Shuru
Apke Nagar Ki App…
লালুকৰ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙানদী মণ্ডলৰ নাওবৈচা গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথি উপলক্ষে মণ্ডল পৰ্য্যায়ত “বলিদান দিৱস” উদযাপন কৰা হৈছে। ৰঙানদী মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মণ্ডলৰ কৰ্মীসকলৰ লগতে শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱন বৃত্তান্ত ৰাইজক সবিস্তাৰে অৱগত কৰা হয়।
মনোজ বৰপাত্ৰ গোহাঁই
লালুকৰ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙানদী মণ্ডলৰ নাওবৈচা গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথি উপলক্ষে মণ্ডল পৰ্য্যায়ত “বলিদান দিৱস” উদযাপন কৰা হৈছে। ৰঙানদী মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মণ্ডলৰ কৰ্মীসকলৰ লগতে শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱন বৃত্তান্ত ৰাইজক সবিস্তাৰে অৱগত কৰা হয়।
More news from অসম and nearby areas
- ৰাজ্যত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP) ৰূপায়ণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অচলাৱস্থা সন্দৰ্ভত আজি শিক্ষামন্ত্ৰীৰ সৈতে সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত 'আছু'ৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ছাত্ৰ সন্থাই অভিযোগ কৰিছে যে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু শিক্ষক অবিহনে এই পাঠ্যক্ৰম আৰম্ভ কৰাৰ ফলত লাখ লাখ শিক্ষাৰ্থীয়ে চৰম বিভ্ৰাটৰ সন্মুখীন হ'বলগীয়া হৈছে। আলোচনাত 'আছু'ৱে কলেজসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু খালী হৈ থকা অধ্যাপকৰ পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে এই সমস্যাসমূহ গুৰুত্বসহকাৰে লৈ অতি সোনকালে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ প্ৰতি সঁহাৰি জনাই ছাত্ৰ সন্থাই স্পষ্ট কৰি দিয়ে যে যদি চৰকাৰে জৰুৰী পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে ছাত্ৰ সমাজে এক তীব্ৰ আন্দোলন গঢ়ি তুলিব।1
- সৰুপথাৰ সমজিলাৰ সৰু ছেৱাগুৰীত এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হৈছে। সৰু ছেৱাগুৰীৰ নিৱাসী প্ৰবীন মালাৰৰ পত্নী উৰ্মিলা মালাৰ (৪৫) ক তেওঁৰ সম্বন্ধীয় বৰজনাক ৰবেট তাঁতীয়ে চোকা অস্ত্ৰেৰে হানি-খুচি হত্যা কৰে।1
- গোলাঘাট জিলাৰ সৰুপথাৰৰ ছেৱাগুৰি অঞ্চলত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। এক চাঞ্চল্যকৰ খবৰ অনুসৰি, এই ঘটনাত শাহুৱেকে নিজৰ বোৱাৰীয়েকক কাটি হত্যা কৰিছে। এই ঘটনাই সমগ্ৰ সৰুপথাৰ অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।1
- চৰাইদেউ জিলাৰ ৰতনপুৰ চাহ বাগিচাৰ ফেক্টৰীটো মঙলবাৰে স্থানীয় প্ৰশাসনৰ উপস্থিতিত কানাড়া বেংক কৰ্তৃপক্ষই ছীল কৰি দিয়ে। বাগিচা কৰ্তৃপক্ষই কানাড়া বেংকৰ পৰা লোৱা কেইবা লক্ষাধিক টকাৰ ঋণ পৰিশোধ নকৰাৰ বাবে এই পদক্ষেপ লোৱা হয়। উল্লেখ্য যে, ফেক্টৰীটো ২০২৫ চনৰ নৱেম্বৰ মাহৰপৰা বন্ধ হৈ আছিল। ফেক্টৰীত কৰ্মৰত শ্ৰমিকসকলক পাৰিশ্ৰমিক নিদিয়াকৈ বাগিচাখনৰ স্বত্বাধিকাৰী ডেনিছ কুকুৰাচোৱা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছিল, যাৰ ফলত বহু শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াল আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। দীৰ্ঘদিন ধৰি ঋণ পৰিশোধ নোহোৱাত বেংক কৰ্তৃপক্ষই আইনী প্ৰক্ৰিয়া অনুসৰি ব্যৱস্থা গ্ৰহণ কৰে। মঙলবাৰে স্থানীয় প্ৰশাসনৰ বিষয়া, বেংকৰ প্ৰতিনিধি আৰু নিৰাপত্তাৰক্ষীৰ উপস্থিতিত ফেক্টৰীটোৰ মূল প্ৰৱেশদ্বাৰত ছীল লগাই সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়।1
- অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ বঁটা প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত মটক স্বায়ত্ব শাসিত পৰিষদৰ CME ডেভিদ চেতিয়াক সন্মানিত কৰা হয়। তেওঁৰ লগতে সমাজৰ হকে কাম কৰা আন বহুতো ব্যক্তিকো বঁটা প্ৰদান কৰা হয়।1
- অসমৰ বাবে এক গৌৰৱময় খবৰ কঢ়িয়াই জনঞ্জয় জ্যোতি হাজৰিকা নামৰ উদীয়মান সাঁতোৰবিদে ১০০ মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত ব্ৰঞ্জ পদক লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰিছে। তেওঁ এই কৃতিত্ব মাত্ৰ ৫৪.৫২ ছেকেণ্ড সময়ত অৰ্জন কৰে। জনঞ্জয় জ্যোতি হাজৰিকাৰ এই অসাধাৰণ সাফল্যত সমগ্ৰ অসমে গৌৰৱবোধ কৰিছে। তেওঁৰ এই কৃতিত্বক স্বীকৃতি জনাই গোলাঘাট সাঁতোৰ সন্থাই এক সৌজন্যমূলক সাক্ষাৎ কৰি তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।1
- অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে আগ্ৰাসী নগাই অসমৰ ভূমিত অসমীয়াক ভাবুকি প্ৰদান কৰি পথ নিৰ্মাণৰ কাম বন্ধ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত অসম প্ৰশাসনে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে বুলি কোৱা হৈছে। এই নগা সন্ত্ৰাস বন্ধ কৰাৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) নিউ সোনোৱালত মৰিয়নি-মোককচাং পথ অৱৰোধ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ নীৰৱ ভূমিকাক কঠোৰ সমালোচনা কৰাৰ লগতে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীক মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।4
- অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে এক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে, য'ত বহু সংখ্যক ব্যক্তিক সন্মানিত কৰা হয়। এই অনুষ্ঠানত নিউজ লাইভৰ সাংবাদিক প্ৰাঞ্জল গগৈকো বঁটা প্ৰদান কৰা হয়। তেওঁৰ লগতে সমাজৰ হকে কাম কৰি অহা আন বহু ব্যক্তিকো এই বিশেষ বঁটাৰে বিভূষিত কৰা হয়।1
- সৰুপথাৰত এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে, য'ত বৰজনাকে নিজৰ বোৱাৰীয়েক উৰ্মিলা মালাৰক দাৰে ঘপিয়াই হত্যা কৰিছে। এই ভয়ংকৰ ঘটনাটো সৰুপথাৰ সমজিলাৰ ছেৱাগুৰীৰ ঔটেঙাতলত সংঘটিত হৈছে। এই মূহুৰ্তলৈকে হত্যাকাণ্ডটোৰ কাৰণ জানিব পৰা হোৱা নাই।1