Shuru
Apke Nagar Ki App…
নিলম্বন পত্ৰ বাতিল হোৱাৰ পাছতে সংবাদমেল পাতি গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক ধন্যবাদ কংগ্ৰেছ কৰ্মী সকলৰ । কিছুদিন পুৰ্বেই প্ৰদেশ কংগ্ৰেছৰ অনুমতি অবিহনে নিজ ইচ্ছা মতে ৪৫ জন কংগ্ৰেছ কৰ্মীক নিলম্বন কৰিছিল। তাৰ পাছতে প্ৰদেশ কংগ্ৰেছে সেই নিলম্বনৰ পত্ৰ গ্ৰহণ নকৰি জিলা কমিটিক সকিয়নী দি শীঘ্ৰেই পত্ৰ উঠাই লৈ নিলম্বীত কংগ্ৰেছ কৰ্মী সকলক বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে । গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ তৎপৰতাত নিলম্বন পত্ৰখন বাতিল কৰা হয়। পত্ৰখন বাতিল কৰাৰ পাছতে ধুবুৰী ৰাজীৱ ভৱনত সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনক ধন্যবাদ জনাই কংগ্ৰেছ কৰ্মী সকলে। ইপিনে সংবাদমেলখনত জিলা সভানেত্ৰীৰ বিৰুদ্ধে এটাৰ এটা মন্তব্য কৰা দেখা যায় ।
North East Bulletin
নিলম্বন পত্ৰ বাতিল হোৱাৰ পাছতে সংবাদমেল পাতি গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক ধন্যবাদ কংগ্ৰেছ কৰ্মী সকলৰ । কিছুদিন পুৰ্বেই প্ৰদেশ কংগ্ৰেছৰ অনুমতি অবিহনে নিজ ইচ্ছা মতে ৪৫ জন কংগ্ৰেছ কৰ্মীক নিলম্বন কৰিছিল। তাৰ পাছতে প্ৰদেশ কংগ্ৰেছে সেই নিলম্বনৰ পত্ৰ গ্ৰহণ নকৰি জিলা কমিটিক সকিয়নী দি শীঘ্ৰেই পত্ৰ উঠাই লৈ নিলম্বীত কংগ্ৰেছ কৰ্মী সকলক বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে । গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ তৎপৰতাত নিলম্বন পত্ৰখন বাতিল কৰা হয়। পত্ৰখন বাতিল কৰাৰ পাছতে ধুবুৰী ৰাজীৱ ভৱনত সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনক ধন্যবাদ জনাই কংগ্ৰেছ কৰ্মী সকলে। ইপিনে সংবাদমেলখনত জিলা সভানেত্ৰীৰ বিৰুদ্ধে এটাৰ এটা মন্তব্য কৰা দেখা যায় ।
More news from অসম and nearby areas
- আজি কালি আমাৰ গাওঁ অঞ্চলত মোবাইল গেম খেলি পৰা শুনা শেষ কৰিলে। এই ফিৰিফেয়াৰ গেম খেলি সময় নষ্ট কৰিব ধৰিছে1
- যুৱক জন বিলাসীপাৰা কাঠালদি দ্বিতীয় খণ্ড গাঁৱৰ ৰফিকুল ইছলাম ওৰফে ৰফিক বুলি জানিব পৰা গৈছে। নিজৰ ফেচবুক একাউণ্টত তথা সামাজিক মাধ্যমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এ আই মাধ্যমে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত বিকৃত ৰূপ দিয়ে। লগতে অসমৰ মুখ্যমন্ত্ৰীক বিকৃত ৰূপ দিয়ে ৰফিকুল ইছলাম নামৰ যুৱকজন। ৰফিকুল ইছলাম ৰফিক নামৰ যুৱকজনৰ এনে কৰ্মকাণ্ডই বিলাসীপাৰাৰ বিজেপিৰ কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিলাসীপাৰা বিজেপি কৰ্মীৰ এজাহাৰ ভিত্তিত ৰফিকুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।1
- ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:২৮ এপ্ৰিল সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলা ত আজি উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। ধুবুৰী বিখ্যাত ভোলানাথ মহাবিদ্যালয় ত অনুষ্ঠিত উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল যথেষ্ট আশাব্যঞ্জক। এইবাৰ বিজ্ঞান বিভাগত ৮০.৭৭ শতাংশ, আৰু কলা বিভাগত ৬৮ শতাংশ উত্তীৰ্ণ হয়। প্ৰনৱাশীষ ৰয় ধুবুৰী1
- কণ্টেণ্ট ক্ৰিয়েটৰ ভাস্কৰ দত্তই ধুবুৰী চহৰৰ নেতাই ধুবুনী পাৰঘাট থিয় হৈ কুন্তিৰচৰক বাংলাদেশ কোৱা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ধুবুৰী যুৱ সমাজে। অসমৰ ভৌগোলিক সীমাৰেখাৰ সাধাৰণ জ্ঞান নথকা কণ্টেণ্ট ক্ৰিয়েটৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে ওলাই আহিছে যুৱ সমাজ। যুৱ সমাজে ভাস্কৰ দত্তৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ধুবুৰী আৰক্ষীক অতি সোনকালে কণ্টেণ্ট ক্ৰিয়েটৰ ভাস্কৰ দত্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় । যদি আৰক্ষীয়ে কণ্টেণ্ট ক্ৰিয়েটৰ ভাস্কৰ দত্তক গ্ৰেপ্তাৰ নকৰে তেনেহলে ধুবুৰী যুৱ সমাজে আন্দোলন কৰিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে।1
- ধুবুৰী শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত উৎফুল্লিত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী। বিজ্ঞান শাখাত এশ শতাংশ উত্তীৰ্ণ। ক'লা শাখাত ৯১.৩৪ শতাংশ উত্তীৰ্ণ। বিজ্ঞান শাখাত ৮১ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে ৭২ গৰাকীয়ে ষ্টাৰ মাৰ্ক পোৱাৰ বিপৰীতে এশ শতাংশই লাভ কৰে প্ৰথম বিভাগ। ক'লা শাখাতো ৯১.৩৪ শতাংশ উত্তীৰ্ণ। ১০৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫৪ গৰাকীয়ে প্ৰথম বিভাগ, দ্বিতীয় বিভাগত লাভ কৰে ৩০ গৰাকী আৰু ১১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ১০৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৪ গৰাকীয়ে লাভ কৰিছে লেটাৰ মাৰ্ক।1
- প্ৰতিকূল বতৰৰ বাবে গোলোকগঞ্জৰ লক্ষীমাৰী বেষমা এইবাৰ পূৰ্বে নিৰ্ধাৰিত ২৯ আৰু ৩০ এপ্ৰিলৰ পৰিবৰ্তে অহা ৭ আৰু ৮ মে’ তাৰিখত অনুষ্ঠিত হ’ব। এই কথা জনালে গাইখোৱা লক্ষীমাৰী বেষমা উদযাপন সমিতিৰ সভাপতি প্ৰৱীণ কুমাৰ ৰায়ে। তেওঁ কয় যে বেষমা উৎসৱ কোচ ৰাজবংশী জনজাতিৰ এক গুৰুত্বপূৰ্ণ ঐতিহ্যবাহী অনুষ্ঠান, যিয়ে সমাজৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাক প্ৰতিফলিত কৰে। নতুনকৈ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, ৭ মে’ তাৰিখে সূৱচনী পূজা,বেষমা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, মাল্যাৰ্পণ আদি বিভিন্ন অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। আনহাতে, ৮ মে’ তাৰিখে অনুষ্ঠিত হ’ব প্ৰতিযোগিতামূলক অনুষ্ঠানসমূহ, মুকলি সভাৰ উদ্বোধন আদি কাৰ্যসূচী। ইয়াৰ লগতে সাংস্কৃতিক সন্ধিয়া এইবাৰৰ অন্যতম আকৰ্ষণ হ’ব, য’ত শিলিগুৰিৰ পৰা আগমন কৰিব জনপ্ৰিয় শিল্পী মিচ পম্পা সিংহ। উদযাপন সমিতিৰ সভাপতিয়ে অঞ্চলবাসীক এই দুয়োটা দিনত উপস্থিত থাকি উৎসৱখন সফল কৰি তুলিবলৈ সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। লগতে আগন্তুক দিনত এই উৎসৱ অধিক বৃহৎ পৰিসৰত উদযাপন কৰাৰ আশাও প্ৰকাশ কৰে।1
- sapatgram balapara is a very very danjar men with this my kaka1
- ধুবুৰী জিলাৰ ফুলবাৰী গাঁৱত অৱস্থিত হৈ বাংলাদেশী কৈছিল ফলিমাৰী গাওঁ পঞ্চায়তৰ অন্তর্গত কুন্তীৰচৰ যে বাংলাদেশ নহায় সেয়া ধুবুৰী জিলা প্রশাসনে অৱগত। কিন্তু এইজন ব্যক্তিয়ে কুন্তীৰচৰক বাংলাদেশ বুলি পৰিচয় দিয়া ধুবুৰী প্ৰশাসনক অপমান কৰিছে নে নাই।1