logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰাণৰ বিশেষভাৱে সক্ষম পাঞ্জা খেলুৱৈ অমৰ চাওৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে, য'ত তেওঁ এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত চতুৰ্থ পাফি নেচনেল আৰ্ম ৰেচলিং এণ্ড পেৰা আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ-২০২৬ ত অমৰ চাওৰাই সোঁ আৰু বাওঁ হাতৰ পাঞ্জা দুয়োটাতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

3 days ago
user_Moran Dorpon
Moran Dorpon
মৰাণ, ডিব্ৰুগড়, অসম•
3 days ago

মৰাণৰ বিশেষভাৱে সক্ষম পাঞ্জা খেলুৱৈ অমৰ চাওৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে, য'ত তেওঁ এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত চতুৰ্থ পাফি নেচনেল আৰ্ম ৰেচলিং এণ্ড পেৰা আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ-২০২৬ ত অমৰ চাওৰাই সোঁ আৰু বাওঁ হাতৰ পাঞ্জা দুয়োটাতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

More news from অসম and nearby areas
  • আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনা চৰাইদেউ জিলাত অভিযান চলাই ১০জন শিশু শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। জিলাখনৰ সোণাৰি, নামতোলা আৰু মথুৰাপুৰ অঞ্চলত চৰাইদেউ জিলাৰ ট্ৰাস্ক ফৰ্চ টিমে এই অভিযান চলায়। চৰকাৰে শিশুসকলৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰাৰ পাছতো বহু শিশু এতিয়াও শিশু শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। আজিৰ অভিযানত সোণাৰি আৰু নামতোলাৰ পৰা ৪জন শিশুক উদ্ধাৰ কৰাৰ লগতে মথুৰাপুৰৰ ৰাজা হোটেল, জেপি হোটেল আৰু যাদৱ হোটেলৰ পৰা ৬জন শিশুক হাতে-লোতে উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা শিশুসকলক জিলাৰ শিশু কল্যাণ সমিতিত হাজিৰ কৰোৱা হ'ব আৰু শিশু শ্ৰমিক নিয়োগ কৰা মালিক পক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
    1
    আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনা চৰাইদেউ জিলাত অভিযান চলাই ১০জন শিশু শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। জিলাখনৰ সোণাৰি, নামতোলা আৰু মথুৰাপুৰ অঞ্চলত চৰাইদেউ জিলাৰ ট্ৰাস্ক ফৰ্চ টিমে এই অভিযান চলায়।

চৰকাৰে শিশুসকলৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰাৰ পাছতো বহু শিশু এতিয়াও শিশু শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। আজিৰ অভিযানত সোণাৰি আৰু নামতোলাৰ পৰা ৪জন শিশুক উদ্ধাৰ কৰাৰ লগতে মথুৰাপুৰৰ ৰাজা হোটেল, জেপি হোটেল আৰু যাদৱ হোটেলৰ পৰা ৬জন শিশুক হাতে-লোতে উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা শিশুসকলক জিলাৰ শিশু কল্যাণ সমিতিত হাজিৰ কৰোৱা হ'ব আৰু শিশু শ্ৰমিক নিয়োগ কৰা মালিক পক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    21 hrs ago
  • সপোন বুকুত বান্ধি পৰীক্ষা দিবলৈ গুৱাহাটীলৈ যোৱা সোণাৰিৰ মেধাৱী ছাত্ৰী পৰিস্মিতা হাজৰিকা আৰু ঘৰলৈ সশৰীৰে ঘূৰি নাহিল। শুকুৰবাৰে সহপাঠীৰ সৈতে স্কুটীৰে পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাত তেওঁৰ গাৰ ওপৰত এজোপা গছ উভালি পৰাত এগৰাকী প্ৰতিভাৱান ছাত্ৰী চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰে। কালি নিশা গুৱাহাটীত মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি পুৱা তেওঁৰ নশ্বৰ দেহ সোণাৰিৰ নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিকূল বতৰৰ মাজতো শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ অগণন লোকে ভিৰ কৰে। এই মেধাৱী ছাত্ৰীগৰাকীৰ এনে অকাল প্ৰস্থানক কোনেও সহজভাৱে মানি ল'ব পৰা নাই, যাৰ ফলত সমগ্ৰ সোণাৰি এতিয়া শোকস্তব্ধ।
    1
    সপোন বুকুত বান্ধি পৰীক্ষা দিবলৈ গুৱাহাটীলৈ যোৱা সোণাৰিৰ মেধাৱী ছাত্ৰী পৰিস্মিতা হাজৰিকা আৰু ঘৰলৈ সশৰীৰে ঘূৰি নাহিল। শুকুৰবাৰে সহপাঠীৰ সৈতে স্কুটীৰে পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাত তেওঁৰ গাৰ ওপৰত এজোপা গছ উভালি পৰাত এগৰাকী প্ৰতিভাৱান ছাত্ৰী চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰে।

কালি নিশা গুৱাহাটীত মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি পুৱা তেওঁৰ নশ্বৰ দেহ সোণাৰিৰ নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিকূল বতৰৰ মাজতো শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ অগণন লোকে ভিৰ কৰে। এই মেধাৱী ছাত্ৰীগৰাকীৰ এনে অকাল প্ৰস্থানক কোনেও সহজভাৱে মানি ল'ব পৰা নাই, যাৰ ফলত সমগ্ৰ সোণাৰি এতিয়া শোকস্তব্ধ।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    7 hrs ago
  • ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰত পুনৰ শিৱসাগৰ আৰক্ষীয়ে এক সফল ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে। নগৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ নেতৃত্বত চলা এই বিশেষ অভিযানত আৰক্ষীয়ে শিৱসাগৰ জেঙনিকটীয়া পুলিচ ৰিজাৰ্ভৰ সমীপৰ পৰা ৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ ফলত বৰ্তমান সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ড্ৰাগছখিনি সৰবৰাহ কৰাৰ অভিযোগত নগাঁৱৰ হানিফ আলি নামৰ এজন সন্দেহজনক যুৱকক আটক কৰিছে, যি বৰ্তমান শিৱসাগৰত ভাৰাতীয়া হিচাপে বাস কৰি আছিল। অভিযানকালত যুৱকজনৰ জিম্মাৰ পৰা ড্ৰাগছখিনিৰ লগতে ব্যৱহৃত এ এছ ০৪ এ ডি ১২০৮ (AS 04 AD 1208) নম্বৰৰ এখন এনটৰ্ক স্কুটীও জব্দ কৰা হয়। উল্লেখ্য যে, কালিৰ দিনটোতো শিৱসাগৰ আৰক্ষীয়ে আন এক তীব্ৰ অভিযান চলাই এখন বিলাসী বাহনৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে জাহিদ হুছেইন আৰু ৱাচিম হুছেইন নামৰ দুজন যুৱকক আটক কৰিছিল। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত শিৱসাগৰ চহৰত এনেদৰে দুটাকৈ ডাঙৰ ড্ৰাগছ উদ্ধাৰৰ ঘটনাই চহৰখন ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে নেকি, তাকলৈ বৰ্তমান সচেতন মহলৰ লগতে স্থানীয় অভিভাৱকসকলক গভীৰভাৱে চিন্তিত কৰি তুলিছে।
    4
    ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰত পুনৰ শিৱসাগৰ আৰক্ষীয়ে এক সফল ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে। নগৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ নেতৃত্বত চলা এই বিশেষ অভিযানত আৰক্ষীয়ে শিৱসাগৰ জেঙনিকটীয়া পুলিচ ৰিজাৰ্ভৰ সমীপৰ পৰা ৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ ফলত বৰ্তমান সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে ড্ৰাগছখিনি সৰবৰাহ কৰাৰ অভিযোগত নগাঁৱৰ হানিফ আলি নামৰ এজন সন্দেহজনক যুৱকক আটক কৰিছে, যি বৰ্তমান শিৱসাগৰত ভাৰাতীয়া হিচাপে বাস কৰি আছিল। অভিযানকালত যুৱকজনৰ জিম্মাৰ পৰা ড্ৰাগছখিনিৰ লগতে ব্যৱহৃত এ এছ ০৪ এ ডি ১২০৮ (AS 04 AD 1208) নম্বৰৰ এখন এনটৰ্ক স্কুটীও জব্দ কৰা হয়। উল্লেখ্য যে, কালিৰ দিনটোতো শিৱসাগৰ আৰক্ষীয়ে আন এক তীব্ৰ অভিযান চলাই এখন বিলাসী বাহনৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে জাহিদ হুছেইন আৰু ৱাচিম হুছেইন নামৰ দুজন যুৱকক আটক কৰিছিল। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত শিৱসাগৰ চহৰত এনেদৰে দুটাকৈ ডাঙৰ ড্ৰাগছ উদ্ধাৰৰ ঘটনাই চহৰখন ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে নেকি, তাকলৈ বৰ্তমান সচেতন মহলৰ লগতে স্থানীয় অভিভাৱকসকলক গভীৰভাৱে চিন্তিত কৰি তুলিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    20 hrs ago
  • গহপুৰৰ পথাৰৰ এক বিশেষ দৃশ্যই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। এই দৃশ্য কেৱল কৃষিকার্যৰ নহয়, বৰং ই নাৰীশক্তিৰ জাগৰণ, আত্মবিশ্বাসৰ জয়গান আৰু গ্ৰাম্য অৰ্থনীতিত পৰিৱৰ্তনৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী দাঙি ধৰিছে।
    1
    গহপুৰৰ পথাৰৰ এক বিশেষ দৃশ্যই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। এই দৃশ্য কেৱল কৃষিকার্যৰ নহয়, বৰং ই নাৰীশক্তিৰ জাগৰণ, আত্মবিশ্বাসৰ জয়গান আৰু গ্ৰাম্য অৰ্থনীতিত পৰিৱৰ্তনৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী দাঙি ধৰিছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    19 hrs ago
  • তিনিচুকীয়া জিলাৰ জাগুনত এক অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ এগৰাকী ব্যৱসায়ীক আটক কৰা হৈছে। জাগুনৰ ৯ মাইল পাৰ্বতীপুৰৰ পৰা কিৰণ বৰা নামৰ ড্ৰাগছ ব্যৱসায়ীজনক বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ, নগদ ৩২,০০০ টকা, এখন বিলাসী বাহন (নম্বৰ AS23 AP 1671) আৰু এখন পালছাৰ বাইক (নম্বৰ AS23 AE 4483)সহ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত জাগুন আৰক্ষীয়ে আজি কিৰণ বৰা নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰত অতৰ্কিতে অভিযান চলাইছিল। আৰক্ষীয়ে বৰ্তমান ধৃত ড্ৰাগছ ব্যৱসায়ী কিৰণ বৰাক ড্ৰাগছ ব্যৱসায় সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে। এই অভিযানত জাগুন আৰু লেখাপানী আৰক্ষীয়ে অংশগ্ৰহণ কৰিছিল।
    1
    তিনিচুকীয়া জিলাৰ জাগুনত এক অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ এগৰাকী ব্যৱসায়ীক আটক কৰা হৈছে। জাগুনৰ ৯ মাইল পাৰ্বতীপুৰৰ পৰা কিৰণ বৰা নামৰ ড্ৰাগছ ব্যৱসায়ীজনক বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ, নগদ ৩২,০০০ টকা, এখন বিলাসী বাহন (নম্বৰ AS23 AP 1671) আৰু এখন পালছাৰ বাইক (নম্বৰ AS23 AE 4483)সহ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত জাগুন আৰক্ষীয়ে আজি কিৰণ বৰা নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰত অতৰ্কিতে অভিযান চলাইছিল।

আৰক্ষীয়ে বৰ্তমান ধৃত ড্ৰাগছ ব্যৱসায়ী কিৰণ বৰাক ড্ৰাগছ ব্যৱসায় সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে। এই অভিযানত জাগুন আৰু লেখাপানী আৰক্ষীয়ে অংশগ্ৰহণ কৰিছিল।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    15 min ago
  • কেৱল এজাক বৰষুণতে পানী জমা হোৱাৰ ফলত সাধাৰণ লোকসকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।
    1
    কেৱল এজাক বৰষুণতে পানী জমা হোৱাৰ ফলত সাধাৰণ লোকসকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    5 hrs ago
  • আজি গহপুৰৰ বুৰৈঘাটস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমীত এক আড়ম্বৰপূৰ্ণ নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত নতুনকৈ ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক আদৰণি জনোৱাৰ লগতে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
    1
    আজি গহপুৰৰ বুৰৈঘাটস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমীত এক আড়ম্বৰপূৰ্ণ নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত নতুনকৈ ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক আদৰণি জনোৱাৰ লগতে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
    user_Gohpur Khabar
    Gohpur Khabar
    Local News Reporter গহপুৰ, বিশ্বনাথ, অসম•
    52 min ago
  • যোৰহাটৰ ৰৰৈয়াত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে, য'ত বায়ুসেনাৰ এখন AN-32 কাৰ্গো বিমান অৱতৰণৰ পিছতেই বিস্ফোৰিত হয়। এই শোকাবহ দুৰ্ঘটনাত দুজন পাইলটসহ মুঠ পাঁচজন বিমানসেনা জোৱান শ্বহীদ হয়। শ্বহীদ হোৱা লোকসকল হৈছে স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, চাৰ্জেণ্ট জীতেন্দ্ৰ সিং, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱট আৰু অগ্নিবীৰবায়ু ডেনিছ আলম।
    1
    যোৰহাটৰ ৰৰৈয়াত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে, য'ত বায়ুসেনাৰ এখন AN-32 কাৰ্গো বিমান অৱতৰণৰ পিছতেই বিস্ফোৰিত হয়। এই শোকাবহ দুৰ্ঘটনাত দুজন পাইলটসহ মুঠ পাঁচজন বিমানসেনা জোৱান শ্বহীদ হয়। শ্বহীদ হোৱা লোকসকল হৈছে স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, চাৰ্জেণ্ট জীতেন্দ্ৰ সিং, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱট আৰু অগ্নিবীৰবায়ু ডেনিছ আলম।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter Golaghat, Assam•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.