logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মেঘনা ভূঞাৰ নতুন গীত 'তুমি তুমি মাথো মোৰ' মুকলি কৰা হৈছে। এই নতুন গীতটি অতি হৃদয়স্পৰ্শী বুলি চৰ্চা লাভ কৰিছে।

1 day ago
user_Barpeta khabar
Barpeta khabar
Newsagent বৰপেটা, বৰপেটা, অসম•
1 day ago

মেঘনা ভূঞাৰ নতুন গীত 'তুমি তুমি মাথো মোৰ' মুকলি কৰা হৈছে। এই নতুন গীতটি অতি হৃদয়স্পৰ্শী বুলি চৰ্চা লাভ কৰিছে।

More news from অসম and nearby areas
  • অসম বিধানসভাত কামৰূপ (গ্ৰাম্য) জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলীৰ পৰা বৰপেটা জিলাৰ বহৰিলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। প্ৰস্তাৱিত এই আৰ.চি.চি. দলংখনৰ দৈৰ্ঘ্য প্ৰায় ১৩ কিলোমিটাৰ হ’ব বুলি জানিব পৰা গৈছে।
    1
    অসম বিধানসভাত কামৰূপ (গ্ৰাম্য) জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলীৰ পৰা বৰপেটা জিলাৰ বহৰিলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। প্ৰস্তাৱিত এই আৰ.চি.চি. দলংখনৰ দৈৰ্ঘ্য প্ৰায় ১৩ কিলোমিটাৰ হ’ব বুলি জানিব পৰা গৈছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
  • তামুলপুৰ কমাৰ্চ কলেজত আজিৰে পৰা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ ৩০ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। সমাগত ADRE 3.0, অসম পুলিচ আৰু বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ উদ্দেশ্যে এই শৈক্ষিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বিশেষ উদ্যোগত আৰু 'এচপায়াৰ আছাম এডুকেচন্চ'ৰ সহযোগত এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰতীয় সেনাবাহিনীৰ তামুলপুৰৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামুলপুৰ কমাৰ্চ কলেজ আৰু ডিগ্ৰী কলেজৰ অধ্যক্ষ আৰু অঞ্চলটোৰ বহুসংখ্যক পৰীক্ষাৰ্থীৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক স্বাৱলম্বী কৰাৰ লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত যাতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে, তাৰ বাবে বিশেষভাৱে সহায় কৰিব বুলি আশাপ্ৰকাশ কৰা হৈছে। এই প্ৰশিক্ষণ শিবিৰে সমগ্ৰ তামুলপুৰ অঞ্চলৰ শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত এক নতুন আশা আৰু উৎসাহৰ সঞ্চাৰ কৰিছে।
    1
    তামুলপুৰ কমাৰ্চ কলেজত আজিৰে পৰা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ ৩০ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। সমাগত ADRE 3.0, অসম পুলিচ আৰু বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ উদ্দেশ্যে এই শৈক্ষিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বিশেষ উদ্যোগত আৰু 'এচপায়াৰ আছাম এডুকেচন্চ'ৰ সহযোগত এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

আজি অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰতীয় সেনাবাহিনীৰ তামুলপুৰৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামুলপুৰ কমাৰ্চ কলেজ আৰু ডিগ্ৰী কলেজৰ অধ্যক্ষ আৰু অঞ্চলটোৰ বহুসংখ্যক পৰীক্ষাৰ্থীৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক স্বাৱলম্বী কৰাৰ লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত যাতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে, তাৰ বাবে বিশেষভাৱে সহায় কৰিব বুলি আশাপ্ৰকাশ কৰা হৈছে। এই প্ৰশিক্ষণ শিবিৰে সমগ্ৰ তামুলপুৰ অঞ্চলৰ শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত এক নতুন আশা আৰু উৎসাহৰ সঞ্চাৰ কৰিছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    6 hrs ago
  • দলগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানে বিধানসভাত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। এই ভাষণৰ জৰিয়তে তেওঁ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক কিয় হাৰাশাস্তি কৰা হয়, সেই বিষয়টো উত্থাপন কৰি প্ৰশ্ন তোলে।
    1
    দলগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানে বিধানসভাত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। এই ভাষণৰ জৰিয়তে তেওঁ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক কিয় হাৰাশাস্তি কৰা হয়, সেই বিষয়টো উত্থাপন কৰি প্ৰশ্ন তোলে।
    user_Asad
    Asad
    মঙলদৈ (পিটি), দৰং, অসম•
    18 hrs ago
  • Post by Manik AIi
    1
    Post by Manik AIi
    user_Manik AIi
    Manik AIi
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    2 hrs ago
  • মৰিগাঁও জিলাৰ মৎস্য ব্যৱসায়ীসকলৰ বাবে এক ভাল খবৰ আহিছে। কহুঁৱাটি মূল পথৰ কাষত নতুনকৈ মুকলি কৰা হৈছে "মহাবাহু" নামৰ এটা মাছৰ কাটা। কেইবাজনো উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত এই মাছৰ কাটাটো স্থাপন কৰা হৈছে।
    1
    মৰিগাঁও জিলাৰ মৎস্য ব্যৱসায়ীসকলৰ বাবে এক ভাল খবৰ আহিছে। কহুঁৱাটি মূল পথৰ কাষত নতুনকৈ মুকলি কৰা হৈছে "মহাবাহু" নামৰ এটা মাছৰ কাটা। কেইবাজনো উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত এই মাছৰ কাটাটো স্থাপন কৰা হৈছে।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    9 hrs ago
  • নগাঁৱৰ পৰা ঔষধ ক্ৰয় কৰি সেৱন কৰাৰ পাছতে এজন ব্যক্তিৰ প্ৰস্ৰাৱৰ সৈতে কিডনীৰ পাথৰ ওলাই অহাৰ এক ঘটনা পোহৰলৈ আহিছে। এই ঔষধ সেৱনৰ ফলতেই কোনো ধৰণৰ অপাৰেচন নকৰাকৈয়ে ব্যক্তিগৰাকীৰ ফেটিলিভাৰ আৰু টিউমাৰৰ দৰে সমস্যাও নিৰাময় হোৱা বুলি জানিব পৰা গৈছে।
    1
    নগাঁৱৰ পৰা ঔষধ ক্ৰয় কৰি সেৱন কৰাৰ পাছতে এজন ব্যক্তিৰ প্ৰস্ৰাৱৰ সৈতে কিডনীৰ পাথৰ ওলাই অহাৰ এক ঘটনা পোহৰলৈ আহিছে। 

এই ঔষধ সেৱনৰ ফলতেই কোনো ধৰণৰ অপাৰেচন নকৰাকৈয়ে ব্যক্তিগৰাকীৰ ফেটিলিভাৰ আৰু টিউমাৰৰ দৰে সমস্যাও নিৰাময় হোৱা বুলি জানিব পৰা গৈছে।
    user_Tufail Ahmed
    Tufail Ahmed
    Local News Reporter লাহৰিঘাট, মৰিগাঁও, অসম•
    11 hrs ago
  • দৰঙামেলা-তামুলপুৰ-ৰঙিয়া সংযোগী ASTC বাছ সেৱা আজি পুৱাৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ পৰিছে। যাত্ৰীবাহী বাছৰ চালকক অতৰ্কিতে চুকা অস্ত্ৰৰে কৰা আক্ৰমণৰ প্ৰতিবাদত দৰঙামেলাৰ চালকসকলে স্বতঃস্ফূৰ্তভাৱে ৰঙিয়া অভিমুখী দৰঙামেলা ভূটান লাইনৰ সকলো ASTC বাছ চলাচল বন্ধ কৰি দিছে। অভিযোগ অনুসৰি, যোৱা ৮ তাৰিখে ৰঙিয়া হাইৱে বাছ আস্থানত তামুলপুৰ-দৰঙামেলা অভিমুখী "পপীতৰা" নামৰ ASTC বাছখন ৰৈ থকা অৱস্থাত 'নামনি অসম বাছ মেজিক পৰিবহন সন্থা'ৰ ফাতে আলী ওৰফে পুতুল নামৰ লোক দুজনে বাছখনৰ চালক নৱজিত বৰ্মনক অতৰ্কিতে চুৰীৰে ভয়ংকৰভাৱে আক্ৰমণ কৰে। ঘটনাৰ পিছতে চালক আৰু হেণ্ডিমেনে ৰঙিয়া থানাত গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ এই নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে ক্ষোভিত হৈ চালক আৰু হেণ্ডিমেনসকলে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ দৰঙামেলা-তামুলপুৰ-ৰঙিয়া লাইনৰ সকলো যাত্ৰীবাহী বাছ সেৱা স্তব্ধ কৰি ৰাখিছে। তদুপৰি, ৰঙীয়াৰ পৰা দৰঙামেলা অভিমুখে অহা যাত্ৰীবাহী বাছসমূহকো কুমাৰীকাটাত ৰখাই থোৱা হৈছে। বিক্ষোভকাৰী চালকসকলে হুংকাৰ দিছে যে অভিযুক্ত দুজনৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে এই বন্ধ অব্যাহত থাকিব। ইয়াৰোপৰি, ৰঙিয়াৰ হাইৱে চকত মাত্ৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কিদৰে দুটাকৈ বাছ পাৰ্কিং থাকিব পাৰে বুলিও চালকসকলে প্ৰশ্ন তুলিছে। ইফালে, আকস্মিকভাৱে বাছ সেৱা বন্ধ হৈ পৰাৰ বাবে সাধাৰণ যাত্ৰীসকল চৰম ভোগান্তিৰ সন্মুখীন হৈছে আৰু বহুতৰে এতিয়া ই-ৰিক্সা অথবা টেম্পোৰ সহায়ত যাতায়ত কৰিবলগীয়া হৈছে।
    1
    দৰঙামেলা-তামুলপুৰ-ৰঙিয়া সংযোগী ASTC বাছ সেৱা আজি পুৱাৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ পৰিছে। যাত্ৰীবাহী বাছৰ চালকক অতৰ্কিতে চুকা অস্ত্ৰৰে কৰা আক্ৰমণৰ প্ৰতিবাদত দৰঙামেলাৰ চালকসকলে স্বতঃস্ফূৰ্তভাৱে ৰঙিয়া অভিমুখী দৰঙামেলা ভূটান লাইনৰ সকলো ASTC বাছ চলাচল বন্ধ কৰি দিছে।

অভিযোগ অনুসৰি, যোৱা ৮ তাৰিখে ৰঙিয়া হাইৱে বাছ আস্থানত তামুলপুৰ-দৰঙামেলা অভিমুখী "পপীতৰা" নামৰ ASTC বাছখন ৰৈ থকা অৱস্থাত 'নামনি অসম বাছ মেজিক পৰিবহন সন্থা'ৰ ফাতে আলী ওৰফে পুতুল নামৰ লোক দুজনে বাছখনৰ চালক নৱজিত বৰ্মনক অতৰ্কিতে চুৰীৰে ভয়ংকৰভাৱে আক্ৰমণ কৰে। ঘটনাৰ পিছতে চালক আৰু হেণ্ডিমেনে ৰঙিয়া থানাত গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ এই নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে ক্ষোভিত হৈ চালক আৰু হেণ্ডিমেনসকলে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ দৰঙামেলা-তামুলপুৰ-ৰঙিয়া লাইনৰ সকলো যাত্ৰীবাহী বাছ সেৱা স্তব্ধ কৰি ৰাখিছে। তদুপৰি, ৰঙীয়াৰ পৰা দৰঙামেলা অভিমুখে অহা যাত্ৰীবাহী বাছসমূহকো কুমাৰীকাটাত ৰখাই থোৱা হৈছে।

বিক্ষোভকাৰী চালকসকলে হুংকাৰ দিছে যে অভিযুক্ত দুজনৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে এই বন্ধ অব্যাহত থাকিব। ইয়াৰোপৰি, ৰঙিয়াৰ হাইৱে চকত মাত্ৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কিদৰে দুটাকৈ বাছ পাৰ্কিং থাকিব পাৰে বুলিও চালকসকলে প্ৰশ্ন তুলিছে। ইফালে, আকস্মিকভাৱে বাছ সেৱা বন্ধ হৈ পৰাৰ বাবে সাধাৰণ যাত্ৰীসকল চৰম ভোগান্তিৰ সন্মুখীন হৈছে আৰু বহুতৰে এতিয়া ই-ৰিক্সা অথবা টেম্পোৰ সহায়ত যাতায়ত কৰিবলগীয়া হৈছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    6 hrs ago
  • Post by Manik AIi
    1
    Post by Manik AIi
    user_Manik AIi
    Manik AIi
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    17 hrs ago
  • দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই আজি মৰিগাঁও নগৰৰ মাজমজিয়াত নিৰ্মিত দৃষ্টিনন্দন ক্লক টাৱাৰ আৰু তৰুণৰাম ফুকন খেলপথাৰত গঢ়ি তোলা আধুনিক ৱাকিং জ'ন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। নগৰখনৰ সৌন্দৰ্য বৃদ্ধি আৰু নাগৰিকসকলক উন্নত পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্যৰে এই প্ৰকল্প দুটা নিৰ্মাণ কৰা হৈছে। আধুনিক স্থাপত্যশৈলীৰে নিৰ্মিত ক্লক টাৱাৰটোৱে ইতিমধ্যে চহৰখনৰ নতুন পৰিচয় হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ইয়াৰ আলোকসজ্জাই সকলোকে আকৰ্ষণ কৰিছে। তৰুণৰাম ফুকন খেলপথাৰত মুকলি কৰা ৱাকিং জ'নটোত খোজকঢ়াৰ সুন্দৰ পথ, বহাৰ ব্যৱস্থা আৰু সেউজীয়া পৰিৱেশৰ লগতে মনোৰম আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে, যিয়ে ইয়াক এক স্বাস্থ্যসচেতন আৰু পৰিয়ালমুখী বিনোদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট অতিথিসকলে কয় যে এই উন্নয়নমূলক পদক্ষেপে মৰিগাঁও নগৰক অধিক সুন্দৰ আৰু আধুনিক হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আগন্তুক দিনত এনে বহু জনকল্যাণমূলক প্ৰকল্পৰ জৰিয়তে নগৰখনক আদৰ্শ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। উদ্বোধনৰ পিছতেই এই স্থান দুটাত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো শ্ৰেণীৰ লোকৰ ব্যাপক সমাগম হোৱা পৰিলক্ষিত হয়। স্থানীয় বাসিন্দাসকলৰ লগতে দূৰ-দূৰণিৰ পৰা অহা লোকসকলে এই উন্নয়নক আদৰণি জনাইছে। এই প্ৰকল্পসমূহে কেৱল নগৰখনৰ সৌন্দৰ্যই বঢ়োৱা নাই, বৰং ভৱিষ্যতে পৰ্যটনৰ সম্ভাৱনাও উজ্জ্বল কৰি তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।
    1
    দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই আজি মৰিগাঁও নগৰৰ মাজমজিয়াত নিৰ্মিত দৃষ্টিনন্দন ক্লক টাৱাৰ আৰু তৰুণৰাম ফুকন খেলপথাৰত গঢ়ি তোলা আধুনিক ৱাকিং জ'ন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। নগৰখনৰ সৌন্দৰ্য বৃদ্ধি আৰু নাগৰিকসকলক উন্নত পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্যৰে এই প্ৰকল্প দুটা নিৰ্মাণ কৰা হৈছে। আধুনিক স্থাপত্যশৈলীৰে নিৰ্মিত ক্লক টাৱাৰটোৱে ইতিমধ্যে চহৰখনৰ নতুন পৰিচয় হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ইয়াৰ আলোকসজ্জাই সকলোকে আকৰ্ষণ কৰিছে।

তৰুণৰাম ফুকন খেলপথাৰত মুকলি কৰা ৱাকিং জ'নটোত খোজকঢ়াৰ সুন্দৰ পথ, বহাৰ ব্যৱস্থা আৰু সেউজীয়া পৰিৱেশৰ লগতে মনোৰম আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে, যিয়ে ইয়াক এক স্বাস্থ্যসচেতন আৰু পৰিয়ালমুখী বিনোদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট অতিথিসকলে কয় যে এই উন্নয়নমূলক পদক্ষেপে মৰিগাঁও নগৰক অধিক সুন্দৰ আৰু আধুনিক হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আগন্তুক দিনত এনে বহু জনকল্যাণমূলক প্ৰকল্পৰ জৰিয়তে নগৰখনক আদৰ্শ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।

উদ্বোধনৰ পিছতেই এই স্থান দুটাত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো শ্ৰেণীৰ লোকৰ ব্যাপক সমাগম হোৱা পৰিলক্ষিত হয়। স্থানীয় বাসিন্দাসকলৰ লগতে দূৰ-দূৰণিৰ পৰা অহা লোকসকলে এই উন্নয়নক আদৰণি জনাইছে। এই প্ৰকল্পসমূহে কেৱল নগৰখনৰ সৌন্দৰ্যই বঢ়োৱা নাই, বৰং ভৱিষ্যতে পৰ্যটনৰ সম্ভাৱনাও উজ্জ্বল কৰি তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.