চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষৰদ্বাৰা মানৱ শৃংখল কাৰ্যসূচী চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত মানৱ শৃংখল গঠন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। সোণাৰিৰ চেইন্ট জোচেফ বিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীয়ে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত এক নতুন উদ্যম আৰু উৎসাহ সৃষ্টি কৰে। এই মানৱ শৃংখল কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ভোটদানৰ প্ৰতি জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক ভোটদান সন্দৰ্ভত গুৰুত্ব উপলব্ধি কৰোৱা। কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকলে একত্ৰিত হৈ এক সুন্দৰ শৃংখল গঠন কৰে, যি গণতন্ত্ৰৰ শক্তি আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে তেওঁৰ এক বক্তব্যত কয় যে গণতন্ত্ৰৰ মূল ভিত্তি হৈছে জনতাৰ অংশগ্ৰহণ আৰু এই অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছে ভোটদান। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ ভোটাৰসকল শিক্ষিত, সচেতন আৰু দায়িত্ববোধসম্পন্ন যাৰ ফলত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক সুদৃঢ় কৰিব। তেওঁ সকলো ভোটাৰক আহ্বান জনায় যে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব। মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে “মোৰ ভোট, মোৰ অধিকাৰ”, “চৰাইদেউৰ গৌৰৱ-ভোটদান”, “অহা ৯ এপ্ৰিলত আমি সকলোৱে ভোট দিম” আদি বিভিন্ন সজাগতামূলক শ্লোগান দিয়া দেখা যায়। এই শ্লোগানসমূহে সমাজত এক ইতিবাচক সঁহাৰি সৃষ্টি কৰে৷ এই কাৰ্যসূচীত মাহমৰা সমজিলা আয়ুক্ত দীনচেংফা বৰুৱা, অতিৰিক্ত আয়ুক্তত্ৰয় নৱদ্বীপ চাংমাই, সুৰুজ সোনোৱাল আৰু সুজাতা গগৈ প্ৰমুখ্যে সহকাৰী আয়ুক্তমণ্ডলী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

- ঐতিহাসিক ছয়শ বছৰীয়া আহোম যুগৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰই ইউনেস্কৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত মৈদামক্ষেত্ৰত বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যটকৰ । আজিও মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰে কানাডাৰ পৰা অহা ১০ গৰাকী পৰ্যটকে ।1
- অসমলৈ আহি প্ৰচাৰ চলালে উন্নয়ন দেখি যাবঃ হিমন্ত বিশ্ব শৰ্মা সোণাৰিত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি কৰিলে এই মন্তব্য1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰী । এই গৰাকী প্ৰাৰ্থীৰ নেতৃত্বত প্ৰতিদিনে যোগদান কাৰ্যসূচী অব্যাহত শিৱসাগৰত শতাধিক ব্যক্তিৰ ।1
- হাঁহচৰাৰ ভাধৰা খেলপথাৰত ১০ দিনীয়া বিহু কৰ্মশালা সম্পন্ন ৷ শিৱসাগৰ জিলাৰ বিশেষ সামাজিক ও সাংস্কৃতিক অনুস্থান #সমন্বয় সাংস্কৃতিক গোষ্ঠী# আৰু মুৰলী মোহন কলাকেন্দ্ৰৰ যুটীয়া উদ্যোগত, ভাধৰা সন্মিলিত ক্ৰীড়া সংঘৰ বিশেষ সহযোগত জিলাখনৰ হাঁহচৰাৰ ভাধৰা খেলপথাৰত যোৱা ২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হোৱা ১০ দিনীয়া #বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা# সফতাৰে সম্পন্ন হয় ৷1
- শিৱসাগৰ জিলাৰ গৌৰীসাগৰত শিশুৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে 'কিড্ জী' নামৰ এক নতুন শিশু শিক্ষানুষ্ঠানৰ যাত্ৰা আৰম্ভ হৈছে। অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰশান্ত কুমাৰ নেওগে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিখৌমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পবিত্ৰ কুমাৰ দত্ত উপস্থিত থাকে। গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰী মন্টু কলিতা আৰু শিক্ষানুষ্ঠানখনিৰ অধ্যক্ষ ৰিমঝিম বৰ্মনে পৰিচালনা কৰা এই উদ্বোধনী সভাত শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগতে স্থানীয় ৰাইজৰ ব্যাপক সমাগম ঘটে। শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উত্তৰণক প্ৰাধান্য দি স্থাপন কৰা এই বিদ্যালয়ে অঞ্চলটোৰ শৈক্ষিক পৰিৱেশত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। স্থানীয় সচেতন মহলে এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে শিক্ষানুষ্ঠানখনৰ সফলতা কামনা কৰিছে।4
- ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানে তৎপৰতা বাঢ়িছে প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান। ৰাজ্যৰ অনান্য সমষ্টিৰ সমান্তৰালভাৱে নৱগঠিত মাকুম বিধানসভা সমষ্টিটো শাসকীয় দলৰ সমান্তৰালভাৱে বিৰোধী ঐক্য তথা কংগ্ৰেছৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াইও চলাই আহিছে ব্যাপক প্ৰচাৰ। সমষ্টিৰ অন্তৰ্গত গাঁৱে চহৰে গৈ ভোটাৰৰ মনত বতৰা গ্ৰহণ কৰিছে শিৱনাথ চেতিয়া। দেওবাৰে মাকুম সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ সমৰ্থনত সহস্ৰাধিক মটৰচাইকেলেৰে বিশাল বাইক ৰেলী কাৰ্যসূচী গ্ৰহণ কৰে। এই বাইক ৰেলীত হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হয়।1
- Post by Umasankar Deb1
- চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত মানৱ শৃংখল গঠন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। সোণাৰিৰ চেইন্ট জোচেফ বিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীয়ে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত এক নতুন উদ্যম আৰু উৎসাহ সৃষ্টি কৰে। এই মানৱ শৃংখল কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ভোটদানৰ প্ৰতি জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক ভোটদান সন্দৰ্ভত গুৰুত্ব উপলব্ধি কৰোৱা। কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকলে একত্ৰিত হৈ এক সুন্দৰ শৃংখল গঠন কৰে, যি গণতন্ত্ৰৰ শক্তি আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে তেওঁৰ এক বক্তব্যত কয় যে গণতন্ত্ৰৰ মূল ভিত্তি হৈছে জনতাৰ অংশগ্ৰহণ আৰু এই অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছে ভোটদান। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ ভোটাৰসকল শিক্ষিত, সচেতন আৰু দায়িত্ববোধসম্পন্ন যাৰ ফলত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক সুদৃঢ় কৰিব। তেওঁ সকলো ভোটাৰক আহ্বান জনায় যে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব। মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে “মোৰ ভোট, মোৰ অধিকাৰ”, “চৰাইদেউৰ গৌৰৱ-ভোটদান”, “অহা ৯ এপ্ৰিলত আমি সকলোৱে ভোট দিম” আদি বিভিন্ন সজাগতামূলক শ্লোগান দিয়া দেখা যায়। এই শ্লোগানসমূহে সমাজত এক ইতিবাচক সঁহাৰি সৃষ্টি কৰে৷ এই কাৰ্যসূচীত মাহমৰা সমজিলা আয়ুক্ত দীনচেংফা বৰুৱা, অতিৰিক্ত আয়ুক্তত্ৰয় নৱদ্বীপ চাংমাই, সুৰুজ সোনোৱাল আৰু সুজাতা গগৈ প্ৰমুখ্যে সহকাৰী আয়ুক্তমণ্ডলী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।1