দেশৰ লাখ লাখ শিক্ষিত যুৱক-যুৱতীৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰিছে আৰু বৰ্তমানৰ চৰকাৰে নিবনুৱা সমস্যাৰ কোনো সঠিক আৰু স্থায়ী সমাধান উলিয়াব পৰা নাই বুলিও কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰে। ইফালে, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু জীৱনদায়িনী ঔষধ আদিকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা হয়। কংগ্ৰেছৰ মতে, এই অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰকাৰে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই।
    1
    চৰকাৰৰ ধাৰাবাহিক ব্যৰ্থতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিয়ে মৰিগাঁও চহৰত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নেতৃত্বৰ লগতে অৰ্ধশতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। তেওঁলোকে অভিযোগ কৰে যে চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে বাৰে বাৰে NEET আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে, যাৰ ফলত পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মূখীন হৈছে। লগতে, নিযুক্তি প্ৰক্ৰিয়াত অস্বাভাৱিক পলম হোৱাৰ বাবে ৰাজ্য আৰু দেশৰ লাখ লাখ শিক্ষিত যুৱক-যুৱতীৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰিছে আৰু বৰ্তমানৰ চৰকাৰে নিবনুৱা সমস্যাৰ কোনো সঠিক আৰু স্থায়ী সমাধান উলিয়াব পৰা নাই বুলিও কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰে। ইফালে, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু জীৱনদায়িনী ঔষধ আদিকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা হয়। কংগ্ৰেছৰ মতে, এই অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰকাৰে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    20 hrs ago
  • প্ৰথমে এই ভিডিঅ'টো চাবলৈ আহ্বান জনোৱা হৈছে, য'ত এটা শিশুৱে কি ক'লে সেয়া দেখুওৱা হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে এই দাবী কৰা হৈছে যে প্ৰতিজন ভাৰতীয় নাগৰিক সেই শিশুটিৰ দৰে হোৱা উচিত।
    1
    প্ৰথমে এই ভিডিঅ'টো চাবলৈ আহ্বান জনোৱা হৈছে, য'ত এটা শিশুৱে কি ক'লে সেয়া দেখুওৱা হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে এই দাবী কৰা হৈছে যে প্ৰতিজন ভাৰতীয় নাগৰিক সেই শিশুটিৰ দৰে হোৱা উচিত।
    user_SK Maa all round
    SK Maa all round
    ধিং, নগাঁও, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.