ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে চলাই অহা অভিযানৰ অংশস্বৰূপ ১২ জুলাই তাৰিখে বঙাইগাঁও আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। বঙাইগাঁৱৰ বীৰঝোৰা চাহ বাগিচাত সম্পূৰ্ণ স্বচ্ছতা আৰু পাৰিপাৰ্শ্বিক নীতি-নিয়ম মানি চলি প্ৰায় ৬.৬৩ কোটি টকা বজাৰ মূল্যৰ জব্দকৃত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰৱ্য জুইত পুৰি সফলতাৰে বিনষ্ট কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নষ্ট কৰা ড্ৰাগছখিনিৰ সৰ্বমুঠ বজাৰ মূল্য আছিল ৬,৬৩,৩৫,৪৫০ টকা। ইয়াৰ ভিতৰত ৫,১৩,৫৪,৬৫০ টকা মূল্যৰ ১০২৭.০৯৩ কিলোগ্ৰাম গাঞ্জা, ৫৮,৯১,৮০০ টকা মূল্যৰ ২৯৪.৫৯ গ্ৰাম হেৰোইন, ২৫,৩৫,০০০ টকা মূল্যৰ ৫০৭০ টা টেবলেট, ৬৫,৪২,০০০ টকা মূল্যৰ ১৩.০৮৪ কিলোগ্ৰাম কানি (Opium) আৰু ১২,০০০ টকা মূল্যৰ ২৪ টা কেপচুল বিনষ্ট কৰা হয়। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা, উপ-আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। তেওঁলোকৰ লগতে ড্ৰাগছ নিষ্কাশন সমিতি, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, গাওঁ প্ৰতিৰক্ষা বাহিনী, নাগৰিক সমিতি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই সামগ্ৰীসমূহ ধ্বংস কৰা হয়। আৰক্ষীৰ এই পদক্ষেপে অঞ্চলটোৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ প্ৰতি এক কঠোৰ সকীয়নি প্ৰদান কৰিছে।

- ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে চলাই অহা অভিযানৰ অংশস্বৰূপ ১২ জুলাই তাৰিখে বঙাইগাঁও আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। বঙাইগাঁৱৰ বীৰঝোৰা চাহ বাগিচাত সম্পূৰ্ণ স্বচ্ছতা আৰু পাৰিপাৰ্শ্বিক নীতি-নিয়ম মানি চলি প্ৰায় ৬.৬৩ কোটি টকা বজাৰ মূল্যৰ জব্দকৃত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰৱ্য জুইত পুৰি সফলতাৰে বিনষ্ট কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নষ্ট কৰা ড্ৰাগছখিনিৰ সৰ্বমুঠ বজাৰ মূল্য আছিল ৬,৬৩,৩৫,৪৫০ টকা। ইয়াৰ ভিতৰত ৫,১৩,৫৪,৬৫০ টকা মূল্যৰ ১০২৭.০৯৩ কিলোগ্ৰাম গাঞ্জা, ৫৮,৯১,৮০০ টকা মূল্যৰ ২৯৪.৫৯ গ্ৰাম হেৰোইন, ২৫,৩৫,০০০ টকা মূল্যৰ ৫০৭০ টা টেবলেট, ৬৫,৪২,০০০ টকা মূল্যৰ ১৩.০৮৪ কিলোগ্ৰাম কানি (Opium) আৰু ১২,০০০ টকা মূল্যৰ ২৪ টা কেপচুল বিনষ্ট কৰা হয়। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা, উপ-আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। তেওঁলোকৰ লগতে ড্ৰাগছ নিষ্কাশন সমিতি, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, গাওঁ প্ৰতিৰক্ষা বাহিনী, নাগৰিক সমিতি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই সামগ্ৰীসমূহ ধ্বংস কৰা হয়। আৰক্ষীৰ এই পদক্ষেপে অঞ্চলটোৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ প্ৰতি এক কঠোৰ সকীয়নি প্ৰদান কৰিছে।1
- ফুটবলৰ প্ৰসংগত নিজৰ পছন্দৰ দলৰ কথা উল্লেখ কৰি বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে জনালে যে তেওঁৰ আটাইতকৈ প্ৰিয় দল হৈছে আৰ্জেণ্টিনা।1
- বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।1
- অসমৰ ২০২৬-২৭ বৰ্ষৰ বাজেটখনক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে। তেওঁ অভিযোগ কৰি কয় যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কোনো মৌলিকত্ব নাই আৰু ইয়াৰেই প্ৰতিফলন ঘটিছে ৰাজ্যৰ ২০২৬-২৭ বৰ্ষৰ অসম বাজেটখনত।1
- ধুবুৰীৰ হৰিপুৰত ধৰ্ষণ গোচৰত গ্ৰেপ্তাৰ হোৱা এজন কলেজীয়া ছাত্ৰৰ মুক্তিৰ দাবীত স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহিছে। হৰিপুৰ বজাৰত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে ছাত্ৰজনক মিছা গোচৰত ফচোৱাৰ অভিযোগ উত্থাপন কৰিছে।1
- বাক্সাৰ গাৰামদেউত আৱাহন থিয়েটাৰৰ বতৰীয়া আৰু VIP টিকট বিক্ৰীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈছে। অহা ১৭, ১৮ আৰু ১৯ ছেপ্টেম্বৰত তিনিটা নিশাৰ নাট্য নিবেদন লৈ গাৰামদেউলৈ আৱাহন থিয়েটাৰ আহিব।1
- ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে। কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।1
- বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।1