logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে চৰাইদেউ জিলাৰ টিঙালীবাম চাহ বাগিচাত এক সজাগতা সভা আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। ‘মাতৃ আৰু শিশু স্বাস্থ্যৰ বাবে অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰখা’ শীৰ্ষক মূল বিষয়বস্তুৰ আধাৰত এই অনুষ্ঠানটি অনুষ্ঠিত হয়। ইয়াত সমবেত ৰাইজক পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব, ইয়াৰ স্থায়ী তথা অস্থায়ী পদ্ধতিসমূহ, গৰ্ভধাৰণৰ সঠিক ব্যৱধান, গৰ্ভাৱস্থাত প্ৰয়োজনীয় প্ৰসৱ-পূৰ্ব (ANC) সেৱা আৰু কিশোৰী অৱস্থাত গৰ্ভধাৰণৰ কুফলসমূহৰ বিষয়ে বহলাই বুজাই দিয়া হয়। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (NVBDCP) সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে মাতৃ আৰু শিশুৰ সু-স্বাস্থ্য সুনিশ্চিত কৰাত পৰিয়াল পৰিকল্পনাৰ ভূমিকাৰ বিষয়েও উপস্থিত লোকসকলক অৱগত কৰা হয়। এই সজাগতা সভাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনস্থ ম’বাইল মেডিকেল ইউনিট (MMU)-ৰ জৰিয়তে এটা বিনামূলীয়া স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়। এই শিবিৰত স্থানীয় ৰাইজক স্বাস্থ্য পৰীক্ষা, চিকিৎসা পৰামৰ্শ, ৰক্ত পৰীক্ষা আৰু প্ৰয়োজনীয় ঔষধ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। এই বিশেষ অনুষ্ঠানটোত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) (ভাৰপ্ৰাপ্ত) তথা জিলা প্ৰতিষেধক বিষয়া ডাঃ সুনীল হাজং, মহকুমা স্বাস্থ্য বিষয়া তথা চিকিৎসক ডাঃ জ্যোতি শ্যাম, চৰাইদেউ জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াবৰ্গ, সাপেখাতী খণ্ড আঁচনি পৰিচালনা গোট (BPMU)-ৰ বিষয়াবৰ্গ আৰু টিঙালীবাম চাহ বাগিচা কৰ্তৃপক্ষ উপস্থিত থাকে। উল্লেখযোগ্য যে, বিশ্ব জনসংখ্যা দিৱস উপলক্ষে অহা ১১ জুলাইৰ পৰা ১৮ জুলাইলৈকে চৰাইদেউ জিলাৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান আৰু অঞ্চলসমূহত সজাগতা সভা, স্বাস্থ্য শিবিৰ আৰু অন্যান্য জনসচেতনতামূলক কাৰ্যসূচীৰে সপ্তাহজোৰা উদযাপন কৰা হ’ব।

2 hrs ago
user_Charaideo News & Entertainment
Charaideo News & Entertainment
সোণাৰি, চৰাইদেউ, অসম•
2 hrs ago
c2b0f5ed-2de7-4ead-8a89-4c48cb55189c

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে চৰাইদেউ জিলাৰ টিঙালীবাম চাহ বাগিচাত এক সজাগতা সভা আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। ‘মাতৃ আৰু শিশু স্বাস্থ্যৰ বাবে অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰখা’ শীৰ্ষক মূল বিষয়বস্তুৰ আধাৰত এই অনুষ্ঠানটি অনুষ্ঠিত হয়। ইয়াত সমবেত ৰাইজক পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব, ইয়াৰ স্থায়ী তথা অস্থায়ী পদ্ধতিসমূহ, গৰ্ভধাৰণৰ সঠিক ব্যৱধান,

78e85692-8e9a-4d2f-b1f5-dd87772e213d

গৰ্ভাৱস্থাত প্ৰয়োজনীয় প্ৰসৱ-পূৰ্ব (ANC) সেৱা আৰু কিশোৰী অৱস্থাত গৰ্ভধাৰণৰ কুফলসমূহৰ বিষয়ে বহলাই বুজাই দিয়া হয়। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (NVBDCP) সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে মাতৃ আৰু শিশুৰ সু-স্বাস্থ্য সুনিশ্চিত কৰাত পৰিয়াল পৰিকল্পনাৰ ভূমিকাৰ বিষয়েও উপস্থিত লোকসকলক অৱগত কৰা হয়। এই সজাগতা সভাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনস্থ ম’বাইল মেডিকেল ইউনিট

7a9b1d5a-3910-49bc-b11b-676bb89f9488

(MMU)-ৰ জৰিয়তে এটা বিনামূলীয়া স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়। এই শিবিৰত স্থানীয় ৰাইজক স্বাস্থ্য পৰীক্ষা, চিকিৎসা পৰামৰ্শ, ৰক্ত পৰীক্ষা আৰু প্ৰয়োজনীয় ঔষধ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। এই বিশেষ অনুষ্ঠানটোত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) (ভাৰপ্ৰাপ্ত) তথা জিলা প্ৰতিষেধক বিষয়া ডাঃ সুনীল হাজং, মহকুমা স্বাস্থ্য বিষয়া তথা চিকিৎসক ডাঃ জ্যোতি শ্যাম,

e091bf7e-14ee-4b0d-93a5-f13b656b48c9

চৰাইদেউ জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াবৰ্গ, সাপেখাতী খণ্ড আঁচনি পৰিচালনা গোট (BPMU)-ৰ বিষয়াবৰ্গ আৰু টিঙালীবাম চাহ বাগিচা কৰ্তৃপক্ষ উপস্থিত থাকে। উল্লেখযোগ্য যে, বিশ্ব জনসংখ্যা দিৱস উপলক্ষে অহা ১১ জুলাইৰ পৰা ১৮ জুলাইলৈকে চৰাইদেউ জিলাৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান আৰু অঞ্চলসমূহত সজাগতা সভা, স্বাস্থ্য শিবিৰ আৰু অন্যান্য জনসচেতনতামূলক কাৰ্যসূচীৰে সপ্তাহজোৰা উদযাপন কৰা হ’ব।

More news from অসম and nearby areas
  • চৰাইদেউ জিলাত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ। জিলাখনৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীবন্ধা অঞ্চলত এই মাৰাত্মক ৰোগবিধৰ উপস্থিতি ধৰা পৰাৰ পাছতে স্থানীয় গাহৰি পালকসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। শেহতীয়াকৈ হাতীবন্ধা অঞ্চলৰ এখন ফাৰ্মত পশু চিকিৎসা বিভাগে কৰা পৰীক্ষাত ফাৰ্মখনৰ চাৰিটা গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ নিশ্চিত হোৱাৰ পাছত এই জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে। ৰোগবিধ যাতে দাঁতিকাষৰীয়া অঞ্চললৈ বিয়পিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পশু চিকিৎসা বিভাগে তৎকালীনভাৱে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষৰ উপস্থিতিত সংক্ৰমিত ফাৰ্মখনৰ ৩৬টাকৈ গাহৰি নিধন কৰে। এই আকস্মিক ঘটনাত ফাৰ্মখনৰ গৰাকী যথেষ্ট পৰিমাণৰ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। গাহৰি পালনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা লোকসকলে চৰকাৰৰ ওচৰত তাৎক্ষণিক ক্ষতিপূৰণৰ দাবী জনোৱাৰ লগতে ৰোগবিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ভেকচিন বা প্ৰতিষেধকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বৰ্তমান অঞ্চলটোত পশু চিকিৎসা বিভাগে সতৰ্কতা অৱলম্বন কৰাৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত গাহৰি মাংস বিক্ৰী তথা সৰবৰাহ নিষিদ্ধ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে।
    1
    চৰাইদেউ জিলাত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ। জিলাখনৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীবন্ধা অঞ্চলত এই মাৰাত্মক ৰোগবিধৰ উপস্থিতি ধৰা পৰাৰ পাছতে স্থানীয় গাহৰি পালকসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। শেহতীয়াকৈ হাতীবন্ধা অঞ্চলৰ এখন ফাৰ্মত পশু চিকিৎসা বিভাগে কৰা পৰীক্ষাত ফাৰ্মখনৰ চাৰিটা গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ নিশ্চিত হোৱাৰ পাছত এই জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে।

ৰোগবিধ যাতে দাঁতিকাষৰীয়া অঞ্চললৈ বিয়পিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পশু চিকিৎসা বিভাগে তৎকালীনভাৱে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষৰ উপস্থিতিত সংক্ৰমিত ফাৰ্মখনৰ ৩৬টাকৈ গাহৰি নিধন কৰে। এই আকস্মিক ঘটনাত ফাৰ্মখনৰ গৰাকী যথেষ্ট পৰিমাণৰ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। গাহৰি পালনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা লোকসকলে চৰকাৰৰ ওচৰত তাৎক্ষণিক ক্ষতিপূৰণৰ দাবী জনোৱাৰ লগতে ৰোগবিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ভেকচিন বা প্ৰতিষেধকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

বৰ্তমান অঞ্চলটোত পশু চিকিৎসা বিভাগে সতৰ্কতা অৱলম্বন কৰাৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত গাহৰি মাংস বিক্ৰী তথা সৰবৰাহ নিষিদ্ধ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    6 hrs ago
  • ডিব্ৰুগড় জিলাৰ টিংখাঙত 'অন্বেষণ ২০২৬' নামৰ এক শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত 'Growth from Grassroots'-এ এই কৰ্মশালাখনৰ আয়োজন কৰিছে। যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই শৈক্ষিক কৰ্মশালাখন অহা ১৬ জুলাইলৈকে অনুষ্ঠিত হ’ব।
    1
    ডিব্ৰুগড় জিলাৰ টিংখাঙত 'অন্বেষণ ২০২৬' নামৰ এক শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত 'Growth from Grassroots'-এ এই কৰ্মশালাখনৰ আয়োজন কৰিছে। যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই শৈক্ষিক কৰ্মশালাখন অহা ১৬ জুলাইলৈকে অনুষ্ঠিত হ’ব।
    user_TINGKHONG NEWS TODAY
    TINGKHONG NEWS TODAY
    Media and information sciences faculty Tingkhong, Dibrugarh•
    4 hrs ago
  • চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি চাহবাগিছাৰ টেংকি পুখুৰীত বাস কৰা ‘জিমি’ নামৰ কাছজনী এতিয়া অঞ্চলটোৰ শিশুসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰায় এক কুইণ্টল ওজনৰ এই কাছজনীয়ে শিশুসকলৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। শিশুসকলে মাতিলেই পুখুৰীৰ পাৰলৈ ঢপলিয়াই অহা জিমিৰ বাবে তেওঁলোকে বিস্কুট, বেঙেনা, বিলাহী আৰু মুড়িৰ দৰে খাদ্য লৈ আহে। কেৱল খাদ্য খুৱাই নহয়, শিশুসকলে মৰমৰ জিমিৰ গা ধোৱাই দিও বিভিন্ন ধৰণে মৰম যাচে। পুখুৰীটোত আন কাছ থাকিলেও জিমি কিন্তু শিশুসকলৰ সংগ ল’বলৈহে বেছি আগ্ৰহী। জিমিৰ এই বিশেষ আচৰণ আৰু শিশুসকলৰ সৈতে তাৰ বন্ধুত্বই এতিয়া বহু লোকক আকৰ্ষণ কৰিছে। এই বিৰল দৃশ্য চাবলৈ টেংকি পুখুৰীৰ পাৰত বহু লোকৰ ভিৰ পৰিলক্ষিত হৈছে। এই পৰিস্থিতিত স্থানীয় ৰাইজে চাহবাগিছা কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষক টেংকি পুখুৰীটো চাফ-চিকুণ কৰি ৰখাৰ লগতে ইয়াৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
    1
    চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি চাহবাগিছাৰ টেংকি পুখুৰীত বাস কৰা ‘জিমি’ নামৰ কাছজনী এতিয়া অঞ্চলটোৰ শিশুসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰায় এক কুইণ্টল ওজনৰ এই কাছজনীয়ে শিশুসকলৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। শিশুসকলে মাতিলেই পুখুৰীৰ পাৰলৈ ঢপলিয়াই অহা জিমিৰ বাবে তেওঁলোকে বিস্কুট, বেঙেনা, বিলাহী আৰু মুড়িৰ দৰে খাদ্য লৈ আহে। কেৱল খাদ্য খুৱাই নহয়, শিশুসকলে মৰমৰ জিমিৰ গা ধোৱাই দিও বিভিন্ন ধৰণে মৰম যাচে। পুখুৰীটোত আন কাছ থাকিলেও জিমি কিন্তু শিশুসকলৰ সংগ ল’বলৈহে বেছি আগ্ৰহী।

জিমিৰ এই বিশেষ আচৰণ আৰু শিশুসকলৰ সৈতে তাৰ বন্ধুত্বই এতিয়া বহু লোকক আকৰ্ষণ কৰিছে। এই বিৰল দৃশ্য চাবলৈ টেংকি পুখুৰীৰ পাৰত বহু লোকৰ ভিৰ পৰিলক্ষিত হৈছে। এই পৰিস্থিতিত স্থানীয় ৰাইজে চাহবাগিছা কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষক টেংকি পুখুৰীটো চাফ-চিকুণ কৰি ৰখাৰ লগতে ইয়াৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • নামৰূপৰ এপিএল ৰেঙণি ভৱনত আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হয়। এই অনুষ্ঠানত নামৰূপৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
    1
    নামৰূপৰ এপিএল ৰেঙণি ভৱনত আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হয়। এই অনুষ্ঠানত নামৰূপৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    17 min ago
  • শিৱসাগৰ জিলাৰ ১৮ নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু কুঁহিপাত নৃত্য বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চিত্ৰলেখা গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংকুশ জ্যোতি দত্তৰ প্ৰতিবেদন অনুসৰি, বিদ্যালয়খনত এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈছে।
    1
    শিৱসাগৰ জিলাৰ ১৮ নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু কুঁহিপাত নৃত্য বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে।

উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চিত্ৰলেখা গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংকুশ জ্যোতি দত্তৰ প্ৰতিবেদন অনুসৰি, বিদ্যালয়খনত এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈছে।
    user_অংকুশ জ্যোতি দত্ত
    অংকুশ জ্যোতি দত্ত
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    5 hrs ago
  • নাট নিৰ্বাচনৰ মৌলিকতা আৰু পৰিৱেশনাৰ স্বকীয়তাৰে ভ্ৰাম্যমাণ নাট্য জগতত সুকীয়া পৰিচয় গঢ়ি তোলা ‘হেঙুল থিয়েটাৰ’ৰ ২০২৬-২৭ বৰ্ষৰ নাট্যাভ্যাস বুধবাৰে মৰিয়নিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ৩৯তম নাট্য বৰ্ষত ভৰি দিয়া এই নাট্যদলটোৱে এইবাৰ দৰ্শকৰ বাবে লৈ আহিছে এক বিশেষ আকৰ্ষণ। জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপষ্ট’ৰ ‘কে কে’ চৰিত্ৰৰে খ্যাতি অৰ্জন কৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মা এইবাৰ হেঙুলৰ মুকলি মঞ্চত পোনপটীয়াভাৱে অভিনয় কৰিবলৈ সাজু হৈছে। তেখেতৰ উপৰিও ভ্ৰাম্যমাণৰ বহুকেইগৰাকী তাৰকা অভিনেতা-অভিনেত্ৰীয়েও এই নাট্য বৰ্ষত দলটোৰ সৈতে অংশগ্ৰহণ কৰিছে। চলিত নাট্য বৰ্ষত হেঙুল থিয়েটাৰে তিনিগৰাকী আগশাৰীৰ নাট্যকাৰৰ তিনিখন বিশেষ নাটক দৰ্শকৰ বাবে আগবঢ়াব। ইয়াৰ ভিতৰত আছে অভিজিৎ ভট্টাচাৰ্যৰ জনপ্ৰিয় নাটক “ঝংকাৰ”, প্ৰণৱ বৰুৱাৰ ব্যংগধৰ্মী নাট “ডঃ ৪২০” আৰু ৰাজদ্বীপৰ সৃষ্টি “ঈশ্বৰ পুত্ৰ”। এই শক্তিশালী নাটককেইখনে সমগ্ৰ অসমৰ নাট্যপ্ৰেমী ৰাইজৰ হৃদয় পুনৰ জয় কৰিবলৈ সক্ষম হ’ব বুলি নাট্যগোষ্ঠীটোৰ কৰ্মকৰ্তাসকলে আশা প্ৰকাশ কৰিছে।
    4
    নাট নিৰ্বাচনৰ মৌলিকতা আৰু পৰিৱেশনাৰ স্বকীয়তাৰে ভ্ৰাম্যমাণ নাট্য জগতত সুকীয়া পৰিচয় গঢ়ি তোলা ‘হেঙুল থিয়েটাৰ’ৰ ২০২৬-২৭ বৰ্ষৰ নাট্যাভ্যাস বুধবাৰে মৰিয়নিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ৩৯তম নাট্য বৰ্ষত ভৰি দিয়া এই নাট্যদলটোৱে এইবাৰ দৰ্শকৰ বাবে লৈ আহিছে এক বিশেষ আকৰ্ষণ। জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপষ্ট’ৰ ‘কে কে’ চৰিত্ৰৰে খ্যাতি অৰ্জন কৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মা এইবাৰ হেঙুলৰ মুকলি মঞ্চত পোনপটীয়াভাৱে অভিনয় কৰিবলৈ সাজু হৈছে। তেখেতৰ উপৰিও ভ্ৰাম্যমাণৰ বহুকেইগৰাকী তাৰকা অভিনেতা-অভিনেত্ৰীয়েও এই নাট্য বৰ্ষত দলটোৰ সৈতে অংশগ্ৰহণ কৰিছে।

চলিত নাট্য বৰ্ষত হেঙুল থিয়েটাৰে তিনিগৰাকী আগশাৰীৰ নাট্যকাৰৰ তিনিখন বিশেষ নাটক দৰ্শকৰ বাবে আগবঢ়াব। ইয়াৰ ভিতৰত আছে অভিজিৎ ভট্টাচাৰ্যৰ জনপ্ৰিয় নাটক “ঝংকাৰ”, প্ৰণৱ বৰুৱাৰ ব্যংগধৰ্মী নাট “ডঃ ৪২০” আৰু ৰাজদ্বীপৰ সৃষ্টি “ঈশ্বৰ পুত্ৰ”। এই শক্তিশালী নাটককেইখনে সমগ্ৰ অসমৰ নাট্যপ্ৰেমী ৰাইজৰ হৃদয় পুনৰ জয় কৰিবলৈ সক্ষম হ’ব বুলি নাট্যগোষ্ঠীটোৰ কৰ্মকৰ্তাসকলে আশা প্ৰকাশ কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    21 hrs ago
  • নাজিৰাৰ গেলেকী তৈলক্ষেত্ৰত বিগত প্ৰায় এসপ্তাহ ধৰি ভূগৰ্ভৰ পৰা গেছ নিৰ্গমন অব্যাহত আছে। দীৰ্ঘদিন ধৰি এই ঘটনা চলি থকাৰ পিছতো ONGC কৰ্তৃপক্ষই এতিয়াও গেছ নিৰ্গমনৰ সঠিক উৎস বিচাৰি উলিওৱাত ব্যৰ্থ হৈছে। এই পৰিস্থিতিয়ে অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। বিষ্ণুপুৰ আদৰ্শ গাঁৱৰ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, গেছ নিৰ্গমনৰ ফলত যোৱা দুদিন ধৰি তেওঁলোকে নিজৰ ঘৰত চৌকা জ্বলাবলৈ সক্ষম হোৱা নাই। স্থানীয় লোকসকলে প্ৰকাশ কৰা মতে, এনে পৰিস্থিতিয়ে তেওঁলোকৰ জীৱন-জীৱিকা আৰু নিৰাপত্তাক চৰম সংকটৰ দিশলৈ ঠেলি দিছে। ইফালে, এই ভয়াৱহ পৰিস্থিতিৰ দ্ৰুত সমাধান কৰি স্থানীয় ৰাইজৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে (AJYCP) ONGC-ক দাবী জনাইছে। সংগঠনটোৱে লগতে স্পষ্ট কৰি দিছে যে, যদি এই দাবী পূৰণ কৰাত ONGC ব্যৰ্থ হয়, তেন্তে তেওঁলোকে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তীব্ৰ গণআন্দোলন গঢ়ি তুলিব।
    1
    নাজিৰাৰ গেলেকী তৈলক্ষেত্ৰত বিগত প্ৰায় এসপ্তাহ ধৰি ভূগৰ্ভৰ পৰা গেছ নিৰ্গমন অব্যাহত আছে। দীৰ্ঘদিন ধৰি এই ঘটনা চলি থকাৰ পিছতো ONGC কৰ্তৃপক্ষই এতিয়াও গেছ নিৰ্গমনৰ সঠিক উৎস বিচাৰি উলিওৱাত ব্যৰ্থ হৈছে। এই পৰিস্থিতিয়ে অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।

বিষ্ণুপুৰ আদৰ্শ গাঁৱৰ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, গেছ নিৰ্গমনৰ ফলত যোৱা দুদিন ধৰি তেওঁলোকে নিজৰ ঘৰত চৌকা জ্বলাবলৈ সক্ষম হোৱা নাই। স্থানীয় লোকসকলে প্ৰকাশ কৰা মতে, এনে পৰিস্থিতিয়ে তেওঁলোকৰ জীৱন-জীৱিকা আৰু নিৰাপত্তাক চৰম সংকটৰ দিশলৈ ঠেলি দিছে।

ইফালে, এই ভয়াৱহ পৰিস্থিতিৰ দ্ৰুত সমাধান কৰি স্থানীয় ৰাইজৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে (AJYCP) ONGC-ক দাবী জনাইছে। সংগঠনটোৱে লগতে স্পষ্ট কৰি দিছে যে, যদি এই দাবী পূৰণ কৰাত ONGC ব্যৰ্থ হয়, তেন্তে তেওঁলোকে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তীব্ৰ গণআন্দোলন গঢ়ি তুলিব।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    23 hrs ago
  • অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈছে এক বিশেষ পদক্ষেপ। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলে যাতে এককভাৱে ঋণ লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। এই নতুন পদক্ষেপসমূহৰ ভিতৰত আছে ঋণ নিশ্চয়তা পুঁজি আৰু শুল্ক ৰেহাইৰ দৰে সুবিধা। এনে ধৰণৰ বিভিন্ন ব্যৱস্থাৰ জৰিয়তে লাখপতি বাইদেউসকলক অধিক শক্তিশালী আৰু স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস চৰকাৰৰ।
    1
    অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈছে এক বিশেষ পদক্ষেপ। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলে যাতে এককভাৱে ঋণ লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

এই নতুন পদক্ষেপসমূহৰ ভিতৰত আছে ঋণ নিশ্চয়তা পুঁজি আৰু শুল্ক ৰেহাইৰ দৰে সুবিধা। এনে ধৰণৰ বিভিন্ন ব্যৱস্থাৰ জৰিয়তে লাখপতি বাইদেউসকলক অধিক শক্তিশালী আৰু স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস চৰকাৰৰ।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.