logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তিতাবৰৰ মেলামাটিত অহা ২৭ আৰু ২৮ জুলাইত ‘আৰোহণ সংগীত বিদ্যালয়’ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ’ব। এই বিশেষ উপলক্ষে ২৭ জুলাইত সদৌ অসম ভিত্তিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ এক বৃহৎ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৩০০ টকা যোগদান মাচুল ধাৰ্য কৰা এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ পৰিমাণ ক্ৰমে ৫,০০০, ৪,০০০, ৩,০০০, ২,০০০ আৰু ১,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পিছদিনা অৰ্থাৎ ২৮ জুলাইত পুৱা চিত্ৰাংকণ প্ৰতিযোগিতা, দুপৰীয়া মুকলি সভা তথা সম্বৰ্ধনা অনুষ্ঠান আৰু সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। বিদ্যালয়খনৰ সমন্বয়ক দিজেন্দ্ৰ নাৰায়ণ ৰাওৱে সমগ্ৰ অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলে যোগাযোগৰ বাবে ৯১০১৮১১৮৪৮ অথবা ৯৮৫৪০৩৫৪৪৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।

1 hr ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
1 hr ago

তিতাবৰৰ মেলামাটিত অহা ২৭ আৰু ২৮ জুলাইত ‘আৰোহণ সংগীত বিদ্যালয়’ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ’ব। এই বিশেষ উপলক্ষে ২৭ জুলাইত সদৌ অসম ভিত্তিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ এক বৃহৎ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৩০০ টকা যোগদান মাচুল ধাৰ্য কৰা এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ পৰিমাণ ক্ৰমে ৫,০০০, ৪,০০০, ৩,০০০, ২,০০০ আৰু ১,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পিছদিনা অৰ্থাৎ ২৮ জুলাইত পুৱা চিত্ৰাংকণ প্ৰতিযোগিতা, দুপৰীয়া মুকলি সভা তথা সম্বৰ্ধনা অনুষ্ঠান আৰু সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। বিদ্যালয়খনৰ সমন্বয়ক দিজেন্দ্ৰ নাৰায়ণ ৰাওৱে সমগ্ৰ অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলে যোগাযোগৰ বাবে ৯১০১৮১১৮৪৮ অথবা ৯৮৫৪০৩৫৪৪৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।

More news from অসম and nearby areas
  • তিতাবৰৰ মেলামাটিত অহা ২৭ আৰু ২৮ জুলাইত ‘আৰোহণ সংগীত বিদ্যালয়’ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ’ব। এই বিশেষ উপলক্ষে ২৭ জুলাইত সদৌ অসম ভিত্তিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ এক বৃহৎ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৩০০ টকা যোগদান মাচুল ধাৰ্য কৰা এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ পৰিমাণ ক্ৰমে ৫,০০০, ৪,০০০, ৩,০০০, ২,০০০ আৰু ১,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পিছদিনা অৰ্থাৎ ২৮ জুলাইত পুৱা চিত্ৰাংকণ প্ৰতিযোগিতা, দুপৰীয়া মুকলি সভা তথা সম্বৰ্ধনা অনুষ্ঠান আৰু সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। বিদ্যালয়খনৰ সমন্বয়ক দিজেন্দ্ৰ নাৰায়ণ ৰাওৱে সমগ্ৰ অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলে যোগাযোগৰ বাবে ৯১০১৮১১৮৪৮ অথবা ৯৮৫৪০৩৫৪৪৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।
    2
    তিতাবৰৰ মেলামাটিত অহা ২৭ আৰু ২৮ জুলাইত ‘আৰোহণ সংগীত বিদ্যালয়’ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ’ব। এই বিশেষ উপলক্ষে ২৭ জুলাইত সদৌ অসম ভিত্তিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ এক বৃহৎ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৩০০ টকা যোগদান মাচুল ধাৰ্য কৰা এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ পৰিমাণ ক্ৰমে ৫,০০০, ৪,০০০, ৩,০০০, ২,০০০ আৰু ১,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ পিছদিনা অৰ্থাৎ ২৮ জুলাইত পুৱা চিত্ৰাংকণ প্ৰতিযোগিতা, দুপৰীয়া মুকলি সভা তথা সম্বৰ্ধনা অনুষ্ঠান আৰু সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। বিদ্যালয়খনৰ সমন্বয়ক দিজেন্দ্ৰ নাৰায়ণ ৰাওৱে সমগ্ৰ অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলে যোগাযোগৰ বাবে ৯১০১৮১১৮৪৮ অথবা ৯৮৫৪০৩৫৪৪৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে। সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়। সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
    4
    শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে।

সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়।

সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    12 hrs ago
  • শিৱসাগৰ জিলাৰ ১৮ নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু কুঁহিপাত নৃত্য বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চিত্ৰলেখা গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংকুশ জ্যোতি দত্তৰ প্ৰতিবেদন অনুসৰি, বিদ্যালয়খনত এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈছে।
    1
    শিৱসাগৰ জিলাৰ ১৮ নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু কুঁহিপাত নৃত্য বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে।

উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চিত্ৰলেখা গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংকুশ জ্যোতি দত্তৰ প্ৰতিবেদন অনুসৰি, বিদ্যালয়খনত এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈছে।
    user_অংকুশ জ্যোতি দত্ত
    অংকুশ জ্যোতি দত্ত
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    22 hrs ago
  • হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনৰ ক’ৰবাত আঁকিব নোৱাৰিব বুলি চৰকাৰে লোৱা সিদ্ধান্ত আমি মানি ল’ব নোৱাৰো বুলি স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বসন্ত গগৈয়ে। ইয়াৰ উপৰিও, পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সন্দৰ্ভতো বসন্ত গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    1
    হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনৰ ক’ৰবাত আঁকিব নোৱাৰিব বুলি চৰকাৰে লোৱা সিদ্ধান্ত আমি মানি ল’ব নোৱাৰো বুলি স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বসন্ত গগৈয়ে। ইয়াৰ উপৰিও, পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সন্দৰ্ভতো বসন্ত গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    9 min ago
  • চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি চাহবাগিছাৰ টেংকি পুখুৰীত বাস কৰা ‘জিমি’ নামৰ কাছজনী এতিয়া অঞ্চলটোৰ শিশুসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰায় এক কুইণ্টল ওজনৰ এই কাছজনীয়ে শিশুসকলৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। শিশুসকলে মাতিলেই পুখুৰীৰ পাৰলৈ ঢপলিয়াই অহা জিমিৰ বাবে তেওঁলোকে বিস্কুট, বেঙেনা, বিলাহী আৰু মুড়িৰ দৰে খাদ্য লৈ আহে। কেৱল খাদ্য খুৱাই নহয়, শিশুসকলে মৰমৰ জিমিৰ গা ধোৱাই দিও বিভিন্ন ধৰণে মৰম যাচে। পুখুৰীটোত আন কাছ থাকিলেও জিমি কিন্তু শিশুসকলৰ সংগ ল’বলৈহে বেছি আগ্ৰহী। জিমিৰ এই বিশেষ আচৰণ আৰু শিশুসকলৰ সৈতে তাৰ বন্ধুত্বই এতিয়া বহু লোকক আকৰ্ষণ কৰিছে। এই বিৰল দৃশ্য চাবলৈ টেংকি পুখুৰীৰ পাৰত বহু লোকৰ ভিৰ পৰিলক্ষিত হৈছে। এই পৰিস্থিতিত স্থানীয় ৰাইজে চাহবাগিছা কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষক টেংকি পুখুৰীটো চাফ-চিকুণ কৰি ৰখাৰ লগতে ইয়াৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
    1
    চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি চাহবাগিছাৰ টেংকি পুখুৰীত বাস কৰা ‘জিমি’ নামৰ কাছজনী এতিয়া অঞ্চলটোৰ শিশুসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰায় এক কুইণ্টল ওজনৰ এই কাছজনীয়ে শিশুসকলৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। শিশুসকলে মাতিলেই পুখুৰীৰ পাৰলৈ ঢপলিয়াই অহা জিমিৰ বাবে তেওঁলোকে বিস্কুট, বেঙেনা, বিলাহী আৰু মুড়িৰ দৰে খাদ্য লৈ আহে। কেৱল খাদ্য খুৱাই নহয়, শিশুসকলে মৰমৰ জিমিৰ গা ধোৱাই দিও বিভিন্ন ধৰণে মৰম যাচে। পুখুৰীটোত আন কাছ থাকিলেও জিমি কিন্তু শিশুসকলৰ সংগ ল’বলৈহে বেছি আগ্ৰহী।

জিমিৰ এই বিশেষ আচৰণ আৰু শিশুসকলৰ সৈতে তাৰ বন্ধুত্বই এতিয়া বহু লোকক আকৰ্ষণ কৰিছে। এই বিৰল দৃশ্য চাবলৈ টেংকি পুখুৰীৰ পাৰত বহু লোকৰ ভিৰ পৰিলক্ষিত হৈছে। এই পৰিস্থিতিত স্থানীয় ৰাইজে চাহবাগিছা কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষক টেংকি পুখুৰীটো চাফ-চিকুণ কৰি ৰখাৰ লগতে ইয়াৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    23 hrs ago
  • শিৱসাগৰৰ আৰক্ষী ছাউনীৰ আৱাসিক এলেকাত আজি এটা সাপক লৈ তীব্ৰ আতংকৰ সৃষ্টি হয়। আৰক্ষী ছাউনীৰ আৱাসিক এলেকাত থকা আৰক্ষী জোৱান দৈনমালূ বসুমতাৰীৰ ঘৰত হঠাতে এটা বৃহৎ আকাৰৰ সাপ প্ৰৱেশ কৰে। আৱাসগৃহৰ ভিতৰত সাপটো দেখা পাই জোৱানজনৰ পৰিয়ালৰ লগতে চুবুৰীয়াসকলৰ মাজতো তীব্ৰ আতংক বিয়পি পৰে। পিছত অৱশ্যে সাপটো এটা অবিষাক্ত 'মচোৱা গোম' বুলি চিনাক্ত কৰা হয়। পৰিয়ালটোৱে ততালিকে খবৰ দিয়াত ঘটনাস্থলীত বন্যপ্ৰাণী উদ্ধাৰকাৰী টুটুমনি কলিতা উপস্থিত হয় আৰু অতি কৌশলেৰে সাপটো নিৰাপদভাৱে উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছত সাপটোক কোনো ধৰণৰ ক্ষতি নকৰাকৈ এটা নিৰাপদ স্থানত এৰি দিয়া হয়। সাপটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে আৰক্ষী জোৱানজনৰ পৰিয়ালে উদ্ধাৰকাৰী টুটুমনি কলিতাক ধন্যবাদ জ্ঞাপন কৰে।
    1
    শিৱসাগৰৰ আৰক্ষী ছাউনীৰ আৱাসিক এলেকাত আজি এটা সাপক লৈ তীব্ৰ আতংকৰ সৃষ্টি হয়। আৰক্ষী ছাউনীৰ আৱাসিক এলেকাত থকা আৰক্ষী জোৱান দৈনমালূ বসুমতাৰীৰ ঘৰত হঠাতে এটা বৃহৎ আকাৰৰ সাপ প্ৰৱেশ কৰে। আৱাসগৃহৰ ভিতৰত সাপটো দেখা পাই জোৱানজনৰ পৰিয়ালৰ লগতে চুবুৰীয়াসকলৰ মাজতো তীব্ৰ আতংক বিয়পি পৰে।

পিছত অৱশ্যে সাপটো এটা অবিষাক্ত 'মচোৱা গোম' বুলি চিনাক্ত কৰা হয়। পৰিয়ালটোৱে ততালিকে খবৰ দিয়াত ঘটনাস্থলীত বন্যপ্ৰাণী উদ্ধাৰকাৰী টুটুমনি কলিতা উপস্থিত হয় আৰু অতি কৌশলেৰে সাপটো নিৰাপদভাৱে উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছত সাপটোক কোনো ধৰণৰ ক্ষতি নকৰাকৈ এটা নিৰাপদ স্থানত এৰি দিয়া হয়। সাপটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে আৰক্ষী জোৱানজনৰ পৰিয়ালে উদ্ধাৰকাৰী টুটুমনি কলিতাক ধন্যবাদ জ্ঞাপন কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    12 hrs ago
  • শিৱসাগৰৰ দিচাংমুখত এক ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত নিশা দিচাংমুখত দুটা পৰিয়ালৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল আৰু এই ঘটনাৰ পাছতে আৰক্ষীয়ে সংশ্লিষ্ট ব্যক্তিজনক আটক কৰিছিল। কিন্তু আজি সেই আটকাধীন ব্যক্তিজনক যেতিয়া আদালতলৈ অনা হয়, তেতিয়া আদালত চৌহদতে তেওঁ হঠাতে মূৰ্ছা যায়। এই ঘটনাই পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। ব্যক্তিজন আদালত চৌহদত মূৰ্ছা যোৱাৰ পাছতে তেওঁৰ পৰিয়ালৰ লোকে দিচাংমুখ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ লোকসকলৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে আটকাধীন ব্যক্তিজনক শাৰীৰিক নিৰ্যাতন চলাইছিল। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বৰ্তমান তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।
    1
    শিৱসাগৰৰ দিচাংমুখত এক ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত নিশা দিচাংমুখত দুটা পৰিয়ালৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল আৰু এই ঘটনাৰ পাছতে আৰক্ষীয়ে সংশ্লিষ্ট ব্যক্তিজনক আটক কৰিছিল। কিন্তু আজি সেই আটকাধীন ব্যক্তিজনক যেতিয়া আদালতলৈ অনা হয়, তেতিয়া আদালত চৌহদতে তেওঁ হঠাতে মূৰ্ছা যায়। এই ঘটনাই পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে।

ব্যক্তিজন আদালত চৌহদত মূৰ্ছা যোৱাৰ পাছতে তেওঁৰ পৰিয়ালৰ লোকে দিচাংমুখ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ লোকসকলৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে আটকাধীন ব্যক্তিজনক শাৰীৰিক নিৰ্যাতন চলাইছিল। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বৰ্তমান তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.