logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি ৰঙিয়াৰ বটাকুছিত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ৰঙিয়া জিলা সমিতিৰ ২৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। পুৱা ৰঙিয়া জিলা সমিতিৰ সভাপতি ৰমণী ৰাজবংশীয়ে সন্মিলনীৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অধিৱেশন উপলক্ষে বিয়লি অনুষ্ঠিত মুকলি সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰণাদিত্য বৰ্মণে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰমণী ৰাজবংশীৰ সভাপতিত্বত আয়োজিত এই সভাত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি হিৰণ্য ৰাজবংশীয়ে শুভ উদ্বোধন কৰে। এই সভাতেই ৰণাদিত্য বৰ্মণে গৌতম কুমাৰ দাস ৰচিত "বিশ্ব মহাবীৰ চিলাৰায়" শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে, যিখন কমলপুৰ আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ হৈ সভাপতি ব্ৰজেন্দ্ৰ দেৱমোহন শৰ্মাই প্ৰকাশ কৰিছে। এই সভাত ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ অন্তৰ্গত ১৩ খন আঞ্চলিকৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সভাত খগেন্দ্ৰজিত ঠাকুৰীয়া, বিজুলী ৰাজবংশী আৰু হেমেন দাসকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। অধিৱেশন উপলক্ষে ২৭ খন ধ্বজা উত্তোলন আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।

on 7 June
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
on 7 June

আজি ৰঙিয়াৰ বটাকুছিত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ৰঙিয়া জিলা সমিতিৰ ২৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। পুৱা ৰঙিয়া জিলা সমিতিৰ সভাপতি ৰমণী ৰাজবংশীয়ে সন্মিলনীৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অধিৱেশন উপলক্ষে বিয়লি অনুষ্ঠিত মুকলি সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰণাদিত্য বৰ্মণে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰমণী ৰাজবংশীৰ সভাপতিত্বত আয়োজিত এই সভাত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি হিৰণ্য ৰাজবংশীয়ে শুভ উদ্বোধন কৰে। এই সভাতেই ৰণাদিত্য বৰ্মণে গৌতম কুমাৰ দাস ৰচিত "বিশ্ব মহাবীৰ চিলাৰায়" শীৰ্ষক

গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে, যিখন কমলপুৰ আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ হৈ সভাপতি ব্ৰজেন্দ্ৰ দেৱমোহন শৰ্মাই প্ৰকাশ কৰিছে। এই সভাত ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ অন্তৰ্গত ১৩ খন আঞ্চলিকৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সভাত খগেন্দ্ৰজিত ঠাকুৰীয়া, বিজুলী ৰাজবংশী আৰু হেমেন দাসকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। অধিৱেশন উপলক্ষে ২৭ খন ধ্বজা উত্তোলন আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।

More news from অসম and nearby areas
  • পলাশবাৰীত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এক অতিৰিক্ত ভৱনৰ শুভ উদ্বোধন সম্পন্ন হৈছে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
    1
    পলাশবাৰীত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এক অতিৰিক্ত ভৱনৰ শুভ উদ্বোধন সম্পন্ন হৈছে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
    user_Ne Assam Digital
    Ne Assam Digital
    Local News Reporter শিপাঝাৰ, দৰং, অসম•
    8 hrs ago
  • জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰা হৈছে। এই সন্দৰ্ভত নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।
    1
    জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰা হৈছে। এই সন্দৰ্ভত নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
  • বাক্সা জিলাৰ অন্তৰ্গত মায়ংপাৰা এম ই স্কুলত 'প্ৰধানমন্ত্ৰী সম্প্ৰীতি পোচন ভোজন' কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।
    1
    বাক্সা জিলাৰ অন্তৰ্গত মায়ংপাৰা এম ই স্কুলত 'প্ৰধানমন্ত্ৰী সম্প্ৰীতি পোচন ভোজন' কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    14 hrs ago
  • বাক্সা জিলাৰ লক্ষ্মীপুৰ এ ব্ল'কত অৱস্থিত লক্ষ্মীপুৰ হাইস্কুলত বিটিচিৰ ই এম আগাষ্টুছ টিগ্গাৰে এক বিজ্ঞানাগাৰ উদ্বোধন কৰে।
    1
    বাক্সা জিলাৰ লক্ষ্মীপুৰ এ ব্ল'কত অৱস্থিত লক্ষ্মীপুৰ হাইস্কুলত বিটিচিৰ ই এম আগাষ্টুছ টিগ্গাৰে এক বিজ্ঞানাগাৰ উদ্বোধন কৰে।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    17 hrs ago
  • বাক্সাৰ শালবাৰী মহাবিদ্যালয়ত 'নিচামুক্ত ভাৰত অভিযান' শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অভিযানৰ অংশ হিচাপে মহাবিদ্যালয়খনত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন সভা অনুষ্ঠিত হোৱাৰ লগতে এখন বাটৰ নাটও প্ৰদৰ্শন কৰা হয়।
    1
    বাক্সাৰ শালবাৰী মহাবিদ্যালয়ত 'নিচামুক্ত ভাৰত অভিযান' শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অভিযানৰ অংশ হিচাপে মহাবিদ্যালয়খনত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন সভা অনুষ্ঠিত হোৱাৰ লগতে এখন বাটৰ নাটও প্ৰদৰ্শন কৰা হয়।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    10 hrs ago
  • লাহৰিঘাটৰ হাঁহচৰাত বিগত ২৫ বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাত থকা এখন দলং অৱশেষত পুনৰ নিৰ্মাণ কৰা হ'ব। প্ৰায় ২৫ বছৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই দলংখনৰ খুটি পুতিব নোৱাৰাৰ বাবে নিৰ্মাণৰ কাম আধাতে সামৰিছিল। স্থানীয় ৰাইজৰ বিশ্বাস অনুসৰি, যেতিয়া খুটি পুতিবলৈ চেষ্টা কৰা হৈছিল, তেতিয়াই সেইবোৰ পানীৰ তলত পুত গৈছিল আৰু বহু চেষ্টাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষ বিফল হৈছিল। ফলস্বৰূপে, দলংখনৰ নিৰ্মাণৰ কাম বন্ধ ৰখা হৈছিল। এতিয়া, এই অৰ্ধনিৰ্মিত দলংখন সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা লোক নিৰ্মাণ বিভাগে আজি উক্ত স্থান পৰিদৰ্শন কৰে। চৰকাৰী নিৰ্দেশনা অনুসৰি, কাৰ্যবাহী অভিযন্তা ইছতিয়াক আহমেদ, সহকাৰী কাৰ্যবাহী অভিযন্তা ছফিকুল ইছলাম মামুদ, আৰু সহকাৰী অভিযন্তা কবিৰ প্ৰসাদ ডেকাই আজি ক্ষেত্ৰ পৰিদৰ্শনৰ লগতে মেপিং আৰু টেষ্টিং সম্পন্ন কৰে। এই দলংখন পূৰ্বৰ ধিং সমষ্টি আৰু বৰ্তমানৰ লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত হাঁহচৰাত নগাঁও-ভূৰাগাওঁ মূল পথৰ ওপৰত অৱস্থিত।
    1
    লাহৰিঘাটৰ হাঁহচৰাত বিগত ২৫ বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাত থকা এখন দলং অৱশেষত পুনৰ নিৰ্মাণ কৰা হ'ব। প্ৰায় ২৫ বছৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই দলংখনৰ খুটি পুতিব নোৱাৰাৰ বাবে নিৰ্মাণৰ কাম আধাতে সামৰিছিল। স্থানীয় ৰাইজৰ বিশ্বাস অনুসৰি, যেতিয়া খুটি পুতিবলৈ চেষ্টা কৰা হৈছিল, তেতিয়াই সেইবোৰ পানীৰ তলত পুত গৈছিল আৰু বহু চেষ্টাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষ বিফল হৈছিল। ফলস্বৰূপে, দলংখনৰ নিৰ্মাণৰ কাম বন্ধ ৰখা হৈছিল।

এতিয়া, এই অৰ্ধনিৰ্মিত দলংখন সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা লোক নিৰ্মাণ বিভাগে আজি উক্ত স্থান পৰিদৰ্শন কৰে। চৰকাৰী নিৰ্দেশনা অনুসৰি, কাৰ্যবাহী অভিযন্তা ইছতিয়াক আহমেদ, সহকাৰী কাৰ্যবাহী অভিযন্তা ছফিকুল ইছলাম মামুদ, আৰু সহকাৰী অভিযন্তা কবিৰ প্ৰসাদ ডেকাই আজি ক্ষেত্ৰ পৰিদৰ্শনৰ লগতে মেপিং আৰু টেষ্টিং সম্পন্ন কৰে। এই দলংখন পূৰ্বৰ ধিং সমষ্টি আৰু বৰ্তমানৰ লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত হাঁহচৰাত নগাঁও-ভূৰাগাওঁ মূল পথৰ ওপৰত অৱস্থিত।
    user_Tufail Ahmed
    Tufail Ahmed
    Local News Reporter লাহৰিঘাট, মৰিগাঁও, অসম•
    6 hrs ago
  • তামুলপুৰ জিলাৰ বগাজূলি অঞ্চলৰ ঢোলাপাৰাত এটা মৃত বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হৈছে। এই ঘটনাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে যদিও মৃত হাতী পোৱালীটোৰ কাষত দুটাকৈ হাতীয়ে বিচৰণ কৰি থকাৰ বাবে ইয়াক উদ্ধাৰ কৰিব পৰা নাই। মৃত হাতী পোৱালীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
    1
    তামুলপুৰ জিলাৰ বগাজূলি অঞ্চলৰ ঢোলাপাৰাত এটা মৃত বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হৈছে। এই ঘটনাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে যদিও মৃত হাতী পোৱালীটোৰ কাষত দুটাকৈ হাতীয়ে বিচৰণ কৰি থকাৰ বাবে ইয়াক উদ্ধাৰ কৰিব পৰা নাই। মৃত হাতী পোৱালীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    15 hrs ago
  • বন বিভাগে পৰ্যাপ্ত অস্ত্ৰ-সঁজুলিৰ অভাৱত গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত বনকৰ্মীসকলে বহু প্ৰতিকূল পৰিস্থিতিত নিজৰ কৰ্তব্য পালন কৰিবলগীয়া হৈছে। বিশেষকৈ মানুহ-হাতী সংঘাত বৃদ্ধি পোৱা অঞ্চলসমূহত বনকৰ্মীসকলে নিজৰ জীৱনৰ ঝুঁকি লৈ দিনে-নিশাই হাতী খেদাৰ কামত নিয়োজিত হৈ আছে। প্ৰতিকূল বতৰ, ধাৰাসাৰ বৰষুণ আৰু গভীৰ অৰণ্যৰ মাজতো তেওঁলোকে প্ৰায় বিনা অস্ত্ৰৰে বনৰীয়া হাতীৰ জাকক জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰাই নিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। পৰ্যাপ্ত সুৰক্ষা সামগ্ৰী আৰু আধুনিক সঁজুলিৰ অভাৱৰ বাবে বনকৰ্মীসকলে বহু সময়ত বিপদসংকুল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়।
    1
    বন বিভাগে পৰ্যাপ্ত অস্ত্ৰ-সঁজুলিৰ অভাৱত গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত বনকৰ্মীসকলে বহু প্ৰতিকূল পৰিস্থিতিত নিজৰ কৰ্তব্য পালন কৰিবলগীয়া হৈছে। বিশেষকৈ মানুহ-হাতী সংঘাত বৃদ্ধি পোৱা অঞ্চলসমূহত বনকৰ্মীসকলে নিজৰ জীৱনৰ ঝুঁকি লৈ দিনে-নিশাই হাতী খেদাৰ কামত নিয়োজিত হৈ আছে।

প্ৰতিকূল বতৰ, ধাৰাসাৰ বৰষুণ আৰু গভীৰ অৰণ্যৰ মাজতো তেওঁলোকে প্ৰায় বিনা অস্ত্ৰৰে বনৰীয়া হাতীৰ জাকক জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰাই নিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। পৰ্যাপ্ত সুৰক্ষা সামগ্ৰী আৰু আধুনিক সঁজুলিৰ অভাৱৰ বাবে বনকৰ্মীসকলে বহু সময়ত বিপদসংকুল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.