logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যোৱাকালি বিটিচিত উচ্ছেদ চলাব বুলি কৰা ঘোষণাৰ পিছতে সৰৱ হৈ পৰিছে নেমছুৰ সভাপতি বদৰুল ইছলাম। মহিলাৰীয়ে বিপিএফ দল আৰু চৰকাৰৰ হৈ এই উচ্ছেদৰ কথা ঘোষণা কৰিছিল। মুছলমান নেতা বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে, মাটিৰ ম্যাদী পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে এতিয়া মুছলমানসকলক উচ্ছেদ কৰিব বিচৰা হৈছে। তেওঁ স্পষ্ট কৰি দিছে যে বিটিচিত কোনো পৰিস্থিতিতে অমানৱীয় উচ্ছেদ হ'বলৈ দিয়া নহ'ব। বদৰুল ইছলামে হাগ্ৰামা মহিলাৰীক উচ্ছেদ বন্ধ কৰাৰ বাবে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, অৰ্থাৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ কৈছে। ইয়াৰ উপৰিও তেওঁ উচ্ছেদ নকৰি APDCL ক অন্য ঠাইত ভূমি প্ৰদান কৰিবলৈও পৰামৰ্শ আগবঢ়াইছে। বদৰুল ইছলামে হুংকাৰ দিছে যে যদিহে উচ্ছেদ কৰা হয়, তেন্তে চৰকাৰৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।

2 hrs ago
user_DSL LIVE
DSL LIVE
গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
2 hrs ago

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যোৱাকালি বিটিচিত উচ্ছেদ চলাব বুলি কৰা ঘোষণাৰ পিছতে সৰৱ হৈ পৰিছে নেমছুৰ সভাপতি বদৰুল ইছলাম। মহিলাৰীয়ে বিপিএফ দল আৰু চৰকাৰৰ হৈ এই উচ্ছেদৰ কথা ঘোষণা কৰিছিল। মুছলমান নেতা বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে, মাটিৰ ম্যাদী পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে এতিয়া মুছলমানসকলক উচ্ছেদ কৰিব বিচৰা হৈছে। তেওঁ স্পষ্ট কৰি দিছে যে বিটিচিত কোনো পৰিস্থিতিতে অমানৱীয় উচ্ছেদ হ'বলৈ দিয়া নহ'ব। বদৰুল ইছলামে হাগ্ৰামা মহিলাৰীক উচ্ছেদ বন্ধ কৰাৰ বাবে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, অৰ্থাৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ কৈছে। ইয়াৰ উপৰিও তেওঁ উচ্ছেদ নকৰি APDCL ক অন্য ঠাইত ভূমি প্ৰদান কৰিবলৈও পৰামৰ্শ আগবঢ়াইছে। বদৰুল ইছলামে হুংকাৰ দিছে যে যদিহে উচ্ছেদ কৰা হয়, তেন্তে চৰকাৰৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।

More news from অসম and nearby areas
  • বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যোৱাকালি বিটিচিত উচ্ছেদ চলাব বুলি কৰা ঘোষণাৰ পিছতে সৰৱ হৈ পৰিছে নেমছুৰ সভাপতি বদৰুল ইছলাম। মহিলাৰীয়ে বিপিএফ দল আৰু চৰকাৰৰ হৈ এই উচ্ছেদৰ কথা ঘোষণা কৰিছিল। মুছলমান নেতা বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে, মাটিৰ ম্যাদী পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে এতিয়া মুছলমানসকলক উচ্ছেদ কৰিব বিচৰা হৈছে। তেওঁ স্পষ্ট কৰি দিছে যে বিটিচিত কোনো পৰিস্থিতিতে অমানৱীয় উচ্ছেদ হ'বলৈ দিয়া নহ'ব। বদৰুল ইছলামে হাগ্ৰামা মহিলাৰীক উচ্ছেদ বন্ধ কৰাৰ বাবে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, অৰ্থাৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ কৈছে। ইয়াৰ উপৰিও তেওঁ উচ্ছেদ নকৰি APDCL ক অন্য ঠাইত ভূমি প্ৰদান কৰিবলৈও পৰামৰ্শ আগবঢ়াইছে। বদৰুল ইছলামে হুংকাৰ দিছে যে যদিহে উচ্ছেদ কৰা হয়, তেন্তে চৰকাৰৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।
    1
    বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যোৱাকালি বিটিচিত উচ্ছেদ চলাব বুলি কৰা ঘোষণাৰ পিছতে সৰৱ হৈ পৰিছে নেমছুৰ সভাপতি বদৰুল ইছলাম। মহিলাৰীয়ে বিপিএফ দল আৰু চৰকাৰৰ হৈ এই উচ্ছেদৰ কথা ঘোষণা কৰিছিল।

মুছলমান নেতা বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে, মাটিৰ ম্যাদী পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে এতিয়া মুছলমানসকলক উচ্ছেদ কৰিব বিচৰা হৈছে। তেওঁ স্পষ্ট কৰি দিছে যে বিটিচিত কোনো পৰিস্থিতিতে অমানৱীয় উচ্ছেদ হ'বলৈ দিয়া নহ'ব। বদৰুল ইছলামে হাগ্ৰামা মহিলাৰীক উচ্ছেদ বন্ধ কৰাৰ বাবে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, অৰ্থাৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ কৈছে। ইয়াৰ উপৰিও তেওঁ উচ্ছেদ নকৰি APDCL ক অন্য ঠাইত ভূমি প্ৰদান কৰিবলৈও পৰামৰ্শ আগবঢ়াইছে।

বদৰুল ইছলামে হুংকাৰ দিছে যে যদিহে উচ্ছেদ কৰা হয়, তেন্তে চৰকাৰৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
  • ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া মঞ্চ সদৌ অসম বিদ্যালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা আজি ৰঙিয়াত অনুষ্ঠিত হয়। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰায় তিনি শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ধনেশ্বৰ কৈৱৰ্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অংকুৰ শৰ্মাই। সভাত সন্থাৰ নতুনকৈ কেইবাগৰাকীও বিষয়ববীয়াক নিৰ্বাচিত কৰা হয়। শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰূপম শইকীয়াক সহ-সম্পাদক, যুগল গগৈ আৰু ৰাজু কলিতাক প্ৰচাৰ সম্পাদক পদত নিৰ্বাচিত কৰা হয়। ইয়াৰ উপৰিও, দ্বীপজ্যোতি লিকচন আৰু অনুজ বৰপাত্ৰগোহাঁই কাৰ্যনিৰ্বাহ সদস্য হিচাপে নিৰ্বাচিত হয়। এই সভাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক বিদ্যালয়ত নৈশ দায়িত্ব পালনৰ বাবে জাৰি কৰা জাননীৰ পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ওচৰত কাতৰ অনুৰোধ জনোৱা হয়। নেতৃবৰ্গই আক্ষেপ প্ৰকাশ কৰি কয় যে প্ৰশিক্ষণ অথবা সুৰক্ষা কৱচ আৰু মাৰণাস্ত্ৰ অবিহনে এই দায়িত্ব পালন কৰাত যথেষ্ট অসুবিধা হ’ব। তেওঁলোকে লগতে কয় যে সাম্প্ৰতিক পৰিস্থিতিত অতি চতুৰ আৰু চোকা অস্ত্ৰৰে সুসজ্জিত দুৰ্বৃত্তৰ লগত মোকাবিলা কৰিব পৰাকৈ বহু বিদ্যালয়ৰ আন্তঃগাঁথনি অনুন্নত। যাৰ বাবে এই দায়িত্ব পালন কৰাটো সহজ নহয় বুলি দোহাৰি সন্থাৰ নেতৃবৰ্গই চৰকাৰক আহ্বান জনায় যে, ইয়াৰ পৰিৱৰ্তে চৰকাৰে নৈশ দায়িত্ব পালনৰ বাবে নতুনকৈ যুৱক-যুৱতীক নিযুক্তি দিব লাগে।
    1
    ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া মঞ্চ সদৌ অসম বিদ্যালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা আজি ৰঙিয়াত অনুষ্ঠিত হয়। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰায় তিনি শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ধনেশ্বৰ কৈৱৰ্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অংকুৰ শৰ্মাই।

সভাত সন্থাৰ নতুনকৈ কেইবাগৰাকীও বিষয়ববীয়াক নিৰ্বাচিত কৰা হয়। শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰূপম শইকীয়াক সহ-সম্পাদক, যুগল গগৈ আৰু ৰাজু কলিতাক প্ৰচাৰ সম্পাদক পদত নিৰ্বাচিত কৰা হয়। ইয়াৰ উপৰিও, দ্বীপজ্যোতি লিকচন আৰু অনুজ বৰপাত্ৰগোহাঁই কাৰ্যনিৰ্বাহ সদস্য হিচাপে নিৰ্বাচিত হয়।

এই সভাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক বিদ্যালয়ত নৈশ দায়িত্ব পালনৰ বাবে জাৰি কৰা জাননীৰ পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ওচৰত কাতৰ অনুৰোধ জনোৱা হয়। নেতৃবৰ্গই আক্ষেপ প্ৰকাশ কৰি কয় যে প্ৰশিক্ষণ অথবা সুৰক্ষা কৱচ আৰু মাৰণাস্ত্ৰ অবিহনে এই দায়িত্ব পালন কৰাত যথেষ্ট অসুবিধা হ’ব। তেওঁলোকে লগতে কয় যে সাম্প্ৰতিক পৰিস্থিতিত অতি চতুৰ আৰু চোকা অস্ত্ৰৰে সুসজ্জিত দুৰ্বৃত্তৰ লগত মোকাবিলা কৰিব পৰাকৈ বহু বিদ্যালয়ৰ আন্তঃগাঁথনি অনুন্নত।

যাৰ বাবে এই দায়িত্ব পালন কৰাটো সহজ নহয় বুলি দোহাৰি সন্থাৰ নেতৃবৰ্গই চৰকাৰক আহ্বান জনায় যে, ইয়াৰ পৰিৱৰ্তে চৰকাৰে নৈশ দায়িত্ব পালনৰ বাবে নতুনকৈ যুৱক-যুৱতীক নিযুক্তি দিব লাগে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    5 hrs ago
  • পলাশবাৰীত এক বিশেষ কাৰ্যসূচীত ২২০০ৰো অধিক কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হৈছে। এই অনুষ্ঠান সন্মিলিত জনকল্যাণ মঞ্চ আৰু দক্ষিণ কামৰূপ জিলা বিজেপিৰ যুটীয়া প্ৰচেষ্টাত সফলভাৱে সম্পন্ন হয়।
    1
    পলাশবাৰীত এক বিশেষ কাৰ্যসূচীত ২২০০ৰো অধিক কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হৈছে। এই অনুষ্ঠান সন্মিলিত জনকল্যাণ মঞ্চ আৰু দক্ষিণ কামৰূপ জিলা বিজেপিৰ যুটীয়া প্ৰচেষ্টাত সফলভাৱে সম্পন্ন হয়।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    45 min ago
  • তামুলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ কাউৰবাহাৰ এগৰাকী নাবালিকা হিন্দু যুৱতীক প্ৰেমৰ চলনাৰে পলাই নিয়াৰ অভিযোগত ৰুজু হোৱা গোচৰৰ পলাতক অভিযুক্ত মকবুল আলীয়ে অৱশেষত তামুলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে। এই ঘটনাটো যোৱা ২৬ জুনৰ সন্ধিয়া সংঘটিত হৈছিল। আৰক্ষীৰ তথ্য অনুসৰি, ৰঙিয়া আৰক্ষী থানাৰ টোটাৰকুছি গাঁৱৰ ৩৫ বছৰীয়া মকবুল আলীয়ে নাবালিকা যুৱতীগৰাকীক প্ৰেমৰ চলনাৰে পলাই নিয়াৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে তামুলপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত তামুলপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হস্থাইসুলা ব্ৰহ্ম আৰু নিজ কাউৰবাহা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় শৰ্মাই ততাতৈয়াকৈ অভিযান চলাই ৰঙিয়াৰ সমীপৰ এখন দলঙৰ ওচৰৰ পৰা নিশাই নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে, আৰক্ষীয়ে সেই সময়ত মকবুল আলীক আটক কৰিব পৰা নাছিল। আজি পলাতক অভিযুক্ত মকবুল আলীয়ে নিজেই তামুলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি তামুলপুৰ সদৰ আৰক্ষী থানাৰ ১২৫/২৬ নম্বৰ গোচৰত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ১৩৭(২)/৬৪(১) আৰু POCSO আইনৰ ধাৰা ৬ৰ অধীনত আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰে।
    1
    তামুলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ কাউৰবাহাৰ এগৰাকী নাবালিকা হিন্দু যুৱতীক প্ৰেমৰ চলনাৰে পলাই নিয়াৰ অভিযোগত ৰুজু হোৱা গোচৰৰ পলাতক অভিযুক্ত মকবুল আলীয়ে অৱশেষত তামুলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে। এই ঘটনাটো যোৱা ২৬ জুনৰ সন্ধিয়া সংঘটিত হৈছিল।

আৰক্ষীৰ তথ্য অনুসৰি, ৰঙিয়া আৰক্ষী থানাৰ টোটাৰকুছি গাঁৱৰ ৩৫ বছৰীয়া মকবুল আলীয়ে নাবালিকা যুৱতীগৰাকীক প্ৰেমৰ চলনাৰে পলাই নিয়াৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে তামুলপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত তামুলপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হস্থাইসুলা ব্ৰহ্ম আৰু নিজ কাউৰবাহা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় শৰ্মাই ততাতৈয়াকৈ অভিযান চলাই ৰঙিয়াৰ সমীপৰ এখন দলঙৰ ওচৰৰ পৰা নিশাই নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে, আৰক্ষীয়ে সেই সময়ত মকবুল আলীক আটক কৰিব পৰা নাছিল।

আজি পলাতক অভিযুক্ত মকবুল আলীয়ে নিজেই তামুলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি তামুলপুৰ সদৰ আৰক্ষী থানাৰ ১২৫/২৬ নম্বৰ গোচৰত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ১৩৭(২)/৬৪(১) আৰু POCSO আইনৰ ধাৰা ৬ৰ অধীনত আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    4 hrs ago
  • ৰূপহীহাটৰ নিজ লাওঁখোৱাৰ কালিস্থানত সংঘটিত এটি দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিৰ প্ৰতিবাদ জনাই স্থানীয় ৰাইজ যান-বাহনৰ গতি অৱৰোধ কৰিবলৈ ওলাই আহে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা বিষয়াসকলকো স্থানীয় ৰাইজে কেৰেপ নকৰিলে। স্থানীয় ৰাইজে স্পষ্ট কৰি দিছে যে যদি যান-বাহনৰ তীব্ৰ গতিৰ ফলত পুনৰ এনে দুৰ্ঘটনা সংঘটিত হয়, তেন্তে তেওঁলোকে নিজাববীয়াকৈ বিহীত ব্যৱস্থা গ্ৰহণ কৰিব।
    1
    ৰূপহীহাটৰ নিজ লাওঁখোৱাৰ কালিস্থানত সংঘটিত এটি দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিৰ প্ৰতিবাদ জনাই স্থানীয় ৰাইজ যান-বাহনৰ গতি অৱৰোধ কৰিবলৈ ওলাই আহে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা বিষয়াসকলকো স্থানীয় ৰাইজে কেৰেপ নকৰিলে।

স্থানীয় ৰাইজে স্পষ্ট কৰি দিছে যে যদি যান-বাহনৰ তীব্ৰ গতিৰ ফলত পুনৰ এনে দুৰ্ঘটনা সংঘটিত হয়, তেন্তে তেওঁলোকে নিজাববীয়াকৈ বিহীত ব্যৱস্থা গ্ৰহণ কৰিব।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    52 min ago
  • ধিঙত “মিঞা” সম্প্ৰদায়ৰ এজন যুৱকে ভাৰতীয় সেনাত নিযুক্তি লাভ কৰাক লৈ অঞ্চলজুৰি ব্যাপক আনন্দৰ বন্যা বৈছে। চৰ-চাপৰি অঞ্চলত জন্মগ্ৰহণ কৰি ধিঙৰ অতিশয় দুৰ্গম অঞ্চল মহখুটি গাঁৱৰ মেৰাজুল ইছলামে ভাৰতীয় সেনা বাহিনীৰ অগ্নিবীৰ শাখাত এই নিযুক্তি লাভ কৰিছে। দেশ মাতৃক সেৱা কৰাৰ এই সুযোগ লাভ কৰা মেৰাজুল ইছলামেই হৈছে তেওঁৰ এই পিছপৰা অঞ্চলৰ প্ৰথমজন যুৱক, যিয়ে ভাৰতীয় সেনাত স্থান পালে। তেওঁৰ এই সফলতাই সমগ্ৰ অঞ্চলত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
    1
    ধিঙত “মিঞা” সম্প্ৰদায়ৰ এজন যুৱকে ভাৰতীয় সেনাত নিযুক্তি লাভ কৰাক লৈ অঞ্চলজুৰি ব্যাপক আনন্দৰ বন্যা বৈছে। চৰ-চাপৰি অঞ্চলত জন্মগ্ৰহণ কৰি ধিঙৰ অতিশয় দুৰ্গম অঞ্চল মহখুটি গাঁৱৰ মেৰাজুল ইছলামে ভাৰতীয় সেনা বাহিনীৰ অগ্নিবীৰ শাখাত এই নিযুক্তি লাভ কৰিছে।

দেশ মাতৃক সেৱা কৰাৰ এই সুযোগ লাভ কৰা মেৰাজুল ইছলামেই হৈছে তেওঁৰ এই পিছপৰা অঞ্চলৰ প্ৰথমজন যুৱক, যিয়ে ভাৰতীয় সেনাত স্থান পালে। তেওঁৰ এই সফলতাই সমগ্ৰ অঞ্চলত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
    user_Tufail Ahmed
    Tufail Ahmed
    Local News Reporter লাহৰিঘাট, মৰিগাঁও, অসম•
    3 hrs ago
  • মধ্য অসমৰ উচ্চ শিক্ষানুষ্ঠান জাগীৰোড মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) শিক্ষক গোটৰ উদ্যোগত মহাবিদ্যালয়ৰ চৌহদত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° অনিন্দিতা কৰ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল শৰ্মাক উষ্ণ অভিনন্দন জনোৱা হয়। অধ্যাপক ড° প্ৰাঞ্জল শৰ্মাই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ এটা গৱেষণা গোটৰ সদস্য হিচাপে চুইজাৰলেণ্ডৰ “এলিছ” পৰীক্ষাগাৰত সফলতাৰে সম্পন্ন কৰা এক আন্তৰ্জাতিক গৱেষণাৰ বাবে ২০২৫ চনৰ সন্মানীয় “ব্ৰেকথ্ৰু” বঁটা লাভ কৰিছিল। আনহাতে, অধ্যাপিকা ড° অনিন্দিতা কৰে বিগত বৰ্ষত সুবিখ্যাত প্ৰকাশন সংস্থা “পেংগুইন ৰেণ্ডম হাউচ”ৰ “পেংগুইন এইট” প্ৰকল্পৰ জৰিয়তে অসমৰ প্ৰথিতযশা কবি তথা অধ্যাপক জীৱন নৰহৰ ৯৯টা কবিতাৰ “দা য়েল্ল মেটাফৰ” শীৰ্ষক এক অনুপম অনুবাদ সংকলনৰ দ্বাৰা বিদ্বৎ সমাজৰ প্ৰশংসা লাভ কৰিছে। এই অনুষ্ঠানত বিগত বৰ্ষত সফলভাৱে পি. এইচ. ডি গৱেষণা সম্পন্ন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা কেইবাজনো সহকাৰী অধ্যাপককো সম্বৰ্ধনা জনোৱা হয়। শিক্ষক গোটৰ সভাপতি ড° লিণ্টন হাজৰিকাই এই অনুষ্ঠানত সভাপতিত্ব কৰে আৰু সম্পাদিকা ড° গাৰ্গী ফুকনে সভা পৰিচালনা কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ উপস্থিত থাকি শিক্ষক গোটৰ এই কাৰ্যক প্ৰশংসা কৰে আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। অসম কলেজ শিক্ষক সংস্থাৰ কাৰ্যালয় তথা প্ৰচাৰ সম্পাদক ড° ছোহেইল আহমেদে সভাত ভাষণ দি কয় যে, কেনেদৰে অসম কলেজ শিক্ষক সংস্থাৰ বিভিন্ন গোট, মণ্ডল আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে দশকজোৰা সময় ধৰি গৱেষণা তথা সৃষ্টিশীল কৰ্মক অগ্ৰাধিকাৰ দি আহিছে। তেওঁ লগতে জাগীৰোড মহাবিদ্যালয়ৰ শিক্ষক গোটে এই পৰম্পৰাক অটুট ৰাখিবলৈ সক্ষম হোৱা বিষয়টোও আলোকপাত কৰে।
    2
    মধ্য অসমৰ উচ্চ শিক্ষানুষ্ঠান জাগীৰোড মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) শিক্ষক গোটৰ উদ্যোগত মহাবিদ্যালয়ৰ চৌহদত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° অনিন্দিতা কৰ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল শৰ্মাক উষ্ণ অভিনন্দন জনোৱা হয়।

অধ্যাপক ড° প্ৰাঞ্জল শৰ্মাই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ এটা গৱেষণা গোটৰ সদস্য হিচাপে চুইজাৰলেণ্ডৰ “এলিছ” পৰীক্ষাগাৰত সফলতাৰে সম্পন্ন কৰা এক আন্তৰ্জাতিক গৱেষণাৰ বাবে ২০২৫ চনৰ সন্মানীয় “ব্ৰেকথ্ৰু” বঁটা লাভ কৰিছিল। আনহাতে, অধ্যাপিকা ড° অনিন্দিতা কৰে বিগত বৰ্ষত সুবিখ্যাত প্ৰকাশন সংস্থা “পেংগুইন ৰেণ্ডম হাউচ”ৰ “পেংগুইন এইট” প্ৰকল্পৰ জৰিয়তে অসমৰ প্ৰথিতযশা কবি তথা অধ্যাপক জীৱন নৰহৰ ৯৯টা কবিতাৰ “দা য়েল্ল মেটাফৰ” শীৰ্ষক এক অনুপম অনুবাদ সংকলনৰ দ্বাৰা বিদ্বৎ সমাজৰ প্ৰশংসা লাভ কৰিছে। এই অনুষ্ঠানত বিগত বৰ্ষত সফলভাৱে পি. এইচ. ডি গৱেষণা সম্পন্ন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা কেইবাজনো সহকাৰী অধ্যাপককো সম্বৰ্ধনা জনোৱা হয়।

শিক্ষক গোটৰ সভাপতি ড° লিণ্টন হাজৰিকাই এই অনুষ্ঠানত সভাপতিত্ব কৰে আৰু সম্পাদিকা ড° গাৰ্গী ফুকনে সভা পৰিচালনা কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ উপস্থিত থাকি শিক্ষক গোটৰ এই কাৰ্যক প্ৰশংসা কৰে আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। অসম কলেজ শিক্ষক সংস্থাৰ কাৰ্যালয় তথা প্ৰচাৰ সম্পাদক ড° ছোহেইল আহমেদে সভাত ভাষণ দি কয় যে, কেনেদৰে অসম কলেজ শিক্ষক সংস্থাৰ বিভিন্ন গোট, মণ্ডল আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে দশকজোৰা সময় ধৰি গৱেষণা তথা সৃষ্টিশীল কৰ্মক অগ্ৰাধিকাৰ দি আহিছে। তেওঁ লগতে জাগীৰোড মহাবিদ্যালয়ৰ শিক্ষক গোটে এই পৰম্পৰাক অটুট ৰাখিবলৈ সক্ষম হোৱা বিষয়টোও আলোকপাত কৰে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • বকো ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জান কিশোৰ গগৈ বৰ্তমান এক্সচন মুডত আছে।
    1
    বকো ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জান কিশোৰ গগৈ বৰ্তমান এক্সচন মুডত আছে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    53 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.