logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলিৰ পৰা এগৰাকী মহিলা চাৰিদিন ধৰি সন্ধানহীন হৈ আছে। হিন্দু মাজ গাঁও (বৰাইক চুক) ৰ পাপু বৰাৰ পত্নী, দুই সন্তানৰ মাতৃ ভনি বৰা নামৰ মহিলাগৰাকী ২৮ তাৰিখে লখিমপুৰ সদৰলৈ কাম কৰিবলৈ ওলাই গৈছিল আৰু তাৰ পিছৰ পৰা আজিলৈকে তেওঁৰ কোনো সন্ধান পোৱা নাই। ইতিমধ্যে নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ স্বামীয়ে বগীনদী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান নোপোৱাত, যদি কোনো লোকে ভনি বৰাক দেখে, তেন্তে 6901400491 নম্বৰত ফোন কৰি জনাবলৈ স্বামীয়ে বিনম্ৰ আহ্বান জনাইছে।

1 hr ago
user_Bhuban Gautam
Bhuban Gautam
Farmer কদম, লখিমপুৰ, অসম•
1 hr ago
45275b4a-99dd-4dac-9839-b97a91b8c796
481b9cd4-5b67-40e3-ba17-0a249311d390

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলিৰ পৰা এগৰাকী মহিলা চাৰিদিন ধৰি সন্ধানহীন হৈ আছে। হিন্দু মাজ গাঁও (বৰাইক চুক) ৰ পাপু বৰাৰ পত্নী, দুই সন্তানৰ মাতৃ ভনি বৰা নামৰ মহিলাগৰাকী ২৮ তাৰিখে লখিমপুৰ সদৰলৈ কাম কৰিবলৈ ওলাই গৈছিল আৰু তাৰ পিছৰ পৰা আজিলৈকে তেওঁৰ কোনো সন্ধান পোৱা নাই। ইতিমধ্যে নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ স্বামীয়ে বগীনদী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান নোপোৱাত, যদি কোনো লোকে ভনি বৰাক দেখে, তেন্তে 6901400491 নম্বৰত ফোন কৰি জনাবলৈ স্বামীয়ে বিনম্ৰ আহ্বান জনাইছে।

More news from অসম and nearby areas
  • লখিমপুৰ জিলাৰ কাটৰি চাপৰি ধনপুৰ গাঁৱত পুনৰ নিৰ্মিত নামঘৰৰ শুভ উন্মোচন কৰা হয়। এই পবিত্ৰ অনুষ্ঠানত আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে।
    1
    লখিমপুৰ জিলাৰ কাটৰি চাপৰি ধনপুৰ গাঁৱত পুনৰ নিৰ্মিত নামঘৰৰ শুভ উন্মোচন কৰা হয়। এই পবিত্ৰ অনুষ্ঠানত আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    17 hrs ago
  • বিশাল মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত এটা অগ্নিকাণ্ড সংঘটিত হৈছে।
    1
    বিশাল মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত এটা অগ্নিকাণ্ড সংঘটিত হৈছে।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    21 hrs ago
  • ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকা সমাজ বিৰোধী কামৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছে। তেওঁ এনে কাৰ্যকলাপৰ বিৰোধিতা কৰি তৎপৰতাৰে কাম কৰি আছে।
    1
    ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকা সমাজ বিৰোধী কামৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছে। তেওঁ এনে কাৰ্যকলাপৰ বিৰোধিতা কৰি তৎপৰতাৰে কাম কৰি আছে।
    user_পুৰন্দৰ গগৈ
    পুৰন্দৰ গগৈ
    Graphic designer ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    22 hrs ago
  • ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা অতি শোচনীয় হোৱাৰ ফলত এক গুৰুত্বপূৰ্ণ আঁচনি বন্ধ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰা বিনামূলীয়া ৰেচন সামগ্ৰী বিতৰণ আঁচনিখন পুঁজিৰ অভাৱত অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে। এই সিদ্ধান্তই চৰকাৰৰ পয়ালগা বিত্তীয় অৱস্থা পুনৰ উদঙাই দিছে।
    1
    ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা অতি শোচনীয় হোৱাৰ ফলত এক গুৰুত্বপূৰ্ণ আঁচনি বন্ধ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰা বিনামূলীয়া ৰেচন সামগ্ৰী বিতৰণ আঁচনিখন পুঁজিৰ অভাৱত অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে। এই সিদ্ধান্তই চৰকাৰৰ পয়ালগা বিত্তীয় অৱস্থা পুনৰ উদঙাই দিছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    22 hrs ago
  • শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু শিৱসাগৰ জিলা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। যোৱা ২৯ মে' তাৰিখে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বিশ্ব ধঁপাত বিৰোধী দিৱস' উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাখনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু ইয়াক অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ শিৱসাগৰ জিলাৰ সমন্বয়ক হিলাত্ৰী বৰুৱায়ে পৰিচালনা তথা আঁত ধৰে। সভাত বিশিষ্ট চিকিৎসক ডাঃ বিশ্বজিৎ চমুৱাই ধঁপাত সেৱনৰ ভয়াৱহতা আৰু ইয়াৰ ফলত হ’ব পৰা বিভিন্ন মাৰাত্মক বেমাৰৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিমূলক বক্তৃতা প্ৰদান কৰে। দিৱসটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক পোষ্টাৰ মেকিং আৰু চাৰপ্ৰাইজ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জনোৱা অনুসৰি, ৩০ মে' তাৰিখে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা শিৱসাগৰ বিশ্ববিদ্যালয়লৈকে এক সজাগতা সমদল উলিওৱা হয়। লগতে, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সমীপৰ জয়সাগৰ তিনিআলিত শিৱসাগৰ নাৰ্ছিং স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন’ডেল বিষয়া ডাঃ দিপামণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও লোকে এই সমদলত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই যুৱ প্ৰজন্মক ধঁপাতৰ কবলৰ পৰা মুক্ত হৈ থাকিবলৈ আহ্বান জনায়।
    4
    শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু শিৱসাগৰ জিলা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়।

যোৱা ২৯ মে' তাৰিখে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বিশ্ব ধঁপাত বিৰোধী দিৱস' উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাখনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু ইয়াক অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ শিৱসাগৰ জিলাৰ সমন্বয়ক হিলাত্ৰী বৰুৱায়ে পৰিচালনা তথা আঁত ধৰে। সভাত বিশিষ্ট চিকিৎসক ডাঃ বিশ্বজিৎ চমুৱাই ধঁপাত সেৱনৰ ভয়াৱহতা আৰু ইয়াৰ ফলত হ’ব পৰা বিভিন্ন মাৰাত্মক বেমাৰৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিমূলক বক্তৃতা প্ৰদান কৰে। দিৱসটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক পোষ্টাৰ মেকিং আৰু চাৰপ্ৰাইজ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জনোৱা অনুসৰি, ৩০ মে' তাৰিখে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা শিৱসাগৰ বিশ্ববিদ্যালয়লৈকে এক সজাগতা সমদল উলিওৱা হয়। লগতে, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সমীপৰ জয়সাগৰ তিনিআলিত শিৱসাগৰ নাৰ্ছিং স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন’ডেল বিষয়া ডাঃ দিপামণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও লোকে এই সমদলত অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ জৰিয়তে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই যুৱ প্ৰজন্মক ধঁপাতৰ কবলৰ পৰা মুক্ত হৈ থাকিবলৈ আহ্বান জনায়।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    1 hr ago
  • আজি শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান 'বিশাল মেগা মাৰ্ট'ত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে, বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। অৱশ্যে, মেগা মাৰ্টখনৰ ওপৰৰ মহলাত খিৰিকি নথকাৰ বাবে ভিতৰত ডাঠ ক'লা ধোঁৱা জমা হৈছিল, যাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে জুই নুমুওৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সমগ্ৰ অট্টালিকাটো ধোঁৱাই আৱৰি ধৰাৰ ফলত, অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে, শিৱসাগৰ জিলা আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিশেষ সঁজুলিৰ সহায়ত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ বাবে আপ্রাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সংবাদ প্ৰেৰণ কৰা পৰলৈকে অগ্নিকাণ্ডৰ এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা যোৱা নাই।
    3
    আজি শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান 'বিশাল মেগা মাৰ্ট'ত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে, বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। অৱশ্যে, মেগা মাৰ্টখনৰ ওপৰৰ মহলাত খিৰিকি নথকাৰ বাবে ভিতৰত ডাঠ ক'লা ধোঁৱা জমা হৈছিল, যাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে জুই নুমুওৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সমগ্ৰ অট্টালিকাটো ধোঁৱাই আৱৰি ধৰাৰ ফলত, অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে, শিৱসাগৰ জিলা আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিশেষ সঁজুলিৰ সহায়ত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ বাবে আপ্রাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সংবাদ প্ৰেৰণ কৰা পৰলৈকে অগ্নিকাণ্ডৰ এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা যোৱা নাই।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    21 hrs ago
  • শিৱসাগৰ ষ্টেচন চাৰিআলি এ টি ৰোডৰ কাষত অৱস্থিত বিশাল মেগা মাৰ্টত এক অগ্নিকাণ্ড সংঘটিত হৈছে। চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত জুই লগাৰ ফলত সমগ্ৰ বিশাল মেগা মাৰ্ট ক'লা ধোঁৱাই আৱৰি ধৰিছে। অগ্নি নিৰ্বাপনৰ বাবে ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈছিল। দ্বিতীয় মহলাত এখনো খিৰিকি নথকাৰ বাবে জুই নুমুৱাত অগ্নিনিৰ্বাপক বাহিনীয়ে অসুবিধাৰ সন্মুখীন হৈছিল। বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আনি নুমুওৱা হৈছে যদিও, ক'লা ধোঁৱা ভৰি থকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পিন্ধিহে ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে। এই সংবাদ প্ৰেৰণ কৰাৰ সময়লৈকে কোনো হতাহতৰ খবৰ পোৱা নাই। ঘটনাস্থলীত শিৱসাগৰ আৰক্ষীও উপস্থিত আছে।
    1
    শিৱসাগৰ ষ্টেচন চাৰিআলি এ টি ৰোডৰ কাষত অৱস্থিত বিশাল মেগা মাৰ্টত এক অগ্নিকাণ্ড সংঘটিত হৈছে। চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত জুই লগাৰ ফলত সমগ্ৰ বিশাল মেগা মাৰ্ট ক'লা ধোঁৱাই আৱৰি ধৰিছে। অগ্নি নিৰ্বাপনৰ বাবে ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈছিল। দ্বিতীয় মহলাত এখনো খিৰিকি নথকাৰ বাবে জুই নুমুৱাত অগ্নিনিৰ্বাপক বাহিনীয়ে অসুবিধাৰ সন্মুখীন হৈছিল। বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আনি নুমুওৱা হৈছে যদিও, ক'লা ধোঁৱা ভৰি থকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পিন্ধিহে ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে। এই সংবাদ প্ৰেৰণ কৰাৰ সময়লৈকে কোনো হতাহতৰ খবৰ পোৱা নাই। ঘটনাস্থলীত শিৱসাগৰ আৰক্ষীও উপস্থিত আছে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    22 hrs ago
  • ৰঙানদীৰ বিধায়ক ঋষিৰাজ হাজৰিকাই এইবাৰ কেৱল কথাৰে নহয়, বৰং নিজৰ কামেৰেহে পৰিচয় দিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে। তেওঁ সম্প্ৰতি 'এক্সন মোডত' আছে বুলিও উল্লেখ কৰা হৈছে।
    1
    ৰঙানদীৰ বিধায়ক ঋষিৰাজ হাজৰিকাই এইবাৰ কেৱল কথাৰে নহয়, বৰং নিজৰ কামেৰেহে পৰিচয় দিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে। তেওঁ সম্প্ৰতি 'এক্সন মোডত' আছে বুলিও উল্লেখ কৰা হৈছে।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.