logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

৩০ মে'ত ধুবুৰীৰ গৌৰীপুৰত বিশিষ্ট সমাজসেৱী তথা জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানৰ পিতৃ আবু ছালেহৰ প্ৰায় ৮০ বছৰ বয়সত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত গৌৰীপুৰ অঞ্চলত শোকৰ ছাঁ পৰে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১ নং ৱাৰ্ডৰ ভেৰভেৰী গাঁৱৰ নিৱাসী আবু ছালেহ অসম চৰকাৰৰ বন বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি পুত্ৰ, পুত্ৰ বোৱাৰী, নাতি-নাতিনী আৰু বহুতো আত্মীয়-স্বজন তথা গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। বিশিষ্ট সমাজসেৱী আবু ছালেহ নিজৰ জীৱনকালত সামাজিক কাম-কাজৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল। ১৯৮৩ চনত তেওঁ নিজৰ আধা বিঘা মাটি দান কৰি পিতৃ মজিবৰ ৰহমানৰ নামত এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, যিখন বিদ্যালয় ১৯৯১ চনত চৰকাৰী কৰণ হৈছিল আৰু পিছলৈ ২৪০২ নং মজিবৰ ৰহমান মেমোৰিয়েল স্কুল হিচাপে পৰিচিত হৈছিল। তেওঁৰ প্ৰচেষ্টাত ভেৰভেৰী গাঁৱৰ কণ কণ ল'ৰা-ছোৱালীয়ে শিক্ষাৰ পোহৰ পাইছিল, কিয়নো পূৰ্বে গাঁৱত কোনো স্কুল নাছিল। ইয়াৰ উপৰিও, ১৯৭১ চনৰ দশকত গাঁৱত বিদ্যুত সংযোগ নথকাত, তেওঁৰ আপ্ৰাণ চেষ্টাৰ ফলস্বৰূপে ১৯৮১ চনত গাঁৱৰ ৰাইজে বিদ্যুতৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰিছিল আৰু মছজিদ, মন্দিৰ আদি বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠানৰ উন্নয়নৰ হকে সহায় কৰি গৈছিল।

1 hr ago
user_Pranabasish Roy
Pranabasish Roy
আঠানি, ধুবুৰী, অসম•
1 hr ago
3a3d06de-17cd-406f-b6be-cc08185850e7

৩০ মে'ত ধুবুৰীৰ গৌৰীপুৰত বিশিষ্ট সমাজসেৱী তথা জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানৰ পিতৃ আবু ছালেহৰ প্ৰায় ৮০ বছৰ বয়সত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত গৌৰীপুৰ অঞ্চলত শোকৰ ছাঁ পৰে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১ নং ৱাৰ্ডৰ ভেৰভেৰী গাঁৱৰ নিৱাসী আবু ছালেহ অসম চৰকাৰৰ বন বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি পুত্ৰ, পুত্ৰ বোৱাৰী, নাতি-নাতিনী আৰু বহুতো আত্মীয়-স্বজন তথা গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। বিশিষ্ট সমাজসেৱী আবু ছালেহ নিজৰ জীৱনকালত সামাজিক কাম-কাজৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল। ১৯৮৩ চনত তেওঁ নিজৰ আধা বিঘা মাটি দান কৰি পিতৃ মজিবৰ ৰহমানৰ নামত এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, যিখন বিদ্যালয় ১৯৯১ চনত চৰকাৰী কৰণ হৈছিল আৰু পিছলৈ ২৪০২ নং মজিবৰ ৰহমান মেমোৰিয়েল স্কুল হিচাপে পৰিচিত হৈছিল। তেওঁৰ প্ৰচেষ্টাত ভেৰভেৰী গাঁৱৰ কণ কণ ল'ৰা-ছোৱালীয়ে শিক্ষাৰ পোহৰ পাইছিল, কিয়নো পূৰ্বে গাঁৱত কোনো স্কুল নাছিল। ইয়াৰ উপৰিও, ১৯৭১ চনৰ দশকত গাঁৱত বিদ্যুত সংযোগ নথকাত, তেওঁৰ আপ্ৰাণ চেষ্টাৰ ফলস্বৰূপে ১৯৮১ চনত গাঁৱৰ ৰাইজে বিদ্যুতৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰিছিল আৰু মছজিদ, মন্দিৰ আদি বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠানৰ উন্নয়নৰ হকে সহায় কৰি গৈছিল।

More news from অসম and nearby areas
  • বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে, য'ত পল্লা নৈত গা ধুবলৈ গৈ দুটি শিশুৰ কৰুণ মৃত্যু হয়। মৃত শিশু দুটি হৈছে দক্ষিণ ভকুৱামাৰীৰ বাবুৰ আলীৰ আঠ বছৰীয়া পুত্ৰ মফিজুৰ আলী আৰু মটঙাৰ সাহাদত আলীৰ ন বছৰীয়া পুত্ৰ সুহেল আলী।
    1
    বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে, য'ত পল্লা নৈত গা ধুবলৈ গৈ দুটি শিশুৰ কৰুণ মৃত্যু হয়। মৃত শিশু দুটি হৈছে দক্ষিণ ভকুৱামাৰীৰ বাবুৰ আলীৰ আঠ বছৰীয়া পুত্ৰ মফিজুৰ আলী আৰু মটঙাৰ সাহাদত আলীৰ ন বছৰীয়া পুত্ৰ সুহেল আলী।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    21 hrs ago
  • বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক দুৰ্ভাগ্যজনক অঘটন সংঘটিত হৈছে। এই ঘটনাত পল্লা নৈত দুজন শিশুৰ সলিল সমাধি হয়।
    2
    বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক দুৰ্ভাগ্যজনক অঘটন সংঘটিত হৈছে। এই ঘটনাত পল্লা নৈত দুজন শিশুৰ সলিল সমাধি হয়।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    12 hrs ago
  • অসম বিধানসভাত অভিন্ন অসামৰিক আইন (UCC) গৃহীত হোৱাৰ পাছত এই বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। বিধানসভাত UCC পাছ হোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীক এই সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল যে অসমত অভিন্ন অসামৰিক আইনত নতুন কিবা সংযোজন কৰা হ'বনে নাই। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে এক বিশেষ মন্তব্য প্ৰদান কৰিছে।
    1
    অসম বিধানসভাত অভিন্ন অসামৰিক আইন (UCC) গৃহীত হোৱাৰ পাছত এই বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। বিধানসভাত UCC পাছ হোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীক এই সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল যে অসমত অভিন্ন অসামৰিক আইনত নতুন কিবা সংযোজন কৰা হ'বনে নাই। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে এক বিশেষ মন্তব্য প্ৰদান কৰিছে।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    20 hrs ago
  • Post by Vikram Kumar
    3
    Post by Vikram Kumar
    user_Vikram Kumar
    Vikram Kumar
    গেংটক, গেংটক, চিকিম•
    4 hrs ago
  • অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।
    1
    অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    33 min ago
  • মৰিগাঁও জিলাৰ কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ উদ্যোগত গড়জান প্ৰাথমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৩৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত গড়জান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আইনুদ্দিন আহমেদে সভাপতিত্ব কৰে। বিশিষ্ট অতিথি হিচাপে ‘বৰ অসম’ সাপ্তাহিক কাকতৰ সম্পাদক বিৰিঞ্চি কুমাৰ শৰ্মা, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলাম আৰু Voice 365-ৰ মৰিগাঁও জিলাৰ যুৱ সাংবাদিক মহেশ কুমাৰ দাস উপস্থিত থাকে। সভাত শিক্ষাৰ গুৰুত্ব, অধ্যৱসায় আৰু ভৱিষ্যৎ জীৱনত সফলতা অৰ্জনৰ বাবে শিক্ষাৰ্থীসকলক উৎসাহব্যঞ্জক বক্তব্য আগবঢ়োৱা হয়, লগতে অতিথিসকলে সমাজ আৰু জাতি গঠনত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে। সম্বৰ্ধনা অনুষ্ঠানত কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়। গড়জান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ বিষয়ববীয়াসকল, অভিভাৱক আৰু বহু গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ জৰিয়তে কৃতী শিক্ষাৰ্থীসকলক সন্মান জনোৱাৰ লগতে আন শিক্ষাৰ্থীসকলকো অধ্যয়নত অধিক মনোযোগী হ'বলৈ উৎসাহিত কৰা হয়। উপস্থিত সকলোৱে এনে উদ্যোগক শলাগ লৈ ভৱিষ্যতেও ধাৰাবাহিকভাৱে অব্যাহত ৰখাৰ আহ্বান জনায়।
    1
    মৰিগাঁও জিলাৰ কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ উদ্যোগত গড়জান প্ৰাথমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৩৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানত গড়জান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আইনুদ্দিন আহমেদে সভাপতিত্ব কৰে। বিশিষ্ট অতিথি হিচাপে ‘বৰ অসম’ সাপ্তাহিক কাকতৰ সম্পাদক বিৰিঞ্চি কুমাৰ শৰ্মা, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলাম আৰু Voice 365-ৰ মৰিগাঁও জিলাৰ যুৱ সাংবাদিক মহেশ কুমাৰ দাস উপস্থিত থাকে। সভাত শিক্ষাৰ গুৰুত্ব, অধ্যৱসায় আৰু ভৱিষ্যৎ জীৱনত সফলতা অৰ্জনৰ বাবে শিক্ষাৰ্থীসকলক উৎসাহব্যঞ্জক বক্তব্য আগবঢ়োৱা হয়, লগতে অতিথিসকলে সমাজ আৰু জাতি গঠনত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।

সম্বৰ্ধনা অনুষ্ঠানত কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়। গড়জান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ বিষয়ববীয়াসকল, অভিভাৱক আৰু বহু গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ জৰিয়তে কৃতী শিক্ষাৰ্থীসকলক সন্মান জনোৱাৰ লগতে আন শিক্ষাৰ্থীসকলকো অধ্যয়নত অধিক মনোযোগী হ'বলৈ উৎসাহিত কৰা হয়।

উপস্থিত সকলোৱে এনে উদ্যোগক শলাগ লৈ ভৱিষ্যতেও ধাৰাবাহিকভাৱে অব্যাহত ৰখাৰ আহ্বান জনায়।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • আজি জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই উত্তৰ ধৰমতুল গাঁও পঞ্চায়তত শিক্ষার্থীসকলক সম্বৰ্ধনা জনাই থকা সময়ছোৱাত পূব বিহুবড়ি জনজাতি নামঘৰৰ সমীপত স্থানীয় আই-মাতৃসকলৰ সৈতে ক্ষন্তেক সময়ৰ বাবে মত বিনিময় কৰে।
    1
    আজি জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই উত্তৰ ধৰমতুল গাঁও পঞ্চায়তত শিক্ষার্থীসকলক সম্বৰ্ধনা জনাই থকা সময়ছোৱাত পূব বিহুবড়ি জনজাতি নামঘৰৰ সমীপত স্থানীয় আই-মাতৃসকলৰ সৈতে ক্ষন্তেক সময়ৰ বাবে মত বিনিময় কৰে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    19 hrs ago
  • মৰিগাঁও-নগাঁও ৰাজ্যিক ঘাইপথৰ দলবাৰীত নিশাৰ ভাগত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা পকী খুঁটাত এখন তীব্ৰবেগী বাইকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত বাইক আৰোহী এজন যুৱক গুৰুতৰভাৱে আহত হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, তীব্ৰবেগী মটৰচাইকেলখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পকী খুঁটাটোত খুন্দা মাৰিছিল। খুন্দা ইমানেই প্ৰচণ্ড আছিল যে মটৰচাইকেল আৰোহী যুৱকজন ছিটিকি পৰি ৰক্তাক্ত হৈ পৰে। দুৰ্ঘটনাত পতিত হোৱা বাইকখন এখন নীলা ৰঙৰ শক্তিশালী য়ামাহা আৰ-১৫ মডেলৰ, যাৰ পঞ্জীয়ন নম্বৰ AS 02A J 1485। বাইকখনৰ সন্মুখৰ অংশত "Need for Speed" বুলি লিখা থকা দেখা গৈছিল আৰু দুৰ্ঘটনাৰ ফলত ইয়াৰ সন্মুখভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই স্থানীয় ৰাইজ ঘটনাস্থলীত একত্ৰিত হয় আৰু ততাতৈয়াকৈ সংকটজনক অৱস্থাত থকা যুৱকজনক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সযোগে চিকিৎসাৰ বাবে হস্পিটেললৈ প্ৰেৰণ কৰে। স্থানীয় লোকে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিছে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই দুৰ্ঘটনাটোৱে তীব্ৰ বেগ আৰু অসচেতনতাৰ বাবেই ৰাজ্যত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ বিষয়টোক পুনৰবাৰ আঙুলিয়াই দিছে। গতিকে পথত গাড়ী বা বাইক চলোৱাৰ সময়ত গতি নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো চালককে আহ্বান জনোৱা হৈছে।
    1
    মৰিগাঁও-নগাঁও ৰাজ্যিক ঘাইপথৰ দলবাৰীত নিশাৰ ভাগত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা পকী খুঁটাত এখন তীব্ৰবেগী বাইকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত বাইক আৰোহী এজন যুৱক গুৰুতৰভাৱে আহত হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, তীব্ৰবেগী মটৰচাইকেলখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পকী খুঁটাটোত খুন্দা মাৰিছিল। খুন্দা ইমানেই প্ৰচণ্ড আছিল যে মটৰচাইকেল আৰোহী যুৱকজন ছিটিকি পৰি ৰক্তাক্ত হৈ পৰে। দুৰ্ঘটনাত পতিত হোৱা বাইকখন এখন নীলা ৰঙৰ শক্তিশালী য়ামাহা আৰ-১৫ মডেলৰ, যাৰ পঞ্জীয়ন নম্বৰ AS 02A J 1485। বাইকখনৰ সন্মুখৰ অংশত "Need for Speed" বুলি লিখা থকা দেখা গৈছিল আৰু দুৰ্ঘটনাৰ ফলত ইয়াৰ সন্মুখভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই স্থানীয় ৰাইজ ঘটনাস্থলীত একত্ৰিত হয় আৰু ততাতৈয়াকৈ সংকটজনক অৱস্থাত থকা যুৱকজনক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সযোগে চিকিৎসাৰ বাবে হস্পিটেললৈ প্ৰেৰণ কৰে। স্থানীয় লোকে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিছে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই দুৰ্ঘটনাটোৱে তীব্ৰ বেগ আৰু অসচেতনতাৰ বাবেই ৰাজ্যত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ বিষয়টোক পুনৰবাৰ আঙুলিয়াই দিছে। গতিকে পথত গাড়ী বা বাইক চলোৱাৰ সময়ত গতি নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো চালককে আহ্বান জনোৱা হৈছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.