বিশ্বনাথ চাৰিআলিত অৱস্থিত ৮৫ বছৰীয়া ঐতিহ্যমণ্ডিত চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পুৰণি গৃহটো বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে। ১৯৪১ চনত স্থাপিত হোৱা এই বিদ্যালয়খন শেহতীয়াকৈ কাষতে নিৰ্মাণ কৰা নতুন গৃহলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল, য'ত বৰ্তমান সকলো শ্ৰেণীৰ পাঠদান চলি আছে। কিন্তু নতুন গৃহলৈ যোৱাৰ পিছৰে পৰা বিদ্যালয়ৰ ৮৫ বছৰ গৰকা পুৰণি গৃহটো ক্ৰমাৎ জহি-খহি যাবলৈ ধৰিছে। স্থানীয় ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছে যে উচিত যত্ন আৰু সংৰক্ষণৰ অভাৱত এই ঐতিহাসিক গৃহটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপক্ৰম হৈছে। বৃহত্তৰ বিশ্বনাথ অঞ্চলৰ বহুজনৰ আৱেগ আৰু স্মৃতি জড়িত এই বিদ্যালয়খনৰ পৰা বহু ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰি নিজ নিজ কৰ্মক্ষেত্ৰত সফল হোৱাৰ লগতে অসম আৰু ভাৰতৰ নাম উজলাই তুলিছে, যাৰ বাবে ই বিশ্বনাথৰ গৌৰৱ হিচাপে পৰিচিত। এই সন্দৰ্ভত প্ৰাক্তন ছাত্ৰ আৰু স্থানীয় সচেতন মহলে পুৰণি গৃহটোক ঐতিহাসিক সমল হিচাপে সংৰক্ষণৰ দাবী জনাইছে। তেওঁলোকে ইয়াক সংগ্ৰহালয় বা গ্ৰন্থাগাৰলৈ ৰূপান্তৰ কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে জীয়াই ৰখাৰ পৰামৰ্শ আগবঢ়াইছে, অন্যথা বিশ্বনাথ চাৰিআলিৰ এক গৌৰৱময় অধ্যায় চিৰদিনৰ বাবে হেৰাই যাব বুলি সতৰ্ক কৰি দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা আৰু অসম সেনা নেতা নিহাৰ শইকীয়াই জিলা প্ৰশাসন আৰু শিক্ষা বিভাগক এই বিষয়ত শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।
বিশ্বনাথ চাৰিআলিত অৱস্থিত ৮৫ বছৰীয়া ঐতিহ্যমণ্ডিত চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পুৰণি গৃহটো বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে। ১৯৪১ চনত স্থাপিত হোৱা এই বিদ্যালয়খন শেহতীয়াকৈ কাষতে নিৰ্মাণ কৰা নতুন গৃহলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল, য'ত বৰ্তমান সকলো শ্ৰেণীৰ পাঠদান চলি আছে। কিন্তু নতুন গৃহলৈ যোৱাৰ পিছৰে
পৰা বিদ্যালয়ৰ ৮৫ বছৰ গৰকা পুৰণি গৃহটো ক্ৰমাৎ জহি-খহি যাবলৈ ধৰিছে। স্থানীয় ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছে যে উচিত যত্ন আৰু সংৰক্ষণৰ অভাৱত এই ঐতিহাসিক গৃহটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপক্ৰম হৈছে। বৃহত্তৰ বিশ্বনাথ অঞ্চলৰ বহুজনৰ আৱেগ আৰু স্মৃতি জড়িত এই বিদ্যালয়খনৰ পৰা বহু ব্যক্তিয়ে শিক্ষা
গ্ৰহণ কৰি নিজ নিজ কৰ্মক্ষেত্ৰত সফল হোৱাৰ লগতে অসম আৰু ভাৰতৰ নাম উজলাই তুলিছে, যাৰ বাবে ই বিশ্বনাথৰ গৌৰৱ হিচাপে পৰিচিত। এই সন্দৰ্ভত প্ৰাক্তন ছাত্ৰ আৰু স্থানীয় সচেতন মহলে পুৰণি গৃহটোক ঐতিহাসিক সমল হিচাপে সংৰক্ষণৰ দাবী জনাইছে। তেওঁলোকে ইয়াক সংগ্ৰহালয় বা গ্ৰন্থাগাৰলৈ ৰূপান্তৰ কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে
জীয়াই ৰখাৰ পৰামৰ্শ আগবঢ়াইছে, অন্যথা বিশ্বনাথ চাৰিআলিৰ এক গৌৰৱময় অধ্যায় চিৰদিনৰ বাবে হেৰাই যাব বুলি সতৰ্ক কৰি দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা আৰু অসম সেনা নেতা নিহাৰ শইকীয়াই জিলা প্ৰশাসন আৰু শিক্ষা বিভাগক এই বিষয়ত শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।
- বিশ্বনাথ চাৰিআলিত অৱস্থিত ৮৫ বছৰীয়া ঐতিহ্যমণ্ডিত চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পুৰণি গৃহটো বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে। ১৯৪১ চনত স্থাপিত হোৱা এই বিদ্যালয়খন শেহতীয়াকৈ কাষতে নিৰ্মাণ কৰা নতুন গৃহলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল, য'ত বৰ্তমান সকলো শ্ৰেণীৰ পাঠদান চলি আছে। কিন্তু নতুন গৃহলৈ যোৱাৰ পিছৰে পৰা বিদ্যালয়ৰ ৮৫ বছৰ গৰকা পুৰণি গৃহটো ক্ৰমাৎ জহি-খহি যাবলৈ ধৰিছে। স্থানীয় ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছে যে উচিত যত্ন আৰু সংৰক্ষণৰ অভাৱত এই ঐতিহাসিক গৃহটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপক্ৰম হৈছে। বৃহত্তৰ বিশ্বনাথ অঞ্চলৰ বহুজনৰ আৱেগ আৰু স্মৃতি জড়িত এই বিদ্যালয়খনৰ পৰা বহু ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰি নিজ নিজ কৰ্মক্ষেত্ৰত সফল হোৱাৰ লগতে অসম আৰু ভাৰতৰ নাম উজলাই তুলিছে, যাৰ বাবে ই বিশ্বনাথৰ গৌৰৱ হিচাপে পৰিচিত। এই সন্দৰ্ভত প্ৰাক্তন ছাত্ৰ আৰু স্থানীয় সচেতন মহলে পুৰণি গৃহটোক ঐতিহাসিক সমল হিচাপে সংৰক্ষণৰ দাবী জনাইছে। তেওঁলোকে ইয়াক সংগ্ৰহালয় বা গ্ৰন্থাগাৰলৈ ৰূপান্তৰ কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে জীয়াই ৰখাৰ পৰামৰ্শ আগবঢ়াইছে, অন্যথা বিশ্বনাথ চাৰিআলিৰ এক গৌৰৱময় অধ্যায় চিৰদিনৰ বাবে হেৰাই যাব বুলি সতৰ্ক কৰি দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা আৰু অসম সেনা নেতা নিহাৰ শইকীয়াই জিলা প্ৰশাসন আৰু শিক্ষা বিভাগক এই বিষয়ত শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।4
- তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে এক সু-খবৰ আহিছে, কিয়নো মহাবিদ্যালয়খনে NABH ৰ স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতি লাভৰ ফলত চিকিৎসা মহাবিদ্যালয়খনত আনন্দৰ সৃষ্টি হৈছে।1
- GMCHত এজন ৰোগীৰ মৃত্যুৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত নিশা তীব্ৰ উত্তেজনা দেখা গৈছে। চিকিৎসালয়খনত জ্বৰ আৰু কাহত ভুগি থকা বিজয় দাস নামৰ এজন যুৱকক ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান এই যুৱকজনৰ মৃত্যু চিকিৎসকৰ গাফিলতিৰ বাবে হোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে।1
- আজিয়েই বিহপুৰীয়াৰ গ্ৰামাঞ্চলত এহাল হাতীৰ বিচৰণ দেখি কৌতূহলী জনতাই হাতীহালক বেৰি ধৰিছিল। এই সময়ত ৰাইজে হাতীহালক খাদ্যবস্তু আগবঢ়াইছিল আৰু নমস্কাৰ জনাইছিল। জনসাধাৰণৰ মাজত দুৰ্লভ হৈ পৰা এই বনৰীয়া হাতীযোৰ চৌদিশে বানপানীৰ ফলত খাদ্যৰ সন্ধানত বিহপুৰীয়াৰ আশেপাশে ভ্ৰমণ কৰি থকা দেখা গৈছে। বানপানীৰ বাবে খাদ্যৰ অভাৱে এই হাতীযোৰক এনে অৱস্থালৈ ঠেলি দিছে।3
- বিশ্বনাথ জিলাৰ গেলাপুখুৰী অঞ্চলত ২১ বছৰীয়া কল্যাণী বড়ো নামৰ এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নৰেন বড়ো আৰু ফুলেশ্বৰী বড়োৰ কনিষ্ঠা কন্যা কল্যাণী বড়ো যোৱা দেওবাৰে তিনিসুঁতিৰ পৰা আলহী খাই ঘৰলৈ উভতি অহাৰ পথৰ পৰাই সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি, আলহী খাই ঘৰলৈ ঘূৰি অহাৰ সময়ত পথ দুৰ্ঘটনা হোৱা বুলি ঘৰলৈ এটা খবৰ দিয়া হৈছিল। এই খবৰ পোৱাৰ পিছতে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈছিল যদিও, যুৱতীগৰাকীৰ কোনো সম্ভেদ বিচাৰি পোৱা নাছিল। ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে বিশ্বনাথ সদৰ আৰক্ষী থানাত তেওঁ সন্ধানহীন হোৱাৰ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে, কিন্তু বৰ্তমানলৈকে তেওঁৰ কোনো তথ্য লাভ কৰা হোৱা নাই। ইফালে, পেৰেলাইছিছ ৰোগত আক্ৰান্ত কল্যাণীৰ ৰুগ্ন পিতৃৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। এই নিৰুদ্দেশৰ ঘটনাত অতি দৰিদ্ৰ পৰিয়ালটো গভীৰ চিন্তা আৰু শংকাত ডুবি আছে। পৰিয়ালৰ লোকে জনসাধাৰণক আহ্বান জনাইছে যে যদি কোনোবাই যুৱতীগৰাকীৰ বিষয়ে কিবা তথ্য লাভ কৰে, তেন্তে ৯৯৬০১২৮২২১ নম্বৰত যোগাযোগ কৰিবলৈ।4
- নিশা ৰূপহীহাটৰ কালিস্থানত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। নম্বৰ প্লেট বিহীন তিনিখন মটৰ চাইকেলৰ তীব্ৰবেগী আৰোহীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়। ডিভাইডাৰত খুন্দা মৰাৰ পাছত আৰোহীকেইজন পথৰ ওপৰত চিটিকি পৰে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তিনিওজন আৰোহী, যাৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক ৪নং ভূৰবন্ধাৰ আশাদুল ইছলাম, ৰকিবুল ইছলাম আৰু আক্কাছ আলী বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পাছতে লাওখোৱা আবাগান অঞ্চলত একাংশ লোকে পথ অৱৰোধ কৰি পুনৰ উত্তেজনাৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।1