তামুলপুৰত বিপিএফৰ নিৰ্বাচনী তৎপৰতা: হাগ্ৰামা মহিলাৰীৰ উন্নয়নৰ গেৰাণ্টি আৰু প্ৰমোদ বড়োক তীব্ৰ সমালোচনা চাংগ্ৰাং ব্ৰহ্মৰ তামুলপুৰত বিপিএফৰ নিৰ্বাচনী তৎপৰতা: হাগ্ৰামা মহিলাৰীৰ উন্নয়নৰ গেৰাণ্টি আৰু প্ৰমোদ বড়োক তীব্ৰ সমালোচনা চাংগ্ৰাং ব্ৰহ্মৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাৰ লগে লগেই বিটিচি অঞ্চলত ৰাজনৈতিক দলসমূহৰ সাংগঠনিক কুচকাৱাজ বৃদ্ধি পাইছে আৰু ইয়াৰ অংশ হিচাপে আজি তামুলপুৰ জিলাৰ গয়বাৰী ব্লক বিপিএফৰ যুৱ শাখাৰ উদ্যোগত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চাংগ্ৰাং ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ স্বপ্নৰ বিটিচি গঢ়াৰ সংকল্প দোহাৰে আৰু বিশেষকৈ দলটোত মহিলাসকলক প্ৰদান কৰা মৰ্যাদাৰ কথা উল্লেখ কৰি বিপিএফৰ পাঁচটা প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীয়ে সম্পূৰ্ণ কৰিবই বুলি দৃঢ়তাৰে ঘোষণা কৰে। ভাষণ প্ৰসংগত তেওঁ হাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজত থকা ঘনিষ্ঠতা আৰু তেওঁলোকৰ সু-সমন্বয়ৰ কথা উল্লেখ কৰাৰ বিপৰীতে ৰাজ্যসভাৰ সাংসদ তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক এজন স্বাৰ্থকেন্দ্ৰিক নেতা বুলি আখ্যা দি তীব্ৰ ভাষাৰে কটাক্ষ কৰি কয় যে পৰিষদীয় সদস্যৰ পৰা ৰাজ্যসভাৰ সাংসদ হোৱাৰ পিছত এতিয়া বিধায়ক হোৱাৰ সপোন দেখা প্ৰমোদ বড়োৱে সম্ভৱতঃ অনাগত দিনত পৌৰসভাৰ অধ্যক্ষ আৰু গাঁওবুঢ়াৰ দৰে পদৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিব। সংবিধানৰ ১২৫ অনুচ্ছেদ সংশোধন কৰিবলৈ বুলি ৰাজ্যসভালৈ যোৱা প্ৰমোদ বড়োৱে এতিয়া কেৱল ক্ষমতাৰ লালসাত নিম্নখাপৰ ৰাজনীতি কৰা বুলিও তেওঁ সমালোচনা কৰে। ইফালে, শান্তি-সম্প্ৰীতি আৰু একতাৰ ধ্বনিৰে বিটিচিৰ উন্নয়নৰ হকে কাম কৰা বিপিএফৰ বিপৰীতে ইউপিপিএলৰ নেতাসকলে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ টুপি পিন্ধি নাটক কৰা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। চাংগ্ৰাং ব্ৰহ্মৰ মতে, ৰাকেশ ব্ৰহ্ম বা প্ৰমোদ বড়োৱে পিন্ধা এই টুপি কেৱল ভোটৰ ৰাজনীতিহে; প্ৰকৃততে তেওঁলোকে জাতি-জনগোষ্ঠীসমূহক ভাগ ভাগ কৰি শাসন কৰিব বিচাৰিছে। আনহাতে, সভাত উপস্থিত থাকি বিপিএফ নেতা জিতেন মুছাহাৰীয়ে প্ৰমোদ বড়োক এগৰাকী 'মিছলীয়া' নেতা আখ্যা দি হাগ্ৰামা মহিলাৰীৰ কথা আৰু কামৰ মিল থকা বুলি মন্তব্য কৰে। তেওঁ কয় যে বিপিএফৰ পাঁচ গেৰাণ্টিয়েই হ’ব বিটিচিৰ উন্নয়নৰ মূল আধাৰ। উক্ত সভাত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপক ডেকাৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকি দলীয় কৰ্মীসকলক একগোট হৈ আগন্তুক নিৰ্বাচনত বিপিএফ তথা এনডিএৰ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰি প্ৰমোদ বড়োক উচিত শিক্ষা দিবলৈ আহ্বান জনায়। আনহাতে আজি আবেলি নিজ ডেফেলত বিপিএফ নেতা মুকুত নাৰ্জাৰীৰ সভাপতিত্বত আন এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। ব্লক বিপিএফৰ সাধাৰণ সম্পাদক ডেৰহাছাৰ বড়োই আদৰণি ভাষণ দিয়া সভাত বি এছ ইউৰ সভাপতি সৗগমচাৰ বসুমতাৰী, উপ-সভাপতি খেমচন্দ্ৰ ব্ৰহ্মসহ ৰাজেন বড়ো, মাধৱ দাস, খাম্পা ব্ৰহ্ম, পি এম বিৰ সদস্য বিমলেন্দ্ৰু ব্ৰহ্মসহ বিপিএফ দলৰ শীৰ্ষ নেতাৰ লগতে জিলা আৰু ব্লক সমিতিৰ কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।###

- বিজেপিৰ আনুষ্ঠানিক প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পূৰ্বেই তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ হাজাৰ হাজাৰ সমৰ্থক লগত লৈ পদ যাত্ৰা।1
- ৰঙিয়া ৰাজীৱ ভবণত নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে আজি বিৰোধী ঐক্য মঞ্চই অনুষ্ঠিত কৰা সংবাদ মেল সম্বোধন প্ৰাণজিৎ চৌধুৰীৰ। সংবাদ মেলত বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ নেতা মজিবুদ্দিন আহমেদেও মন্তব্য আগবঢ়াই।1
- 📌বজালীৰ পাটাছাৰকুছি থানাৰ সমীপত ভয়ানক পথ দুৰ্ঘটনা || 📌অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত তিনি যুৱক || 📌সংকটজনক অৱস্থাত শ্বহীদ মদন-ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি তিনিওজনক || 📌AS14U0970 নম্বৰৰ এখন মটৰ চাইকেলৰে আহি টিহুৰ পৰা আহি আছিল তিনিওজন ||1
- ৪২ নং বাক্সা(এচটি) সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত ৰাকেশ ব্ৰহ্মৰ প্ৰথম প্ৰতিক্ৰিয়া। . . . . . . . #AssemblyElection2026 #UPPL #RakeshBrahma #ABCNewsAssam1
- 📌 “প্ৰদ্যুৎ বৰদলৈ বিজেপিত! মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া— ৰাজনীতিত ডাঙৰ পৰিবৰ্তন?” 📌 “বিজেপিত যোগদানৰ পাছত প্ৰদ্যুৎ বৰদলৈক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য!” #PradyutBordoloi #HimantaBiswaSarma #AssamPolitics #BJPAssam #BreakingNews #AssamNews #NewsUpdate #Election2026 #TrendingNow #ViralNews1
- বৰপেটা নিৰ্বাচনী জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ ভিতৰত আজি প্ৰথমখন মনোনয়ন দাখিল কৰা হয়। নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে ফাৰুক খানে নিৰ্বাচনী জিলাখনত প্ৰথমজন প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন দাখিল কৰে । বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অকলে উপস্থিত হৈ মনোনয়ন দাখিল কৰা ফাৰুক খানে ইয়াৰ পূৰ্বেও একাধিক নিৰ্বাচনত অংশগ্ৰহণ কৰিছে । দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন সামাজিক কাৰ্যত জড়িত হৈ আহিছে আৰু বিশেষকৈ “ডি” ভোটাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ইফালে, বিধায়ক হিচাপে নিৰ্বাচিত হ’লে বিধায়ক পুঁজিৰ ধনৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগ দূৰ কৰাৰ আশ্বাস দিয়ে ফাৰুক খানে।1
- ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহ নিৰ্মানত দুৰ্নীতিৰ অভিযোগ প্ৰাক্তন ছাত্ৰৰ ৰাজ্যৰ শিক্ষাখণ্ডৰ অভিলাসী আঁচনিৰ অন্তৰ্গত আদৰ্শ বিদ্যালয়ৰ মুঠ ৬৭ খন বিদ্যালয়ৰ নিৰ্বাচনৰ ঢাক ঢোল বজোৱাৰ বাবে যোৱা ২ ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰে। তাৰ ভিতৰত দক্ষিণ কামৰূপৰ অন্যতম শিক্ষানুষ্ঠান ছয়গাঁও উচ্চতৰ মাধামিক বিদ্যালয়ও আছিল ৷ সেই অনুসৰি ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন নিৰ্মানত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি আঁচনিৰ একে পৰিমাণৰ ধনেৰে অন্য স্থানত দুমহলীয়া বিল্ডিং নিৰ্মাণ কৰিছে যদিও ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম আৰ্হিৰ ঘৰ নিৰ্মান কিহৰ বাবে বুলি সংবাদমেলত মন্তব্য কৰে প্ৰাক্তন ছাত্ৰ গৰাকীয়ে । ইয়াৰ উপৰিও নিৰ্মান কাৰ্যত দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে । আনহাতে বিদ্যালয় পৰিচালনা সমিতিৰ ওপৰত উঠা দুৰ্নীতিৰ অভিযোগৰ পিছতে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা আৰু পৰিচালনা সমিতি জড়িত নহয় বুলি মঙলবাৰে সংবাদ মেল যোগে ব্যক্ত কৰিছিল। আজি পুনৰ বিদ্যালয়ৰ অধ্যক্ষা তথা পৰিচালনা সমিতিৰ বিৰুদ্ধে অভিযোগ তোলে অসম জাতীয় সেনাৰ সভাপতি তথা বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ নয়ন মণি শালৈয়ে। আজি ছয়গাঁও সাহিত্য সভা ভৱনত অনুষ্ঠিত এক সংবাদ মেলত জাতীয় সেনাৰ সভাপতি নয়ন মণি শালৈয়ে কয় গৃহ নিৰ্মানত দুৰ্নীতি হোৱা বুলি অধ্যক্ষা গৰাকীয়ে সংবাদ মাধ্যম যোগে অভিযোগ কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়। যদি দুৰ্নীতি সংঘটিত হোৱা বুলি অধ্যক্ষা গৰাকীয়ে জানিছিল তেওঁ কিয় ৰাজহুৱা সভা পাতি আগতে বিষয়টো ৰাজহুৱা নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে। আনহাতে 'গণপতি কনষ্ট্ৰাকচন' নামৰ ঠিকাদাৰ সংস্থাটোৱে দুমহলীয়া বিল্ডিং নিৰ্মান নকৰি অসম আৰ্হিৰ গৃহ নিৰ্মান কৰি ৭ কোটি টকাৰ ৫ কোটি টকায়ে আত্মসাৎ কৰা বুলি অভিযোগ কৰে। বিদ্যালয়ৰ নৱনিৰ্মিত গৃহৰ প্ৰাক কলন ৰাজহুৱা নকৰি বিদ্যালয় কৰ্তৃপক্ষও দুৰ্নীতি কাৰ্যত জড়িত থকাৰ সন্দেহ কৰে জাতীয় সেনাই।1
- তামুলপুৰত UPPL-ৰ সংবাদমেল, প্ৰমোদ বড়োৰ প্ৰাৰ্থীত্বক লৈ উৎসাহৰ ঢল তামুলপুৰ, তামুলপুৰ জিলা UPPL কাৰ্যালয়ত আজি UPPL দলে এখন সংবাদমেল আয়োজন কৰে। এই সংবাদমেলত তামুলপুৰ সমষ্টিৰ বাবে UPPL-ৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা প্ৰমোদ বড়োক উষ্ম আদৰণি জনোৱা হয়। সংবাদমেলত দলীয় নেতাসকলে কয় যে, তামুলপুৰ সমষ্টিত প্ৰমোদ বড়ো প্ৰাৰ্থী হোৱাৰ লগে লগে ভোটাৰৰ মাজত এক উৎসাহৰ ঢল দেখা গৈছে। তেওঁলোকৰ মতে, প্ৰমোদ বড়োৰ নেতৃত্বত সমগ্ৰ তামুলপুৰ জিলাত শিক্ষা, যাতায়ত আৰু স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ উল্লেখযোগ্য উন্নয়ন সাধিত হৈছে। ইয়াৰ উপৰি, UPPL দলে ইতিমধ্যে ঘোষণা কৰা প্ৰাৰ্থীসকলকো অভিনন্দন জনায়। দলীয় সূত্ৰে জানিবলৈ দিয়া মতে, সংবাদমেলত শীঘ্ৰেই দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব। ইপিনে, বিধায়ক জলেন দৈমাৰী য়ে কয় যে, বিগত পাঁচটা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত BTR অঞ্চলত হোৱা উন্নয়ন স্পষ্টভাৱে দৃশ্যমান হৈছে। তেওঁ লগতে কয় যে, দলটোৱে কেৱল BTR অঞ্চলতেই নহয়, সমগ্ৰ অসমৰ সামগ্ৰিক উন্নয়ন কামনা কৰে।1