নাগ্ৰীজুলিত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ - ২০২৬ পালন ৷ নাগ্ৰীজুলিত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ - ২০২৬ পালন ৷ তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত নাবাৰ্ড আৰু বেচৰকাৰী সংস্থা গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ ২০২৬ ৰ লগত সংগতি ৰাখি ৮ মাৰ্চত পালন কৰি অহা আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় ৷ তদুপলক্ষে নাগ্ৰীজুলি চিমটিচি কেন্দ্ৰত এখন মহিলা সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ গ্ৰাম্য বিকাশ মঞ্চ, নাগ্ৰী জুলিৰ সমন্বয়ক চক্ৰ তালুকদাৰে আঁত ধৰা সজাগতা সভাত উপস্থিত থাকে ক্ৰমে মহকুমা কৃষি উন্নয়ন বিষয়া নিৰোদ চন্দ্ৰ নাথে মহিলা সকলৰ কৃষি উদ্যমিতা সন্দৰ্ভত বক্তব্য ৰাখে। নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া উৎপল বেজবৰুৱাই আন্তৰ্জাতিক নাৰী দিৱসৰ জন্ম কাহিনী মহিলাৰ বেংকিং লিংকেজ আৰু প্ৰাকৃতিক কৃষি ব্যৱস্থা, কৃষিত আধুনিক প্ৰযুক্তিৰ ব্যবহাৰ আদিৰ ওপৰত সুন্দৰ বক্তব্য ৰাখে। বিটিচিৰ মীন বিভাগৰ ই এম লক্ষ্মী দাসে মীন পালনত মহিলা সকলৰ প্ৰশিক্ষণৰ কথা সদৰি কৰাৰ লগতে তেওঁ নাৰী সবলীকৰন, নাৰীৰ দায়িত্ববোধ আৰু কৰ্মসংস্কৃতিৰ ওপৰত ব্যাখ্যা কৰে ৷ অসম ৰাজ্যিক গ্ৰাম্য জিবীকা অভিযান ৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ প্ৰকল্প খণ্ড প্ৰৱন্ধক জীৱজ্যোতি ডেকা আগন্তুক দিনত অসম চৰকাৰে অনুষ্ঠিত কৰিব লগা এডিআৰ ৩-০ ৰ বাবে ৩০ গৰাকী স্নাতক যুবক যুৱতীক বিনামূলীয়া প্ৰশিক্ষণ দি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সুবিধা দিয়াৰ কথা আজিৰ সঊভাতে সদৰি কৰে। সজাগতা সভাতে নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বী হোৱা ছয় গৰাকী উদ্যমী মহিলাক নাবাৰ্ড আৰু গ্ৰাম্য বিকাশ মঞ্চৰ তৰফৰ পৰা সম্বৰ্দ্ধন জ্ঞাপন কৰাৰ লগতে স্মাৰক, মানপত্ৰ, উপহাৰৰ টোপোলা আৰু গামোচাৰে আদৰনি জনোৱা হয় ৷ শেষত গ্ৰাম্য বিকাশ মঞ্চৰ উপ সভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তীয়ে নাগ্ৰীজুলি অঞ্চলত সংস্থাটোৱে নাবাৰ্ডৰ সহযোগত মহিলা সবলীকৰনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতি সবল কৰিবলৈ লোৱা কাম কাজৰ কিছু আভাস ডাঙি ধৰে ৷ আজিৰ সভাত ডেৰশতাধিক কৰ্মমুখী মহিলা গ্ৰাম্য বিকাশ মঞ্চৰ স্বেচ্ছাসেৱক সকল উপস্থিত থাকে।
নাগ্ৰীজুলিত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ - ২০২৬ পালন ৷ নাগ্ৰীজুলিত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ - ২০২৬ পালন ৷ তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত নাবাৰ্ড আৰু বেচৰকাৰী সংস্থা গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ ২০২৬ ৰ লগত সংগতি ৰাখি ৮ মাৰ্চত পালন কৰি অহা আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় ৷ তদুপলক্ষে নাগ্ৰীজুলি চিমটিচি কেন্দ্ৰত এখন মহিলা সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ গ্ৰাম্য বিকাশ মঞ্চ, নাগ্ৰী জুলিৰ সমন্বয়ক চক্ৰ তালুকদাৰে আঁত ধৰা সজাগতা সভাত উপস্থিত থাকে ক্ৰমে মহকুমা কৃষি উন্নয়ন বিষয়া নিৰোদ চন্দ্ৰ নাথে মহিলা সকলৰ কৃষি
উদ্যমিতা সন্দৰ্ভত বক্তব্য ৰাখে। নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া উৎপল বেজবৰুৱাই আন্তৰ্জাতিক নাৰী দিৱসৰ জন্ম কাহিনী মহিলাৰ বেংকিং লিংকেজ আৰু প্ৰাকৃতিক কৃষি ব্যৱস্থা, কৃষিত আধুনিক প্ৰযুক্তিৰ ব্যবহাৰ আদিৰ ওপৰত সুন্দৰ বক্তব্য ৰাখে। বিটিচিৰ মীন বিভাগৰ ই এম লক্ষ্মী দাসে মীন পালনত মহিলা সকলৰ প্ৰশিক্ষণৰ কথা সদৰি কৰাৰ লগতে তেওঁ নাৰী সবলীকৰন, নাৰীৰ দায়িত্ববোধ আৰু কৰ্মসংস্কৃতিৰ ওপৰত ব্যাখ্যা কৰে ৷ অসম ৰাজ্যিক গ্ৰাম্য জিবীকা অভিযান ৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ প্ৰকল্প খণ্ড প্ৰৱন্ধক জীৱজ্যোতি ডেকা আগন্তুক দিনত অসম চৰকাৰে অনুষ্ঠিত কৰিব লগা এডিআৰ ৩-০ ৰ বাবে ৩০ গৰাকী
স্নাতক যুবক যুৱতীক বিনামূলীয়া প্ৰশিক্ষণ দি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সুবিধা দিয়াৰ কথা আজিৰ সঊভাতে সদৰি কৰে। সজাগতা সভাতে নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বী হোৱা ছয় গৰাকী উদ্যমী মহিলাক নাবাৰ্ড আৰু গ্ৰাম্য বিকাশ মঞ্চৰ তৰফৰ পৰা সম্বৰ্দ্ধন জ্ঞাপন কৰাৰ লগতে স্মাৰক, মানপত্ৰ, উপহাৰৰ টোপোলা আৰু গামোচাৰে আদৰনি জনোৱা হয় ৷ শেষত গ্ৰাম্য বিকাশ মঞ্চৰ উপ সভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তীয়ে নাগ্ৰীজুলি অঞ্চলত সংস্থাটোৱে নাবাৰ্ডৰ সহযোগত মহিলা সবলীকৰনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতি সবল কৰিবলৈ লোৱা কাম কাজৰ কিছু আভাস ডাঙি ধৰে ৷ আজিৰ সভাত ডেৰশতাধিক কৰ্মমুখী মহিলা গ্ৰাম্য বিকাশ মঞ্চৰ স্বেচ্ছাসেৱক সকল উপস্থিত থাকে।
- ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদ্যাপন কমিতিৰ সম্পাদকৰ মন্তব্য1
- এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।1
- 📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ 📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ 📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে #LokSabha #WomenReservation #GauravGogoi1
- ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।1
- Post by Amirul haque 2033
- Post by অঞ্জন শইকীয়া1
- বিশ্বশান্তিৰ কামনাৰে ঢেকীয়াজুলিৰ পিৰাকটাত বাথৌ আৰছ অনুষ্ঠিত কৰে1
- সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে #viralpost #ytshort1
- Saljuri No1.gossaigaon . Kokrajhar1