বিশ্বনাথত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচার্য আভ্যন্তৰীণ প্রেক্ষাগৃহত অনুষ্ঠিত হৈছিল। কাৰ্যসূচীৰ অংশ হিচাপে কেইগৰাকীমান অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। লগতে, এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত বিশ্বনাথ চাৰিআলিৰ ভিতৰত সুখ্যাতি অর্জন কৰা মুঠ ৪২০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও, বিশ্বনাথ চাৰিআলিলৈ আন আন কাৰিকৰী দিশত সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলকো এই বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা, জ্যেষ্ঠ নাগৰিক ৰাজেন দাস, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সুৰজ ভূঞা, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে। অসম সেনা বিশ্বনাথ আঞ্চলিক সভাপতি নিহাৰ শইকীয়াৰ লগতে আছু গোট বিষয়ববীয়াসকল, কেইবাগৰাকী গণ্যমান্য ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
বিশ্বনাথত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচার্য আভ্যন্তৰীণ প্রেক্ষাগৃহত অনুষ্ঠিত হৈছিল। কাৰ্যসূচীৰ অংশ হিচাপে কেইগৰাকীমান অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। লগতে,
এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত বিশ্বনাথ চাৰিআলিৰ ভিতৰত সুখ্যাতি অর্জন কৰা মুঠ ৪২০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও, বিশ্বনাথ চাৰিআলিলৈ আন আন কাৰিকৰী দিশত সুনাম
কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলকো এই বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা, জ্যেষ্ঠ নাগৰিক ৰাজেন দাস, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সুৰজ
ভূঞা, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে। অসম সেনা বিশ্বনাথ আঞ্চলিক সভাপতি নিহাৰ শইকীয়াৰ লগতে আছু গোট বিষয়ববীয়াসকল, কেইবাগৰাকী গণ্যমান্য ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
- বিশ্বনাথৰ বীণাপাণি নাট্যমন্দিৰত শনিবাৰে বিয়লি ৫ বজাত বিশ্ব বাইচাইকেল দিৱস উদযাপনৰ বাবে এখন কমিটি গঠন কৰা হয়। অহা ৭ জুনত উদযাপন কৰিবলগীয়া এই দিৱসৰ উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হৈছিল। বিশ্বনাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বলীন ভূঞা দেৱে সভাখনৰ সভাপতিত্ব কৰিছিল। অঞ্চলটোৰ সমাজ সচেতন মহলে এই অনুষ্ঠানত উপস্থিত থাকি প্রয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়। এই সভাতে বলীন ভূঞাক সভাপতি, স্নেহাংকৰ চক্ৰবৰ্ত্তীক সম্পাদক আৰু নিহাৰ শইকীয়াক মুখপাত্ৰ হিচাপে লৈ এখন ১৫ জনীয়া উদযাপন কমিটি গঠন কৰা হয়। উল্লেখ্য যে, বিশ্ব বাইচাইকেল দিৱস ৩ জুনত হ'লেও, সমগ্ৰ ভাৰতৰ ১৩০খন চহৰৰ লগতে বিশ্বনাথতো অহা ৭ জুনত এই দিৱসৰ সৈতে সংগতি ৰাখি এক বাইচাইকেল ৰেলী উলিওৱা হ’ব। উদ্যাপন কমিটিয়ে বিশ্বনাথবাসী ৰাইজক এই কাৰ্যসূচীত সক্ৰিয়তাৰে অংশগ্ৰহণ আৰু সহযোগ কৰিবলৈ আহ্বান জনাইছে।3
- বিহুৰ বিচাৰকক সামাজিক মাধ্যমত অপমান কৰা সন্দৰ্ভত সত্ৰীয়া গুৰু অংকু মনি কপিলে অৱশেষত ক্ষমা বিচাৰিছে।1
- ৰূপহী হাটলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন ছাত্ৰী ছাবানা ইয়াছমিনক তেওঁৰ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত সম্বৰ্ধনা জনোৱা হ'ল। এই উপলক্ষে, প্ৰাক্তন ছাত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ নিজৰ ছাত্ৰী জীৱনৰ বহু কথা আমাৰ আগত প্ৰকাশ কৰে।1
- ৰূপহীহাটৰ কাছখাইটীত মডাৰ্ণ আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত নিশা প্ৰায় ১১ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ কেইবা লাখ টকাৰ স্কুলীয়া সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ নিমিষতে জুইত জাহ যায়, যাৰ ফলত সমগ্ৰ বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ছাৰখাৰ হয়। অগ্নিকাণ্ডৰ কাৰণ হিচাপে স্হানীয় ৰাইজে দুষ্ট চক্ৰৰ কাণ্ড অথবা বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। এই ঘটনাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। যদিও সোণাৰিবালী আৰু আমবাগানৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনা স্থলীত উপস্থিত হৈছিল, তথাপি তেওঁলোকে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱাৰ পূৰ্বেই বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্হানীয় ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো বিদ্যালয়খনক ৰক্ষা কৰিব পৰা নগল। এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি স্হানীয় ৰাইজে চৰকাৰৰ ওচৰত ৰূপহী, লাইলুৰী আৰু কাৱৈমাৰী আদি অঞ্চলত তৎকালীনভাৱে অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনাইছে।1
- নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁৱৰ গেৰুৱাত প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে এই মৃত্যুক পৰিকল্পিত হত্যা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজন জাজৰি বগৰিগুৰিৰ ৰিংকু দাস বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, ৰিংকু দাসৰ মৰিগাঁৱৰ গেৰুৱাৰ অনিতা পাটৰ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালৰ দাবী অনুসৰি, ২৫ মে’ তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল, কিন্তু তাৰ পিছতে তেওঁ জীৱিত হৈ ঘৰলৈ উভতি নাহিল আৰু শৱদেহ হিচাপেহে ওভতাই অনা হ'ল। এই ঘটনাক লৈ ৰিংকু দাসৰ পৰিয়াল আৰু স্থানীয় গাঁৱবাসীয়ে অভিযোগ কৰিছে যে, প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই প্ৰেমিকাৰ পৰিয়ালে ৰিংকুক পৰিকল্পিতভাৱে হত্যা কৰিছে। ইফালে, ভুক্তভোগী পৰিয়ালে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে। পৰিয়াল আৰু গাঁৱবাসীয়ে উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰি ন্যায় নিশ্চিত কৰিবলৈ দাবী জনাইছে।3
- বিশ্বনাথত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচার্য আভ্যন্তৰীণ প্রেক্ষাগৃহত অনুষ্ঠিত হৈছিল। কাৰ্যসূচীৰ অংশ হিচাপে কেইগৰাকীমান অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। লগতে, এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত বিশ্বনাথ চাৰিআলিৰ ভিতৰত সুখ্যাতি অর্জন কৰা মুঠ ৪২০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও, বিশ্বনাথ চাৰিআলিলৈ আন আন কাৰিকৰী দিশত সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলকো এই বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা, জ্যেষ্ঠ নাগৰিক ৰাজেন দাস, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সুৰজ ভূঞা, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে। অসম সেনা বিশ্বনাথ আঞ্চলিক সভাপতি নিহাৰ শইকীয়াৰ লগতে আছু গোট বিষয়ববীয়াসকল, কেইবাগৰাকী গণ্যমান্য ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।4
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ভোটপাৰা ষ্টেডিয়ামত সদৌ অসম ভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।1