Shuru
Apke Nagar Ki App…
অসম বিধানসভাৰ ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক হিচাপে নুৰুল ইছলামক চিনাক্ত কৰা হৈছে।
Mofidul Islam
অসম বিধানসভাৰ ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক হিচাপে নুৰুল ইছলামক চিনাক্ত কৰা হৈছে।
More news from Baksa and nearby areas
- বাক্সা জিলাৰ অন্তৰ্গত মায়ংপাৰা এম ই স্কুলত 'প্ৰধানমন্ত্ৰী সম্প্ৰীতি পোচন ভোজন' কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।1
- বাক্সা জিলাৰ লক্ষ্মীপুৰ এ ব্ল'কত অৱস্থিত লক্ষ্মীপুৰ হাইস্কুলত বিটিচিৰ ই এম আগাষ্টুছ টিগ্গাৰে এক বিজ্ঞানাগাৰ উদ্বোধন কৰে।1
- ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাই শেহতীয়াকৈ এক বিশাল সফলতা লাভ কৰিছে। গৌৰীপুৰ আৰক্ষীয়ে বিগত সময়ছোৱাত গৌৰীপুৰৰ বিভিন্ন অঞ্চলৰ ব্যক্তিগত ঘৰ আৰু বিভিন্ন মঠ-মন্দিৰৰ পৰা চুৰি কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে মুঠ ৯ জনকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে। এই অভিযানত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী জব্দ কৰা হৈছে, যিটো গৌৰীপুৰ থানাৰ আৰক্ষীৰ এক উল্লেখনীয় কৃতিত্ব বুলি অভিহিত কৰা হৈছে।1
- ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাই এক উল্লেখনীয় সফলতা লাভ কৰিছে। বিগত সময়ছোৱাত গৌৰীপুৰৰ বিভিন্ন অঞ্চলৰ ব্যক্তিগত ঘৰ আৰু মঠ-মন্দিৰৰ পৰা চুৰি হোৱা বহু সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িত ৯ জন চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, যোৱা পৰহি গৌৰীপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত গৌৰীপুৰৰ টিয়ামাৰী অঞ্চলত এটি দোকানত অভিযান চলায়। গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিভূতি থাপাৰ নেতৃত্বত আৰু চহৰ উপ-পৰিদৰ্শক নেত্ৰ কমল বৰাৰ সহযোগত চলা এই অভিযানত কেইবাটাও বিভিন্ন ধৰণৰ চুৰি সামগ্ৰী উদ্ধাৰ হয়। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত বিভিন্ন পূজাৰ সামগ্ৰী, গেছ চিলিণ্ডাৰ, মাইকৰ মেচিন, বৈদ্যুতিক তাঁৰ, বেটাৰী আৰু বিভিন্ন ধৰণৰ লোহাৰ সামগ্ৰী অন্যতম আছিল। এই চুৰি কাণ্ডত জড়িত থকা আৰু গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকল হ'ল ক্ৰমে: মালাটিখামাৰৰ মনোৱাৰ হুছেইনৰ পুত্ৰ হাছানুৰ ইছলাম ওৰফে মিলন (২২); টিয়ামাৰী ২ খণ্ডৰ উছমান আলীৰ পুত্ৰ খাইৰুছ জামান (৩৭); ফুলুকামাৰীৰ বিনোদ দাসৰ পুত্ৰ মিন্টু দাস (১৯); মধূশৌলমাৰী ২য় খণ্ডৰ লেফটেনেণ্ট সুকুৰ আলীৰ পুত্ৰ মফিজুৰ ৰহমান (৩৯); গৌৰীপুৰৰ চৌৰাংগীমোৰৰ আবুল হুচেইনৰ পুত্ৰ সৰিফুল হুচেইন (১৮) আৰু একে স্থানৰ ৰফিকুল হুচেইন (২৩); টিয়ামাৰীৰ ছানোৱাৰ হুচেইনৰ পুত্ৰ সাহিনুল সেখ (২৪); গৌৰীপুৰ বৰবাৰীৰ আব্দুল আজিজৰ পুত্ৰ পিংকু আলোম (২৭); আৰু চুপাৰ মাৰ্কেটৰ গোপাল ৰায়ৰ পুত্ৰ মনোজ ৰায় (২০)। বৰ্তমান গৌৰীপুৰ আৰক্ষীয়ে এই সমগ্ৰ চুৰি কাৰ্য্যৰ ওপৰত আৰু অধিক তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ পোৱা গৈছে।1
- জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰা হৈছে। এই সন্দৰ্ভত নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।1
- সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ধুবুৰীতো আয়ুষ মিছনৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত গুৰুদ্বাৰা প্ৰাঙ্গণত দ্বাদশ (১২তম) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন যোগ অনুশীলন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, যোগ অভ্যাস কৰা ব্যক্তিসকল, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিককে ধৰি ভালেসংখ্যক ৰাইজ উপস্থিত থাকে। এজন যোগ অনুশীলন বিশেষজ্ঞই উপস্থিত অংশগ্ৰহণকাৰীসকলক ক্ৰমান্বয়ে টাদাসানা, বৃক্ষসানা, বজ্ৰসানা, ভূজাংগসানা, সাভাসনা আদি বিভিন্ন যোগাসনৰ লগতে ধ্যানও আখৰা কৰায়।1
- তামুলপুৰ জিলাৰ বগাজূলি অঞ্চলৰ ঢোলাপাৰাত এটা মৃত বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হৈছে। এই ঘটনাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে যদিও মৃত হাতী পোৱালীটোৰ কাষত দুটাকৈ হাতীয়ে বিচৰণ কৰি থকাৰ বাবে ইয়াক উদ্ধাৰ কৰিব পৰা নাই। মৃত হাতী পোৱালীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।1
- পলাশবাৰীত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এক অতিৰিক্ত ভৱনৰ শুভ উদ্বোধন সম্পন্ন হৈছে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।1
- বন বিভাগে পৰ্যাপ্ত অস্ত্ৰ-সঁজুলিৰ অভাৱত গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত বনকৰ্মীসকলে বহু প্ৰতিকূল পৰিস্থিতিত নিজৰ কৰ্তব্য পালন কৰিবলগীয়া হৈছে। বিশেষকৈ মানুহ-হাতী সংঘাত বৃদ্ধি পোৱা অঞ্চলসমূহত বনকৰ্মীসকলে নিজৰ জীৱনৰ ঝুঁকি লৈ দিনে-নিশাই হাতী খেদাৰ কামত নিয়োজিত হৈ আছে। প্ৰতিকূল বতৰ, ধাৰাসাৰ বৰষুণ আৰু গভীৰ অৰণ্যৰ মাজতো তেওঁলোকে প্ৰায় বিনা অস্ত্ৰৰে বনৰীয়া হাতীৰ জাকক জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰাই নিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। পৰ্যাপ্ত সুৰক্ষা সামগ্ৰী আৰু আধুনিক সঁজুলিৰ অভাৱৰ বাবে বনকৰ্মীসকলে বহু সময়ত বিপদসংকুল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়।1