logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নিশা ৰূপহীহাটৰ কালিস্থানত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। নম্বৰ প্লেট বিহীন তিনিখন মটৰ চাইকেলৰ তীব্ৰবেগী আৰোহীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়। ডিভাইডাৰত খুন্দা মৰাৰ পাছত আৰোহীকেইজন পথৰ ওপৰত চিটিকি পৰে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তিনিওজন আৰোহী, যাৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক ৪নং ভূৰবন্ধাৰ আশাদুল ইছলাম, ৰকিবুল ইছলাম আৰু আক্কাছ আলী বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পাছতে লাওখোৱা আবাগান অঞ্চলত একাংশ লোকে পথ অৱৰোধ কৰি পুনৰ উত্তেজনাৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

1 hr ago
user_Daily Time
Daily Time
Newsagent ৰূপাহী, নগাঁও, অসম•
1 hr ago

নিশা ৰূপহীহাটৰ কালিস্থানত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। নম্বৰ প্লেট বিহীন তিনিখন মটৰ চাইকেলৰ তীব্ৰবেগী আৰোহীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়। ডিভাইডাৰত খুন্দা মৰাৰ পাছত আৰোহীকেইজন পথৰ ওপৰত চিটিকি পৰে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তিনিওজন আৰোহী, যাৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক ৪নং ভূৰবন্ধাৰ আশাদুল ইছলাম, ৰকিবুল ইছলাম আৰু আক্কাছ আলী বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পাছতে লাওখোৱা আবাগান অঞ্চলত একাংশ লোকে পথ অৱৰোধ কৰি পুনৰ উত্তেজনাৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

More news from অসম and nearby areas
  • দৰিদ্ৰ জনসাধাৰণক সকাহ দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী আবাস যোজনা (PMAY-G) আঁচনিক লৈ নগাঁও জিলাৰ জুৰীয়া অঞ্চলত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আঁচনিৰ অধীনত গৃহ লাভ কৰা দৰিদ্ৰ হিতাধিকাৰীৰ ঘৰৰ ‘জিঅ’ টেগ’ কৰি দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ধনদাবীৰ ঘটনাটো নগাঁও জিলাৰ বগৰিগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত চতিয়ান গাঁও পঞ্চায়তত সংঘটিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, চতিয়ান গাঁও পঞ্চায়তৰ মজিবুৰ ৰহমানৰ পত্নী ৰহিমা খাতুনৰ ১৫MD৮৮৭৬৩ (BPL ID) নম্বৰৰ বিপৰীতে প্ৰায় ছমাহ পূৰ্বে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটা গৃহ মঞ্জুৰ হৈছিল। তেওঁ গৃহ মঞ্জুৰ হোৱাৰ পিছত প্ৰথম কিস্তিৰ বাবদ ৩২,৫০০ টকা লাভ কৰিছিল আৰু উক্ত ধনেৰে ঘৰৰ ভেটি-পিৰালি পৰ্যন্ত পকী কাম সম্পন্ন কৰিছিল। নিয়ম অনুসৰি, ঘৰৰ কামৰ অগ্ৰগতি চাই দ্বিতীয় কিস্তিৰ ধন মুকলি কৰি দিবলৈ চৰকাৰী বিষয়াৰ দ্বাৰা ‘জিঅ’ টেগ’ কৰাটো অপৰিহাৰ্য। কিন্তু অভিযোগ অনুসৰি, চতিয়ান গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী জিয়াবুৰ ৰহমান আৰু পঞ্চায়তৰ একাউণ্টেণ্ট আমিনুল ইছলামে মিলি এই দৰিদ্ৰ পৰিয়ালটোক বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰি ২০,০০০ টকা ঘোচ দাবী কৰে। তেওঁলোকে স্পষ্টভাৱে জনাই দিয়ে যে যদি এই ধন নিদিয়া হয়, তেন্তে ঘৰৰ জিঅ’ টেগ কৰা নহ’ব আৰু পৰিয়ালটোৱে আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন লাভ নকৰিব। এই ধন দাবীৰ পিছত ভুক্তভোগী পৰিয়ালটোৱে জুৰীয়া আৰক্ষী থানাৰ কাষ চাপে। তেওঁলোকে সভানেত্ৰীৰ স্বামী জিয়াবুৰ ৰহমান আৰু একাউণ্টেণ্ট আমিনুল ইছলামৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এক লিখিত এজাহাৰ দাখিল কৰিছে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে এই সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য আৰু সত্যতা পোহৰলৈ আহিব।
    4
    দৰিদ্ৰ জনসাধাৰণক সকাহ দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী আবাস যোজনা (PMAY-G) আঁচনিক লৈ নগাঁও জিলাৰ জুৰীয়া অঞ্চলত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আঁচনিৰ অধীনত গৃহ লাভ কৰা দৰিদ্ৰ হিতাধিকাৰীৰ ঘৰৰ ‘জিঅ’ টেগ’ কৰি দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ধনদাবীৰ ঘটনাটো নগাঁও জিলাৰ বগৰিগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত চতিয়ান গাঁও পঞ্চায়তত সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, চতিয়ান গাঁও পঞ্চায়তৰ মজিবুৰ ৰহমানৰ পত্নী ৰহিমা খাতুনৰ ১৫MD৮৮৭৬৩ (BPL ID) নম্বৰৰ বিপৰীতে প্ৰায় ছমাহ পূৰ্বে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটা গৃহ মঞ্জুৰ হৈছিল। তেওঁ গৃহ মঞ্জুৰ হোৱাৰ পিছত প্ৰথম কিস্তিৰ বাবদ ৩২,৫০০ টকা লাভ কৰিছিল আৰু উক্ত ধনেৰে ঘৰৰ ভেটি-পিৰালি পৰ্যন্ত পকী কাম সম্পন্ন কৰিছিল। নিয়ম অনুসৰি, ঘৰৰ কামৰ অগ্ৰগতি চাই দ্বিতীয় কিস্তিৰ ধন মুকলি কৰি দিবলৈ চৰকাৰী বিষয়াৰ দ্বাৰা ‘জিঅ’ টেগ’ কৰাটো অপৰিহাৰ্য। কিন্তু অভিযোগ অনুসৰি, চতিয়ান গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী জিয়াবুৰ ৰহমান আৰু পঞ্চায়তৰ একাউণ্টেণ্ট আমিনুল ইছলামে মিলি এই দৰিদ্ৰ পৰিয়ালটোক বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰি ২০,০০০ টকা ঘোচ দাবী কৰে। তেওঁলোকে স্পষ্টভাৱে জনাই দিয়ে যে যদি এই ধন নিদিয়া হয়, তেন্তে ঘৰৰ জিঅ’ টেগ কৰা নহ’ব আৰু পৰিয়ালটোৱে আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন লাভ নকৰিব।

এই ধন দাবীৰ পিছত ভুক্তভোগী পৰিয়ালটোৱে জুৰীয়া আৰক্ষী থানাৰ কাষ চাপে। তেওঁলোকে সভানেত্ৰীৰ স্বামী জিয়াবুৰ ৰহমান আৰু একাউণ্টেণ্ট আমিনুল ইছলামৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এক লিখিত এজাহাৰ দাখিল কৰিছে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে এই সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য আৰু সত্যতা পোহৰলৈ আহিব।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    10 hrs ago
  • নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সোনাইবেৰা বাটমাৰী গাঁও পঞ্চায়তত গাঁও ৰোজগাৰ সেৱক (GRS) আব্দুল মন্নানৰ বিৰুদ্ধে অলপতে সংবাদ মাধ্যমত প্ৰচাৰিত দুৰ্নীতিৰ বাতৰিক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ স্থানীয় ৰাইজে আজি সংবাদ মাধ্যমৰ সন্মুখত এই সমগ্ৰ অভিযোগক একমুখে নাকচ কৰি ইয়াক সম্পূৰ্ণ ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত আখ্যা দিছে। উল্লেখ্য যে, তিনিগৰাকী স্থানীয় লোকে জিআৰএছ আব্দুল মন্নান আৰু একাংশ ৱাৰ্ড সদস্যৰ স্বামীৰ বিৰুদ্ধে চৰকাৰী ধনৰ খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল, যাৰ পিছতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল। এই সন্দৰ্ভত স্পষ্টীকৰণ দি ৰাইজে কয় যে, জিআৰএছ আব্দুল মন্নানৰ বিৰুদ্ধে প্ৰচাৰ কৰা দুৰ্নীতিৰ বাতৰিত কোনো সত্যতা নাই। তেওঁলোকে অভিযোগ কৰে যে, একাংশ কুচক্ৰী লোকে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিব নোৱাৰি এইদৰে মিছা আৰু ভুৱা বাতৰি প্ৰচাৰ কৰিছে। ৰাইজৰ মতে, আব্দুল মন্নানে পঞ্চায়তখনত স্বচ্ছতাৰে কাম কৰি আহিছে আৰু তেওঁৰ দৰে এজন কৰ্তব্যপৰায়ণ বিষয়াক জনচক্ষুত হেয় প্ৰতিপন্ন কৰিবলৈহে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। ধনৰ খেলিমেলিৰ অভিযোগ অনা তিনিগৰাকী লোকৰ দাবী ভিত্তিহীন বুলি অভিহিত কৰি একাংশ ৰাইজে এতিয়া জিআৰএছ আব্দুল মন্নান আৰু ৱাৰ্ড সদস্যৰ স্বামীৰ পক্ষত থিয় দিছে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চৰ্চা লাভ কৰিছে।
    1
    নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সোনাইবেৰা বাটমাৰী গাঁও পঞ্চায়তত গাঁও ৰোজগাৰ সেৱক (GRS) আব্দুল মন্নানৰ বিৰুদ্ধে অলপতে সংবাদ মাধ্যমত প্ৰচাৰিত দুৰ্নীতিৰ বাতৰিক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ স্থানীয় ৰাইজে আজি সংবাদ মাধ্যমৰ সন্মুখত এই সমগ্ৰ অভিযোগক একমুখে নাকচ কৰি ইয়াক সম্পূৰ্ণ ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত আখ্যা দিছে। উল্লেখ্য যে, তিনিগৰাকী স্থানীয় লোকে জিআৰএছ আব্দুল মন্নান আৰু একাংশ ৱাৰ্ড সদস্যৰ স্বামীৰ বিৰুদ্ধে চৰকাৰী ধনৰ খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল, যাৰ পিছতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল।

এই সন্দৰ্ভত স্পষ্টীকৰণ দি ৰাইজে কয় যে, জিআৰএছ আব্দুল মন্নানৰ বিৰুদ্ধে প্ৰচাৰ কৰা দুৰ্নীতিৰ বাতৰিত কোনো সত্যতা নাই। তেওঁলোকে অভিযোগ কৰে যে, একাংশ কুচক্ৰী লোকে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিব নোৱাৰি এইদৰে মিছা আৰু ভুৱা বাতৰি প্ৰচাৰ কৰিছে। ৰাইজৰ মতে, আব্দুল মন্নানে পঞ্চায়তখনত স্বচ্ছতাৰে কাম কৰি আহিছে আৰু তেওঁৰ দৰে এজন কৰ্তব্যপৰায়ণ বিষয়াক জনচক্ষুত হেয় প্ৰতিপন্ন কৰিবলৈহে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।

ধনৰ খেলিমেলিৰ অভিযোগ অনা তিনিগৰাকী লোকৰ দাবী ভিত্তিহীন বুলি অভিহিত কৰি একাংশ ৰাইজে এতিয়া জিআৰএছ আব্দুল মন্নান আৰু ৱাৰ্ড সদস্যৰ স্বামীৰ পক্ষত থিয় দিছে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চৰ্চা লাভ কৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    11 hrs ago
  • তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে এক সু-খবৰ আহিছে, কিয়নো মহাবিদ্যালয়খনে NABH ৰ স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতি লাভৰ ফলত চিকিৎসা মহাবিদ্যালয়খনত আনন্দৰ সৃষ্টি হৈছে।
    1
    তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে এক সু-খবৰ আহিছে, কিয়নো মহাবিদ্যালয়খনে NABH ৰ স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতি লাভৰ ফলত চিকিৎসা মহাবিদ্যালয়খনত আনন্দৰ সৃষ্টি হৈছে।
    user_Dedu
    Dedu
    Content Creator (YouTuber) তেজপুৰ, শোণিতপুৰ, অসম•
    9 hrs ago
  • ধূপগুৰিত অঙ্গনাৱাড়ী কেন্দ্ৰৰ মডেল গৃহ নিৰ্মাণৰ ক্ষেত্ৰত এক ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
    1
    ধূপগুৰিত অঙ্গনাৱাড়ী কেন্দ্ৰৰ মডেল গৃহ নিৰ্মাণৰ ক্ষেত্ৰত এক ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    17 hrs ago
  • ৰহিম ৰাজৰ কণ্ঠক অত্যন্ত সুন্দৰ বুলি গভীৰ প্ৰশংসা ব্যক্ত কৰা হৈছে। তেওঁৰ সুমধুৰ কণ্ঠৰ বাবে অশেষ ভালপোৱা আৰু উচ্ছ্বাস প্ৰকাশ কৰা হৈছে।
    1
    ৰহিম ৰাজৰ কণ্ঠক অত্যন্ত সুন্দৰ বুলি গভীৰ প্ৰশংসা ব্যক্ত কৰা হৈছে। তেওঁৰ সুমধুৰ কণ্ঠৰ বাবে অশেষ ভালপোৱা আৰু উচ্ছ্বাস প্ৰকাশ কৰা হৈছে।
    user_Tufassir Ahmed
    Tufassir Ahmed
    লাহৰিঘাট, মৰিগাঁও, অসম•
    12 hrs ago
  • তেজপুৰৰ ডিপোটা নদীৰ পাৰত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেজপুৰৰ ডিপোটা হাইস্কুলৰ ছাত্ৰ জোনাক জ্যোতি মহন্ত কালি পুৱাৰে পৰা সন্ধানহীন হৈ আছিল। কিন্তু আজি পুৱা বেচেৰিয়াৰ ডিপোটা নদীৰ পাৰৰ আৰিমৰাত তেওঁৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হয়। উদ্ধাৰ হোৱা মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্টকৈ দেখা গৈছে। এই সন্দৰ্ভত বেবেজীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
    1
    তেজপুৰৰ ডিপোটা নদীৰ পাৰত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেজপুৰৰ ডিপোটা হাইস্কুলৰ ছাত্ৰ জোনাক জ্যোতি মহন্ত কালি পুৱাৰে পৰা সন্ধানহীন হৈ আছিল। কিন্তু আজি পুৱা বেচেৰিয়াৰ ডিপোটা নদীৰ পাৰৰ আৰিমৰাত তেওঁৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হয়।

উদ্ধাৰ হোৱা মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্টকৈ দেখা গৈছে। এই সন্দৰ্ভত বেবেজীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
    user_Dedu
    Dedu
    Content Creator (YouTuber) তেজপুৰ, শোণিতপুৰ, অসম•
    12 hrs ago
  • নিশা ৰূপহীহাটৰ কালিস্থানত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। নম্বৰ প্লেট বিহীন তিনিখন মটৰ চাইকেলৰ তীব্ৰবেগী আৰোহীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়। ডিভাইডাৰত খুন্দা মৰাৰ পাছত আৰোহীকেইজন পথৰ ওপৰত চিটিকি পৰে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তিনিওজন আৰোহী, যাৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক ৪নং ভূৰবন্ধাৰ আশাদুল ইছলাম, ৰকিবুল ইছলাম আৰু আক্কাছ আলী বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পাছতে লাওখোৱা আবাগান অঞ্চলত একাংশ লোকে পথ অৱৰোধ কৰি পুনৰ উত্তেজনাৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
    1
    নিশা ৰূপহীহাটৰ কালিস্থানত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। নম্বৰ প্লেট বিহীন তিনিখন মটৰ চাইকেলৰ তীব্ৰবেগী আৰোহীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়।

ডিভাইডাৰত খুন্দা মৰাৰ পাছত আৰোহীকেইজন পথৰ ওপৰত চিটিকি পৰে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তিনিওজন আৰোহী, যাৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক ৪নং ভূৰবন্ধাৰ আশাদুল ইছলাম, ৰকিবুল ইছলাম আৰু আক্কাছ আলী বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাৰ পাছতে লাওখোৱা আবাগান অঞ্চলত একাংশ লোকে পথ অৱৰোধ কৰি পুনৰ উত্তেজনাৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.