logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

*মাধুৰী আঁহতৰ তলৰ বিহুমেলাৰ ১০৮ সংখ্যক উদযাপন* অসমৰ প্ৰথমখন মুকলি বিহুমেলা ৰূপে খ্যাত মাধুৰী আঁহতৰ তলৰ বিহুমেলাই এইবাৰ ১০৮ সংখ্যক জয়ন্তী উদযাপন কৰিছে। উল্লেখ্য যে এই বিহু এক বহাগৰ পৰা সাত বহাগলৈকে চলাৰ এক পৰম্পৰা প্ৰচলিত আছে। চলিত বৰ্ষৰ ৩০ চ'ত(১৪ এপ্ৰিল)ৰ দিনা বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰমেন বৰাই। ১ বহাগ(১৫ এপ্ৰিল)ৰ দিনা বৃহত্তৰ খৰঙি লাত সামৰি এক ধৰ্মীয় আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত দাসে কয় যে এশ আঠ বৰ্ষ গৰকা এই প্ৰাচীন মুকলি বিহুমেলাখনিৰ আকৰ্ষণ কমা নাই, বৰং নব প্ৰজন্মৰ হাতত পৰি এই বিহুৰ আকৰ্ষণ দিনে দিনে বৃদ্ধি পাই আহিছে। এই শোভাযাত্ৰাত অংকীয়া ভাওনা, বিহুদল, ভাগৱত কান্ধত লৈ ভ্ৰমণ, বিয়ানাম, বড়ো নৃত্য, দিহানাম, ঝুমইৰ নৃত্য আদি প্ৰদৰ্শন কৰা হয়। আজি দিনৰ এঘাৰ বজাৰ পৰা মৃণাল গোস্বামীৰ পৰিচালনাত অনুষ্ঠিত হৈছে অন্তৰংগ আলাপ। অশীতিপৰ বৃদ্ধ-বৃদ্ধাৰ পৰা আৰম্ভ কৰি আজিৰ প্ৰজন্মৰ ডেকা গাভৰুৱে এই প্ৰাচীন বিহুখনৰ ঐতিহ্যৰ কথা স্মৰণ কৰে। অঞ্চলটোৰ বাৰভূঞা, হেজাৰিমল, বহুৱাবাৰী, চতিয়াল গাঁও, ৰহধৰ গাঁও আদিৰ পৰা বহুসংখ্যক লোকে এই আলাপ অনুষ্ঠানত অংশ লয়। কাইলৈ অনুষ্ঠিত হ'ব লগা মহিলাৰ দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰিব চতিয়াৰ পৌৰপতি দীপশিখা সন্দিকৈয়ে। ১৮ এপ্ৰিলৰ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব, টীয়কৰ আউনীআটি সত্ৰৰ লোক সংস্কৃতি বিভাগৰ গৱেষক হৰেন্দ্ৰ ৰাজবংশীয়ে। উল্লেখ্য যে জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ বিহুৱা দল, চতিয়াৰ মৰনৈপৰীয়া বিহুৱা দল, ঢেকীয়াজুলীৰ ৰূপজ্যোতি বিহুৱা দল, কলিয়াবৰৰ ফ্ৰেইণ্ডশিপ বিহুৱা দল, তেজপুৰৰ নটসূৰ্য শিল্পী সমাজ, চতিয়াৰ আঞ্চলিক বিহুদল, চাৰিদুৱাৰৰ মনবহাগী বিহুৱা দল, বিশ্বনাথ চাৰিআলিৰ আঞ্চলিক বিহুৱা দল, গহপুৰৰ জোনবাই বিহুৱা দল, বিশ্বনাথ চাৰিআলিৰ গামোচা বিহুৱা দল, জামুগুৰিহাটৰ লুইতপৰীয়া বিহুৱা দল, ঘাঁহিগাঁৱৰ উদয়ন বিহুৱা দল, তেজপুৰৰ ৰঙালী বিহুৱা দলকে ধৰি মুঠ চৈধ্যটা দলে যোগদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

4 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
4 hrs ago
81069f5c-97c6-4f12-b2ad-2726c83785df

*মাধুৰী আঁহতৰ তলৰ বিহুমেলাৰ ১০৮ সংখ্যক উদযাপন* অসমৰ প্ৰথমখন মুকলি বিহুমেলা ৰূপে খ্যাত মাধুৰী আঁহতৰ তলৰ বিহুমেলাই এইবাৰ ১০৮ সংখ্যক জয়ন্তী উদযাপন কৰিছে। উল্লেখ্য যে এই বিহু এক বহাগৰ পৰা সাত বহাগলৈকে চলাৰ এক পৰম্পৰা প্ৰচলিত আছে। চলিত বৰ্ষৰ ৩০ চ'ত(১৪ এপ্ৰিল)ৰ দিনা বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰমেন বৰাই। ১ বহাগ(১৫ এপ্ৰিল)ৰ দিনা বৃহত্তৰ খৰঙি লাত সামৰি এক ধৰ্মীয় আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত দাসে কয় যে এশ আঠ বৰ্ষ গৰকা এই প্ৰাচীন মুকলি বিহুমেলাখনিৰ আকৰ্ষণ কমা নাই, বৰং নব প্ৰজন্মৰ হাতত পৰি এই বিহুৰ আকৰ্ষণ দিনে দিনে বৃদ্ধি পাই আহিছে। এই শোভাযাত্ৰাত অংকীয়া ভাওনা, বিহুদল, ভাগৱত কান্ধত লৈ ভ্ৰমণ, বিয়ানাম, বড়ো নৃত্য, দিহানাম, ঝুমইৰ নৃত্য আদি প্ৰদৰ্শন কৰা হয়। আজি দিনৰ এঘাৰ বজাৰ পৰা মৃণাল গোস্বামীৰ পৰিচালনাত অনুষ্ঠিত হৈছে

3ba3193d-98ea-4ea8-8cff-7154de3d81a1

অন্তৰংগ আলাপ। অশীতিপৰ বৃদ্ধ-বৃদ্ধাৰ পৰা আৰম্ভ কৰি আজিৰ প্ৰজন্মৰ ডেকা গাভৰুৱে এই প্ৰাচীন বিহুখনৰ ঐতিহ্যৰ কথা স্মৰণ কৰে। অঞ্চলটোৰ বাৰভূঞা, হেজাৰিমল, বহুৱাবাৰী, চতিয়াল গাঁও, ৰহধৰ গাঁও আদিৰ পৰা বহুসংখ্যক লোকে এই আলাপ অনুষ্ঠানত অংশ লয়। কাইলৈ অনুষ্ঠিত হ'ব লগা মহিলাৰ দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰিব চতিয়াৰ পৌৰপতি দীপশিখা সন্দিকৈয়ে। ১৮ এপ্ৰিলৰ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব, টীয়কৰ আউনীআটি সত্ৰৰ লোক সংস্কৃতি বিভাগৰ গৱেষক হৰেন্দ্ৰ ৰাজবংশীয়ে। উল্লেখ্য যে জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ বিহুৱা দল, চতিয়াৰ মৰনৈপৰীয়া বিহুৱা দল, ঢেকীয়াজুলীৰ ৰূপজ্যোতি বিহুৱা দল, কলিয়াবৰৰ ফ্ৰেইণ্ডশিপ বিহুৱা দল, তেজপুৰৰ নটসূৰ্য শিল্পী সমাজ, চতিয়াৰ আঞ্চলিক বিহুদল, চাৰিদুৱাৰৰ মনবহাগী বিহুৱা দল, বিশ্বনাথ চাৰিআলিৰ আঞ্চলিক বিহুৱা দল, গহপুৰৰ জোনবাই বিহুৱা দল, বিশ্বনাথ চাৰিআলিৰ গামোচা বিহুৱা দল, জামুগুৰিহাটৰ লুইতপৰীয়া বিহুৱা দল, ঘাঁহিগাঁৱৰ উদয়ন বিহুৱা দল, তেজপুৰৰ ৰঙালী বিহুৱা দলকে ধৰি মুঠ চৈধ্যটা দলে যোগদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

More news from অসম and nearby areas
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জালুগুটিত একশৰণ ভাগৱতী সমাজৰ ৬৫ সংখ্যক মহাপালনাম কীৰ্তন ভাগ অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে বিশ্ব শান্তিৰ অৰ্থে প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই কীৰ্তন ভাগৰ কাৰ্যসূচী অনুসৰি ১১ ব'হাগ ইংৰাজী ২৫ এপ্ৰিল শনিবাৰে পুৱা ৫ বজাত প্ৰাতঃপ্ৰসঙ্গ ৫-৩০ বজাত খোলা প্ৰসঙ্গ, ৬ বজাত পুৱা প্ৰসঙ্গ, ৭ বজাত নগৰ কীৰ্তন, ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব ধৰ্মেশ্বৰ দাসে, ৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, ১০ বজাত বৃক্ষ ৰোপণ, ১১-৩০ বজাত মধ্যাহ্ন প্ৰসঙ্গ, দুপৰীয়া ১ বজাত আহাৰ গ্ৰহণ, ২ বজাত ভকত আদৰণি, ৩ বজাত ভাগৱত পাঠ, সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত মহাপালনামৰ শৰাই অৰ্চনা, ৭-১৫ বজাত আচাৰ্য প্ৰণাম, ৭-৩০ বজাত গুণমালা কীৰ্তন, নিশা ৯ বজাত খোল প্ৰসঙ্গ, ১০ বজাত নিশাৰ আহাৰ গ্ৰহণ, ১০-৩০ বজাত মহাপালনাম কীৰ্তন আৰম্ভ। ১১ ব'হাগ ইংৰাজী ২৬ এপ্ৰিল ৰবিবাৰে পুৱা ৬ বজাত মহাপালনাম সামৰণি, ৭ বজাত কৃপা প্ৰাৰ্থনা, ৮ বজাত ভাগৱত শোভাযাত্ৰা, ৯ বজাত প্ৰসাদ বিতৰণ, ১২ বজাত ভকত বিদায় আৰু বিয়লি ৫ বজাত ধৰ্ম ধ্বজা অবতৰণেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি শ্ৰীমন্ত হাজৰিকা আৰু সম্পাদক উৎপল কুমাৰ দাসে। এই সমুহ কাৰ্যসূচীত অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে।
    1
    বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জালুগুটিত একশৰণ ভাগৱতী সমাজৰ ৬৫ সংখ্যক মহাপালনাম কীৰ্তন ভাগ অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে বিশ্ব শান্তিৰ অৰ্থে প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই কীৰ্তন ভাগৰ কাৰ্যসূচী অনুসৰি ১১ ব'হাগ ইংৰাজী ২৫ এপ্ৰিল শনিবাৰে পুৱা ৫ বজাত প্ৰাতঃপ্ৰসঙ্গ ৫-৩০ বজাত খোলা প্ৰসঙ্গ, ৬ বজাত পুৱা প্ৰসঙ্গ, ৭ বজাত নগৰ কীৰ্তন, ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব ধৰ্মেশ্বৰ দাসে, ৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, ১০ বজাত বৃক্ষ ৰোপণ, ১১-৩০ বজাত মধ্যাহ্ন প্ৰসঙ্গ, দুপৰীয়া ১ বজাত আহাৰ গ্ৰহণ, ২ বজাত ভকত আদৰণি, ৩ বজাত ভাগৱত পাঠ, সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত মহাপালনামৰ শৰাই অৰ্চনা, ৭-১৫ বজাত আচাৰ্য প্ৰণাম, ৭-৩০ বজাত গুণমালা কীৰ্তন, নিশা ৯ বজাত খোল প্ৰসঙ্গ, ১০ বজাত নিশাৰ আহাৰ গ্ৰহণ, ১০-৩০ বজাত মহাপালনাম কীৰ্তন আৰম্ভ। ১১ ব'হাগ ইংৰাজী ২৬ এপ্ৰিল ৰবিবাৰে পুৱা ৬ বজাত মহাপালনাম সামৰণি, ৭ বজাত কৃপা প্ৰাৰ্থনা, ৮ বজাত ভাগৱত শোভাযাত্ৰা, ৯ বজাত প্ৰসাদ বিতৰণ, ১২ বজাত ভকত বিদায় আৰু বিয়লি ৫ বজাত ধৰ্ম ধ্বজা অবতৰণেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি শ্ৰীমন্ত হাজৰিকা আৰু সম্পাদক উৎপল কুমাৰ দাসে। এই সমুহ কাৰ্যসূচীত অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে।
    user_MOHAN HAZARIKA
    MOHAN HAZARIKA
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • নুমলীগড়ৰ বকিয়ালত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক অশ্লীল মন্তব্য প্ৰদান কৰাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। চাৰিজন যুৱকে মদ্যপান কৰি যুৱতী গৰাকীৰ ঘৰত গৈ মাৰপিত কৰাৰ অভিযোগ। যুৱক কেইজন হল ক্ৰমে মনজিল গড় চুমিত গুৱালা কাৰ্তিক ৰজত. চুমিত গড়। যুৱতী গৰাকীৰক চুলিত ধৰি যুৱক কেইজনে মাৰপিট কৰে। ছোৱালী জনী অচেতন হৈ পৰে।তাৰ পৰা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সৃষ্টি হয় গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীৰ সহ তিনিজন লোক উন্নত চিকিৎসাৰ বাবে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    3
    নুমলীগড়ৰ বকিয়ালত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক অশ্লীল মন্তব্য প্ৰদান কৰাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। চাৰিজন যুৱকে মদ্যপান কৰি যুৱতী গৰাকীৰ ঘৰত গৈ মাৰপিত কৰাৰ অভিযোগ। যুৱক কেইজন হল ক্ৰমে মনজিল গড়
চুমিত গুৱালা  কাৰ্তিক ৰজত. চুমিত গড়।  যুৱতী গৰাকীৰক  চুলিত ধৰি যুৱক কেইজনে  মাৰপিট কৰে।   ছোৱালী জনী  অচেতন হৈ পৰে।তাৰ পৰা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সৃষ্টি হয় গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীৰ সহ তিনিজন লোক উন্নত চিকিৎসাৰ বাবে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    9 hrs ago
  • Datura flowers
    1
    Datura flowers
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    6 hrs ago
  • MAJULI BREAKING @  ৰঙালী বিহুৰ  আনন্দৰ উল্লাসৰ  মাজতে মাজুলীত দুৰ্ভাগ্যজনক ঘটনা ।।  ফেৰী পৰা পানীত পৰা  যুৱক জনৰ কোনো তথ্য নাই আভ্যান্ত্ৰৰীণ জল পৰিৱহণ বিভাগৰ হাতত। যুৱক জনলৈ পৰিয়ালৰ লোকে ফোন কৰি নোপোৱাত হে গম পোৱা গৈছে যে যুৱক জন যে পানীত পৰিল। প্ৰীতিস নামৰ ফেৰী খনে অত্যাধিক যাত্ৰী কঢ়িয়াই নিছিল। ইমান ডাঙৰ ঘটনাৰ পিছতো কিন্তু কমলাবাৰী নিমাতী ঘাটত দায়িত্বত থকা অভিযন্ত্ৰা গৰাকী কনী আমলেত কৰি ভাত খোৱা ব্যস্ত ফেৰী পৰা পানীত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা বুলি জানিব পৰা গৈছে। পানীত পৰা যুৱক জনৰ ঘৰ মাজুলী বৰতানী গাৱঁৰ বুলি জানিব পৰা গৈছে। কমলাবাৰী পাৰঘাটৰ পৰা নিমাতী ঘাট অভিমুখী যাত্ৰীবাহী নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা।. @ কমলাবাৰী পাৰঘাটৰ পৰা ১০ বজাত নিমাতী ঘাটলৈ গৈ থকা  এছ বি প্ৰীতিস নামৰ নাওখনৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল  যুৱক জন । @ SDRF বাহিনী ঘটনা স্থলীলৈ ৰাওনা হৈ বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱক জন।
    1
    MAJULI BREAKING
@  ৰঙালী বিহুৰ  আনন্দৰ উল্লাসৰ  মাজতে মাজুলীত দুৰ্ভাগ্যজনক ঘটনা ।। 
ফেৰী পৰা পানীত পৰা  যুৱক জনৰ কোনো তথ্য নাই আভ্যান্ত্ৰৰীণ জল পৰিৱহণ বিভাগৰ হাতত।
যুৱক জনলৈ পৰিয়ালৰ লোকে ফোন কৰি নোপোৱাত হে গম পোৱা গৈছে যে যুৱক জন যে পানীত পৰিল।
প্ৰীতিস নামৰ ফেৰী খনে অত্যাধিক যাত্ৰী কঢ়িয়াই নিছিল।
ইমান ডাঙৰ ঘটনাৰ পিছতো কিন্তু কমলাবাৰী নিমাতী ঘাটত দায়িত্বত থকা অভিযন্ত্ৰা গৰাকী কনী আমলেত কৰি ভাত খোৱা ব্যস্ত
ফেৰী পৰা পানীত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা বুলি জানিব পৰা গৈছে।
পানীত পৰা যুৱক জনৰ ঘৰ মাজুলী বৰতানী গাৱঁৰ বুলি জানিব পৰা গৈছে।
কমলাবাৰী পাৰঘাটৰ পৰা নিমাতী ঘাট অভিমুখী যাত্ৰীবাহী নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা।.
@ কমলাবাৰী পাৰঘাটৰ পৰা ১০ বজাত নিমাতী ঘাটলৈ গৈ থকা  এছ বি প্ৰীতিস নামৰ নাওখনৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল  যুৱক জন ।
@ SDRF বাহিনী ঘটনা স্থলীলৈ ৰাওনা হৈ বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱক জন।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    2 hrs ago
  • Post by Amirul haque 203
    3
    Post by Amirul haque 203
    user_Amirul haque 203
    Amirul haque 203
    ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    9 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ ময়দানত ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ শুভাৰম্ভণী
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ ময়দানত ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ শুভাৰম্ভণী
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    22 hrs ago
  • আজি গৰু বিহু। ৰাজ্যজুৰি অসমীয়া ৰাইজে পালন কৰিছে গৰু বিহু। গো- ধনৰ শ্ৰী বৃদ্ধিৰ কামনাৰে মাহ- হালধীৰে গৰুক নোৱাই ধোৱাই যোগীবাৰী পৰ্যটন ক্ষেত্ৰৰ নান্দনিক পৰিৱেশত গৰু বিহু উদযাপন কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে স্থানীয় ৰাইজে । চাটৰ লাউ , বেঙেনা, কেৰালা আদি সাজু কৰি আনিছে গৰু বিহুৰ বাবে । প্ৰতিবছৰেই যোগীবাৰী বিলত স্থানীয় ৰাইজৰ লগত একত্ৰিত হৈ পালন কৰি আহিছে গৰু বিহু। গৰু বিহুৰ দিনটোত স্থানীয় ৰাইজে যোগীবাৰী বিলৰ পাৰত বিহু গাই আনন্দত বিভোৰ হৈ পৰিছে ।
    3
    আজি গৰু বিহু।  ৰাজ্যজুৰি অসমীয়া ৰাইজে পালন কৰিছে গৰু বিহু। গো- ধনৰ শ্ৰী বৃদ্ধিৰ কামনাৰে মাহ- হালধীৰে গৰুক  নোৱাই ধোৱাই যোগীবাৰী পৰ্যটন ক্ষেত্ৰৰ  নান্দনিক পৰিৱেশত গৰু  বিহু উদযাপন কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে স্থানীয় ৰাইজে  । চাটৰ  লাউ , বেঙেনা, কেৰালা আদি সাজু কৰি আনিছে গৰু বিহুৰ বাবে । প্ৰতিবছৰেই যোগীবাৰী বিলত স্থানীয় ৰাইজৰ লগত একত্ৰিত হৈ পালন কৰি আহিছে গৰু বিহু। গৰু বিহুৰ দিনটোত  স্থানীয় ৰাইজে যোগীবাৰী বিলৰ পাৰত বিহু গাই আনন্দত বিভোৰ হৈ পৰিছে ।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    9 hrs ago
  • বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক
    1
    বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.