কৃষি খণ্ডৰ ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা কৃষি বিভাগে আজি বিশ্বনাথ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ হলত ‘কৃষি মেপাৰ’ প্ৰক্ৰিয়াৰ সফল ৰূপায়ণ সন্দৰ্ভত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। জিলা কৃষি বিষয়া বাণেশ্বৰ বে'ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই শিবিৰত অসম কৃষি সঞ্চালকালয়ৰ ৰাজ্যিক নডেল বিষয়া পাপৰি শৰ্মাই মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছিল। প্ৰশিক্ষণৰ সময়ত শৰ্মাই ‘কৃষি মেপাৰ’ৰ ধাৰণা, ইয়াৰ গুৰুত্ব, সঠিক তথ্য সংগ্ৰহ পদ্ধতি ব্যাখ্যা কৰাৰ উপৰিও, কৃষি মেপাৰ এপত শস্যৰ খেতিৰ মেপিং কৰাৰ প্ৰণালী সন্দৰ্ভত সমূহ বিষয়া-কৰ্মচাৰীক বিতংভাৱে প্ৰশিক্ষণ প্ৰদান কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ তত্ত্বাৱধানত আৰম্ভ হোৱা ‘কৃষি মেপাৰ’ হৈছে কৃষি ভূমিৰ ডিজিটেল মানচিত্ৰ প্ৰস্তুতকৰণৰ এক ৰাষ্ট্ৰীয় প্ৰকল্প। ইয়াৰ জৰিয়তে শস্যৰ নিখুঁত তথ্য, মাটিৰ ব্যৱহাৰ, আৰু আঁচনিসমূহ লক্ষ্যভিত্তিকভাৱে ৰূপায়ণ কৰাটো সম্ভৱ হ’ব। এই অনুষ্ঠানতে জিলাখনত চলি থকা কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। জিলা কৃষি বিষয়াই সকলো যোগ্য কৃষক যাতে পঞ্জীয়নৰ পৰা বাদ নপৰে, তাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ এই প্ৰশিক্ষণত বিশ্বনাথ মহকুমা কৃষি বিষয়া সোনমণি শইকীয়া, গহপুৰ মহকুমা কৃষি বিষয়া শাৰঙ্গপাণি কেওঁট, কৃষি উন্নয়ন বিষয়াসকলৰ লগতে মিডিয়া বিশেষজ্ঞ কৃষ্টি বৰা, প্ৰগ্ৰেম বিষয়া দিব্যাশ্ৰী শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক, ‘কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অধিকৰণ’ (ATMA)-ৰ বি.টি.এম. আৰু এ.টি.এম.-সহ জিলা কৃষি বিভাগৰ বহু সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।
কৃষি খণ্ডৰ ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা কৃষি বিভাগে আজি বিশ্বনাথ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ হলত ‘কৃষি মেপাৰ’ প্ৰক্ৰিয়াৰ সফল ৰূপায়ণ সন্দৰ্ভত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। জিলা কৃষি বিষয়া বাণেশ্বৰ বে'ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই শিবিৰত অসম কৃষি সঞ্চালকালয়ৰ ৰাজ্যিক নডেল বিষয়া পাপৰি শৰ্মাই মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছিল। প্ৰশিক্ষণৰ সময়ত শৰ্মাই ‘কৃষি মেপাৰ’ৰ ধাৰণা, ইয়াৰ গুৰুত্ব, সঠিক তথ্য সংগ্ৰহ পদ্ধতি ব্যাখ্যা কৰাৰ উপৰিও, কৃষি মেপাৰ এপত শস্যৰ খেতিৰ মেপিং কৰাৰ প্ৰণালী সন্দৰ্ভত সমূহ বিষয়া-কৰ্মচাৰীক বিতংভাৱে প্ৰশিক্ষণ প্ৰদান কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ তত্ত্বাৱধানত আৰম্ভ হোৱা ‘কৃষি মেপাৰ’ হৈছে কৃষি ভূমিৰ
ডিজিটেল মানচিত্ৰ প্ৰস্তুতকৰণৰ এক ৰাষ্ট্ৰীয় প্ৰকল্প। ইয়াৰ জৰিয়তে শস্যৰ নিখুঁত তথ্য, মাটিৰ ব্যৱহাৰ, আৰু আঁচনিসমূহ লক্ষ্যভিত্তিকভাৱে ৰূপায়ণ কৰাটো সম্ভৱ হ’ব। এই অনুষ্ঠানতে জিলাখনত চলি থকা কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। জিলা কৃষি বিষয়াই সকলো যোগ্য কৃষক যাতে পঞ্জীয়নৰ পৰা বাদ নপৰে, তাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ এই প্ৰশিক্ষণত বিশ্বনাথ মহকুমা কৃষি বিষয়া সোনমণি শইকীয়া, গহপুৰ মহকুমা কৃষি বিষয়া শাৰঙ্গপাণি কেওঁট, কৃষি উন্নয়ন বিষয়াসকলৰ লগতে মিডিয়া বিশেষজ্ঞ কৃষ্টি বৰা, প্ৰগ্ৰেম বিষয়া দিব্যাশ্ৰী শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক, ‘কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অধিকৰণ’ (ATMA)-ৰ বি.টি.এম. আৰু এ.টি.এম.-সহ জিলা কৃষি বিভাগৰ বহু সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।
- কৃষি খণ্ডৰ ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা কৃষি বিভাগে আজি বিশ্বনাথ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ হলত ‘কৃষি মেপাৰ’ প্ৰক্ৰিয়াৰ সফল ৰূপায়ণ সন্দৰ্ভত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। জিলা কৃষি বিষয়া বাণেশ্বৰ বে'ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই শিবিৰত অসম কৃষি সঞ্চালকালয়ৰ ৰাজ্যিক নডেল বিষয়া পাপৰি শৰ্মাই মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছিল। প্ৰশিক্ষণৰ সময়ত শৰ্মাই ‘কৃষি মেপাৰ’ৰ ধাৰণা, ইয়াৰ গুৰুত্ব, সঠিক তথ্য সংগ্ৰহ পদ্ধতি ব্যাখ্যা কৰাৰ উপৰিও, কৃষি মেপাৰ এপত শস্যৰ খেতিৰ মেপিং কৰাৰ প্ৰণালী সন্দৰ্ভত সমূহ বিষয়া-কৰ্মচাৰীক বিতংভাৱে প্ৰশিক্ষণ প্ৰদান কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ তত্ত্বাৱধানত আৰম্ভ হোৱা ‘কৃষি মেপাৰ’ হৈছে কৃষি ভূমিৰ ডিজিটেল মানচিত্ৰ প্ৰস্তুতকৰণৰ এক ৰাষ্ট্ৰীয় প্ৰকল্প। ইয়াৰ জৰিয়তে শস্যৰ নিখুঁত তথ্য, মাটিৰ ব্যৱহাৰ, আৰু আঁচনিসমূহ লক্ষ্যভিত্তিকভাৱে ৰূপায়ণ কৰাটো সম্ভৱ হ’ব। এই অনুষ্ঠানতে জিলাখনত চলি থকা কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। জিলা কৃষি বিষয়াই সকলো যোগ্য কৃষক যাতে পঞ্জীয়নৰ পৰা বাদ নপৰে, তাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ এই প্ৰশিক্ষণত বিশ্বনাথ মহকুমা কৃষি বিষয়া সোনমণি শইকীয়া, গহপুৰ মহকুমা কৃষি বিষয়া শাৰঙ্গপাণি কেওঁট, কৃষি উন্নয়ন বিষয়াসকলৰ লগতে মিডিয়া বিশেষজ্ঞ কৃষ্টি বৰা, প্ৰগ্ৰেম বিষয়া দিব্যাশ্ৰী শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক, ‘কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অধিকৰণ’ (ATMA)-ৰ বি.টি.এম. আৰু এ.টি.এম.-সহ জিলা কৃষি বিভাগৰ বহু সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।2
- আজি গহপুৰৰ বুৰৈঘাটস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমীত এক আড়ম্বৰপূৰ্ণ নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত নতুনকৈ ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক আদৰণি জনোৱাৰ লগতে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।1
- শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত শ্ৰীশ্ৰী বিষ্ণু পুৰাণ কথা অনুষ্ঠিত হৈছে।1
- মৰিগাঁও জিলা আমছুৱে লাহৰীঘাটৰ ভূৰাগাঁৱত বিশ্ব নবী হজৰত মহম্মদক লৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ মানৱ শৃংখলাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। হীৰেণ অসম নামৰ এজন ব্যক্তিৰ দ্বাৰা বিশ্ব নবীক অপমান কৰা ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ গঢ়ি উঠিছে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ আৰু পোষ্টাৰ লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। এই প্ৰতিবাদত আমছুৱে হীৰেণ অসমৰ বিৰুদ্ধে তৎকালীনভাৱে গোচৰ ৰুজু কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে 'ধৰ্মীয় আৱেগ-অনুভূতিক আঘাত দিয়া বন্ধ কৰক', 'সাম্প্ৰদায়িক শক্তি নিপাত যাওক' আৰু 'সাম্প্ৰদায়িক বিষবাস্প বন্ধ কৰক' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।1
- ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ আৰক্ষীৰ সকলো থানাক সামৰি এক প্ৰীতি ফুটবল খেল অনুষ্ঠিত হৈছে। এই খেলত বিহপুৰীয়া থানাই নাৰায়ণপুৰ থানাক ৫-০ গলৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ প্ৰথমাৰ্ধত বিহপুৰীয়া থানাই ১-০ গলত আগবাঢ়ি আছিল। দ্বিতীয়াৰ্ধত বিহপুৰীয়াই নাৰায়ণপুৰ থানাক পুনৰ ৪টা গল দি মুঠ ৫টা গলেৰে জয় নিশ্চিত কৰে। কালিলৈ উত্তৰ লখিমপুৰৰ লাভলীনা বৰগোহাঁই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেল খেলত বিহপুৰীয়া থানাই লালুক থানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।4
- কেৱল এজাক বৰষুণতে পানী জমা হোৱাৰ ফলত সাধাৰণ লোকসকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।1
- বিশ্বনাথ জিলাৰ গহপুৰত গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত একাধিক উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অনুষ্ঠানৰ মাজতে বীৰ শ্বহীদ নিৰজ ছেত্ৰীলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।1
- বিশ্বনাথৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ৰ সমীপৱৰ্তী এক সদা ব্যস্ত পথত কোনো দুস্কৃতিকাৰীয়ে ব্যৱহৃত চিকিৎসা সামগ্ৰী পেলাই থৈ যোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সামগ্রীসমূহৰ ভিতৰত ব্যৱহৃত চিৰিঞ্জ, কিট আৰু ৰক্ত পৰীক্ষাত ব্যৱহৃত অন্যান্য বহু সামগ্ৰী আছিল।1