Shuru
Apke Nagar Ki App…
শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ গেৰেকীয়াত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। তেজপুৰ গেৰেকীয়াত আয়োজিত এই চিকিৎসা শিবিৰৰ শুভ উদ্বোধন কৰে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।
Assam sangbad 24
শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ গেৰেকীয়াত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। তেজপুৰ গেৰেকীয়াত আয়োজিত এই চিকিৎসা শিবিৰৰ শুভ উদ্বোধন কৰে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।
More news from অসম and nearby areas
- আজি হৰ্ণবিল পাৰ্কৰ এক মনোৰম পৰিৱেশত ‘সদৌ অসম সূত সন্মিলন’ৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাখনি সফলতাৰে সম্পন্ন হৈছে। এই উপলক্ষে সমাজৰ গৌৰৱস্বৰূপ কীৰ্তিমানসকলক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।1
- বিশ্বনাথত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচার্য আভ্যন্তৰীণ প্রেক্ষাগৃহত অনুষ্ঠিত হৈছিল। কাৰ্যসূচীৰ অংশ হিচাপে কেইগৰাকীমান অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। লগতে, এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত বিশ্বনাথ চাৰিআলিৰ ভিতৰত সুখ্যাতি অর্জন কৰা মুঠ ৪২০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও, বিশ্বনাথ চাৰিআলিলৈ আন আন কাৰিকৰী দিশত সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলকো এই বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা, জ্যেষ্ঠ নাগৰিক ৰাজেন দাস, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সুৰজ ভূঞা, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে। অসম সেনা বিশ্বনাথ আঞ্চলিক সভাপতি নিহাৰ শইকীয়াৰ লগতে আছু গোট বিষয়ববীয়াসকল, কেইবাগৰাকী গণ্যমান্য ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।4
- বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠান অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য আভ্যন্তৰীণ প্ৰেক্ষাগৃহত আয়োজিত কৰা হৈছিল।1
- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।1
- উৰিষ্যাত উপ-সঞ্চালক দেবব্ৰত মহন্তৰ বাসগৃহত ভিজিলেন্সে অভিযান চলাই এক বৃহৎ পৰিমাণৰ টকা জব্দ কৰিছে। অভিযানকাৰীসকলে গণি শেষ কৰিব নোৱাৰা কোটি কোটি টকা উদ্ধাৰ কৰিছে, যাক স্থানীয়ভাৱে উপ-সঞ্চালকৰ ঘৰত টকাৰ পাহাৰ হিচাপে বৰ্ণনা কৰা হৈছে। এই অভিযানত মুঠ ৪.২৭ কোটি টকা জব্দ কৰা হয়।1
- আজি জাগীৰোড বিধান সভা সমষ্টিৰ মনহা গাঁও পঞ্চায়তত বিধায়ক পীযুষ হাজৰিকাই একাংশ স্থানীয় ৰাইজৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিধায়কগৰাকীয়ে ৰাইজৰ বিভিন্ন সমস্যা আৰু অসুবিধাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ পৰামৰ্শ আৰু মতামত গ্ৰহণ কৰে। ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ লক্ষ্যৰে সদায় নিষ্ঠাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিও তেওঁ ব্যক্ত কৰে। মত বিনিময় কাৰ্যসূচীৰ অন্তত, বিধায়ক পীযুষ হাজৰিকাই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিগৰাকী শিক্ষার্থীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই কৃতী শিক্ষার্থীক উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।1
- তামুলপুৰত গৰাখহনীয়া ৰোধৰ প্ৰতি লক্ষ্য ৰাখি বৰনদীৰ পাৰত পাঁচ সহস্ৰাধিক গছপুলি ৰোপণ কৰা হৈছে। ৩১ মে'ত হস্তিনাপুৰ বাথৌ মন্দিৰৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য'ত হস্তিনাপুৰ ডোঙৰগাঁৱ গুৱাবাৰীৰ ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই গছপুলি ৰোপণ কাৰ্যসূচীত তামুলপুৰ বন বিভাগে সহায়-সহযোগিতা আগবঢ়ায়। তদুপৰি, স্থানীয় ছয়পত্ৰি এন জি অ'য়েও ইয়াত সহযোগিতা কৰে। আজি বন বিষয়া সকলে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হস্তিনাপুৰ বাথৌ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জিতেন বড়ো আৰু সম্পাদক সঞ্জীৱ দৈমাৰীয়ে এই তথ্য জনাইছে।1
- মৰিগাঁও জিলাৰ বৰছলাত এক শোকাৱহ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে, য'ত এজন ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয়। শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। মৃত কৰ্মচাৰীজন হৈছে ৩৬ বছৰীয়া জাকিৰ হুছেইন, যি লাহৰিঘাট বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনত ঠিকাভিত্তিকভাৱে কৰ্মৰত আছিল। তেওঁ লাহৰিঘাট থানাৰ অন্তৰ্গত ২নং বৰছলা গাঁৱৰ মৃত সুৰুজ আলীৰ পুত্ৰ আছিল। ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে জাকিৰ হুছেইনে বৰছলা আৰক্ষী পহৰা চকীৰ কাষতে অৱস্থিত জিয়ু টেলিকম কোম্পানীৰ এটা ট্ৰেন্সফৰ্মাৰৰ বিসংগতি মেৰামতি কৰিবলৈ অকলে গৈছিল। মেৰামতিৰ কাম চলি থকা অৱস্থাত তেওঁ হঠাতে উচ্চ ভল্টেজৰ বিদ্যুতৰ সংস্পৰ্শলৈ আহে আৰু ঘটনাস্থলীতেই মৃত্যুবৰণ কৰে। ঘটনাৰ খবৰ পাই বৰছলা আৰক্ষী পহৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতকৰ পৰিয়াল আৰু আত্মীয়-স্বজনসকলে ঘটনাটোৰ নিৰপেক্ষ আৰু সঠিক তদন্ত দাবী কৰিছে, লগতে মৃত্যুৰ আঁৰত কোনো গাফিলতি বা দায়িত্বহীনতা আছিল নেকি সেয়া উদ্ঘাটন কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে। দুই সন্তানৰ পিতৃ জাকিৰ হুছেইনৰ এই অকাল মৃত্যুৰ বাবে কোন দায়ী— কৰ্তৃপক্ষৰ ত্ৰুটি নে সুৰক্ষা ব্যৱস্থাৰ অভাৱ— এই সকলো প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। এই ঘটনাটোৱে পুনৰ এবাৰ বিদ্যুৎ বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মক্ষেত্ৰৰ সুৰক্ষা ব্যৱস্থা আৰু দায়বদ্ধতা সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।3