Shuru
Apke Nagar Ki App…
ধিঙত “মিঞা” সম্প্ৰদায়ৰ এজন যুৱকে ভাৰতীয় সেনাত নিযুক্তি লাভ কৰাক লৈ অঞ্চলজুৰি ব্যাপক আনন্দৰ বন্যা বৈছে। চৰ-চাপৰি অঞ্চলত জন্মগ্ৰহণ কৰি ধিঙৰ অতিশয় দুৰ্গম অঞ্চল মহখুটি গাঁৱৰ মেৰাজুল ইছলামে ভাৰতীয় সেনা বাহিনীৰ অগ্নিবীৰ শাখাত এই নিযুক্তি লাভ কৰিছে। দেশ মাতৃক সেৱা কৰাৰ এই সুযোগ লাভ কৰা মেৰাজুল ইছলামেই হৈছে তেওঁৰ এই পিছপৰা অঞ্চলৰ প্ৰথমজন যুৱক, যিয়ে ভাৰতীয় সেনাত স্থান পালে। তেওঁৰ এই সফলতাই সমগ্ৰ অঞ্চলত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
Tufail Ahmed
ধিঙত “মিঞা” সম্প্ৰদায়ৰ এজন যুৱকে ভাৰতীয় সেনাত নিযুক্তি লাভ কৰাক লৈ অঞ্চলজুৰি ব্যাপক আনন্দৰ বন্যা বৈছে। চৰ-চাপৰি অঞ্চলত জন্মগ্ৰহণ কৰি ধিঙৰ অতিশয় দুৰ্গম অঞ্চল মহখুটি গাঁৱৰ মেৰাজুল ইছলামে ভাৰতীয় সেনা বাহিনীৰ অগ্নিবীৰ শাখাত এই নিযুক্তি লাভ কৰিছে। দেশ মাতৃক সেৱা কৰাৰ এই সুযোগ লাভ কৰা মেৰাজুল ইছলামেই হৈছে তেওঁৰ এই পিছপৰা অঞ্চলৰ প্ৰথমজন যুৱক, যিয়ে ভাৰতীয় সেনাত স্থান পালে। তেওঁৰ এই সফলতাই সমগ্ৰ অঞ্চলত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
More news from অসম and nearby areas
- ধিঙত “মিঞা” সম্প্ৰদায়ৰ এজন যুৱকে ভাৰতীয় সেনাত নিযুক্তি লাভ কৰাক লৈ অঞ্চলজুৰি ব্যাপক আনন্দৰ বন্যা বৈছে। চৰ-চাপৰি অঞ্চলত জন্মগ্ৰহণ কৰি ধিঙৰ অতিশয় দুৰ্গম অঞ্চল মহখুটি গাঁৱৰ মেৰাজুল ইছলামে ভাৰতীয় সেনা বাহিনীৰ অগ্নিবীৰ শাখাত এই নিযুক্তি লাভ কৰিছে। দেশ মাতৃক সেৱা কৰাৰ এই সুযোগ লাভ কৰা মেৰাজুল ইছলামেই হৈছে তেওঁৰ এই পিছপৰা অঞ্চলৰ প্ৰথমজন যুৱক, যিয়ে ভাৰতীয় সেনাত স্থান পালে। তেওঁৰ এই সফলতাই সমগ্ৰ অঞ্চলত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।1
- অসমৰ সাংস্কৃতিক জগতলৈ এক নতুন সংযোজন হিচাপে, 'স্মল বাৰ্ড ফিল্মছ প্ৰডাকচন'ৰ নিবেদনত নিৰ্মিত অসমীয়া চুটি ছবি 'জুনুকা'ই আজি, ২৮ জুন দেওবাৰে শুভমুক্তি লাভ কৰে। মৰিগাঁও চহৰৰ আই.টি.ডি.পি প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ছবিখন আনুষ্ঠানিকভাৱে দৰ্শকৰ বাবে উন্মোচন কৰা হয়। এই চুটি ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে অমূল্য বিশ্বাস আৰু উদ্দীপ্ত ভূঞা। আনহাতে, দীপ মণি শৰ্মা আৰু সমিৰন নাথে এক ব্যতিক্ৰমী আৰু সমাজমুখী চিন্তা-চৰ্চাৰে ছবিখন যুটীয়াভাৱে পৰিচালনা কৰিছে। ছবিখনৰ শুভমুক্তি অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকীও আগশাৰীৰ বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে। মৰিগাঁও সাংবাদিক সন্থাৰ সভাপতি অজিত শৰ্মা আৰু মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি শৰ্মাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ছবিখন উন্মোচন কৰে। বিশিষ্ট সাংবাদিক দুগৰাকীয়ে ছবিখনৰ নিৰ্মাণশৈলী আৰু অভিনয়ৰ ভূয়সী প্ৰশংসা কৰি কয় যে সীমিত বাজেট আৰু সম্পদৰ মাজতো স্থানীয় যুৱক-যুৱতীসকলে নিষ্ঠাৰে এই চুটি ছবিখন নিৰ্মাণ কৰিছে, যি সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁলোকে লগতে আশা প্ৰকাশ কৰে যে এনে সৃষ্টিশীল কাম-কাজে ভৱিষ্যতে অসমীয়া চলচ্চিত্ৰ জগতক এক নতুন মাত্ৰা প্ৰদান কৰিব। মুক্তিৰ প্ৰথম দিনটোতে চুটি ছবিখনক লৈ মৰিগাঁৱৰ কলা-প্ৰেমী ৰাইজৰ মাজত ব্যাপক উছাহ-উদ্দীপনা দেখা যায়। আই.টি.ডি.পি প্ৰেক্ষাগৃহত উপস্থিত থকা দৰ্শকসকলেও ছবিখন চাই আপ্লুত হয়। শেষত, ছবিখনৰ প্ৰযোজক আৰু পৰিচালকদ্বয়ে সংবাদ মাধ্যম আৰু মৰিগাঁৱৰ ৰাইজক তেওঁলোকৰ মৰম আৰু উপস্থিতিৰে অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে।1
- মধ্য অসমৰ উচ্চ শিক্ষানুষ্ঠান জাগীৰোড মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) শিক্ষক গোটৰ উদ্যোগত মহাবিদ্যালয়ৰ চৌহদত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° অনিন্দিতা কৰ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল শৰ্মাক উষ্ণ অভিনন্দন জনোৱা হয়। অধ্যাপক ড° প্ৰাঞ্জল শৰ্মাই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ এটা গৱেষণা গোটৰ সদস্য হিচাপে চুইজাৰলেণ্ডৰ “এলিছ” পৰীক্ষাগাৰত সফলতাৰে সম্পন্ন কৰা এক আন্তৰ্জাতিক গৱেষণাৰ বাবে ২০২৫ চনৰ সন্মানীয় “ব্ৰেকথ্ৰু” বঁটা লাভ কৰিছিল। আনহাতে, অধ্যাপিকা ড° অনিন্দিতা কৰে বিগত বৰ্ষত সুবিখ্যাত প্ৰকাশন সংস্থা “পেংগুইন ৰেণ্ডম হাউচ”ৰ “পেংগুইন এইট” প্ৰকল্পৰ জৰিয়তে অসমৰ প্ৰথিতযশা কবি তথা অধ্যাপক জীৱন নৰহৰ ৯৯টা কবিতাৰ “দা য়েল্ল মেটাফৰ” শীৰ্ষক এক অনুপম অনুবাদ সংকলনৰ দ্বাৰা বিদ্বৎ সমাজৰ প্ৰশংসা লাভ কৰিছে। এই অনুষ্ঠানত বিগত বৰ্ষত সফলভাৱে পি. এইচ. ডি গৱেষণা সম্পন্ন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা কেইবাজনো সহকাৰী অধ্যাপককো সম্বৰ্ধনা জনোৱা হয়। শিক্ষক গোটৰ সভাপতি ড° লিণ্টন হাজৰিকাই এই অনুষ্ঠানত সভাপতিত্ব কৰে আৰু সম্পাদিকা ড° গাৰ্গী ফুকনে সভা পৰিচালনা কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ উপস্থিত থাকি শিক্ষক গোটৰ এই কাৰ্যক প্ৰশংসা কৰে আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। অসম কলেজ শিক্ষক সংস্থাৰ কাৰ্যালয় তথা প্ৰচাৰ সম্পাদক ড° ছোহেইল আহমেদে সভাত ভাষণ দি কয় যে, কেনেদৰে অসম কলেজ শিক্ষক সংস্থাৰ বিভিন্ন গোট, মণ্ডল আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে দশকজোৰা সময় ধৰি গৱেষণা তথা সৃষ্টিশীল কৰ্মক অগ্ৰাধিকাৰ দি আহিছে। তেওঁ লগতে জাগীৰোড মহাবিদ্যালয়ৰ শিক্ষক গোটে এই পৰম্পৰাক অটুট ৰাখিবলৈ সক্ষম হোৱা বিষয়টোও আলোকপাত কৰে।2
- ৰূপহী ৰৌমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী চেলিমা চৌধুৰী নিজৰ স্বামী নুৰুল আমিন চৌধুৰীয়ে সকলো ধৰণৰ কামত সহায় কৰা বুলি ৰাইজৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। তদুপৰি, বাতৰি কাকতত তেওঁক এগৰাকী 'অধ্যক্ষ সভানেত্ৰী' হিচাপেও উল্লেখ কৰা হৈছিল। এই সকলো অভিযোগক অস্বীকাৰ কৰি পঞ্চায়তটোৰ সভানেত্ৰী চেলিমা চৌধুৰীয়ে এখন সংবাদমেল সম্বোধন কৰে।1
- নগাঁও জিলাৰ ৰূপহীহাটৰ বগোৰাগুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ভূৰবন্ধা গাঁও পঞ্চায়তৰ ৩নং ভূৰবন্ধা গাঁৱত এক অভূতপূৰ্ব ঘটনা সংঘটিত হৈছে। জব কাৰ্ডৰ শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য মজুৰী নোপোৱাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শ্ৰমিকসকলৰ অভিযোগ অনুসৰি, MGNREGA-ৰ অধীনত 'Construction of Agricultural Bandh from PWD Road to Abdul Jalil House at 3 No. Bhurbandha' নামৰ আঁচনিৰ অধীনত প্ৰায় ৫৮ গৰাকী জব কাৰ্ডৰ শ্ৰমিকে ৬ দিন ধৰি কাম কৰাৰ পিছতো মাত্ৰ ১ দিনৰহে মজুৰী লাভ কৰিছে। এই ঘটনাৰ ফলত তেওঁলোক ক্ষোভিত হৈ প্ৰতিবাদত নামি পৰে। প্ৰতিবাদকাৰী শ্ৰমিকসকলে ভূৰবন্ধা গাঁও পঞ্চায়তৰ GRS আৰু সংশ্লিষ্ট অভিযন্তাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে আৰু দায়িত্বত থকা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁলোকে 'জব কাৰ্ডৰ শ্ৰমিকৰ সৈতে হেতালি খেলা নচলিব', 'GRS হাই হাই' আৰু 'অভিযন্তা হাই হাই' আদি শ্লোগানেৰে নিজৰ ক্ষোভ প্ৰকাশ কৰে।1
- অসমৰ সাংস্কৃতিক জগতত এক নতুন সৃষ্টি সংযোজিত হৈছে, য’ত মৰিগাঁও চহৰৰ ITDP Hall-ত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত নতুন অসমীয়া চুটি ছবি ‘জুনুকা’ আনুষ্ঠানিকভাৱে শুভ মুক্তি লাভ কৰে। প্ৰেক্ষাগৃহত বিশিষ্ট ব্যক্তিসকলৰ লগতে স্থানীয় কলা-প্ৰেমী ৰাইজৰ উপস্থিতিত ছবিখন মুক্তি দিয়াৰ সমান্তৰালভাৱে ইয়াক ডিজিটেল মাধ্যমৰ দৰ্শকৰ বাবে ইউটিউব চেনেলতো মুকলি কৰি দিয়া হৈছে। এক ব্যতিক্ৰমী আৰু স্পৰ্শকাতৰ কাহিনীৰে নিৰ্মিত ‘জুনুকা’ৱে মুক্তিৰ পিছৰে পৰা দৰ্শকৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে। বিশেষকৈ মৰিগাঁৱৰ পটভূমিতে নিৰ্মাণ কৰা এই ছবিখনে স্থানীয় প্ৰতিভাক প্ৰাধান্য দিছে, যাৰ নিৰ্মাণশৈলী আৰু কলা-কুশলীসকলৰ অভিনয়ে উপস্থিত সকলোকে আপ্লুত কৰে। ITDP Hall-ৰ শুভ মুক্তি অনুষ্ঠানত ছবিখনৰ পৰিচালক, প্ৰযোজকৰ লগতে বহুকেইগৰাকী স্থানীয় বিশিষ্ট সাংস্কৃতিক কৰ্মী উপস্থিত আছিল। উপস্থিত বক্তাসকলে মৰিগাঁৱৰ দৰে অঞ্চলৰ পৰা এনে চিন্তা-চেতনাৰে চুটি ছবি নিৰ্মাণ কৰি অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ অৱদান যোগোৱা প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে। ইফালে, ডিজিটেল প্লেটফৰ্ম ইউটিউবত মুক্তি পোৱাৰ পাছৰে পৰা ছবিখনলৈ দৰ্শকৰ ইতিবাচক মন্তব্য আৰু সঁহাৰি আহিছে। ছবিখনৰ পৰিচালনা মণ্ডলীয়ে আশা প্ৰকাশ কৰিছে যে অসমৰ গ্ৰাম্য তথা সামাজিক প্ৰেক্ষাপট সুন্দৰকৈ ফুটাই তোলা ‘জুনুকা’ই আগন্তুক দিনত আৰু অধিক দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হ’ব।2
- নবীৰ মৰ্যাদা অৱমাননা কৰাৰ অভিযোগ উত্থাপন হৈছে, য'ত নাজিদা ইল্লাই নামৰ এগৰাকী ব্যক্তিয়ে নবীৰ প্ৰতি গুস্তাক্ষী কৰা বুলি কোৱা হৈছে। এই কাৰ্যৰ প্ৰতিবাদত অভিযুক্তৰ ছবি জ্বলোৱা হৈছে আৰু সিংহত্থলীৰ তলত তথা মানুহৰ ভৰিৰ তলত ৰখা হৈছে। দাবী কৰা হৈছে যে এই কাৰ্যৰ বাবে প্ৰতিখন আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা উচিত।1