Shuru
Apke Nagar Ki App…
ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই চুৰি সামগ্ৰীসহ দুজন চোৰক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰ দুজন হৈছে গৰিয়াকোঠৰ যুৱৰাজ ডেকা আৰু অলকেশ দাস। আৰক্ষীয়ে আটকাধীন চোৰ দুজনৰ জিম্মাৰ পৰা এটা বৈদ্যুতিক যন্ত্ৰও উদ্ধাৰ কৰিছে।
BHASKAR KALITA
ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই চুৰি সামগ্ৰীসহ দুজন চোৰক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰ দুজন হৈছে গৰিয়াকোঠৰ যুৱৰাজ ডেকা আৰু অলকেশ দাস। আৰক্ষীয়ে আটকাধীন চোৰ দুজনৰ জিম্মাৰ পৰা এটা বৈদ্যুতিক যন্ত্ৰও উদ্ধাৰ কৰিছে।
More news from অসম and nearby areas
- ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই চুৰি সামগ্ৰীসহ দুজন চোৰক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰ দুজন হৈছে গৰিয়াকোঠৰ যুৱৰাজ ডেকা আৰু অলকেশ দাস। আৰক্ষীয়ে আটকাধীন চোৰ দুজনৰ জিম্মাৰ পৰা এটা বৈদ্যুতিক যন্ত্ৰও উদ্ধাৰ কৰিছে।1
- অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত সমগ্ৰ জুন মাহজুৰি 'খেত বচাও অভিযান' চলোৱা হ'ব। এই অভিযান তামুলপুৰৰ কৃষি কাৰ্যালয়ৰ তত্বাৱধানত কাৰ্যকৰী কৰা হ'ব।1
- বাক্সা জিলাৰ এগৰাকী যুৱ কৃষক জিতুমনি ব্ৰহ্মচাৰীয়ে ভেনিলা খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ পথ গ্ৰহণ কৰিছে। তেওঁৰ এই ব্যতিক্ৰমী কৃষিপদ্ধতিয়ে অঞ্চলটোত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।1
- অসমৰ সমাজ জীৱনৰ সৈতে ওতপ্রোতভাৱে জড়িত চাৰিবিধ সামগ্ৰীয়ে শেহতীয়াকৈ জি আই (GI) টেগ লাভ কৰিছে। নাবাৰ্ডৰ সহযোগত এই স্বীকৃতি লাভ কৰা সামগ্ৰীকেইটা হ'ল অসম বিহু পেঁপা, অসমৰ বাঁহ শিল্প, কাৰ্বি আংলং হস্ততাঁত সামগ্ৰী আৰু দেউৰী হস্ততাঁত সামগ্ৰী। এই চাৰিবিধ সামগ্ৰীৰ ভিতৰত অসম বিহু পেঁপা হৈছে ম'হৰ শিঙৰে নিৰ্মিত এক পৰম্পৰাগত বাদ্যযন্ত্ৰ। আনহাতে, অসমৰ বাঁহ শিল্পই বাঁহৰ পৰা তৈয়াৰী বিভিন্ন হস্তশিল্প সামগ্ৰীক সামৰি লয়। কাৰ্বি আংলং হস্ততাঁত সামগ্ৰীয়ে কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ আৰু শিল্পকৰ্মক প্ৰতিনিধিত্ব কৰে, ঠিক তেনেকৈ দেউৰী হস্ততাঁত সামগ্ৰীয়ে দেউৰী জনগোষ্ঠীৰ থলুৱা বস্ত্ৰ আৰু শিপিনীৰ সৃষ্টিসমূহক চিনাক্ত কৰে। এই নতুন স্বীকৃতিৰ ফলত নাবাৰ্ডৰ সহায়ত অসমৰ মুঠ ১২টা সামগ্ৰীয়ে জি আই টেগ লাভ কৰিলে। জি আই টেগে এই সামগ্ৰীসমূহৰ স্বকীয়তা সংৰক্ষণ কৰাত সহায় কৰাৰ লগতে বজাৰত ইয়াৰ মূল্য বৃদ্ধি কৰি স্থানীয় শিল্পী আৰু শিপিনীসকলৰ অৰ্থনৈতিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।1
- বাক্সা জিলাৰ এক আজৱ বিদ্যালয়ৰ বিষয়ে পোহৰলৈ আহিছে, য'ত কেৱল এজন শিক্ষক আৰু এজন ছাত্ৰৰে বিদ্যালয়খন চলি আছে।1
- কৃষি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে কৃষি মন্ত্ৰীৰ নিৰ্দেশক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। মন্ত্ৰীগৰাকীয়ে পুৱা ৯:৩০ বজাত সকলো বিষয়া-কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াৰ পিছতো বহু কৰ্মচাৰী সময়মতে উপস্থিত নহয়। আজি দিনৰ ১১ বজা পাৰ হৈ যোৱাৰ পিছতো একাংশ বিষয়া-কৰ্মচাৰী কাৰ্যালয়ত অনুপস্থিত থকা দেখা গৈছে। এই ঘটনা দক্ষিণ কামৰূপৰ মা চণ্ডিকা খণ্ড বিষয়াৰ কাৰ্যালয়ৰ কাষত থকা কৃষি বিভাগৰ খণ্ড সমল কেন্দ্ৰত সংঘটিত হৈছে। কেন্দ্ৰটোত মুঠ ৮ গৰাকী বিষয়াৰ ভিতৰত মাত্ৰ এগৰাকী বিষয়া উপস্থিত আছিল। এইদৰে ছয়গাঁৱত কৃষি বিভাগৰ খণ্ড সমল কেন্দ্ৰৰ কাৰ্যালয়ত ১১ বজালৈকে কৰ্মচাৰী নথকাৰ ফলত কৃষি মন্ত্ৰীৰ নিৰ্দেশনাক একাংশই আওকাণ কৰা স্পষ্ট হৈ পৰিছে।1
- কামৰূপ জিলাৰ বকোৰ ১ নং উত্তৰ চেখাদাৰীত এক ভূমি বিবাদৰ ঘটনা সংঘটিত হৈছে। এই সন্দৰ্ভত গণপতি ৰাভা নামৰ এজন ব্যক্তিয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ নামত ভূমিৰ শুদ্ধ নথি-পত্ৰ থকাৰ পিছতো কামৰাজ ৰাভাই সেই ভূমি বেদখল কৰিবলৈ অপচেষ্টা চলাই আহিছে আৰু তেওঁক নিৰন্তৰ হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগত উল্লেখ আছে।1
- বৰ্তমান সমগ্ৰ ৰাজ্যতে আহোমীয়া কৃষিজীৱনৰ এক ব্যস্ত সময় চলিছে। ধান খেতিৰ বাবে কঠিয়া তোলাৰ কামত কৃষক, শ্ৰমিক আৰু ৰোৱনীসকল ব্যস্ত হৈ পৰিছে। বাক্সা জিলাৰ শালবাৰী অঞ্চলৰ উধিয়াগুৰিতো একেই ব্যস্ত দৃশ্য পৰিলক্ষিত হৈছে।1