logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মধ্য অসমৰ উচ্চ শিক্ষানুষ্ঠান জাগীৰোড মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) শিক্ষক গোটৰ উদ্যোগত মহাবিদ্যালয়ৰ চৌহদত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° অনিন্দিতা কৰ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল শৰ্মাক উষ্ণ অভিনন্দন জনোৱা হয়। অধ্যাপক ড° প্ৰাঞ্জল শৰ্মাই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ এটা গৱেষণা গোটৰ সদস্য হিচাপে চুইজাৰলেণ্ডৰ “এলিছ” পৰীক্ষাগাৰত সফলতাৰে সম্পন্ন কৰা এক আন্তৰ্জাতিক গৱেষণাৰ বাবে ২০২৫ চনৰ সন্মানীয় “ব্ৰেকথ্ৰু” বঁটা লাভ কৰিছিল। আনহাতে, অধ্যাপিকা ড° অনিন্দিতা কৰে বিগত বৰ্ষত সুবিখ্যাত প্ৰকাশন সংস্থা “পেংগুইন ৰেণ্ডম হাউচ”ৰ “পেংগুইন এইট” প্ৰকল্পৰ জৰিয়তে অসমৰ প্ৰথিতযশা কবি তথা অধ্যাপক জীৱন নৰহৰ ৯৯টা কবিতাৰ “দা য়েল্ল মেটাফৰ” শীৰ্ষক এক অনুপম অনুবাদ সংকলনৰ দ্বাৰা বিদ্বৎ সমাজৰ প্ৰশংসা লাভ কৰিছে। এই অনুষ্ঠানত বিগত বৰ্ষত সফলভাৱে পি. এইচ. ডি গৱেষণা সম্পন্ন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা কেইবাজনো সহকাৰী অধ্যাপককো সম্বৰ্ধনা জনোৱা হয়। শিক্ষক গোটৰ সভাপতি ড° লিণ্টন হাজৰিকাই এই অনুষ্ঠানত সভাপতিত্ব কৰে আৰু সম্পাদিকা ড° গাৰ্গী ফুকনে সভা পৰিচালনা কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ উপস্থিত থাকি শিক্ষক গোটৰ এই কাৰ্যক প্ৰশংসা কৰে আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। অসম কলেজ শিক্ষক সংস্থাৰ কাৰ্যালয় তথা প্ৰচাৰ সম্পাদক ড° ছোহেইল আহমেদে সভাত ভাষণ দি কয় যে, কেনেদৰে অসম কলেজ শিক্ষক সংস্থাৰ বিভিন্ন গোট, মণ্ডল আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে দশকজোৰা সময় ধৰি গৱেষণা তথা সৃষ্টিশীল কৰ্মক অগ্ৰাধিকাৰ দি আহিছে। তেওঁ লগতে জাগীৰোড মহাবিদ্যালয়ৰ শিক্ষক গোটে এই পৰম্পৰাক অটুট ৰাখিবলৈ সক্ষম হোৱা বিষয়টোও আলোকপাত কৰে।

2 hrs ago
user_Chandan hira
Chandan hira
মৰিগাঁও, মৰিগাঁও, অসম•
2 hrs ago

মধ্য অসমৰ উচ্চ শিক্ষানুষ্ঠান জাগীৰোড মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) শিক্ষক গোটৰ উদ্যোগত মহাবিদ্যালয়ৰ চৌহদত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° অনিন্দিতা কৰ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল শৰ্মাক উষ্ণ অভিনন্দন জনোৱা হয়। অধ্যাপক ড° প্ৰাঞ্জল শৰ্মাই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ এটা গৱেষণা গোটৰ সদস্য হিচাপে চুইজাৰলেণ্ডৰ “এলিছ” পৰীক্ষাগাৰত সফলতাৰে সম্পন্ন কৰা এক আন্তৰ্জাতিক গৱেষণাৰ বাবে ২০২৫ চনৰ সন্মানীয় “ব্ৰেকথ্ৰু” বঁটা লাভ কৰিছিল। আনহাতে, অধ্যাপিকা ড° অনিন্দিতা কৰে বিগত বৰ্ষত সুবিখ্যাত প্ৰকাশন সংস্থা “পেংগুইন ৰেণ্ডম হাউচ”ৰ “পেংগুইন এইট” প্ৰকল্পৰ জৰিয়তে অসমৰ প্ৰথিতযশা কবি তথা অধ্যাপক জীৱন নৰহৰ ৯৯টা কবিতাৰ “দা য়েল্ল মেটাফৰ” শীৰ্ষক এক অনুপম অনুবাদ সংকলনৰ দ্বাৰা বিদ্বৎ সমাজৰ প্ৰশংসা লাভ কৰিছে। এই অনুষ্ঠানত বিগত বৰ্ষত

সফলভাৱে পি. এইচ. ডি গৱেষণা সম্পন্ন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা কেইবাজনো সহকাৰী অধ্যাপককো সম্বৰ্ধনা জনোৱা হয়। শিক্ষক গোটৰ সভাপতি ড° লিণ্টন হাজৰিকাই এই অনুষ্ঠানত সভাপতিত্ব কৰে আৰু সম্পাদিকা ড° গাৰ্গী ফুকনে সভা পৰিচালনা কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ উপস্থিত থাকি শিক্ষক গোটৰ এই কাৰ্যক প্ৰশংসা কৰে আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। অসম কলেজ শিক্ষক সংস্থাৰ কাৰ্যালয় তথা প্ৰচাৰ সম্পাদক ড° ছোহেইল আহমেদে সভাত ভাষণ দি কয় যে, কেনেদৰে অসম কলেজ শিক্ষক সংস্থাৰ বিভিন্ন গোট, মণ্ডল আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে দশকজোৰা সময় ধৰি গৱেষণা তথা সৃষ্টিশীল কৰ্মক অগ্ৰাধিকাৰ দি আহিছে। তেওঁ লগতে জাগীৰোড মহাবিদ্যালয়ৰ শিক্ষক গোটে এই পৰম্পৰাক অটুট ৰাখিবলৈ সক্ষম হোৱা বিষয়টোও আলোকপাত কৰে।

More news from অসম and nearby areas
  • নগাঁও জিলাৰ ৰূপহীহাটৰ বগোৰাগুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ভূৰবন্ধা গাঁও পঞ্চায়তৰ ৩নং ভূৰবন্ধা গাঁৱত এক অভূতপূৰ্ব ঘটনা সংঘটিত হৈছে। জব কাৰ্ডৰ শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য মজুৰী নোপোৱাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শ্ৰমিকসকলৰ অভিযোগ অনুসৰি, MGNREGA-ৰ অধীনত 'Construction of Agricultural Bandh from PWD Road to Abdul Jalil House at 3 No. Bhurbandha' নামৰ আঁচনিৰ অধীনত প্ৰায় ৫৮ গৰাকী জব কাৰ্ডৰ শ্ৰমিকে ৬ দিন ধৰি কাম কৰাৰ পিছতো মাত্ৰ ১ দিনৰহে মজুৰী লাভ কৰিছে। এই ঘটনাৰ ফলত তেওঁলোক ক্ষোভিত হৈ প্ৰতিবাদত নামি পৰে। প্ৰতিবাদকাৰী শ্ৰমিকসকলে ভূৰবন্ধা গাঁও পঞ্চায়তৰ GRS আৰু সংশ্লিষ্ট অভিযন্তাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে আৰু দায়িত্বত থকা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁলোকে 'জব কাৰ্ডৰ শ্ৰমিকৰ সৈতে হেতালি খেলা নচলিব', 'GRS হাই হাই' আৰু 'অভিযন্তা হাই হাই' আদি শ্লোগানেৰে নিজৰ ক্ষোভ প্ৰকাশ কৰে।
    1
    নগাঁও জিলাৰ ৰূপহীহাটৰ বগোৰাগুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ভূৰবন্ধা গাঁও পঞ্চায়তৰ ৩নং ভূৰবন্ধা গাঁৱত এক অভূতপূৰ্ব ঘটনা সংঘটিত হৈছে। জব কাৰ্ডৰ শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য মজুৰী নোপোৱাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

শ্ৰমিকসকলৰ অভিযোগ অনুসৰি, MGNREGA-ৰ অধীনত 'Construction of Agricultural Bandh from PWD Road to Abdul Jalil House at 3 No. Bhurbandha' নামৰ আঁচনিৰ অধীনত প্ৰায় ৫৮ গৰাকী জব কাৰ্ডৰ শ্ৰমিকে ৬ দিন ধৰি কাম কৰাৰ পিছতো মাত্ৰ ১ দিনৰহে মজুৰী লাভ কৰিছে। এই ঘটনাৰ ফলত তেওঁলোক ক্ষোভিত হৈ প্ৰতিবাদত নামি পৰে। প্ৰতিবাদকাৰী শ্ৰমিকসকলে ভূৰবন্ধা গাঁও পঞ্চায়তৰ GRS আৰু সংশ্লিষ্ট অভিযন্তাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে আৰু দায়িত্বত থকা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁলোকে 'জব কাৰ্ডৰ শ্ৰমিকৰ সৈতে হেতালি খেলা নচলিব', 'GRS হাই হাই' আৰু 'অভিযন্তা হাই হাই' আদি শ্লোগানেৰে নিজৰ ক্ষোভ প্ৰকাশ কৰে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    7 hrs ago
  • বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যোৱাকালি বিটিচিত উচ্ছেদ চলাব বুলি কৰা ঘোষণাৰ পিছতে সৰৱ হৈ পৰিছে নেমছুৰ সভাপতি বদৰুল ইছলাম। মহিলাৰীয়ে বিপিএফ দল আৰু চৰকাৰৰ হৈ এই উচ্ছেদৰ কথা ঘোষণা কৰিছিল। মুছলমান নেতা বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে, মাটিৰ ম্যাদী পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে এতিয়া মুছলমানসকলক উচ্ছেদ কৰিব বিচৰা হৈছে। তেওঁ স্পষ্ট কৰি দিছে যে বিটিচিত কোনো পৰিস্থিতিতে অমানৱীয় উচ্ছেদ হ'বলৈ দিয়া নহ'ব। বদৰুল ইছলামে হাগ্ৰামা মহিলাৰীক উচ্ছেদ বন্ধ কৰাৰ বাবে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, অৰ্থাৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ কৈছে। ইয়াৰ উপৰিও তেওঁ উচ্ছেদ নকৰি APDCL ক অন্য ঠাইত ভূমি প্ৰদান কৰিবলৈও পৰামৰ্শ আগবঢ়াইছে। বদৰুল ইছলামে হুংকাৰ দিছে যে যদিহে উচ্ছেদ কৰা হয়, তেন্তে চৰকাৰৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।
    1
    বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যোৱাকালি বিটিচিত উচ্ছেদ চলাব বুলি কৰা ঘোষণাৰ পিছতে সৰৱ হৈ পৰিছে নেমছুৰ সভাপতি বদৰুল ইছলাম। মহিলাৰীয়ে বিপিএফ দল আৰু চৰকাৰৰ হৈ এই উচ্ছেদৰ কথা ঘোষণা কৰিছিল।

মুছলমান নেতা বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে, মাটিৰ ম্যাদী পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে এতিয়া মুছলমানসকলক উচ্ছেদ কৰিব বিচৰা হৈছে। তেওঁ স্পষ্ট কৰি দিছে যে বিটিচিত কোনো পৰিস্থিতিতে অমানৱীয় উচ্ছেদ হ'বলৈ দিয়া নহ'ব। বদৰুল ইছলামে হাগ্ৰামা মহিলাৰীক উচ্ছেদ বন্ধ কৰাৰ বাবে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, অৰ্থাৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ কৈছে। ইয়াৰ উপৰিও তেওঁ উচ্ছেদ নকৰি APDCL ক অন্য ঠাইত ভূমি প্ৰদান কৰিবলৈও পৰামৰ্শ আগবঢ়াইছে।

বদৰুল ইছলামে হুংকাৰ দিছে যে যদিহে উচ্ছেদ কৰা হয়, তেন্তে চৰকাৰৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
  • হোজাই জিলাৰ লংকা অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ পুনৰ আগ্ৰাসনৰ ঘটনা সংঘটিত হৈছে।
    1
    হোজাই জিলাৰ লংকা অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ পুনৰ আগ্ৰাসনৰ ঘটনা সংঘটিত হৈছে।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    1 hr ago
  • ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া মঞ্চ সদৌ অসম বিদ্যালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা আজি ৰঙিয়াত অনুষ্ঠিত হয়। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰায় তিনি শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ধনেশ্বৰ কৈৱৰ্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অংকুৰ শৰ্মাই। সভাত সন্থাৰ নতুনকৈ কেইবাগৰাকীও বিষয়ববীয়াক নিৰ্বাচিত কৰা হয়। শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰূপম শইকীয়াক সহ-সম্পাদক, যুগল গগৈ আৰু ৰাজু কলিতাক প্ৰচাৰ সম্পাদক পদত নিৰ্বাচিত কৰা হয়। ইয়াৰ উপৰিও, দ্বীপজ্যোতি লিকচন আৰু অনুজ বৰপাত্ৰগোহাঁই কাৰ্যনিৰ্বাহ সদস্য হিচাপে নিৰ্বাচিত হয়। এই সভাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক বিদ্যালয়ত নৈশ দায়িত্ব পালনৰ বাবে জাৰি কৰা জাননীৰ পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ওচৰত কাতৰ অনুৰোধ জনোৱা হয়। নেতৃবৰ্গই আক্ষেপ প্ৰকাশ কৰি কয় যে প্ৰশিক্ষণ অথবা সুৰক্ষা কৱচ আৰু মাৰণাস্ত্ৰ অবিহনে এই দায়িত্ব পালন কৰাত যথেষ্ট অসুবিধা হ’ব। তেওঁলোকে লগতে কয় যে সাম্প্ৰতিক পৰিস্থিতিত অতি চতুৰ আৰু চোকা অস্ত্ৰৰে সুসজ্জিত দুৰ্বৃত্তৰ লগত মোকাবিলা কৰিব পৰাকৈ বহু বিদ্যালয়ৰ আন্তঃগাঁথনি অনুন্নত। যাৰ বাবে এই দায়িত্ব পালন কৰাটো সহজ নহয় বুলি দোহাৰি সন্থাৰ নেতৃবৰ্গই চৰকাৰক আহ্বান জনায় যে, ইয়াৰ পৰিৱৰ্তে চৰকাৰে নৈশ দায়িত্ব পালনৰ বাবে নতুনকৈ যুৱক-যুৱতীক নিযুক্তি দিব লাগে।
    1
    ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া মঞ্চ সদৌ অসম বিদ্যালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা আজি ৰঙিয়াত অনুষ্ঠিত হয়। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰায় তিনি শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ধনেশ্বৰ কৈৱৰ্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অংকুৰ শৰ্মাই।

সভাত সন্থাৰ নতুনকৈ কেইবাগৰাকীও বিষয়ববীয়াক নিৰ্বাচিত কৰা হয়। শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰূপম শইকীয়াক সহ-সম্পাদক, যুগল গগৈ আৰু ৰাজু কলিতাক প্ৰচাৰ সম্পাদক পদত নিৰ্বাচিত কৰা হয়। ইয়াৰ উপৰিও, দ্বীপজ্যোতি লিকচন আৰু অনুজ বৰপাত্ৰগোহাঁই কাৰ্যনিৰ্বাহ সদস্য হিচাপে নিৰ্বাচিত হয়।

এই সভাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক বিদ্যালয়ত নৈশ দায়িত্ব পালনৰ বাবে জাৰি কৰা জাননীৰ পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ওচৰত কাতৰ অনুৰোধ জনোৱা হয়। নেতৃবৰ্গই আক্ষেপ প্ৰকাশ কৰি কয় যে প্ৰশিক্ষণ অথবা সুৰক্ষা কৱচ আৰু মাৰণাস্ত্ৰ অবিহনে এই দায়িত্ব পালন কৰাত যথেষ্ট অসুবিধা হ’ব। তেওঁলোকে লগতে কয় যে সাম্প্ৰতিক পৰিস্থিতিত অতি চতুৰ আৰু চোকা অস্ত্ৰৰে সুসজ্জিত দুৰ্বৃত্তৰ লগত মোকাবিলা কৰিব পৰাকৈ বহু বিদ্যালয়ৰ আন্তঃগাঁথনি অনুন্নত।

যাৰ বাবে এই দায়িত্ব পালন কৰাটো সহজ নহয় বুলি দোহাৰি সন্থাৰ নেতৃবৰ্গই চৰকাৰক আহ্বান জনায় যে, ইয়াৰ পৰিৱৰ্তে চৰকাৰে নৈশ দায়িত্ব পালনৰ বাবে নতুনকৈ যুৱক-যুৱতীক নিযুক্তি দিব লাগে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    3 hrs ago
  • Post by ALI HUSSAIN
    1
    Post by ALI HUSSAIN
    user_ALI HUSSAIN
    ALI HUSSAIN
    Local News Reporter লংকা, হোজাই, অসম•
    4 hrs ago
  • তামুলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ কাউৰবাহাৰ এগৰাকী নাবালিকা হিন্দু যুৱতীক প্ৰেমৰ চলনাৰে পলাই নিয়াৰ অভিযোগত ৰুজু হোৱা গোচৰৰ পলাতক অভিযুক্ত মকবুল আলীয়ে অৱশেষত তামুলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে। এই ঘটনাটো যোৱা ২৬ জুনৰ সন্ধিয়া সংঘটিত হৈছিল। আৰক্ষীৰ তথ্য অনুসৰি, ৰঙিয়া আৰক্ষী থানাৰ টোটাৰকুছি গাঁৱৰ ৩৫ বছৰীয়া মকবুল আলীয়ে নাবালিকা যুৱতীগৰাকীক প্ৰেমৰ চলনাৰে পলাই নিয়াৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে তামুলপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত তামুলপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হস্থাইসুলা ব্ৰহ্ম আৰু নিজ কাউৰবাহা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় শৰ্মাই ততাতৈয়াকৈ অভিযান চলাই ৰঙিয়াৰ সমীপৰ এখন দলঙৰ ওচৰৰ পৰা নিশাই নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে, আৰক্ষীয়ে সেই সময়ত মকবুল আলীক আটক কৰিব পৰা নাছিল। আজি পলাতক অভিযুক্ত মকবুল আলীয়ে নিজেই তামুলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি তামুলপুৰ সদৰ আৰক্ষী থানাৰ ১২৫/২৬ নম্বৰ গোচৰত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ১৩৭(২)/৬৪(১) আৰু POCSO আইনৰ ধাৰা ৬ৰ অধীনত আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰে।
    1
    তামুলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ কাউৰবাহাৰ এগৰাকী নাবালিকা হিন্দু যুৱতীক প্ৰেমৰ চলনাৰে পলাই নিয়াৰ অভিযোগত ৰুজু হোৱা গোচৰৰ পলাতক অভিযুক্ত মকবুল আলীয়ে অৱশেষত তামুলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে। এই ঘটনাটো যোৱা ২৬ জুনৰ সন্ধিয়া সংঘটিত হৈছিল।

আৰক্ষীৰ তথ্য অনুসৰি, ৰঙিয়া আৰক্ষী থানাৰ টোটাৰকুছি গাঁৱৰ ৩৫ বছৰীয়া মকবুল আলীয়ে নাবালিকা যুৱতীগৰাকীক প্ৰেমৰ চলনাৰে পলাই নিয়াৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে তামুলপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত তামুলপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হস্থাইসুলা ব্ৰহ্ম আৰু নিজ কাউৰবাহা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় শৰ্মাই ততাতৈয়াকৈ অভিযান চলাই ৰঙিয়াৰ সমীপৰ এখন দলঙৰ ওচৰৰ পৰা নিশাই নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে, আৰক্ষীয়ে সেই সময়ত মকবুল আলীক আটক কৰিব পৰা নাছিল।

আজি পলাতক অভিযুক্ত মকবুল আলীয়ে নিজেই তামুলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি তামুলপুৰ সদৰ আৰক্ষী থানাৰ ১২৫/২৬ নম্বৰ গোচৰত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ১৩৭(২)/৬৪(১) আৰু POCSO আইনৰ ধাৰা ৬ৰ অধীনত আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • ৰূপহীহাটৰ পূব শিংগীমাৰীৰ এজন ২৫ বছৰীয়া যুৱক, জাহাঙিৰ আলম, বহিঃৰাজ্য কেৰেলাত ডেংগু জ্বৰত আক্ৰান্ত হৈ ২৫ জুনত মৃত্যুমুখত পৰে। যুৱকজনৰ দৰিদ্ৰ আৰু অসহায় পৰিয়ালটিয়ে অসম চৰকাৰৰ 'শ্ৰদ্ধাঞ্জলি আঁচনি'ৰ জৰিয়তে ২৮ জুন, দেওবাৰে নিশা তেওঁৰ মৃতদেহ ঘৰলৈ ঘূৰাই আনে। এই সহায়ৰ বাবে অসহায় পৰিয়ালটিয়ে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।
    1
    ৰূপহীহাটৰ পূব শিংগীমাৰীৰ এজন ২৫ বছৰীয়া যুৱক, জাহাঙিৰ আলম, বহিঃৰাজ্য কেৰেলাত ডেংগু জ্বৰত আক্ৰান্ত হৈ ২৫ জুনত মৃত্যুমুখত পৰে। যুৱকজনৰ দৰিদ্ৰ আৰু অসহায় পৰিয়ালটিয়ে অসম চৰকাৰৰ 'শ্ৰদ্ধাঞ্জলি আঁচনি'ৰ জৰিয়তে ২৮ জুন, দেওবাৰে নিশা তেওঁৰ মৃতদেহ ঘৰলৈ ঘূৰাই আনে। এই সহায়ৰ বাবে অসহায় পৰিয়ালটিয়ে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • বিশ্বনাথ চাৰিআলিত অৱস্থিত ৮৫ বছৰীয়া ঐতিহ্যমণ্ডিত চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পুৰণি গৃহটো বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে। ১৯৪১ চনত স্থাপিত হোৱা এই বিদ্যালয়খন শেহতীয়াকৈ কাষতে নিৰ্মাণ কৰা নতুন গৃহলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল, য'ত বৰ্তমান সকলো শ্ৰেণীৰ পাঠদান চলি আছে। কিন্তু নতুন গৃহলৈ যোৱাৰ পিছৰে পৰা বিদ্যালয়ৰ ৮৫ বছৰ গৰকা পুৰণি গৃহটো ক্ৰমাৎ জহি-খহি যাবলৈ ধৰিছে। স্থানীয় ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছে যে উচিত যত্ন আৰু সংৰক্ষণৰ অভাৱত এই ঐতিহাসিক গৃহটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপক্ৰম হৈছে। বৃহত্তৰ বিশ্বনাথ অঞ্চলৰ বহুজনৰ আৱেগ আৰু স্মৃতি জড়িত এই বিদ্যালয়খনৰ পৰা বহু ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰি নিজ নিজ কৰ্মক্ষেত্ৰত সফল হোৱাৰ লগতে অসম আৰু ভাৰতৰ নাম উজলাই তুলিছে, যাৰ বাবে ই বিশ্বনাথৰ গৌৰৱ হিচাপে পৰিচিত। এই সন্দৰ্ভত প্ৰাক্তন ছাত্ৰ আৰু স্থানীয় সচেতন মহলে পুৰণি গৃহটোক ঐতিহাসিক সমল হিচাপে সংৰক্ষণৰ দাবী জনাইছে। তেওঁলোকে ইয়াক সংগ্ৰহালয় বা গ্ৰন্থাগাৰলৈ ৰূপান্তৰ কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে জীয়াই ৰখাৰ পৰামৰ্শ আগবঢ়াইছে, অন্যথা বিশ্বনাথ চাৰিআলিৰ এক গৌৰৱময় অধ্যায় চিৰদিনৰ বাবে হেৰাই যাব বুলি সতৰ্ক কৰি দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা আৰু অসম সেনা নেতা নিহাৰ শইকীয়াই জিলা প্ৰশাসন আৰু শিক্ষা বিভাগক এই বিষয়ত শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।
    4
    বিশ্বনাথ চাৰিআলিত অৱস্থিত ৮৫ বছৰীয়া ঐতিহ্যমণ্ডিত চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পুৰণি গৃহটো বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে। ১৯৪১ চনত স্থাপিত হোৱা এই বিদ্যালয়খন শেহতীয়াকৈ কাষতে নিৰ্মাণ কৰা নতুন গৃহলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল, য'ত বৰ্তমান সকলো শ্ৰেণীৰ পাঠদান চলি আছে।

কিন্তু নতুন গৃহলৈ যোৱাৰ পিছৰে পৰা বিদ্যালয়ৰ ৮৫ বছৰ গৰকা পুৰণি গৃহটো ক্ৰমাৎ জহি-খহি যাবলৈ ধৰিছে। স্থানীয় ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছে যে উচিত যত্ন আৰু সংৰক্ষণৰ অভাৱত এই ঐতিহাসিক গৃহটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপক্ৰম হৈছে। বৃহত্তৰ বিশ্বনাথ অঞ্চলৰ বহুজনৰ আৱেগ আৰু স্মৃতি জড়িত এই বিদ্যালয়খনৰ পৰা বহু ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰি নিজ নিজ কৰ্মক্ষেত্ৰত সফল হোৱাৰ লগতে অসম আৰু ভাৰতৰ নাম উজলাই তুলিছে, যাৰ বাবে ই বিশ্বনাথৰ গৌৰৱ হিচাপে পৰিচিত।

এই সন্দৰ্ভত প্ৰাক্তন ছাত্ৰ আৰু স্থানীয় সচেতন মহলে পুৰণি গৃহটোক ঐতিহাসিক সমল হিচাপে সংৰক্ষণৰ দাবী জনাইছে। তেওঁলোকে ইয়াক সংগ্ৰহালয় বা গ্ৰন্থাগাৰলৈ ৰূপান্তৰ কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে জীয়াই ৰখাৰ পৰামৰ্শ আগবঢ়াইছে, অন্যথা বিশ্বনাথ চাৰিআলিৰ এক গৌৰৱময় অধ্যায় চিৰদিনৰ বাবে হেৰাই যাব বুলি সতৰ্ক কৰি দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা আৰু অসম সেনা নেতা নিহাৰ শইকীয়াই জিলা প্ৰশাসন আৰু শিক্ষা বিভাগক এই বিষয়ত শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    13 hrs ago
  • মুছলপুৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কনভয় দেখা গৈছে। এখন সভা সামৰি উভতি অহাৰ পথত এই দৃশ্য দেখা পোৱা গৈছিল।
    1
    মুছলপুৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কনভয় দেখা গৈছে। এখন সভা সামৰি উভতি অহাৰ পথত এই দৃশ্য দেখা পোৱা গৈছিল।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.