Shuru
Apke Nagar Ki App…
গাংটকৰ এজন ব্যৱহাৰকাৰীয়ে 'জয় শ্ৰী ৰাম' ধ্বনি আৰু ভক্তিমূলক চিহ্ন থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোৱে সামাজিক মাধ্যমত ধৰ্মীয় আৱেগ আৰু ভক্তিৰ অনুভৱ প্ৰকাশ কৰিছে।
Sujan Sarkar
গাংটকৰ এজন ব্যৱহাৰকাৰীয়ে 'জয় শ্ৰী ৰাম' ধ্বনি আৰু ভক্তিমূলক চিহ্ন থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোৱে সামাজিক মাধ্যমত ধৰ্মীয় আৱেগ আৰু ভক্তিৰ অনুভৱ প্ৰকাশ কৰিছে।
More news from অসম and nearby areas
- আজি ৰঙিয়াৰ বটাকুছিত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ৰঙিয়া জিলা সমিতিৰ ২৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। পুৱা ৰঙিয়া জিলা সমিতিৰ সভাপতি ৰমণী ৰাজবংশীয়ে সন্মিলনীৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অধিৱেশন উপলক্ষে বিয়লি অনুষ্ঠিত মুকলি সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰণাদিত্য বৰ্মণে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰমণী ৰাজবংশীৰ সভাপতিত্বত আয়োজিত এই সভাত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি হিৰণ্য ৰাজবংশীয়ে শুভ উদ্বোধন কৰে। এই সভাতেই ৰণাদিত্য বৰ্মণে গৌতম কুমাৰ দাস ৰচিত "বিশ্ব মহাবীৰ চিলাৰায়" শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে, যিখন কমলপুৰ আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ হৈ সভাপতি ব্ৰজেন্দ্ৰ দেৱমোহন শৰ্মাই প্ৰকাশ কৰিছে। এই সভাত ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ অন্তৰ্গত ১৩ খন আঞ্চলিকৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সভাত খগেন্দ্ৰজিত ঠাকুৰীয়া, বিজুলী ৰাজবংশী আৰু হেমেন দাসকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। অধিৱেশন উপলক্ষে ২৭ খন ধ্বজা উত্তোলন আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।2
- আজি ছয়গাঁৱত লোক সংস্কৃতিৰ সাধক সুকুমাৰ মেধিৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই সভাত সুকুমাৰ মেধীক মৰম কৰা হাজাৰ হাজাৰ লোকে তেওঁৰ ভূয়সী প্ৰশংসাৰে উপচাই পেলায়। বিধায়ক হিমাংশু শেখৰ বৈশ্যই সুকুমাৰ মেধিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ স্থায়ীভাৱে বিশেষ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে।1
- মীন বিভাগৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত চিআইডিৰ অভিযান চলোৱা হৈছে। এই সন্দৰ্ভত মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত নিশা চিআইডিৰ এটা দলে অভিযান চলায়। নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত হিচাপে চিহ্নিত বিধায়ক ৰমাকান্ত দেউৰীক চিআইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ চমন জাৰি কৰা হৈছে।1
- অসম বিধানসভাত ইউনিফৰ্ম চিভিল কোড (UCC) গৃহীত হোৱাৰ পাছত বিধায়ক দিগন্ত কলিতাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।1
- Post by Amir1
- মৰিগাঁও জিলাৰ লেংৰিবৰী গাঁৱত এটা পথক কেন্দ্ৰ কৰি সংঘটিত এক ভয়ংকৰ মাৰপিটৰ ঘটনাত কেইবাজনো লোক আহত হৈছে। অভিযোগ অনুসৰি, লেংৰিবৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী মফিদুল ইছলামে ক্ষমতাই মূৰত ধৰি ১০-১২ জনীয়া গুণ্ডা বাহিনী লৈ মহিলাসহ কেইবাজনো লোকক আক্ৰমণ কৰি মাৰপিট কৰে। এই আক্ৰমণত নুৰ মিয়া, আৰজুৱাৰা বেগম আৰু অন্যান্যকে ধৰি কেইবাজনো লোক আহত হয়। আহতসকলৰ ভিতৰত নুৰ মিয়াৰ অৱস্থা অতি গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক ইতিমধ্যে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। ভুক্তভোগীসকলে মৈৰাবাৰী আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। এজাহাৰত মফিদুল ইছলামৰ লগতে ৰেকিব, মাজাহাৰুল, ফাৰুক, ছাদিক আৰু অন্যান্য গুণ্ডা বাহিনীৰ সদস্যসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।1
- ঢেকীয়াজুলিৰ জুবিন প্ৰেক্ষাগৃহত ঢেকীয়াজুলি নাগৰিক মঞ্চই মন্ত্ৰী অশোক সিংহলক এক সম্বৰ্ধনা জ্ঞাপন কৰে।1
- নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ন-পাৰা পামত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত পামত থকা ছাগলী, গো-ধন আৰু ধান আদি ভস্মীভূত হয়।1